গৰুৰ গাখীৰত পোৱা বেক্টেৰিয়া আৰু স্বাস্থ্য উপকাৰীতা
( অপূৰ্ব দাস )
ভাৰতীয় সংস্কৃতিত গৰুৰ গাখীৰক কেৱল পুষ্টিকৰ খাদ্য বুলি গণ্য কৰাই নহয়, ইয়াক ‘অমৃত’ বুলিও অভিহিত কৰা হৈছে। আয়ুৰ্বেদ, ধৰ্ম, ঘৰুৱা চিকিৎসাত অতীজৰে পৰা গৰুৰ গাখীৰৰ বিশেষ স্থান আছে। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা গৰুৰ গাখীৰত বহু ধৰণৰ ভাল বেক্টেৰিয়া (Good Bacteria / Probiotics) পোৱা যায় যিবোৰ আমাৰ পাচনতন্ত্ৰ আৰু স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী।
এই লেখাটোত আপুনি বিতংভাৱে জানিব পাৰিব গৰুৰ গাখীৰত কোনবোৰ বেক্টেৰিয়া পোৱা যায়, কেনেকৈ কাম কৰে আৰু ইয়াৰ পৰা আমি কি স্বাস্থ্য উপকাৰ লাভ কৰো।
◽গৰুৰ গাখীৰত পোৱা প্ৰধান বেক্টেৰিয়াঃ -
বিশেষকৈ কেঁচা গাখীৰত (অৰ্থাৎ উতলা বা প্ৰক্ৰিয়াকৰণ নকৰাকৈ) প্ৰাকৃতিকভাৱে বহু ধৰণৰ উপকাৰী অণুজীৱ (বেক্টেৰিয়া) পোৱা যায়। প্ৰধান বেক্টেৰিয়াসমূহ হ’ল-
(১) লেক্টোবেচিলাছ (Lactobacillus spp.)
এই বেক্টেৰিয়া গৰুৰ গাখীৰত পোৱা আটাইতকৈ সাধাৰণ আৰু উপকাৰী বেক্টেৰিয়া। ই লেক্ট’জক লেক্টিক এচিডলৈ ৰূপান্তৰিত কৰে যাৰ ফলত গাখীৰ টেঙা হয়।
লাভসমূহ:
• হজম শক্তিত সহায় কৰে
• পেটৰ গেছ, কোষ্ঠকাঠিন্য আৰু বদহজম দূৰ কৰে
• অন্ত্ৰৰ প্ৰদাহ হ্ৰাস কৰে
• ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
(২) বিফিড’বেক্টেৰিয়াম
এই বেক্টেৰিয়া প্ৰধানকৈ অন্ত্ৰত পোৱা যায় যদিও গৰুৰ গাখীৰৰ লগত মিহলি হ’লে ই অন্ত্ৰত জনসংখ্যা বৃদ্ধিত সহায় কৰে।
লাভসমূহ:
• ভাল আৰু বেয়া বেক্টেৰিয়াৰ ভাৰসাম্য ৰক্ষা কৰে
• ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে
• ডায়েৰিয়াৰ সমস্যা হ্ৰাস কৰে
(৩) ষ্টেফাইলোককাচ (Streptococcus thermophilus)
বিশেষকৈ দৈ বা মাখন তৈয়াৰ কৰাত ই উপযোগী। ই গাখীৰ দৈ কৰাত সহায় কৰে আৰু হজম শক্তি উন্নত কৰে।
লাভসমূহ:
• পাচনতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰে
• লেক্ট’জ অসহিষ্ণুতা থকা লোকক লেক্ট’জ হজম কৰাত সহায় কৰে
◽গৰুৰ গাখীৰৰ স্বাস্থ্য উপকাৰীতা
(১) হজম শক্তি উন্নত কৰে
গৰুৰ গাখীৰত থকা প্ৰ’বায়’টিক বেক্টেৰিয়া আমাৰ পাচনতন্ত্ৰৰ বাবে অত্যন্ত উপযোগী। ইহঁতে অন্ত্ৰত ভাল বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি কৰে, যাৰ ফলত খাদ্য সোনকালে আৰু সঠিকভাৱে হজম হোৱাত সহায় কৰে। বিশেষকৈ এচিডিটি, কোষ্ঠকাঠিন্য, গেছ আদি সমস্যা থকা লোকৰ বাবে গৰুৰ টেঙা কম থকা আৰু ২ দিনতে উৎপাদন হোৱা দৈ গাখীৰ উপকাৰী।
(২) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে
প্ৰ’বায়’টিক বেক্টেৰিয়াই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। এই বেক্টেৰিয়াই শৰীৰক ভাইৰাছ, বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। নিয়মিতভাৱে গৰুৰ টেঙা নোহোৱা দৈ গাখীৰ একাপ খালে চৰ্দি, জ্বৰ আৰু এলাৰ্জীৰ সম্ভাৱনা কমি যায়।
(৩) মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে
শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে অন্ত্ৰ আৰু মগজুৰ মাজত গভীৰ সংযোগ আছে, যাক "আন্ত্ৰিক-মগজুৰ অক্ষ" বুলি কোৱা হয়। গৰুৰ গাখীৰত পোৱা প্ৰ’বায়’টিক বেক্টেৰিয়াই মানসিক চাপ, হতাশা আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে।
(৪) ছাল আৰু চুলিৰ বাবে উপকাৰী
গৰুৰ গাখীৰত প্ৰচুৰ পৰিমাণে ভিটামিন এ, ডি আৰু ই থাকে যিয়ে ছালৰ পুষ্টি প্ৰদান কৰে। লগতে ইয়াত পোৱা অণুজীৱই ছালখন পৰিষ্কাৰ আৰু উজ্জ্বল কৰি ৰাখে। দৈৰে তৈয়াৰী ফেচ পেকে ছালৰ আৰ্দ্ৰতা বজাই ৰখাত আৰু ব্ৰণ কমোৱাত সহায় কৰে।
(৫) হাড় মজবুত কৰে
গৰুৰ গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম, ফছফৰাছ আৰু ভিটামিন ডি থাকে, যিবোৰ হাড় আৰু দাঁতৰ মজবুত হোৱাৰ বাবে অতি প্ৰয়োজনীয়। লগতে ইয়াত থকা বেক্টেৰিয়াই শৰীৰত এই পুষ্টিকৰ উপাদানসমূহ ভালদৰে শোষণ কৰাত সহায় কৰে।
(৬) হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী
কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে গৰুৰ গাখীৰত থকা কিছুমান প্ৰ’বায়’টিক বেক্টেৰিয়াই কলেষ্টেৰল নিয়ন্ত্ৰণ আৰু ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়।
◽কেঁচা গাখীৰ Vs উতলোৱা গাখীৰ
মন কৰিবলগীয়া যে প্ৰক্ৰিয়াকৰণ কৰা (যেনে উতলা) গাখীৰত থকা প্ৰাকৃতিক বেক্টেৰিয়া ধ্বংস হয়। যদিও ক্ষতিকাৰক বেক্টেৰিয়া (যেনে ই.কলাই, ছালমনেলা)ৰ পৰা হাত সাৰিবলৈ উতলাব লাগে, তথাপিও ই ভাল বেক্টেৰিয়াবোৰকো ধ্বংস কৰে। কেঁচা গাখীৰ দৈ কৰি খালে ভাল যদিও কেতিয়াবা বেয়া বেক্টেৰিয়াও গাখীৰত থকা দেখা যায়,যেনে ই.কলাই, ছালমনেলাৰ । ইয়াৰ ফলত পেটত গুৰুতৰ সমস্যা হ'ব পাৰে। সেয়েহে সামান্য সৈন্ধৱ নিমখ মিহলাই খোৱা উচিত। আনহাতে, উতলোৱা গাখীৰ ভাল যদিও বেয়া বেক্টেৰিয়াৰ লগতে ভাল বেক্টেৰিয়াও ধ্বংস হয়। উতলোৱা গাখীৰ খালে কিছুমানৰ গেছ -গেষ্ট্ৰিকৰ সমস্যা বৃদ্ধি হ'ব পাৰে।
কিটিপসমূহ:
• যদি আপুনি কোনো গাঁৱত আছে আৰু নিৰ্ভৰযোগ্য উৎসৰ পৰা সতেজ কেঁচা গাখীৰ পাই আছে, তেন্তে অলপ গৰম কৰাৰ পিছত ব্যৱহাৰ কৰক।
• বেমাৰ নথকা গৰুৰ গাখীৰৰ পৰা ঘৰতে দৈ প্ৰস্তুত কৰক যাতে প্ৰ’বায়’টিক বেক্টেৰিয়াৰ লাভ ল'ব পাৰে।
• গৰুৰ গাখীৰৰ পৰা ঘিউ, মাখন আৰু পনীৰ আদি বস্তু তৈয়াৰ কৰি নিয়মিতভাৱে ব্যৱহাৰ কৰক।
◽অন্য সামগ্ৰী আৰু ইয়াৰ উপকাৰ
(১) দৈ
গৰুৰ গাখীৰৰ পৰা তৈয়াৰী দৈত অধিক পৰিমাণৰ লেক্ট’বেচিলাছ থাকে, যিয়ে হজম শক্তি উন্নত কৰাৰ লগতে শৰীৰ শীতল কৰে।
(২) মাখন
মাখনতো প্ৰচুৰ পৰিমাণে ভাল বেক্টেৰিয়া থাকে। ই শৰীৰত পানীৰ অভাৱ হ'বলৈ নিদিয়ে আৰু পেটৰ তাপ কমায়।
(৩) ঘিউ
এইবিলাকে পাচনত সহায়ক আৰু শৰীৰক শক্তি প্ৰদান কৰে। দেশী গৰুৰ ঘিউ আয়ুৰ্বেদত শক্তি বৰ্ধক বুলি গণ্য কৰা হয়।
গৰুৰ গাখীৰত কেৱল পুষ্টিকৰ উপাদানেই নহয়, ইয়াত থকা প্ৰাকৃতিক উপকাৰী বেক্টেৰিয়াই আমাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰে। এই বেক্টেৰিয়াই হজম শক্তি বৃদ্ধি কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ছাল উজ্বল কৰে আৰু হৃদযন্ত্ৰ আৰু মগজুৰ বাবেও উপকাৰী।
যদি আপুনি সুস্থ জীৱন যাপন কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে গৰুৰ গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰীসমূহ আপোনাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। লগতে মনত ৰাখিব যে গাখীৰ সদায় পৰিষ্কাৰ আৰু নিৰাপদ উৎসৰ পৰা লাভ কৰিব লাগে যাতে ইয়াৰ সুফল সম্পূৰ্ণৰূপে লাভ কৰিব পৰা যায়।