Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।

Type Here to Get Search Results !

Ads Mondi Floting

Breking Tiger

Slider Post

Mandi Ads

Slider Menu

Slider Menu

Traffic Star Ads

বেটুপাতৰ মডেলঃ

বিজ্ঞাপন

ৰক্তহীনতা দূৰ কৰিবলৈ কি খাব লাগে?(আয়ুৰ্বেদিক আৰু ঘৰুৱা উপায়কে ধৰি বিতং তথ্য)





ৰক্তহীনতা দূৰ কৰিবলৈ কি খাব লাগে?
(আয়ুৰ্বেদিক আৰু ঘৰুৱা উপায়কে ধৰি বিতং তথ্য)

( অপূৰ্ব দাস )

ৰক্তহীনতা কি?

আয়ুৰ্বেদত "পাণ্ডু ৰোগ" বুলি কোৱা ৰক্তহীনতা হ'ল শৰীৰত হিম'গ্লবিন বা ৰক্তকণিকা (RBC)ৰ পৰিমাণ স্বাভাৱিকতকৈ কম হোৱা অৱস্থা। ইয়াৰ মূল কাৰণ হৈছে আইৰণ, ফলিক এচিড, ভিটামিন বি ১২ আদি পুষ্টিকৰ উপাদানৰ অভাৱ। এই সমস্যা জণ্ডিছ হ'লে, মহিলা, শিশু আৰু বৃদ্ধৰ ক্ষেত্ৰত বেছিকৈ দেখা দিয়ে।

 ৰক্তহীনতাৰ লক্ষণসমূহ:

• অত্যন্ত ভাগৰুৱা অনুভৱ কৰা

• মুখ আৰু ওঁঠ শেঁতা দেখা যায়

• মূৰ ঘূৰোৱা বা আন্ধাৰ দেখা 

• উশাহ লোৱাত কষ্ট পোৱা

• হৃদস্পন্দন দ্ৰুত

• হাত ভৰি ঠাণ্ডা পৰা আৰু জিনজিননি অনুভৱ

• চুলি সৰা আৰু ছাল শুকান

• ভোক কমি যোৱা





◽ৰক্তহীনতা দূৰ কৰিবলৈ কি খাব লাগে?

(১) আইৰণ সমৃদ্ধ খাদ্য:

• সেউজীয়া পাতৰ শাক-পাচলি: লাই শাক, মেথি, সৰিয়হ, পালেং, কলা কচুৰ কাণ্ড, কল ডিলা ইত্যাদি।

• দালি আৰু অংকুৰিত শস্য: গজালি ওলোৱা বুট, মগু, মচুৰ দাইল, ৰহৰ দাইল বা ইয়াৰ কুমলীয়া পাত।

• গুড় আৰু তিলঃ গুড় আৰু তিল সেৱন কৰিলে শৰীৰত আইৰণৰ অভাৱ দূৰ হয়।

• শুকান ফল: খেজুৰ, কিচমিচ, ডমৰু গুটি

• ডালিমঃ দৈনিক খালে তেজৰ অভাৱ সোনকালে দূৰ হয়।

• বীটঃ বীটৰ ৰস খোৱা বা চালাডত খোৱাটো উপকাৰী।

• আপেল: প্ৰতিদিনে এটা আপেল খাওক– ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ আৰু ফাইবাৰ থাকে।

• কুমলীয়া ৰঙালাউৰ গুটি আৰু সূৰ্যমুখী গুটিও আইৰণৰ ভাল উৎস।

(২) ভিটামিন চি সমৃদ্ধ খাদ্য (ভিটামিন চিয়ে আইৰণ শোষণত সহায় কৰে): ভিটামিন চিয়ে শৰীৰত আইৰণ সঠিকভাৱে শোষণ কৰাত সহায় কৰে।

• আমলখি

• নেমু

• কমলা

• অমিতা (ইয়াৰ পাত পানীত উতলাই তাৰ পানীও খাব পাৰি)

• বিলাহী

• পকা অমিতা

এই ফলবোৰ ফল আইৰণ সমৃদ্ধ খাদ্যৰ লগত খাব লাগে যাতে শৰীৰত আইৰণ সঠিকভাৱে হজম হয়।

(৩) ফলিক এচিড আৰু ভিটামিন বি১২ সমৃদ্ধ খাদ্যঃ

• ফলিক এচিডৰ উৎসঃ সেউজীয়া পাতৰ শাক-পাচলি, বাদাম, চজিনা, কণী

• ভিটামিন বি১২ৰ উৎস: গাখীৰ, দৈ, পনিৰ, কণীৰ বগা অংশ আৰু মাংস

ৰক্তহীনতাৰ ঘৰুৱা প্ৰতিকাৰ:

(১) গুড় আৰু তিলৰ লাড়ুঃ

গুড় আৰু তিল মিহলাই লাড়ু বনাই দৈনিক এটা লাড়ু খাব। ই শৰীৰত আইৰণৰ অভাৱ দূৰ কৰি শক্তি প্ৰদান কৰে।

(২) বীটৰ ৰসঃ

বীটৰ ৰস ১ গিলাচ ১ চামুচ নেমুৰ ৰস আৰু অলপ আদা মিহলাই খালে উপকাৰ হয়। প্ৰতিদিনে পুৱা খালী পেটত খাব লাগে।

(৩) ডালিম আৰু মৌ:

প্ৰতিদিনে পুৱা খালী পেটত ১কাপ ডালিমৰ ৰস ১ চামুচ মৌৰ লগত মিহলাই খালে হিম’গ্লবিন দ্ৰুতগতিত বৃদ্ধি পায়।

(৪) খেজুৰ আৰু গাখীৰ:

৫–৬ টা খেজুৰ গাখীৰত ৰাতি তিয়াই ৰাতিপুৱা খেজুৰ খাই গাখীৰ খাব লাগে। এইটো আইৰণ আৰু কেলচিয়ামৰ ভাল সংমিশ্ৰণ।

(৫) কিচমিচ আৰু মৌ:

১০–১২টা কিচমিচ তিয়াই তাত মৌ দি ৰাতিপুৱা খালী পেটত খাব লাগে।

(৬) মেথি গুটি আৰু গুড়ঃ

১ চামুচ মেথি গুটি পানীত উতলাই তাত গুড় দি দৈনিক খাব লাগে।

ৰক্তহীনতাৰ আয়ুৰ্বেদিক প্ৰতিকাৰঃ

১/ লৌহ ভাস্মঃ (Lauh Bhasma)

এই আয়ুৰ্বেদিক ঔষধে আইৰণৰ অভাৱ সোনকালে দূৰ কৰে। চিকিৎসকৰ পৰামৰ্শ মতে সেৱন কৰক।

২/ দ্ৰাক্ষাৰীষ্ঠ: (Draksharishta)

এই আয়ুৰ্বেদিক টনিকে তেজ বৃদ্ধি কৰাৰ লগতে হজম শক্তিও উন্নত কৰে।

৩/ মন্দুৰ ৱতীঃ (Mandur Vati)

ই আইৰণ আৰু অন্যান্য পুষ্টিকৰ উপাদানৰ উত্তম উৎস, যাৰ ফলত তেজৰ গুণাগুণ আৰু পৰিমাণ দুয়োটা বৃদ্ধি পায়।

৪/ পুনৰ্ণৱাদী মাণ্ডুৰঃ ( Punarnavadi Mandoor )

ই যকৃতৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি তেজ পৰিষ্কাৰ আৰু শক্তিশালী কৰে।

৫/ আমলখিৰ ৰস আৰু মৌঃ

দৈনিক ১ চামুচ আমলখিৰ ৰস ১ চামুচ মৌ মিহলাই খালে তেজৰ মান উন্নত হয়।

◽ কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতাঃ

• চাহ বা কফি সেৱন কৰিলে আইৰণৰ শোষণ কমি যায়, গতিকে সেৱন নকৰিব।

• অতি প্ৰচেছড বা জাংক ফুড খোৱাৰ পৰা বিৰত থাকক।

• অত্যধিক হস্তমৈথুন বা যৌন সম্পৰ্ক পৰিহাৰ কৰক।

• নিয়মীয়াকৈ তেজৰ পৰীক্ষা কৰাব লাগে যাতে শৰীৰত হিম’গ্লবিনৰ মাত্ৰা জানিব পৰা যায়।

• আইৰণৰ পৰিপূৰক গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।

◽অন্য সহায়ক টিপচ্:

সূৰ্য্য নমস্কাৰ, প্ৰাণায়াম আৰু লঘু যোগাসন কৰিলে শৰীৰত ৰক্ত সঞ্চালন উন্নত হয় আৰু হজম শক্তিও উন্নত হয়।

পৰ্যাপ্ত টোপনি আৰু মানসিক চাপমুক্ত জীৱনেও শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখাত সহায় কৰে।

ৰক্তহীনতা এটা সাধাৰণ কিন্তু গুৰুতৰ সমস্যা যিটোক আওকাণ কৰা উচিত নহয়। আইৰণ, ফলিক এচিড আৰু ভিটামিন বি ১২, ঘৰুৱা আৰু আয়ুৰ্বেদিক ঔষধেৰে সমৃদ্ধ সুষম খাদ্যৰ দ্বাৰা এই অৱস্থা সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰি। যদি সমস্যাটো অধিক গুৰুতৰ হয়, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।




Bottom Post Ad