বলি ৰেখা আৰু ৰʼদে পোৰা দাগ আঁতৰোৱাৰ বিভিন্ন উপায় জানিবলৈ পঢ়িব।
( অপূৰ্ব দাস )
আজিৰ সময়ত পৰিৱৰ্তিত জীৱনশৈলী, ভুল খাদ্য , প্ৰদূষণ, সূৰ্যৰ পোহৰ আৰু অনুচিত ছালৰ যত্নৰ বাবে আমাৰ ছালত বহুতো সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে, যাৰ পৰা বৃদ্ধ ৰেখা (বলিৰেখা) আৰু ৰ’দত কলা হোৱা সাধাৰণ কথা। এই দুয়োটাই কেৱল আমাৰ সৌন্দৰ্য্যত প্ৰভাৱ পেলোৱাই নহয়, অকাল বয়স বৃদ্ধিও কৰে। এই লেখাটোত বিতংভাৱে জানিব পাৰিব যে ঘৰুৱা, আয়ুৰ্বেদিক আৰু আধুনিক ঔষধৰ দ্বাৰা বলি ৰেখা আৰু ৰʼদে পোৰা দাগ কেনেকৈ আঁতৰাব পাৰি....
ছান টন কি?
আমাৰ ছালখন যেতিয়া সূৰ্য্যৰ আল্ট্ৰা ভায়োলেট (UV) ৰশ্মিৰ সংস্পৰ্শলৈ আহে তেতিয়া ছান টেন হয়। UV-A আৰু UV-B ৰশ্মিয়ে ছালৰ মেলানিন বৃদ্ধি কৰি ছালৰ ৰং ক’লা কৰি তোলে। ইয়াৰ ফলত ছালখন ক’লা, শুকান আৰু নিৰ্জীৱ যেন লাগে।
বলি ৰেখাবোৰ কি?
ছালৰ বয়স বৃদ্ধি, পানীৰ অভাৱ, কলাজেনৰ অভাৱ, মানসিক চাপ, টোপনিৰ অভাৱ, আৰু দীৰ্ঘদিন সূৰ্যৰ পোহৰত থকাৰ ফলত বলি ৰেখাৰ সৃষ্টি হয়। প্ৰথমে চকু, কপাল আৰু ওঁঠৰ কোণৰ ওচৰৰ মুখত দেখা দিয়ে।
• বলি ৰেখা আৰু ৰʼদে পোৰা দাগ আঁতৰোৱাৰ ঘৰুৱা উপায়
(১) এলোভেৰা জেল
এলোভেৰাত এন্টিঅক্সিডেন্ট, ভিটামিন ই, আৰু ছাল হাইড্ৰেটিং গুণ থাকে।
ব্যৱহাৰ: সতেজ এলোভেৰা জেল উলিয়াই মুখত লগাওক। ১৫-২০ মিনিটৰ পিছত ধুই পেলাব। দৈনিক শুৱাৰ আগতে ব্যৱহাৰ কৰিব লাগে। এলোভেৰা জেল এলোভেৰা উদ্ভিদৰ পৰাহে ব্যৱহাৰ কৰিব। তেতিয়াহে কাম কৰে। দোকানত পোৱা এলোভেৰা জেলত সামান্যহে এলোভেৰা থাকে।
(২) বিলাহী আৰু দৈৰ পেক
বিলাহীত লাইকোপেন থাকে যিয়ে টেনিং (ৰʼদে পোৰা দাগ) আঁতৰোৱাত সহায় কৰে, আৰু দৈয়ে ছালখন কোমল কৰি তোলে।
ব্যৱহাৰ:
• ১ টা বিলাহীৰ ৰস উলিয়াই ২ চামুচ দৈ মিহলাই লওক।
• মুখত লগালে ২০ মিনিটৰ পিছত ধুই পেলাব। দেহৰ অন্য ছালত লগালে আধা ঘণ্টা বা ১ ঘণ্টা ৰাখিব।
• সপ্তাহত ৩ বাৰ ব্যৱহাৰ কৰক।
(৩) হালধি আৰু বেচনৰ পেষ্ট
• হালধি হৈছে এন্টিচেপ্টিক গুণেৰে ভৰপূৰ আৰু বেচনে ৰʼদে পোৰা দাগ আঁতৰায়।
ব্যৱহাৰ: ২ চামুচ বেচন, এচিকুট হালধি, ১ চামুচ নেমুৰ ৰস আৰু গোলাপ পানী মিহলাই লওক। মুখ আৰু ডিঙিত লগাব। শুকাই গ’লে লাহে লাহে ঘঁহি ধুই পেলাব।
(৪) গোলাপ পানী আৰু গ্লিচাৰিন
এই মিশ্ৰণে বলি ৰেখা আঁতৰাই ছালৰ আৰ্দ্ৰতা বজাই ৰাখে।
ব্যৱহাৰ: গোলাপ পানী আৰু গ্লিচাৰিন সমান পৰিমাণে মিহলাই লওক। ৰাতি শুৱাৰ আগতে মুখত লগাব লাগে। পুৱা ধুই পেলাব লাগে।
(৫) আলুৰ ৰস
আলুৰ ব্লিচিং গুণ থাকে যিয়ে ৰ'দে পোৰা দাগ কিছু দূৰ কৰে।
ব্যৱহাৰ: ১ টা আলু কুটি তাৰ ৰস উলিয়াই লওক। কপাহৰ সহায়ত ৰ'দে পোৰা ঠাইত লগাব লাগে। ইয়াক বেচনৰ সৈতেও লগাই ২০ মিনিটৰ পিছত ধুব লাগে। মুখখন ধুই মইশ্বাৰাইজাৰ ব্যৱহাৰ কৰিব।
◽আয়ুৰ্বেদিক প্ৰতিকাৰ
(১) চন্দন কাঠৰ গুড়ি আৰু গোলাপৰ পানী
• চন্দনে ছাল ঠাণ্ডা কৰি ক’লা ৰং আঁতৰায়।
• ব্যৱহাৰঃ ১ চামুচ চন্দনৰ গুড়ি গোলাপ পানীৰ লগত মিহলাই পেষ্ট বনাওক।
• গোটেই মুখত লগাব আৰু ২০ মিনিটৰ পিছত ধুই পেলাব।
(২) নিম, তুলসী আৰু বেচনৰ পেষ্ট: বলি ৰেখা আৰু শালমইন দুয়োটাৰে বাবে উপযোগী।
ব্যৱহাৰঃ নিম আৰু তুলসীৰ পাত পিহি পেষ্ট বনাব লাগে। বেচন আৰু পানীৰ লগত মিহলাই লওক। সপ্তাহত দুবাৰকৈ প্ৰয়োগ কৰিব লাগে।
(৩) ত্ৰিফলা চুৰ্ণা
ত্ৰিফালাই শৰীৰক আভ্যন্তৰীণভাৱে বিষমুক্ত কৰে, যাৰ ফলত ছালখন জিলিকি উঠে।
সেৱনঃ প্ৰতি নিশা আধা চামুচ ত্ৰিফলা চূৰ্ণ কুহুমীয়া পানীৰ সৈতে খাব লাগে।
• খাদ্যৰ পৰিৱৰ্তন
• কমলা, নেমু, আমলখি আদি ভিটামিন চি সমৃদ্ধ ফল খাওক – এইবোৰে ছালখন মেৰামতি কৰে।
• পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে (দৈনিক ৮-১০ গিলাচ)।
• এন্টিঅক্সিডেন্ট সমৃদ্ধ বস্তু যেনে – গ্ৰীণ টি, আখৰোট, তেলত নভজা বাদাম ইত্যাদি গ্ৰহণ কৰক।
• তেলত ভজা, নিমখ , উচ্চ চেনি আৰু প্ৰচেছড খাদ্য পৰিহাৰ কৰক।
◽জীৱনশৈলীৰ পৰিৱৰ্তন
• যোগ আৰু প্ৰাণায়ামঃ বিশেষকৈ অনুলোম-বিলোম, ভ্ৰামৰী আৰু কপালাভাতি কৰিলে ছালত অক্সিজেনৰ যোগান উন্নত হয়।
• পৰ্যাপ্ত পৰিমাণে টোপনি লওক: প্ৰতিদিনে কমেও ৭-৮ ঘণ্টা টোপনি লওক।
• ৰ’দত ওলাই যোৱাৰ সময়ত ছানস্ক্ৰীণ (SPF 30 বা তাতকৈ অধিক) প্ৰয়োগ কৰিব লাগে।
• ৰ’দৰ পৰা হাত সাৰিবলৈ ছাতি, স্কাৰ্ফ বা ছানগ্লাছ ব্যৱহাৰ কৰিব লাগে।
◽ ছালৰ যত্নৰ ৰুটিন
(১) পুৱাৰ সময়ত :
• মৃদু ফেচৱাচেৰে মুখখন ধুব লাগে।
• এলোভেৰা বা ভিটামিন চি ছিৰাম প্ৰয়োগ কৰক।
• ছানস্ক্ৰীণ নিশ্চয়কৈ লগাব।
(২) নিশাৰ সময়ত:
• মেকআপ আঁতৰোৱাৰ পিছতহে শুব লাগে।
• নাইট ক্ৰীম , মইশ্বাৰাইজাৰ বা গোলাপ পানী + গ্লিচাৰিন মিশ্ৰণ প্ৰয়োগ কৰক।
◽আধুনিক চিকিৎসাৰ বিকল্প
যদি ঘৰুৱা প্ৰতিকাৰে কাম নকৰে, তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে:
(১) কেমিকেল পিল : ছান টেন আঁতৰোৱাত সহায় কৰে।
(২) মাইক্ৰ’ডাৰ্মেব্ৰেচন: মৃত ছাল আঁতৰাই নতুন ছাল আনে।
(৩) লেজাৰ থেৰাপীঃ গভীৰ বলিৰেখা আৰু ক’লা দাগ আঁতৰাবলৈ।
(এই সকলোবোৰ চিকিৎসাৰ বাবে ছালৰ বিশেষজ্ঞৰ পৰামৰ্শ প্ৰয়োজনীয়।)
◽সাৱধানতা
• নেমু পোনপটীয়াকৈ ৰ’দত ব্যৱহাৰ নকৰিব - ই ছাল জ্বলাব পাৰে।
• নতুন বস্তু প্ৰয়োগ কৰাৰ আগতে টেষ্ট কৰক।
• ৰ’দৰ পৰা উভতি অহাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুই মইশ্ব’ৰাইজাৰ লগাওক।
বলি ৰেখা আঁতৰোৱা আৰু ছান টেনিং আঁতৰ কৰাটো এটা অবিৰত প্ৰক্ৰিয়া যাৰ বাবে ধৈৰ্য্য আৰু নিয়মীয়া যত্নৰ প্ৰয়োজন। ঘৰুৱা উপায়, আয়ুৰ্বেদিক টিপছ আৰু সুষম খাদ্য গ্ৰহণ কৰি আপুনি আপোনাৰ ছালখনক যৌৱন, জিলিকি থকা আৰু স্পষ্ট কৰি ৰাখিব পাৰে। ইয়াৰ উপৰিও ছানস্ক্ৰীন আৰু ছান সুৰক্ষা ব্যৱস্থা ব্যৱহাৰ কৰিলেও ভৱিষ্যতে টেনিং আৰু বলিৰেখাৰ পৰা হাত সাৰিব পাৰি।