ঢুলীয়া ভাৱৰীয়া : বিলুপ্তিৰ মুখত অসমৰ বহুমূলীয়া হাস্যৰসৰ লোক-নাট্য পৰম্পৰা
(অপূৰ্ব দাস)
বিভিন্ন লোকনৃত্য, সংগীত, সাংস্কৃতিক পৰম্পৰাৰ বাবে ভাৰত অনন্য। এই বহুমূলীয়া কিন্তু বিলুপ্তপ্ৰায় ঐতিহ্যৰ ভিতৰত এটা হ'ল অসমৰ "ঢুলীয়া ভাৱৰীয়া" , যাক সাধাৰণতে ঢুলীয়া, ঢুলীয়া নৃত্য, ঢুলীয়া নাট বা ঢুলীয়া ভাওনা বুলিও জনা যায়। এই লোকশিল্প সংগীত, ঢোল, নৃত্য, নাটক, হাস্যৰস আৰু আৱেগিক উপস্থাপনৰ এক অনন্য সংমিশ্ৰণ। কামৰূপ, নগাঁও, দৰং, নলবাৰী, বাক্সা আৰু অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ অঞ্চলত এই শিল্পৰ প্ৰচলন বেছি আছিল।
আজি এই পৰম্পৰা এনে এটা পৰ্যায় পাইছেগৈ যে তাৎক্ষণিক সংৰক্ষণৰ কাম হাতত নললে ভৱিষ্যত প্ৰজন্মই কেৱল "ঢুলীয়া ভাৱৰীয়া" নামটো কিতাপত পঢ়িব পাব।
◽ঐতিহাসিক পটভূমি আৰু উৎপত্তি
ঢোল অসমত যুগ যুগ ধৰি পূজা, উৎসৱ, সামূহিক অনুষ্ঠান আদিৰ এক বিশিষ্ট বাদ্য হিচাপে পৰিগণিত হৈ আহিছে। ঢোলবাদকক "ঢুলীয়া" বুলি কোৱা হৈছিল। এই ঢোলকেন্দ্ৰিক আৰু ভাৱৰীয়া অভিনয়ে "ঢুলীয়া ভাৱৰীয়া" নাট্য ৰূপৰ জন্ম দিছিল।
কিছুমান সাহিত্য আৰু গৱেষণামূলক সূত্ৰৰ পৰা অনুমান কৰা হৈছে যে এই পৰম্পৰা শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ভক্তি আন্দোলনৰ দ্বাৰাও প্ৰভাৱিত হৈছিল। যদিও ঢুলীয়া ভাৱৰিয়া "অংকিয়া নাট"ৰ দৰে ধৰ্মীয় নাটক নহয়, তথাপিও ইয়াৰ গাঁথনি, কাহিনী কোৱা, দলীয় অভিনয় সেই পৰম্পৰাৰ পৰা অনুপ্ৰাণিত হোৱা যেন লাগে।
আনহাতে বুৰঞ্জীবিদ ড° সঞ্জীব বৰকাকতিয়ে "ধেপা ঢুলীয়া"ৰ দৰে ধাৰাসমূহৰ কথা উল্লেখ কৰিছে, য'ত ঢোল, মুখা, হাস্যৰসময়ী পৰিবেশন, নৃত্য আদি আছিল। ইয়াক ঢুলীয়া সংস্কৃতিৰ পুৰণি ৰূপ বুলি গণ্য কৰা হয়।
◽ঢুলীয়া ভাৱৰীয়াৰ কলাত্মক গাঁথনি
ঢুলীয়া ভাওৰিয়া কেৱল নৃত্য নহয়, ইয়াত সংগীত, অভিনয়, নৃত্য আৰু গল্প কোৱাৰ সংমিশ্ৰণেৰে এক লোকনাট।
(১) দল
এটা দলত ২০ৰ পৰা ৪০জন প্ৰদৰ্শনকাৰী থাকিব পাৰে। ইয়াৰ ভিতৰত—
ঢুলীয়া দল - ঘাই ঢুলীয়া, ঢুলীয়া, বায়ন বা বাইন, গায়ন বা গাইন, তালুৱৈ, ভাউৰীয়া বা ভাৱৰীয়া আদি।
(২) বাদ্যযন্ত্ৰ
তেওঁলোকে ঘাইকৈ ঢোল, ভোৰতাল আৰু কালিৰ ব্যৱহাৰ কৰে। স্থান বিশেষে ঢুলীয়া নাচত মৃদংগ, বাঁহী, দোতোৰা, আদিও বজোৱা দেখা যায়। ঢোল আৰু অভিনয়ৰ বাবে প্ৰয়োজনীয় কাঁড়, লাঠি, মাৰি, যাঠি-জোং জাতীয় বস্তুবোৰ নিজে যতনাই লৈছিল।
(৩) কাহিনী
তেওঁলোকৰ কাহিনীৰ কোনো লিখিত ৰূপ নাই। মৌখিকভাৱে আৰু কোনো অনুশীলন নকৰাকৈ তেওঁলোকে কাহিনী প্ৰদৰ্শন কৰিব পাৰিছিল। হাস্যৰস আৰু ব্যংগ—এইটোৱেই হৈছে ধুলীয়া ভৱৰীয়াৰ মূল।
(৪) সাজ-পোছাক আৰু মুখা
কাঠ বা বাঁহৰ পৰা নিৰ্মিত মুখা ব্যৱহাৰ কৰে, য'ত বিভিন্ন ধৰণৰ চৰিত্ৰ চিত্ৰিত কৰা হয়: দেৱতা, অসুৰ, জীৱ-জন্তু, চৰাই, আৰু লোকচৰিত্ৰ। অনুষ্ঠানৰ প্ৰদৰ্শনৰ বাবে লাগতিয়াল সামগ্ৰীবোৰো দলটিৰ লোকসকলে নিজে নিজে যুগুতাই লৈছিল। প্ৰসাধনৰ সৰু-সুৰা সামগ্ৰীবোৰো ঘৰতেই তৈয়াৰ কৰি লৈছিল। প্ৰসাধনৰ বাবে চাউলৰ গুড়িৰ ব্যৱহাৰ বৰকৈ কৰা হৈছিল। মতা মানুহে ধুতিখন শাৰীৰ দৰে কৰি লৈ আৰু মোছ থাকিলে হাতেৰে ঢাকি তিৰোতাৰ স্থান পূৰণ কৰিছিল।
• ধুলীয়া ভৱাৰীয়াৰ বিষয়বস্তু
এই নাট্য পৰম্পৰাৰ বিষয়বস্তু মূলতঃ হ’ল-
• পৌৰাণিক কাহিনী বা নিজে সজোৱা কাহিনী
• ঈশ্বৰ-দানৱৰ যুদ্ধ
• গ্ৰাম্য জীৱন
• উৎসৱ আৰু শস্য চপোৱা
• সমাজ সংস্কাৰ
• ব্যংগ আৰু হাস্যৰস
• যৌতুক, মদ, বৈষম্য আদি বিষয়েও কাহিনী অভিনয় কৰে।
ধুলীয়াৰ অভিনয় কেৱল মনোৰঞ্জনৰ বাবেই নহয়, সামাজিক সচেতনতাৰ মাধ্যমো আছিল।
◽কিয় এই শিল্পৰূপটো নোহোৱা হৈ গৈছে?
আজি ধুলীয়া ভৱৰিয়াৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈছে পাহৰি যোৱা আৰু পৰিৱৰ্তিত জীৱনশৈলী।
(১) ডিজিটেল মনোৰঞ্জনৰ প্ৰভাৱ
টিভি, মোবাইল ফোন, অ’টিটি প্লেটফৰ্ম, মোবাইল থিয়েটাৰৰ বাবে গ্ৰাম্য অনুষ্ঠানসমূহ হ্ৰাস পাইছে। মানুহে এতিয়া মোবাইলত বহু সময় বহি নাটক, চিনেমা চাই নাথাকে।
(২) অৰ্থনৈতিক সংকট
বহু শিল্পীয়ে স্বীকাৰ কৰিছে যে এই শিল্পৰ পৰা জীৱিকা উপাৰ্জন সম্ভৱ নহয়। যুৱক-যুৱতীসকলে ইয়াক পেছা হিচাপে গ্ৰহণ কৰিবলৈ ভয় কৰে।
(৩) পৰম্পৰাগত অনুষ্ঠানৰ অভাৱ
আগতে বিয়া, শস্য চপোৱা উৎসৱ, পূজা, সামূহিক অনুষ্ঠানৰ বাধ্যতামূলক অংশ আছিল ঢুলীয়া ভাৱৰিয়া। আজি এনে অনুষ্ঠানবোৰ আধুনিক ডিজে, বেণ্ড, চিনেমাৰ সংগীতেৰে ভৰি পৰিছে।
(৪) নতুন প্ৰজন্মৰ বিচ্ছিন্নতা
আজিৰ যুৱক-যুৱতীসকলে কেৰিয়াৰ, চাকৰি, ডিজিটেল কলাৰ প্ৰতি আগ্ৰহী। কাঠৰ মাস্ক বনোৱা বা ঢোলৰ অনুশীলন কৰাটো তেওঁলোকৰ বাবে কোনো কাৰ্য্যকৰী বিকল্প যেন নালাগে।
(৫) চৰকাৰী সমৰ্থনৰ অভাৱ
বহু প্ৰতিবেদনে ইংগিত দিয়ে যে এই শিল্পৰ বাবে—
প্ৰশিক্ষণ কেন্দ্ৰ, মাহেকীয়া সাহায্য, লোক উৎসৱ, নথিপত্ৰ—অতি সীমিত। সেয়ে শিল্পীসকল ক্ৰমান্বয়ে অন্য সাধনালৈ আগবাঢ়ে।
◽ইয়াক কেনেকৈ ৰক্ষা কৰিব পাৰি?
(১) চৰকাৰী পৃষ্ঠপোষকতা
নিয়মীয়া অনুদান, শিল্পী পেঞ্চন, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ উৎসৱ, ধুলীয়াৰ ওপৰত তথ্যচিত্ৰ আৰু গৱেষণা প্ৰকল্প আদিৰ জৰিয়তে ইয়াক সংৰক্ষণ কৰিব পাৰি।
(২) শিক্ষানুষ্ঠানত অন্তৰ্ভুক্তি
বিদ্যালয়-মহাবিদ্যালয়ত "লোক কলা প্ৰশিক্ষণ" আৰম্ভ কৰিব পাৰে। ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকলক এই কলাৰ সৈতে সংযোগ কৰা হ’ব।
(৩) ডিজিটেল প্লেটফৰ্মৰ ব্যৱহাৰ
ইউটিউব চেনেল, তথ্যচিত্ৰ, আৰু ছ’চিয়েল মিডিয়া অভিযানৰ জৰিয়তে নতুন প্ৰজন্মৰ লগত ঢুলীয়া ভাৱৰীয়াক চিনাকি কৰাই দিব পাৰিব।
(৪) লোক উৎসৱ
প্ৰতি বছৰে প্ৰতিখন জিলাতে অন্ততঃ এটাকৈ "ঢুলীয়া মহোৎসৱ"ৰ আয়োজন কৰি শিল্পীসকলৰ বাবে এক মঞ্চ প্ৰদান কৰিব লাগে।
(৫( মুখা শিল্পৰ পুনৰুজ্জীৱন
কাঠৰ মুখা শিল্পী প্ৰায় নোহোৱা হৈ গৈছে। এই শিল্পকলাও সংৰক্ষণ কৰিব লাগিব।
ঢুলীয়া ভাৱৰীয়া অসমৰ সাংস্কৃতিক আত্মাৰ এক অংগ যি কোনো মূল্যৰ বিনিময়ত হেৰাই যাব নালাগে। ই কেৱল নৃত্য বা নাটক নহয়, গ্ৰাম্য অসমৰ কণ্ঠ, হাস্যৰস, সংগ্ৰাম, দেৱত্ব, পৰম্পৰা, সম্প্ৰদায়ৰ ঐক্যৰ প্ৰতীক।
আজি এই শিল্প সঁচা অৰ্থত বিলুপ্তিৰ পথত—কিন্তু সমাজ, চৰকাৰ, যুৱক-যুৱতীসকলে একেলগে কাম কৰিলে ঢুলীয়া ভাৱৰীয়াই পুনৰবাৰ অসমৰ গাঁও আৰু সাংস্কৃতিক মঞ্চত নিজৰ সবল উপস্থিতি প্ৰতিষ্ঠা কৰিব পাৰিব।

