আমাৰ শৰীৰত জিংকৰ প্ৰয়োজন কিয় আছে ? জিংকৰ অভাৱত এইবোৰ ৰোগ হ'ব পাৰে।
( অপূৰ্ব দাস )
জিংক এটা অতি গুৰুত্বপূৰ্ণ মিনাৰেল, ইয়াৰ সামান্য পৰিমাণে সঠিক বৃদ্ধি আৰু কাৰ্য্যক্ষমতাৰ বাবে অপৰিহাৰ্য। আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, পেশীৰ কাৰ্য্যক্ষমতা, ছাল, চুলি, হজম শক্তি, হৰম’ন, মগজুৰ কাৰ্য্যত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰে নিজাববীয়াকৈ জিংক উৎপন্ন নকৰে, গতিকে ইয়াক খাদ্যৰ জৰিয়তে লাভ কৰোঁ।
• আমাক জিংকৰ প্ৰয়োজন কিয়?
১/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে
জিংকে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কোষবোৰক শক্তিশালী কৰে। ই সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়া, ঘাঁ ভাল কৰা, ৰোগৰ তীব্ৰতা হ্ৰাস কৰাত সহায় কৰে।
২/ কোষৰ বৃদ্ধি আৰু মেৰামতিৰ বাবে প্ৰয়োজনীয়
নতুন কোষ গঠন, পুৰণি কলা মেৰামতি আৰু বৃদ্ধিৰ বাবে জিংক অতি গুৰুত্বপূৰ্ণ। শিশু, গৰ্ভৱতী মহিলা, বৃদ্ধ লোকৰ বাবে বিশেষভাৱে প্ৰয়োজনীয়।
৩/ ছাল, চুলি, আৰু নখৰ বাবে অপৰিহাৰ্য
পৰ্যাপ্ত পৰিমাণে জিংক গ্ৰহণ কৰিলে ছালখন জিলিকি উঠে, চুলি শক্তিশালী হয়, নখ সুস্থ হয়। ব্ৰণ আৰু অন্যান্য ছালৰ সমস্যাৰ বাবেও ইয়াক উপকাৰী বুলি গণ্য কৰা হয়।
৪/ হৰম’নৰ ভাৰসাম্য
পুৰুষৰ টেষ্টষ্টেৰনৰ মাত্ৰা, মহিলাৰ প্ৰজনন ক্ষমতা, হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত জিংকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
৫/ মগজুৰ কাৰ্য্য
জিংকে মগজুৰ কোষৰ মাজত সংকেত সংবহন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। ইয়াৰ ফলত স্মৃতিশক্তি, একাগ্ৰতা আৰু মানসিক স্বাস্থ্যৰ উন্নতি ঘটে।
• জিংকৰ মাত্ৰা কম হ’লে শৰীৰত কি হয়?
শৰীৰত জিংকৰ অভাৱ হ’লে কেইবাটাও শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে:
১/ সঘনাই অসুস্থ হোৱা
জিংকৰ অভাৱত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে, যাৰ ফলত ই চৰ্দি, কাহ, সংক্ৰমণ, ভাইৰাছজনিত ৰোগৰ প্ৰতি অধিক দুৰ্বল হৈ পৰে।
২/ চুলি সৰা আৰু নখ ভাঙি যোৱা
জিংকৰ মাত্ৰা কম হ’লে চুলি পাতল হৈ পৰে, চুলি সৰা বৃদ্ধি পায়, নখ ভাঙি দুৰ্বল হৈ পৰে।
৩/ ছালৰ সমস্যা
খজুৱতি, ফোহা, ফুলা, শুকান ছাল, পিম্পল, আৰু ঘাঁ ভাল হোৱাত পলম হোৱা—এই সকলোবোৰ জিংকৰ অভাৱৰ লক্ষণ হ’ব পাৰে।
৪/ ভোক কমি যোৱা আৰু পাচনতন্ত্ৰৰ বিকাৰ
জিংকৰ অভাৱত ভোক কমি যোৱা, খাদ্য হজম কৰাত অসুবিধা হোৱা, ডায়েৰিয়া বা কোষ্ঠকাঠিন্য আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।
৫/ মানসিক ক্লান্তি আৰু একাগ্ৰতাৰ অভাৱ
ভাগৰুৱা, খিংখিঙীয়া, স্মৃতিশক্তি কম হোৱা, মেজাজৰ পৰিৱৰ্তন আদিও জিংকৰ অভাৱৰ সৈতে জড়িত হ’ব পাৰে।
৬/ শিশুৰ বৃদ্ধি নোহোৱা
জিংকৰ অভাৱত শিশুৰ উচ্চতা আৰু বিকাশত প্ৰভাৱ পৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয়।
• আমি দৈনিক কিমান জিংক সেৱন কৰিব লাগে? (বয়স অনুসৰি)
বয়সৰ ওপৰত ভিত্তি কৰি জিংকৰ দৈনিক প্ৰয়োজনীয়তা তলত দিয়া হৈছে:
◽বয়স আৰু প্ৰয়োজনীয় পৰিমাণ (প্ৰতিদিন)
১ – ৩ বছৰ = ৩ মিলিগ্ৰাম
৪ – ৮ বছৰ = ৫ মিলিগ্ৰাম
৯ – ১৩ বছৰ = ৮ মিলিগ্ৰাম
১৪ – ১৮ বছৰ (ল’ৰা) = ১১ মিলিগ্ৰাম
১৪ – ১৮ বছৰ (ছোৱালী) = ৯ মিলিগ্ৰাম
প্ৰাপ্তবয়স্ক পুৰুষ = ১১ মিলিগ্ৰাম
প্ৰাপ্তবয়স্ক মহিলা = ৮ মিলিগ্ৰাম
গৰ্ভৱতী মহিলা = ১১–১২ মিলিগ্ৰাম
স্তনদান মহিলা = ১২–১৩ মিলিগ্ৰাম
বি:দ্ৰ: পৰিপূৰক গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ, কিয়নো অত্যধিক জিংক সেৱন কৰাটো ক্ষতিকাৰক হ’ব পাৰে।
• জিংক সমৃদ্ধ খাদ্য
জিংক বহু খাদ্যত প্ৰাকৃতিকভাৱে পোৱা যায়। আপুনি আপোনাৰ খাদ্য তালিকাত তলত দিয়াবোৰ অন্তৰ্ভুক্ত কৰিব পাৰে:
(১) দালি আৰু শস্য: গজালি ওলোৱা বুট, মচুৰ দাইল, ৰাজমা, মুগ, ওটছ, বাজৰা।
(২) বাদাম আৰু গুটি: কাজু, বাদাম, ৰঙালাউ গুটি, তিল।
(৩) দুগ্ধজাত সামগ্ৰী : গাখীৰ, দৈ, পনিৰ।
(৪) শাক-পাচলি: পালেং , বীত , চালগোম, মাচৰুম , সৰিয়হ শাক, লাই শাক ইত্যাদি।
(৫) ফল: এভোকেডো, অমিতা, খেজুৰ, ডালিম, মধুৰি আম।
(৬) মাংস ভোজীৰ বাবে: কণী, মাছ, কুকুৰা, আৰু মাংস।
এইবোৰত জিংকৰ পৰিমাণ বেছি আৰু শৰীৰে সহজে শোষণ কৰে।
জিংক আমাৰ শৰীৰৰ বাবে এক অপৰিহাৰ্য খনিজ পদাৰ্থ, ই ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰা আৰম্ভ কৰি মগজুৰ কাৰ্য্যক্ষমতা, ছাল, চুলি, হজম শক্তি, হৰম’ন আদি সকলো সুস্থ ভাৱে বজাই ৰখাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ অভাৱে অসংখ্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সুষম খাদ্যৰ অংশ হিচাপে দৈনিক খাদ্যত জিংক সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ।