( অপূৰ্ব দাস )
ভাৰতত অশ্লীল ভিডিঅ’ আৰু কন্টেন্ট নিষিদ্ধ হ’লেও মানুহে এতিয়াও গোপনে চোৱাৰ উপায় বিচাৰি পায়। টেলিকম কোম্পানীয়ে নিজৰ নেটৱৰ্কত বহু ৱেবছাইট ব্লক কৰিছে যদিও ভিপিএনৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰি মানুহে এই নিষেধাজ্ঞা বাইপাছ কৰিছে। বেছিভাগ দৰ্শকে ‘প্ৰাইভেট মোড’ত নিজকে নিৰাপদ বুলি ভাবে আৰু তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত নিৰীক্ষণ কৰা হোৱা নাই বুলি ভাবে, কিন্তু বাস্তৱতা হুবহু বিপৰীত। বাস্তৱতা হ’ল আপুনি যি মুহূৰ্ততে এনে কন্টেন্ট চায় ঠিক সেই মুহূৰ্ততে আপোনাৰ অনলাইন কাৰ্যকলাপ নিৰীক্ষণ কৰি থাকে হাজাৰ হাজাৰ AI Boat এ । এই ট্ৰেকিঙে কেনেকৈ কাম কৰে আৰু ইয়াৰ ফলত কি বিপদ হ’ব পাৰে জানিবলৈ পঢ়িব।
ৱাই-ফাই আৰু নেটৱৰ্ক অপাৰেটৰৰ হাতত আপোনাৰ সম্পূৰ্ণ তথ্য থাকে :
প্ৰথম কথাটো হ’ল যেতিয়াই আপুনি এনে বিষয়বস্তু চায় তেতিয়াই ইয়াৰ বিষয়ে প্ৰথম তথ্য আপোনাৰ মোবাইল সেৱা অপাৰেটৰ বা ৱাই-ফাই নেটৱৰ্ক প্ৰদানকাৰীয়ে লাভ কৰে আৰু সেই সময়ছোৱাত আপোনাৰ ফোনত থকা এপসমূহে আপোনাৰ ওপৰত চোৰাংচোৱা সংস্থাৰ দৰে চকু ৰাখে, অৰ্থাৎ আপোনাৰ সমগ্ৰ ব্ৰাউজিং ইতিহাস অনুসৰণ কৰা হয়।
ইয়াৰ ফলত আপুনি মোৱাইলত যি চায় তাৰ বিজ্ঞাপন অন্যান্য ৱেবছাইটত Visit কৰিলে দেখা পায়, অৰ্থাৎ আপুনি কি চায় তাৰ ডাটা সংৰক্ষিত কৰি ৰাখিছে ।
ছ’চিয়েল মিডিয়া একাউণ্টত পৰীক্ষা কৰা হয় :
আপোনাৰ ব্ৰাউজিং পেটাৰ্ণ অনুসৰি আপোনাক অনুসৰণ কৰা হয় আৰু আপোনাৰ ছ’চিয়েল মিডিয়া প্ৰফাইলসমূহো তন্ন তন্নকৈ পৰীক্ষা কৰা হয়। ইয়াৰ পিছত সিদ্ধান্ত লোৱা হয় যে আপোনাক কোনটো বিজ্ঞাপন দেখুৱাব লাগে। যদি আপুনি এনে ভিডিঅ'ত অভ্যস্ত তেন্তে ইয়াৰ সৈতে জড়িত বিজ্ঞাপনহে আপোনাক দেখুওৱা হ'ব।
প্ৰথমে পেইড চাৰ্ভিচ মানুহলৈ লক্ষ্য:
পৰ্ণগ্ৰাফিক ভিডিঅ’ চাবলৈ ধন দিবলৈ সন্মত হোৱা লোকসকলক প্ৰথম লক্ষ্য কৰা হয়। এনে লোকৰ পৰা তেওঁলোকৰ বেংক একাউণ্টৰ তথ্য একে সময়তে লোৱা হয় যেতিয়া তেওঁলোকে ধন পৰিশোধ কৰে। আপোনাৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ অপব্যৱহাৰো হ’ব পাৰে আৰু আপুনি চাইবাৰ জালিয়াতিৰ বলি হ’ব পাৰে।
আপোনাৰ ফোনত মেলৱেৰ দিব পাৰে
যদি আপুনি এনে বিষয়বস্তু থকা চাইটলৈ যায় বা ফাইল এটা ডাউনলোড কৰে, তেন্তে আপোনাৰ ফোনত মেলৱেৰ সোমোৱাৰ সম্পূৰ্ণ আশংকা থাকে। এই মেলৱেৰৰ জৰিয়তে পিছলৈ আপোনাক চোৰাংচোৱাগিৰি কৰিব পাৰিব আৰু আপোনাৰ ব্যক্তিগত ফটো ৰাজহুৱা কৰাৰ ভাবুকি দিও ব্লেকমেইল কৰিব পাৰে।
দেশত ই অবৈধ :
আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে ভাৰত চৰকাৰৰ আইন অনুসৰি অশ্লীল ভিডিঅ' বনোৱা, যিকোনো চাইটত আপলোড কৰা বা আন কোনো মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰাটো দেশত অবৈধ। শিশুৰ লগত জড়িত অশ্লীল সামগ্ৰীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু ইয়াৰ বাবে কঠোৰ আইন আছে। আপুনি জানি আচৰিত হ’ব যে ২০১৮ চনত Kaspersky Lab ৰ প্ৰতিবেদন অনুসৰি প্ৰায় ১২ লাখ এণ্ড্ৰইড ব্যৱহাৰকাৰী অশ্লীল ভিডিঅ’ চোৱাৰ বাবে মেলৱেৰৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
মানসিক আৰু শাৰীৰিক ক্ষতি :
এনে ভিডিঅ চোৱাৰ অভ্যাস ক্ৰমান্বয়ে নিচালৈ পৰিণত হ’ব পাৰে, যাৰ ফলত মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ভিডিঅ’ত দেখুওৱা দৃশ্যবোৰ বাস্তৱ জীৱনৰ পৰা বহুত বেলেগ, যাৰ ফলত সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে। এনে ভিডিঅ’ অতিমাত্ৰা চোৱাৰ ফলত ব্যক্তিৰ মনত অপৰাধবোধ আৰু আত্মসচেতনতা আহিব পাৰে, যাৰ ফলত মানসিক চাপ আৰু হতাশা বৃদ্ধি পাব পাৰে। বাৰে বাৰে পৰ্ণ ভিডিঅ’ চোৱাটোৱে একাগ্ৰতাৰ ক্ষমতা হ্ৰাস কৰিব পাৰে, যাৰ ফলত অধ্যয়ন আৰু কামত প্ৰভাৱ পৰে।