Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Shereus Ad Manager

Full Page Moving effect

50s

Traffic Star Image Video Slider

Traffic Star

Mandiad

Atomic Image Slider & Breking News

Breaking

Slider Menu

Slider Menu

সাৱধান! আনৰ কাহ আৰু হাঁচিয়ে আপোনাকো অসুস্থ কৰি তুলিব পাৰে, এই ৭ টা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰক

সাৱধান! আনৰ কাহ আৰু হাঁচিয়ে আপোনাকো অসুস্থ কৰি তুলিব পাৰে, এই ৭ টা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰক


( অপূৰ্ব দাস )


ঋতু পৰিৱৰ্তিত হোৱাৰ লগে লগে এলাৰ্জী আৰু ভাইৰাছৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায়। হাঁচি আৰু কাহৰ পৰা নিৰ্গত হোৱা ভাইৰাছ বতাহত বিয়পি আপোনাৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে। যদি আপুনি বাৰে বাৰে অসুস্থ হৈ পৰিছে তেন্তে সাৱধান হোৱাটো প্ৰয়োজন। আজি কিছুমান সহজ আৰু ফলপ্ৰসূ প্ৰতিকাৰৰ বিষয়ে জনাম, যিয়ে আপোনাক ভাইৰাছৰ সংক্ৰমণ আৰু এলাৰ্জীৰ পৰা নিজকে ৰক্ষা কৰাত সহায় কৰিব।






১/ মাস্ক পৰিধান কৰক

 যেতিয়াই বাহিৰলৈ আৰু মানুহে ভিৰ কৰা ঠাইলৈ যায় বা কোনো ৰোগীৰ সংস্পৰ্শলৈ আহে তেতিয়াই মাস্ক পিন্ধিব। ই কেৱল ভাইৰাছৰ বিস্তাৰ ৰোধ কৰাই নহয়, ধূলি আৰু এলাৰ্জেন কণিকাৰ পৰাও ৰক্ষা কৰাত সহায় কৰে।


২/ হাতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক আওকাণ নকৰিব 

 সঘনাই হাত ধোৱাটো অতি প্ৰয়োজনীয়। চাবোন আৰু পানীৰে কমেও ২০ ছেকেণ্ডৰ বাবে হাত ধুব লাগে। পানী নাপালে এলক’হল ভিত্তিক চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে। সৰু সৰু ভাইৰাছক পৰাস্ত কৰাৰ এক সহজ উপায়।


৩/ মুখখন স্পৰ্শ কৰাৰ পৰা বিৰত থাকক

 আপুনি জানেনে যে আপোনাৰ চকু, নাক আৰু মুখত সংক্ৰমণৰ সম্ভাৱনা বেছি? লেতেৰা হাতেৰে স্পৰ্শ কৰিলে ভাইৰাছ সহজে শৰীৰত প্ৰৱেশ কৰিব পাৰে। গতিকে হাত দুখন মুখ,চকু ,নাক স্পৰ্শ কৰাৰ পৰা আঁতৰাই ৰাখি বাৰে বাৰে অজানিতে স্পৰ্শ কৰাৰ অভ্যাস সলনি কৰক।


৪/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰক

 সুস্থ শৰীৰৰ বাবে সুষম আহাৰ অতি প্ৰয়োজনীয়। ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ ফলমূল আৰু শাক-পাচলি খাব লাগে। লগতে প্ৰচুৰ পৰিমাণে পানী খাব লাগে যাতে বিষাক্ত উপাদান শৰীৰৰ পৰা ওলাই যাব পাৰে। মনত ৰাখিব কিছুমান টেঙা ফলে আপোনাক বেছিকৈ অসুস্থ কৰি তুলিব পাৰে। গোল নেমু বা কাৰ্জী নেমুহে খাওক।

 ৫/ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ যত্ন লওক

 সুস্থ হৈ থাকিবলৈ ঘৰ আৰু কৰ্মস্থলী পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয়। নিয়মিতভাৱে চাফা কৰিব লাগে, বীজাণুনাশক স্প্ৰে ব্যৱহাৰ কৰিব লাগে আৰু বিচনা আৰু আঠুৱা চাফা কৰাৰ ক্ষেত্ৰত বিশেষ যত্ন লওক। ইয়াৰ দ্বাৰা এলাৰ্জিজনিত কাৰক আঁতৰাই ৰাখিব পাৰি।

৬/ আৰামত থকা সকলে সাৱধান হওঁক 

আৰামত কাম-বন নকৰাকৈ থকা লোকক সহজে বীজাণুই আক্ৰমণ কৰে কাৰণ এনে লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। সদায় শৰীৰ চৰ্চা বা ব্যায়াম কৰা লোকৰ নাইবা কাম কৰা লোকৰ তেজ চলাচল কৰি থাকে আৰু শৰীৰৰ শক্তি সক্ৰিয় হৈ থাকে যাৰ ফলত বীজাণুৱে সহজে আক্ৰমণ কৰিব নোৱাৰে। সেয়েহে প্ৰতিদিনে কাম-কাজৰ জৰিয়তে নাইবা ব্যায়ামৰ জৰিয়তে সক্ৰিয় হৈ থকা উচিত। 
দিনত কমেও আধা নাইবা এঘণ্টা ব্যায়াম কৰা উচিত।
ভাত বা খাদ্য খোৱাৰ পাছত ব্যায়াম নকৰিব।

৭/ সূৰ্যৰ পোহৰৰ ভিটামিন ডি গ্ৰহণ কৰক

প্ৰতিদিনে সূৰ্যৰ পোহৰ ল'ব লাগে কাৰণ সূৰ্যৰ পোহৰৰ পৰা শৰীৰে ভিটামিন ডি তৈয়াৰ কৰে। ভিটামিন ডি পালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ'য়। মানসিক চাপ দূৰ হ'য় আৰু যৌন ক্ষমতাও অতুত থাকে।





Ad ×
Dettol Original Soap – Protect your hands with Dettol's 12hr Protective Shield
More Information

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection