( অপূৰ্ব দাস )
হাওঁফাওঁৰ সংক্ৰমণ অতি ভয়ংকৰ অৱস্থা হ’ব পাৰে, যাৰ বিষয়ে অতি কম সংখ্যক লোকৰ সঠিক জ্ঞান থাকে। এই লেখাটোত হাওঁফাওঁৰ সংক্ৰমণ হোৱাৰ কাৰণ আৰু ইয়াৰ পৰা বাচি থকাৰ উপায় জানিবলৈ পাব।
হাওঁফাওঁ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ, যিয়ে অক্সিজেনক তেজলৈ প্ৰেৰণ কৰি কাৰ্বন ডাই অক্সাইড বাহিৰ কৰাৰ কাম কৰে। এইয়া জীৱনৰ বাবে অপৰিহাৰ্য শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ অংশ। কিন্তু পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে হাওঁফাওঁৰ সংক্ৰমণৰ বহু ঘটনাৰ খবৰ পোৱা গৈছে। আচলতে হাওঁফাওঁৰ সংক্ৰমণ, যাক শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ বুলিও কোৱা হয়, হাওঁফাওঁৰ ভিতৰত প্ৰদাহ আৰু সংক্ৰমণ হোৱা অৱস্থা। এই সংক্ৰমণ বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ বা আন অণুজীৱৰ দ্বাৰা হ’ব পাৰে। হাওঁফাওঁৰ সংক্ৰমণৰ আটাইতকৈ সাধাৰণ প্ৰকাৰ হ’ল নিউমোনিয়া, যাৰ ফলত হাওঁফাওঁৰ এলভিঅ’লি প্ৰদাহ হয়। বিশেষকৈ শিশু, বৃদ্ধ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা ব্যক্তিৰ ক্ষেত্ৰত ই গুৰুতৰ হ’ব পাৰে আৰু চিকিৎসাৰ যঠেষ্ট প্ৰয়োজন।
হাওঁফাওঁৰ সংক্ৰমণৰ লক্ষণ :
হাওঁফাওঁ আমাৰ শৰীৰৰ অন্যতম অত্যাৱশ্যকীয় অংগ, যেতিয়া ই বিপদত পৰে অৰ্থাৎ হাওঁফাওঁ সংক্ৰমিত হয়, তেতিয়া কিছুমান লক্ষণ দেখা যায়, যেনে-
১) কাহ (যি স্থায়ী হব পাৰে)
২) জ্বৰ আৰু ঠাণ্ডা
৩) উশাহ লোৱাত অসুবিধা হোৱা
৪) বুকুৰ বিষ বা গধুৰতা
৫) ক্লান্তি আৰু দুৰ্বলতা
৬) শ্লেষ্মাত তেজ (কিছুমান ক্ষেত্ৰত) ৷
হাওঁফাওঁ সংক্ৰমণৰ চিকিৎসা :
হাওঁফাওঁ যেতিয়া সংক্ৰমণ হয় তেতিয়া সংক্ৰমণৰ সৈতে যুঁজিবলৈ চিকিৎসা লোৱাটো অতি প্ৰয়োজনীয়। কিন্তু হাওঁফাওঁৰ সংক্ৰমণ আৰু ইয়াৰ তীব্ৰতা আৰু কাৰণসমূহ বিবেচনা কৰি চিকিৎসকে সঠিক পদ্ধতি গ্ৰহণ কৰে।
১) এন্টিবায়টিক – যদি সংক্ৰমণ বেক্টেৰিয়াজনিত হয় তেন্তে চিকিৎসকে সাধাৰণতে এন্টিবায়টিক প্ৰেছক্ৰিপচন কৰে। ই সংক্ৰমণ নিয়ন্ত্ৰণত সহায় কৰে।
২) এন্টিভাইৰেল ঔষধ – যদি কোনো ভাইৰাছৰ দ্বাৰা সংক্ৰমণ হয় তেন্তে এন্টিভাইৰেল ঔষধ দিব পাৰি।
৩) চিকিৎসালয়ত ভৰ্তি – যদি সংক্ৰমণ গুৰুতৰ হয়, তেন্তে চিকিৎসালয়ত ভৰ্তি কৰি অক্সিজেনৰ সহায়, শিৰাত তৰল পদাৰ্থ আৰু অন্যান্য চিকিৎসা প্ৰদান কৰিব পাৰি।
৪) শ্বাস-প্ৰশ্বাসৰ ব্যায়াম – শাৰীৰিক চিকিৎসা, শ্বাস-প্ৰশ্বাসৰ ব্যায়াম আৰু শ্বাস-প্ৰশ্বাসজনিত চিকিৎসাৰ দ্বাৰা শ্বাস-প্ৰশ্বাসৰ কাৰ্য্যক্ষমতা উন্নত হোৱাটো বাঞ্ছনীয়।
৫) হাইড্ৰেচন – ৰোগীক পৰ্যাপ্ত পৰিমাণৰ পানী আৰু তৰল পদাৰ্থ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয়, যিয়ে শ্লেষ্মা ঢিলা কৰি সংক্ৰমণৰ পৰা সোনকালে সকাহ দিব পাৰে।
সাৱধানতা:
মনত ৰাখিব হাওঁফাওঁৰ সংক্ৰমণক কেতিয়াও সহজভাৱে ল’ব নালাগে। যদি আপুনি ইয়াৰ লক্ষণ অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। সময়মতে চিকিৎসাৰ দ্বাৰা স্বাস্থ্যৰ উন্নতি সম্ভৱ। লগতে এইবোৰ কথাও মনত ৰাখিব
• হাতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু মাস্ক পৰিধানে সংক্ৰমণ বিয়পি পৰাত সহায় কৰে।
• নিয়মিতভাৱে ফ্লু আৰু নিউমোনিয়াৰ টিকা ল’লে সংক্ৰমণৰ পৰা সুৰক্ষা পোৱা যায়।
• ভাল জীৱনশৈলী, ব্যায়াম, সতেজ ফল-মূল, শাক-পাচলি আৰু পৰ্যাপ্ত টোপনিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, যিয়ে সংক্ৰমণৰ পৰা ৰক্ষা কৰে।
• মাদক দ্ৰব্য, ধূমপান সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব। নহ'লে এনে অভ্যাসে মৃত্যু প্ৰদান কৰিব।