( অপূৰ্ব দাস )
বাবা ভাংগাই নিজৰ ভৱিষ্যত বাণীৰ বাবে আজি সমগ্ৰ বিশ্বতে বাতৰিৰ শিৰোনাম দখল কৰিছে। বৰ্তমান তেওঁৰ এটা ভৱিষ্যত বাণী যিটো আটাইতকৈ বেছি চৰ্চিত হৈছে সেয়া হৈছে মানুহ ৰবট হ'ব ।
আচলতে বাবা ভাংগাই নিজৰ ভৱিষ্যত বাণীত কৈছিল যে এনে এটা সময় আহিব যেতিয়া মানুহে ফোন আৰু মেচিন অত্যধিক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব। মানুহ যদি যন্ত্ৰৰ লগত ইমান আকৃষ্ট হৈ থাকে, তেন্তে এদিন তেওঁলোক ৰবটৰ দৰে হৈ পৰিব। বাবা ভাংগাৰ ভৱিষ্যত বাণী অনুসৰি যন্ত্ৰ ব্যৱহাৰৰ প্ৰতি মানুহৰ নিচাই কেৱল শাৰীৰিকভাৱে নহয় মানসিকভাৱেও ক্ষতি কৰিব।
আজি স্মাৰ্টফোন আমাৰ সকলোৰে বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হৈ পৰিছে। প্ৰতিদিনে ঘণ্টাৰ পিছত ঘণ্টা ধৰি সকলোৱে নিজৰ স্মাৰ্টফোনত হেৰাই যায়। গৱেষণাৰ পৰা দেখা গৈছে যে বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত মোবাইল আৰু লেপটোপ চোৱাৰ সময় নিয়ন্ত্ৰণ কৰা হোৱা নাই। ঘণ্টাৰ পিছত ঘণ্টা ছ’চিয়েল মিডিয়া স্ক্ৰ’ল কৰাটো আজি এক সাধাৰণ অভ্যাসত পৰিণত হৈছে, যাৰ ফলত মানসিক স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছে।
মানসিক স্বাস্থ্যৰ ওপৰত কূ প্ৰভাৱ পেলাইছে :
বিশেষজ্ঞসকলৰ মতে ম’বাইলৰ অত্যধিক ব্যৱহাৰে উদ্বেগ, হতাশা আৰু নিসংগতাৰ দৰে মানসিক সমস্যাৰ সৃষ্টি কৰে। মোবাইলৰ পৰা নিৰ্গত নীলা পোহৰৰ বাবে মানুহৰ টোপনিও যথেষ্ট প্ৰভাৱিত হৈছে আৰু ছ’চিয়েল মিডিয়াত দেখা পোৱা আড়ম্বৰপূৰ্ণ জীৱনেও আত্মসন্মানত প্ৰভাৱ পেলায়। আনৰ ভুৱা জাক জমকতা দেখি চৰিত্ৰ হীন হৈ পৰা দেখা গৈছে।
আচলতে চচিয়েল মিডিয়াত দেখা পোৱা ফটো বিলাক সত্য নহ'য়, কিয়নো এইবোৰ ইডিট কৰা, লগতে সামাজিক মাধ্যমত দেখা পোৱা সকলোবোৰ সত্য নহ'য়। সামাজিক মাধ্যমত ভুৱা প্ৰেমিক - প্ৰেমিকা, টকা লুটপাত কৰা, ঠগ-প্ৰৱঞ্চক , জালিয়াতি, যৌনতা আদিৰে ভৰি পৰিছে।
বৰ্তমান উঠি অহা প্ৰজন্মৰ বাবে এক ভয়ংকৰ!
ডিজিটেল ডিটক্সৰ প্ৰয়োজন :
বাবা ভাংগাৰ এই ভৱিষ্যত বাণীয়ে আমাক ভাবিবলৈ বাধ্য কৰাইছে যে আমাৰ ফোনবোৰৰ পৰা কিছু দূৰত্ব ৰখাৰ সময় আহি পৰিছে নেকি?
আজিকালি "ডিজিটেল ডিটক্স" এটা ট্ৰেণ্ডত পৰিণত হৈছে, য'ত মানুহে নিজৰ ডিভাইচবোৰ কিছু সময়ৰ বাবে আঁতৰাই ৰাখি বাস্তৱৰ প্ৰাকৃতিক পৰিৱেশ আৰু আপোনজনৰ সৈতে কিছু সময় অতিবাহিত কৰে । এই কৌশলে মোবাইল ফোনটো সম্পূৰ্ণৰূপে পৰিত্যাগ কৰাৰ পৰামৰ্শ নিদিয়ে বৰঞ্চ ইয়াক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।