এই ১১ বিধ ফলত চেনিৰ পৰিমাণ বহুত কম, লগতে হৃদযন্ত্ৰৰ স্বাস্থ্যও ভালে ৰাখে।
( অপূৰ্ব দাস )
আমাৰ স্বাস্থ্যৰ বাবে ফল কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে সকলোৱে জানে। খাদ্য তালিকাত ফল-মূল অন্তৰ্ভুক্ত কৰিব লাগে কাৰণ ইয়ে আমাক সুস্থ কৰি ৰাখে। প্ৰতিদিনে ফল-মূল খোৱাৰ ফলত বহু ৰোগ নিয়ন্ত্ৰণত থাকে, কিন্তু যিসকল লোকে নিজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব বিচাৰে বা ডায়েবেটিছৰ বাবে চিন্তিত তেওঁলোকে প্ৰায়ে ফল খাবলৈ ভয় কৰে, কাৰণ বহু ফলত প্ৰাকৃতিক চেনি (ফ্ৰুক্ট’জ)ৰ পৰিমাণ বেছি থাকে।
কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই। কিছুমান ফল আছে যিবোৰত চেনিৰ পৰিমাণ অতি কম আৰু আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী। এনে ১১ বিধ কম চেনিযুক্ত ফলৰ বিষয়ে জানো আহক-
(১) ষ্ট্ৰ’বেৰী
এক কাপ ষ্ট্ৰবেৰীত প্ৰায় ৪.৯ গ্ৰাম চেনি থাকে। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থাকে। হৃদযন্ত্ৰৰ প্ৰদাহ কমোৱাত আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায়ক।
(২) তৰমুজ
তৰমুজ অতি উপকাৰী ফল। ইয়াৰ ১০০ গ্ৰামত প্ৰায় ৬ গ্ৰাম চেনি পোৱা যায়। ইয়াত প্ৰচুৰ পৰিমাণে পানী থাকে আৰু শৰীৰৰ পানীৰ অভাৱ দূৰ কৰে। ৰক্তচাপ কমোৱাত আৰু হৃদযন্ত্ৰ শীতল কৰাত সহায় কৰে।
(৩) এভোকেডো
১০০ গ্ৰাম এভোকেডোত প্ৰায় ০.২ গ্ৰাম চেনি থাকে। এই ফলবিধত ভাল চৰ্বি প্ৰচুৰ আৰু চেনিৰ পৰিমাণ কম। ইয়াক হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়, কাৰণ ইয়াত স্বাস্থ্যকৰ চৰ্বি থাকে।
(৪) বিলাতী বগৰী
গৰমৰ দিনত বগৰী বৰ ভাল । ইয়াত প্ৰতি ১০০ গ্ৰামত প্ৰায় ৬.২ গ্ৰাম চেনি থাকে। ইয়াত ভিটামিন এ আৰু চিৰ উত্তম উৎস হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু ছালৰ বাবে উপকাৰী।
(৫) কমলা
১০০ গ্ৰাম কমলাত ৮-৯ গ্ৰাম থাকে। ইয়াক খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰায়। কেৱল এয়াই নহয়, ই কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণৰ কাম কৰে।
(৬) নাচপতি
নাচপতিও এটা অতি জনপ্ৰিয় ফল। ইয়াত ১০০ গ্ৰামত প্ৰায় ৯.৫ গ্ৰাম চেনি থাকে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে হজম শক্তি আৰু তেজৰ চেনিৰ নিয়ন্ত্ৰণত সহায় কৰে। ৰক্তচাপ আৰু হৃদৰোগ স্বাস্থ্যৰ বাবেও উপকাৰী।
(৭) Blue Barry
১০০ গ্ৰাম blue Barry ত প্ৰায় ১০ গ্ৰাম চেনি থাকে। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে যিয়ে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া লেহেমীয়া কৰে। হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত আৰু কোষক সুৰক্ষা দিয়াত সহায় কৰে।
(৮) নগা বগৰী
১০০ গ্ৰাম নগা বগৰীত প্ৰায় ৮.৪ গ্ৰাম চেনি থাকে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু পটাছিয়াম থাকে। ই হৃদযন্ত্ৰৰ পেশীবোৰ শিথিল কৰা আৰু হাইড্ৰেচন বজাই ৰখাত সহায় কৰে।
(৯) সেউজীয়া আপেল
সেউজীয়া আপেলৰ উপকাৰ আমি সকলোৱে জানো। ১০০ গ্ৰাম সেউজীয়া আপেলত ৯-১০ গ্ৰাম চেনি থাকে। এইবিধ উচ্চ আঁহযুক্ত আৰু কম কেলৰিযুক্ত ফল, যি হৃদযন্ত্ৰ আৰু হজম শক্তি দুয়োটাৰে বাবে উপকাৰী।
(১০) ক'লা আঙ্গুৰ
১০০ গ্ৰাম ক’লা আঙ্গুৰত ৯-১০ গ্ৰাম চেনি থাকে। ইয়াত ৰেচভেৰাট্ৰল নামৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে হৃদযন্ত্ৰক সুৰক্ষা প্ৰদান কৰে। সীমিত পৰিমাণত সেৱন কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়।
(১১) Muskmelon
গৰমৰ দিনত এইবিধ ফল বৰ ভাল । ইয়াত প্ৰতি ১০০ গ্ৰামত প্ৰায় ৭-৮ গ্ৰাম চেনি থাকে। ই ভিটামিন এ আৰু চিৰ ভাল উৎস। ই হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু ছাল উভয়ৰে বাবে উপকাৰী।