মে, ২০২৫ এই মাহৰ ৰাশিফল জানিবলৈ পঢ়িব।
মেষ ৰাশি ( May, 2025 )
এই মাহটোৱে সাধাৰণভাৱে আপোনাক মধ্যমীয়া ফলাফল প্ৰদান কৰিব। আপোনাৰ কেৰিয়াৰৰ স্থানৰ স্বামী এই মাহতো যোৱাটো মাহৰ দৰে দ্বাদশ গৃহত স্থিত হ’ব। শনিৰ এই স্থিতিক সাধাৰণভাৱে ভাল বুলি গণ্য কৰিব পৰা নাযায়। অৱশ্যে, নিজৰ জন্মস্থানৰপৰা দূৰত থাকি কাম কৰা লোকসকলক শনিয়ে মাজে সময়ে কিছু ভাল পৰিণামো প্ৰদান কৰিব পাৰে। বেপাৰ-বাণিজ্যৰ সৈতে জড়িত লোকসকলে এই মাজত মজলীয়া ফল লাভ কৰিব। শিক্ষাৰ দৃষ্টিকোণৰপৰা মে’ মাহটোৱে উন্নত ফল প্ৰদনা কৰিব। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ তুলনতা উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলে তুলনামূলকভাৱে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। পাৰিবাৰিক দিশত মেষ ৰাশিৰ জাতকসকলে ভাল ফল লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দেখা গৈছে যে মে’ মাহৰ বাবে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ক’ব পাৰি যে আপোনাৰ পঞ্চম গৃহৰ স্বামী সূৰ্য্য মাহটোৰ দ্বিতীয় ভাগত উচ্চ অৱস্থাত স্থিত হ’ব। অৱশ্যে প্ৰথম গৃহত সূৰ্য্যৰ পৰিবহনক ভাল বুলি ক’ব পৰা নাযায় কিন্তু উচ্চ অৱস্থাত স্থিত হোৱাৰ কাৰণে মৰ্যাদাৰ ভিতৰত থাকি প্ৰেম কৰা লোকসকলে ভাল পৰিণাম লাভ কৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই ক্ষেত্ৰত এই মাহত সপ্তম গৃহৰ স্বামী উচ্চ অৱস্থাত স্থিত হ’ব যিটো এক অনুকূল স্থিতি কিন্তু দ্বাদশ গৃহত থাকিব যিটো কিছু দুৰ্বল স্থিতি। এনে পৰিস্থিতিত সপ্তম গৃহৰ স্বামীয়ে মিশ্ৰিত পৰিণাম প্ৰদান কৰাৰ আশা কৰা হৈছে। আৰ্থিক দিশ ক্ষেত্ৰত দেখা গৈছে যে এই মাহত আপোনাৰ লাভৰ গৃহৰ স্বামী শনি দ্বাদশশ গৃহত থাকিব যিটো সাধাৰণভাৱে অনুকূল স্থিতি নহয়। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা এই মাহটোৱে কিছু দুৰ্বল পৰিণাম প্ৰদান কৰিব পাৰে। এনে পৰিস্থিতিত ৰক্তচাপ উঠা-নমা কৰিব পাৰে। এনে অৱস্থাত আমি ক’ব পাৰোঁ যে এই মাহত সাধাৰণভাৱে আপোনাৰ স্বাস্থ্য কিছু দুৰ্বল হ’ব পাৰে। এনে পৰিস্থিতিত স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ সজাগ হৈ থাকি আপুনি সুস্বাস্থ্য অটুত ৰাখিবলৈ চেষ্টা কৰা উচিত।
উপায় : এই মাহত গুড় সেৱন নকৰিব। সদায় ১০৮ বাৰ ভগৱান হনুমানৰ মন্ত্ৰ জপ কৰক।
বৃষ ৰাশি ( May, 2025 )
এই মাহটোৱে বৃষ ৰাশিৰ জাতকসকলক উন্নত ফলাফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। আপোনাৰ লগ্ন বা ৰাশি স্বামী শুক্ৰ গোটেই মাহ জুৰি উচ্চ অৱস্থাত আপোনাৰ লাভৰ গৃহত স্থিত হ’ব। সাধাৰণভাৱে ইয়াক এক অনুকূল স্থিতি বুলি ক’ব পৰা যায়। কেৰিয়াৰৰ গৃহৰ স্বামী এই মাহত লাভৰ গৃহত থাকিব। কিছু পৰিপক্কতা দেখুৱাব পাৰিলে ফলাফল আপোনাৰ পক্ষত থাকিব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এই মাহত যথেষ্ট পৰিমাণে অনুকূল ফল প্ৰাপ্ত কৰিব। ব্যৱসায়েই হওক বা চাকৰিয়েই হওক, সৰু-সুৰা বিসংগতিৰ পিছত ভাল পৰিণাম প্ৰাপ্ত হ’ব। শিক্ষাৰ দৃষ্টিকোণৰপৰা এই মাহটোৱে মধ্যমীয়াতকৈ উন্নত ফল প্ৰদান কৰিব। ঘৰৰপৰা দূৰত থাকি অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে ভাল ফল প্ৰাপ্ত কৰিব। তুলনামূলকভাৱে প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীসকলে কিছু কঠিনতা অনুভৱ কৰিব পাৰে, আনহাতে উচ্চ শিক্ষা প্ৰাপ্ত কৰি থকা শিক্ষাৰ্থীসকলে উন্নত ফলাফল লাভ কৰিব। পাৰিবাৰিক দিশত এই ৰাশিৰ জাতকসকলে সাধাৰণভাৱে মিশ্ৰিত ফল লাভ কৰিব। আৱেগৰদ্বাৰা যাতে আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতি চকু দিয়ক। সৰু সৰু কথাত আক্ৰোশিত নোহোৱাকৈ থকাটো উচিত হ’ব। মে’ মাহৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দেখা যায় যে এই মাহত আপোনাৰ পঞ্চম গৃহৰ স্বামী বুধে দুবাৰকৈ স্থান পৰিৱৰ্তন কৰিব। আপোনাৰ প্ৰেম জীৱনত অনুকূলতা বৰ্ত্তি থাকিব। আপুনি পৰিপক্কভাৱে প্ৰেম জীৱনৰ আনন্দ উপভোগ কৰিব। এইক্ষেত্ৰত প্ৰেমৰ কাৰক শুক্ৰই আপোনাৰ সহায় কৰিব। বৈবাহিক জীৱনত সৰু সুৰা সমস্যা অহাৰ যোগ আছে কিন্তু কোনো ডাঙৰ সমস্যা নাহে। আৰ্থিক দিশৰ ক্ষেত্ৰত দেখা যায় যে আপুনি নিজৰ কৰ্ম অনুসৰি লাভ প্ৰাপ্ত কৰিব পাৰবি কিন্তু লাভৰ ক্ষেত্ৰত কিছু কম দেখিবলৈ পাব পাৰে। কোনো কামত যিমান ধন আপুনি লাভ কৰিব লাগে তাতকৈ কিছু কম প্ৰাপ্ত কৰিব পাৰে। চাকৰিয়াল জাতকসকলৰ ইনক্ৰিমেণ্টৰ পথ খোল খোৱাৰ সম্ভাৱনা আছে। মে’ মাহেকীয়া ৰাশিফল 2025 অনুসৰি স্বাস্থ্যৰ দিশত এই মাহটোৱে অনুকূল পৰিণাম প্ৰদান কৰিব। পানীলগা জ্বৰ বা লু লগাৰ দৰে কোনো কোনো স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। খোৱা-বোৱাৰ প্ৰতি চকু ৰখাটো জৰুৰী হ’ব।
উপায় : কপালত নিয়মিতভাৱে কেশৰৰ তিলক লগাওক। ভগৱান শিৱৰ আৰাধনা কৰক।
মিথুন ৰাশি ( May, 2025 )
মে’ মাহটোৱে সাধাৰণভাৱে আপোনাৰ জীৱনলৈ মধ্যমীয়া স্তৰৰ পৰিণাম কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। কোনো কোনো ক্ষেত্ৰত পৰিণাম দুৰ্বলো হ’ব পাৰে। আপোনাৰ কেৰিয়াৰৰ গৃহৰ স্বামী বৃহস্পতিয়ে এই মাহত নিজৰ স্থিতি সলনি কৰিব। এনে পৰিস্থিতিত গোটেই মাহ জুৰি কৰ্মক্ষেত্ৰৰ সৈতে জড়িত বিষয়ত মধ্যমীয়া ফল লাভ কৰিব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলেও এই মাহত অনুকূল পৰিণাম লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়াল জাতকসকলৰ ক্ষেত্ৰত দেখা যায় যে সহকৰ্মীসকলে আপোনাৰ কামত ত্ৰুটি উলিয়াবলৈ চেষ্টা কৰিব পাৰে। এনে পৰিস্থিতিত নিজকে শান্ত আৰু সংযমিত কৰি ৰখাটোৱেই উচিত হ’ব। শিক্ষাৰ দৃষ্টিকোণৰপৰা এই মাহটোৱে যথেষ্ট পৰিমাণে অনুকূল ফলাফল দিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীসকলে তুলনামূলকভাৱে অধিক কষ্ট কৰাৰ আৱশ্যকতা আছে। মে’ মাহেকীয়া ৰাশিফল 2025 অনুসৰি পাৰিবাৰিক জীৱনত কিছু দুৰ্বল পৰিণাম প্ৰাপ্ত হ’ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত যুক্তি-তৰ্ক হ’ব পাৰে। প্ৰেম ক্ষেত্ৰত দেখা যায় যে আপোনাৰ প্ৰেম জীৱনত অনুকূলতা বৰ্তি থাকিব। বিশেষকৈ যিসকল লোকৰ প্ৰেমৰ সম্পৰ্ক কাৰ্য্যালয়ৰ কোনো ব্যক্তিৰ সৈতে আছে তেওঁলোকৰ বাবে এই মাহটো যথেষ্ট ভাল হ’ব। লগতে একেলগে ঘূৰা-পকা কৰাৰ আৰু অন্তৰৰ বহুখিনি কথা পতাৰ সুযোগ লাভ কৰিব পাৰে। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে আপুনি মধ্যমীয়া স্তৰৰ ফলাফল প্ৰাপ্ত কৰিব। স্বাস্থ্যৰ দিশৰপৰা দেখা যায় যে মে’ মাহটোৱে আপোনাক মজলীয়া ফলাফল প্ৰদান কৰিব। অনুচিত আহাৰ গ্ৰহণ কৰিলেও পৰিণাম দুৰ্বল হ’ব পাৰে।
উপায় : সূৰ্য্য ভগৱানক পূজাৰ সেন্দুৰ মিহলি পানী আগবঢ়াওক।
কৰ্কট ৰাশি :
মে’ 2025 মাহটোৱে আপোনাৰ বাবে কিছু পৰিণামে মধ্যমীয়া ফলাফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। তুলনামূলকভাৱে এই মাহটোৰ প্ৰথম ভাগটো অধিক ভাল হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় যে বুধৰ পৰিবহন হৈ 7 মে’ৰপৰা 23 মে’ৰ মাজত আপোনাৰ কেৰিয়াৰৰ স্থানত স্থিত হ’ব যি আপনোাক কৰ্মক্ষেত্ৰত অনুকূলতা প্ৰদান কৰিব। ব্যৱসায়ীসকলৰ যাত্ৰা সফল হ’ব আৰু আপোনাৰ দৌৰা-ঢপৰাও লাভজনক হ’ব। চাকৰিৰ দৃষ্টিকোণৰপৰা দেখা যায় যে সাধাৰণভাৱে মাহটোৰ প্ৰথম ভাগটোৱে অধিক ভাল ফল প্ৰদান কৰিব। শিক্ষাৰ দিশৰপৰা মাহটোৱে মিশ্ৰিত ফল প্ৰদান কৰিব। ধৰ্ম কৰ্মৰ সৈতে জড়িত শিক্ষা গ্ৰহণ কৰি থকা বা বৈদিক বিষয়ৰ অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে ভাল ফল লাভ কৰিব পাৰিব। পাৰিবাৰিক দিশত মে’ মাহটোৱে অনুকূল ফল প্ৰদান কৰিব। মে’ মাহেকীয়া ৰাশিফল 2025 অনুসৰি আপোনাৰ পঞ্চম গৃহৰ স্বামী মঙ্গল গ্ৰহ নিম্ন অৱস্থানত থাকিব। সাধাৰণভাৱে ইয়াক অনুকূল স্থিতি বুলি ক’ব পৰা নাযায় কিন্তু পঞ্চম গৃহত মাহটোৰ দ্বিতীয় ভাগত বৃহস্পতিয়ে দৃষ্টি প্ৰদান কৰিব যি হৈছে এক ভাল স্থিতি। সেয়েহে প্ৰেমৰ সম্পৰ্কত ই মজলীয়া ফলাফল প্ৰদান কৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যৈ এই মাহত ফলাফল মধ্যমীয়া হ’ব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটো লাভৰ ক্ষেত্ৰত অনুকূল হ’ব। আপুনি যি স্তৰৰ কষ্ট কৰিব প্ৰায় সেই স্তৰৰ ফলাফলো প্ৰাপ্ত কৰিব। স্বাস্থ্যৰ দিশৰপৰা মাহটো কিছু দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে। বিশেষকৈ পৰৱৰ্তিত জলবায়ুৱে আপোনাৰ স্বাস্থঅযক প্ৰভাৱিত কৰিব পাৰে। যোগ ব্যায়াম কৰি থাকক আৰু বাহন চলোৱাৰ সময়ত সাৱধান হওক।
উপায় : নিয়মিতভাৱে হনুমান চালিশা পাঠ কৰক।
সিংহ ৰাশি :
মে’ 2025 মাহটো আপোনাৰ বাবে মিশ্ৰিত, মধ্যমীয়া বা কোনো কোনো ক্ষেত্ৰত কিছু দুৰ্বল পৰিণামদায়ক হ’ব পাৰে। আপোনাৰ কেৰিয়াৰৰ গৃহৰ স্বামী শুক্ৰ এই মাহত অষ্টম গৃহত স্থিত হ’ব কিন্তু উচ্চ অৱস্থাত থাকিব। এনে অৱস্থাত কঠোৰ পৰিশ্ৰম কৰা লোকসকলে যথেষ্ট ভাল ফল লাভ কৰিব। ব্যৱসায়ৰ দিশৰপৰা এই মাহটো অনুকূল হ’ব। কিছু অতিৰিক্ত কষ্ট কৰিবলগীয়া হ’ব পাৰে। মে’ মাহেকীয়া ৰাশিফল 2025 অনুসৰি শিক্ষাৰ ক্ষেত্ৰত এই মাহত কিছু অধিক কষ্ট কৰিব লাগিব। শিক্ষাৰ বাবে বিদেশলৈ যোৱা শিক্ষাৰ্থীসকলে ভাল ফল লাভ কৰাৰ যোগ আছে। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহটোত মধ্যমীয়া স্তৰৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। গৃহস্থালী জীৱনৰ কোনো বস্তু ভাঙিব পাৰে, বেয়া হ’ব পাৰে বা অচল হ’ব পাৰে। প্ৰেম জীৱনত ক্ষেত্ৰত এই মাহটোত মিশ্ৰিত ফল লাভ কৰিব। সহকৰ্মীসকলৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাসকলে অনুকূল ফল লাভ কৰিব কিন্তু আন লোকসকলে কৰ্মব্যস্ততাৰ বাবে প্ৰেম জীৱনত সময় যথেষ্ট দিব নোৱাৰিব। বৈবাহিক জীৱনত মধ্যমীয়া ফলাফল লাভ কৰিব। আৰ্থিক দিশত এই মাহত যেনে ধৰণৰ লাভ হ’ব সেই হিচাপত আপুনি সঞ্চয় কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটোত উন্নত ফলাফল লাভ কৰিব পাৰিব। মাহটোৰ প্ৰথম ভাগত ৰাহু কেতুৱে আপোনাৰ খোৱা-বোৱাৰ অৱনতি কৰিব পাৰে আৰু মাহটোৰ দ্বিতীয় ভাগত আপোনাৰ জীৱনশৈলীৰ অৱনতি কৰিব পাৰে। মুঠতে এই মাহতসৰু সুৰা স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে কিন্তু সাৱধানতা অৱলম্বন কৰি আপুনি এই সমস্যাবোৰত বাধা প্ৰদান কৰিব পাৰিব।
উপায় : মঙ্গলবাৰে হনুমান জীৰ মন্দিৰত মিঠাই অৰ্পণ কৰক আৰু প্ৰসাদ মানুহৰ মাজত বিতৰণ কৰক।
কন্যা ৰাশি :
কন্যা ৰাশিৰ জাতকসকলৰ মে’ মাহটোৱে সাধাৰণভাৱে মিশ্ৰিত বা মধ্যমীয়া স্তৰৰ পৰিণাম কঢ়িয়াই আনিব। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় যে মাহটোৰ প্ৰথম সপ্তাহত কৰ্মক্ষেত্ৰৰ সৈতে জড়িত বিষয়ত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। বিশেষকৈ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে গুৰুত্বপূৰ্ণ বিপদাশংকা গ্ৰহণ কৰাটো উচিত নহ’ব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত দেখা যায় যে যদিহে জ্যেষ্ঠ বিষয়া বা কৰ্মক্ষেত্ৰৰ সৈতে জড়িত কোনো ব্যক্তিয়ে আপোনাৰ সমৰ্থন কৰা নাই তেনেহ’লে আত্মনিৰ্ভৰ হৈ থাকি মনক বিচলিত হ’বলৈ নিদি, নিষ্ঠাপূৰ্বকভাৱে নিজৰ কাম কৰি যোৱাটো উচিত হ’ব, পলমকৈ হ’লেও ইয়াৰ ফল নিশ্চয় লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত দেখা যায় এই মাহত শিক্ষাৰ্থীসকলে তুলনামূলকভাৱে অধিক পৰিশ্ৰম কৰিব লাগিব। মনত ৰাখিব যে পৰিশ্ৰম যথেষ্ট কৰিব লাগিব কিন্তু ইয়াৰ ফল নিশ্চয় লাভ কৰিব। ঘৰৰপৰা দূৰত থাকি অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে ভাল ফল প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। মে’ মাহৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে পৰিয়ালৰ সদস্যসকলৰ মাজত যুক্তি-তৰ্ক হ’ব পাৰে। অৱশ্যে বিষয়টো ইমান ডাঙৰ নহ’ব। পৰিপক্কতাৰে পদক্ষেপ ল’লে আপুনি মাহটোৰ দ্বিতীয় ভাগত পাৰিবাৰিক সম্পৰ্কৰ আনন্দ উপভোগ কৰিব পাৰিব। প্ৰেম জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্বহীনতা উচিত নহ’ব। প্ৰেমৰ সম্পৰ্কত যুক্তি-বিবাদো হোৱাৰ আশংকা কৰা হৈছে। মুঠতে এই ক্ষেত্ৰত মজলীয়া ফল লাভ কৰিব। বৈবাহিক সম্বন্ধৰ ক্ষেত্ৰত আগবাঢ়িবৰ বাবে মাহটোৰ প্ৰথম ভাগটো ভাল হ’ব। দাম্পত্য জীৱনত মধ্যমীয়া পৰিণাম লাভ কৰিব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত ক’ব পৰা যায় যে এই মাহত কিছু অপ্ৰত্যাশিত লাভ আপুনি প্ৰাপ্ত কৰিব পাৰে। অৱশ্যে যি স্তৰৰ লাভৰ আপুনি আশা কৰিছে তাতকৈ প্ৰাপ্ত কৰা লাভ কিছু কম হ’ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা ক’ব পৰা যায় যে আপোনাৰ স্বাস্থ্য মধ্যমীয়াতকৈ কিছু দুৰ্বল হ’ব। এই মাহত স্বাস্থ্যৰ প্ৰতি অলপমানো গুৰুত্বহীন হোৱাটো উচিত নহ’ব। গুৰত্বহীনতা বা অসংযমিত খাদ্যাভ্যাসৰ বাবে আপোনাৰ স্বাস্থ্য দুৰ্বল হ’ব পাৰে।
উপায় : নিয়মিতভাৱে গণপতি অথৰ্বশীৰ্ষ পাঠ কৰক।
তুলা ৰাশি :
তুলা ৰাশিৰ জাতকসকলৰ বাবে ক’ব পাৰি যে কেৰিয়াৰৰ ক্ষেত্ৰত এই লোকসকলৰ জীৱনত উত্থান-পতন দেখা যাব পাৰে। ব্যৱসায়-বাণিজ্যৰ সৈতে জড়িত লোকসকলৰ বাবে মঙ্গলৰ পৰিবহনে অধিক উৎসাহ যোগাব পাৰে আৰু আপুনি তথ্যৰ সলনি আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত ল’ব পাৰে, যি দুৰ্বল পৰিণাম প্ৰদান কৰিব পাৰে। অৱশ্যে অত্যন্ত ডাঙৰ লোকচান নহ’ব তথাপিও আপোনাৰ নিজৰ অভিজ্ঞতাৰ আধাৰত, তথ্যাত্মক ৰূপত, জ্যেষ্ঠ্যসকলৰ পৰামৰ্শ লৈ কাম কৰাৰ পৰামৰ্শ দিয়া হৈছে। শিক্ষাৰ দৃষ্টিকোণৰপৰা মে’ মাহটোৱে মধ্যমীয়া বা মিশ্ৰিত ফল প্ৰদান কৰিব। বিশেষকৈ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীসকলে ভাল ফল লাভ কৰিব। মে’ মাহেকীয়া ৰাশিফল 2025 অনুসৰি পাৰিবাৰিক দিশত আপুনি কিু দুৰ্বল ফল লাভ কৰিব পাৰে। কিয়নো আপোনাৰ দ্বিতীয় গৃহৰ স্বামী মঙ্গল নিম্ন অৱস্থাত দশম গৃহত স্থিত হ’ব যি পৰিয়ালৰ সদস্যসকলৰ মাজত অসামঞ্জস্যতা বৃদ্ধি কৰিব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে যথেষ্ট পৰিমাণে অনুকূলতা থকা স্বত্বেও প্ৰেম জীৱনত কিছুমান বিষম পৰিস্থিতি উৎপন্ন হ’ব পাৰে। বৈবাহিত সম্পৰ্কৰ বাবে মাহটো কিছু দুৰ্বল হ’ব পাৰে কিন্তু তুলনা কৰিলে দেখা যায় যে মাহটোৰ দ্বিতীয় ভাগটো বিবাহ আদি সম্পৰ্ক আগবঢ়াবৰ বাবে সহায়ক প্ৰমাণিত হ’ব পাৰে। আৰ্থিক দিশৰ ক্ষেত্ৰত ক’ব পাৰি যে লাভৰ পথত ব্যৱধান দেখা যাব পাৰে। কিন্তু অনুকূল কথাটো হ’ল যে মাহটোৰ দ্বিতীয় ভাগত ধনৰ কাৰক বৃহস্পতিৰ পৰিবহন এই লোকসকলৰ আৰ্থিক জীৱনৰ বাবে অনুকূল হ’ব। বৃহস্পতিৰ অনুকূলতাই আমদানীৰ নিৰন্তৰতা অটুত ৰখাত সহায় কৰিব। স্বাস্থ্যৰ দিশত ক’ব পাৰি যে এই মাহটোৱে আপোনাক মধ্যমীয়া ফল প্ৰদান কৰিব বা কেতিয়াবা কেতিয়াবা পৰিণাম মধ্যমীয়াতকৈ দুৰ্বল হ’ব পাৰে, কিয়নো আপোনাৰ লগ্ন বা ৰাশি স্বামী শুক্ৰ উচ্চ অৱস্থাত থকা স্বত্বেও ষষ্ঠ গৃহত স্থিত হ’ব, যি স্বাস্থ্য কিছু দুৰ্বল কৰিব পাৰে। নিয়মিয়াকৈ নিজৰ ঔষধ-পাতি গ্ৰহণ কৰক আৰু সময়ে সময়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।
উপায় : মা দুৰ্গাৰ পূজা আৰাধনা কৰক।
বৃশ্চিক ৰাশি :
মে’ মাহৰ ৰাশিফল অনুসৰি, এই মাহটোৱে আপোনাক যথেষ্ট পৰিমাণে অনুকূল পৰিণাম প্ৰদান কৰাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় যে কেৰিয়াৰৰ স্থানৰ স্বামী এই মাহৰ আৰম্ভণিত উচ্চ অৱস্থাত ষষ্ঠ গৃহত স্থিত হ’ব যি কৰ্মক্ষেত্ৰত আপোনা যথেষ্ট উন্নতি প্ৰদান কৰিব। অৱশ্যে মাহটোৰ দ্বিতীয় ভাগত স্থিতি সিমান অনুকূল নহ’ব যাৰ বাবে আপুনি মধ্যমীয়া ফল প্ৰাপ্ত কৰিব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এই মাহত সাধাৰণভাৱে অনুকূল ফল লাভ কৰিব। শিক্ষাৰ দিশৰপৰা এই মাহটো সাধাৰণভাৱে মধ্যমীয়াতকৈ কিছু উন্নত স্তৰৰ পৰিণাদায়ক হ’ব। বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফল লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মাহটোৰ প্ৰথম ভাগ ভাল হ’ব। পাৰিবাৰিক জীৱনতো জাতকসকলে মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ লোকসকলৰ মাজত ভাল পাৰস্পৰিক সামঞ্জস্য দেখা পোৱা যাব। প্ৰেম জীৱন এই মাহটোত মধ্যমীয়া ফলদায়ক হ’ব বুলি অনুমান কৰা হৈছে। অৱশ্যে মাহটোৰ দ্বিতীয় ভাগে কিছু দুৰ্বল ফল দিব পাৰে। বৈবাহিক জীৱনত এই মাহত সাধাৰণভাৱে মিশ্ৰিত ফল প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ ক্ষেত্ৰত ক’ব পাৰি যে মাহটোৰ প্ৰথম ভাগত আপুনি কেইবাটাও ধৰণৰ লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰি থকা জাতকসকলে মাহটোৰ দ্বিতীয় ভাগত ভাল লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে ঋতুজনিত ৰোগে আপোনাক সমস্যাত পেলাব পাৰে। মাহটোত ৰোগাক্ৰান্ত হোৱাৰ, আঘাত পোৱাৰ বা স্বাস্থ্য দুৰ্বল হোৱাৰ যোগ আছে। মাহটোৰ প্ৰথম ভাগত স্বাস্থ্য সাধাৰণভাৱে অনুকূল অৱস্থাত থাকিব। আনহাতে মাহহটোৰ দ্বিতীয় ভাগত স্বাস্থ্যৰ প্ৰতি আপুনি সম্পূৰ্ণ সজাগ হ’ব লাগিব।
উপায় : প্ৰত্যেক সোমবাৰে মন্দিৰত চাউল আৰু গাখীৰ দান কৰক।
ধনু ৰাশি :
মে’ মাহেকীয়া ৰাশিফল 2025 অনুসৰি ধনু ৰাশিৰ জাতকসকলৰ বাবে মে’ মাহটোৱে মিশ্ৰিত ফলাফল কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। য’ত মাহটোৰ দ্বিতীয় ভাগটোৱে যথেষ্ট ভাল ফলাফল প্ৰদান কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় যে ব্যৱসায় বাণিজ্যত কোনো ডাঙৰ বিপদাশংকা গ্ৰহণ কৰাটো উচিত নহ’ব। কাৰণ উত্থান-পতনৰ প্ৰভাৱ আপোনাৰ কৰ্মক্ষেত্ৰত পৰিব পাৰে। ব্যৱসায়েই হওক বা চাকৰিয়েই হওক, দুয়ো ক্ষেত্ৰতে মাহটোৰ দ্বিতীয় ভাগ অধিক ভাল ফলদায়ক হ’ব। শিক্ষাৰ দৃষ্টিকোণৰপৰা এই মাহটোৱে মধ্যমীয়া ফল প্ৰদান কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত ভাগ ল’বলগীয়া শিক্ষাৰ্থীসকলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষা গ্ৰঙণ কৰি থকা শিক্ষাৰ্থীসকলে মাহটোৰ প্ৰথম ভাগত আকাংক্ষিত ফল লাভ কৰিব নোৱাৰিব পাৰে কিন্তু দ্বিতীয় ভাগত যথেষ্ট ভাল ফল প্ৰাপ্ত কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপুনি মধ্যমীয়া আৰু কিছু পৰিমাণে দুৰ্বল ফল লাভ কৰিব পাৰে। যদিহে আপুনি যৌথ পৰিয়ালত থাকে তেনেহ’লে এই মাহত আপুনি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে পৰস্পৰৰ মাজত যুক্তি-তৰ্ক বা কাজিয়া হ’ব পাৰে। আপোনাৰ প্ৰেম জীৱনত জেষ্ঠ্যসকলৰ হস্তক্ষেপ দেখা যাব পাৰে। দাম্পত্য জীৱনত আপুনি সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন হ’ব কিন্তু মাহটোৰ দ্বিতীয় ভাগত আপুনি ভাল ফল লাব কৰিব পাৰিব। আৰ্থিক দিশত দেখা গৈছে যে এই মাহত কৰ্ম অনুসৰি লাভ প্ৰাপ্ত কৰাৰ ভাল সম্ভাৱনা আছে। পূৰ্বতে কৰা প্ৰয়াসৰ বাবেও এই মাহত আপুনি লাভাম্বিত হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশৰপৰা এই মাহত মধ্যমীয়াতকৈ উন্নত ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ডাঙৰ সমস্যা দেখা নাযায় বৰঞ্চ উচিত খাদ্যাভ্যাস আৰু জীৱনশৈলীৰদ্বাৰা আপুনি যথেষ্ট পৰিমাণে সুস্বাস্থ্য অটুত ৰাখিব পাৰিব।
উপায় : সূৰ্য্য ভগৱানক নিয়মীয়াকৈ সেন্দুৰ মিহলি পানী অৰ্পণ কৰক
মকৰ ৰাশি :
মে’ 2025 মাহটোৱে আপোনাক মধ্যমীয়াতকৈ উন্নত ফলাফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় যে আপুনি কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব। লগতে কৰ্মক্ষেত্ৰৰ সৈতে জড়িত ভাল খবৰ এই মাহটোত লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত 7 মে’ৰপৰা 23 মে’ৰ মাজত ব্যৱসায়ত উন্নতি দেখা পোৱা যাব। মে’ মাহেকীয়া ৰাশিফল 2025 অনুসৰি শিক্ষাৰ দৃষ্টিকোণৰপৰা এই মাহটোৱে আপোনাক মধ্যমীয়াতকৈ উন্নত ফলাফল প্ৰদান কৰিব। উচ্চ শক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ এই মাহত মনোযোগ ভংগ হ’ব পাৰে। পাৰিবাৰিক দিশত আপুনি অনুকূল ফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যোৱা মাহৰ তুলনাত এই মাহত অধিক ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। চেষ্টা কৰিব যাতে প্ৰেমৰ মাজলৈ ইগ’ বা অহংকাৰ নাহে। যদি আপুনি অলপমানো প্ৰয়াস কৰে তেনেহ’লে এই মাহত আপুনি প্ৰেম জীৱনৰ আনন্দ উপভোগ কৰিব পাৰিব। দাম্পত্য জীৱন এই মাহত কিছু দুৰ্বল হ’ব পাৰে। আৰ্থিক জীৱনৰ ক্ষেত্ৰত ক’ব পৰা যায় যে এই মাহত গীতাৰ উপদেশৰ দৰে “কৰ্ম কৰি যাওক ফলৰ চিন্তা এতিয়া নকৰিব” এই চিন্তা সাৰোগত কৰি আগবঢ়াটোৱেই আপোনাৰ বাবে ভাল হ’ব। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা দেখা যায় যে এই মাহটোৱে যথেষ্ট পৰিমাণে অনুকূল ফল দিব পাৰে। মূৰৰ বিষ, জ্বৰৰ দৰে কোনো সমস্যা হ’ব পাৰে। কেতিয়াবা কেতিয়াবা স্বভাৱত ক্ৰোধ বা বিৰক্তি দেখা যাব পাৰে।
উপায় : মাহটোৰ প্ৰথম সপ্তাহৰ কোনোবা এদিন দৰিদ্ৰ লোকক নিজৰ সামৰ্থ অনুসাৰে ভোজন কৰাওক।
কুম্ভ ৰাশি :
মে’ 2025 মাহটোৱে সাধাৰণভাৱে আপোনাক কিছু পৰিমাণে অনুকূল ফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় কিছু জটিলতাৰ পিছত আপুনি কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব পাৰিব। ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত লোকসকলে এই মাহত নিজৰ কাম চাকৰিৰ দৰে কৰাৰ প্ৰয়োজনীয়তা আছে। অৰ্থাৎ একাগ্ৰতা আৰু আস্থাৰে কৰা উচিত। যদি আপুনি ভালদৰে কাম কৰিব তেনেহ’লে মঙ্গলে আপোনাৰ ব্যৱসায়ত লোকচান হ’বলৈ নিদিব। শিক্ষাৰ ক্ষেত্ৰত এই মাহটোৱে মধ্যমীয়াতকৈ উন্নত ফলাফল প্ৰদান কৰিব। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলে নিজৰ শিক্ষাৰ প্ৰতি কিছু কম আগ্ৰহ ৰাখিব পাৰে অথবা অধ্যয়নৰ নিৰ্দিষ্ট লক্ষ্যক প্ৰাপ্ত কৰাক কিছু পৰিমাণে অসমৰ্থ হ’ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আপুনি মিশ্ৰিত ফল লাভ কৰাৰ সম্ভাৱনা আছে। সৰু সুৰা সমস্যা আহিব পাৰে কিন্তু পৰিপক্তা দেখুৱাই শীঘ্ৰেই এই সমস্যাবোৰৰপৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এইক্ষেত্ৰতো মধ্যমীয়াতকৈ উন্নত ফল লাভ কৰিব। বিবাহ আদিৰ সৈতে সম্পৰ্কিত কথা-বতৰা আগবঢ়াবৰ বাবে মাহটোৰ দ্বিতীয় ভাগটো অনুকূল হ’ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত মাহটো মজলীয়া হ’ব। আৰ্থিক দিশত মাহটো মধ্যমীয়া হ’ব আৰু আপুনি যিমান কষ্ট কৰিব সেই অনুপাতে আপুনি লাভ প্ৰাপ্ত কৰি থাকিব। স্বাস্থ্যৰ দিশৰপৰা এই মাহটোত আপোনাৰ স্বাস্থ্য মধ্যমীয়া ধৰণে থাকিব। পেট বা মুখৰ সৈতে জড়িত সমস্যা দেখা যাব পাৰে। কঁকালৰ ওচৰত বিষ হ’ব পাৰে।
উপায় : নিয়মিতভাৱে মন্দিৰলৈ যাওক আৰু নিজৰ আৰাধ্য দেৱতাৰ পূজা অৰ্চনা কৰক।
মীন ৰাশি :
মে’ মাহেকীয়া ৰাশিফল 2025 অনুসৰি কেৰিয়াৰৰ স্বামী এই মাহত ক্ৰমশঃ তৃতীয় আৰু চতুৰ্থ গৃহত থাকিব। গতিকে কৰ্মক্ষেত্ৰত মিশ্ৰিত ফল লাভ কৰিব। ব্যৱসায়ৰ দিশৰপৰা এই মাহটো দুৰ্বল হ’ব। শিক্ষাৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাব কৰিব। অৱ্শ্যে অপেক্ষাকৃত ফল লাভ কৰিবৰ বাবে আপুনি অধিক কষ্ট কৰিব লাগিব। মাহটোৰ দ্বিতীয় ভাগত বেংকিং বা ফাইনেন্সৰ সৈতে জড়িত শিক্ষা গ্ৰহণ কৰি থকাসকলে অধিক অনুকূল ফল প্ৰাপ্ত কৰিব। পাৰিবাৰিক দিশত এই মাহটো কিছু দুৰ্বল হ’ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত কোনো দূৰ সম্পৰ্কীয় ব্যক্তি বা ব্যক্তিক লৈ কোনো মতভেদ হ’ব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যা যে কোনো তৃতীয় ব্যক্তিক লৈ আপোনালোকৰ মাজত যুক্তি-তৰ্ক হ’ব পাৰে। এই সময়ছোৱাত পৰস্পৰক ভালদৰে জানিবলৈ চেষ্টা কৰাটোৱেই ভাল হ’ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত দেখা যায় এই মাহত মধ্যমীয়া ফল লাভ কৰিব। আৰ্থিক দিশত স্থিতি অনুকূল বুলি ক’ব পৰা নাযায় কিন্তু লৃলাভৰ প্ৰথম গৃহৰ সৈতে সম্পৰ্কই পৰিশ্ৰম অনুসৰি কমকৈ হ’লেও কিবা নহয় কিবা লাভ প্ৰদান কৰিব থাকিব। মাহটোৰ দ্বিতীয় ভাগত ধন সঞ্চয় কৰাটো জটিল হ’ব। স্বাস্থ্যৰ দিশৰপৰা দেখা যায় মাহটোৰ প্ৰথম ভাগ স্বাস্থ্যৰ বাবে কিছু দুৰ্বল হ’ব পাৰে আনহাতে দ্বিতীয় ভাগত আপুনি কিছু সকাহ পাব। বদহজম বা এচিডিটী হ’ব পাৰে। কোনো কোনো লোকৰ চকুৰ জ্বলা-পোৰা হ’ব পাৰে কিন্তু কোনো গুৰুতৰ সমস্যা নহয়। বিশেষকৈ মাহটোৰ দ্বিতীয় ভাগ স্বাস্থ্যৰ বাবে যথেষ্ট পৰিমাণে অনুকূল হ’ব।
উপায় : নিয়মিতভাৱে নিম গছত পানী অৰ্পণ কৰক।