( অপূৰ্ব দাস )
ইনচুলিন হৰম’নে শৰীৰত তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণৰ প্ৰধান কাম কৰে। যেতিয়া ইনচুলিনৰ ভাৰসাম্য বিঘ্নিত হয় তেতিয়া শৰীৰৰ শক্তি ব্যৱস্থাত প্ৰভাৱ পৰে আৰু কেইবাটাও গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
আটাইতকৈ সাধাৰণ সমস্যাটো হ’ল ডায়েবেটিছ। যেতিয়া শৰীৰত ইনচুলিন উৎপাদন কমি যায় বা ইনচুলিন সঠিকভাৱে কাম নকৰে তেতিয়া তেজৰ চেনি বাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত টাইপ ১ বা টাইপ ২ ডায়েবেটিছ হ’ব পাৰে। ডায়েবেটিছ নিজেই আন বহুতো সমস্যা যেনে বৃক্কৰ ৰোগ, চকুৰ সমস্যা আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।
ইনচুলিনৰ ভাৰসাম্যহীনতাই ওজন বৃদ্ধি কৰে। যেতিয়া তেজত চেনিৰ মাত্ৰা ধাৰাবাহিকভাৱে উচ্চ হৈ থাকে তেতিয়া শৰীৰে ইয়াক চৰ্বি হিচাপে জমা কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত মেদবহুলতা আৰু আনুষংগিক ৰোগ যেনে উচ্চ ৰক্তচাপ আৰু উচ্চ কলেষ্টেৰলৰ সম্ভাৱনা বৃদ্ধি পায়।
ছালৰ পৰিৱৰ্তন ইনচুলিনৰ ভাৰসাম্যহীনতাৰ ফলতো ছালৰ পৰিৱৰ্তন দেখা যায় । ডিঙি, চকুৰ তলৰ অংশ আদিৰ ছাল ডাঠ আৰু ক’লা হৈ পৰে, যাক চিকিৎসা ভাষাত একান্থ’ছিছ নিগ্ৰিকেন্স বুলি কোৱা হয়। এই পৰিৱৰ্তনে ইংগিত দিয়ে যে শৰীৰত ইনচুলিনৰ প্ৰতিৰোধ ক্ষমতা গঢ় লৈ উঠিছে যি আগলৈ ভয়ংকৰ হ'ব।
মহিলাৰ ক্ষেত্ৰত ইনচুলিনৰ ভাৰসাম্যহীনতাৰ বাবেও পলিচিষ্টিক অভাৰী চিনড্ৰমৰ দৰে হৰম’নৰ সমস্যা হ’ব পাৰে। ইয়াৰ ফলত ঋতুচক্ৰ অনিয়মিত, মুখৰ চুলি বৃদ্ধি, ব্ৰণ আৰু গৰ্ভধাৰণত অসুবিধা হ’ব পাৰে।
ইয়াৰ উপৰিও অনবৰতে ভাগৰুৱা অনুভৱ কৰাটোও ইনচুলিনৰ ভাৰসাম্যহীনতাৰ লক্ষণ হ’ব পাৰে। যেতিয়া শৰীৰে শক্তিৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া ব্যক্তিজনে দিনটোৰ ভিতৰত ভাগৰুৱা, মূৰ ঘূৰোৱা আৰু দুৰ্বলতাৰ অভিযোগ কৰিবলৈ আৰম্ভ কৰে। শৰীৰৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে ইনচুলিন হৰম’নৰ ভাৰসাম্য অত্যন্ত গুৰুত্বপূৰ্ণ। যদি কোনো ভাৰসাম্যহীনতাৰ লক্ষণ দেখা যায়, তেন্তে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। সময়মতে ৰোগ নিৰ্ণয় আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰিলে এই অৱস্থা নিয়ন্ত্ৰণ কৰিব পৰা যায় আৰু গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।
ইনছুলিন উৎপাদন কৰা গ্ৰন্থিটোৰ নাম হৈছে অগ্নাশয়। অগ্নাশয় দুৰ্বল হ'লে - বিছিভাগৰে পেটত গেছট্ৰিক, গেছ, কিছুমানৰ ক্ষেত্ৰত ৰক্তচাপ বৃদ্ধি বা বমি বমি ভাব , হজম শক্তি দুৰ্বল আদিৰ দৰেও লক্ষণে দেখা দিয়ে।
অগ্নাশয় দুৰ্বল এইবোৰ কাৰণত হ'য় -
(১) নিচাযুক্ত আৰু মাদক দ্ৰব্যৰ ব্যৱহাৰ।
(২) অত্যাধিক চাহ, মিঠা, গাখীৰ, তেল-মচলা-চৰ্বি ,জলকীয়া,টেঙা খাদ্য খোৱা।
(৩) বাৰে বাৰে এণ্টিবায়টিকৰ ব্যৱহাৰ কৰা বা অন্যান্য ঔষধৰ পাৰ্শ্বক্ৰিয়া।
(৪) মানসিক চাপ, চিন্তা।
(৫) ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণ ইত্যাদি।