PMAY-G প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণত অনলাইন আৱেদন এতিয়া নিজাকৈ কৰিব পাৰিব।
( অপূৰ্ব দাস )
PMAY-G প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ২০২৫ ৰ অনলাইন আৱেদন এতিয়া নিজাকৈ কৰিব পাৰিব।
কেনেকৈ কৰিব লাগিব জানিবলৈ পঢ়িব।
আৱেদনৰ অন্তিম তাৰিখ: ৩০ এপ্ৰিল, ২০২৫
পদক্ষেপ সমূহ :
(১) Awaas Plus 2024 নামৰ এপ্লিকেচনটো ডাউনলোড কৰিব।
https://play.google.com/store/apps/details?id=r.rural.awaasplus_2_0
(২) দ্বিতীয়তে Aadhar Face RD নামৰ আন এটাএপ্লিকেচন ডাউনলোড কৰিব লাগিব।
(৩) এতিয়া আপুনি প্ৰথম এপ্লিকেচন আৱাস প্লাচ অপেন কৰিব। ভাষা বাচনি কৰিব।
(৪) এতিয়া দ্বিতীয় Option 'Self Survey" ত ক্লিক কৰিব।
এতিয়া তলত খালি বাকচত আধাৰ কাৰ্ডৰ নম্বৰটো ( যাৰ নামত Apply কৰিব ) বহুৱাব।
(৫) এতিয়া "Authenticate" অপশ্যোনত ক্লিক কৰিব-
কেমেৰা খোল খাব। ফটোখন ভালদৰে উঠিবলৈ নিজৰ মুখখন কেমেৰাৰৰ সন্মুখত ধৰি সেউজীয়া সংকেটলৈ লক্ষ্য কৰিব । এতিয়া চকু টিপিকাই দিব । লগে লগে আধাৰ কাৰ্ডৰ তথ্য ওলাব। আপুনি "ok" ক্লিক কৰিব।
(৬) এতিয়া Password তৈয়াৰ কৰিব। মোবাইলত ফিংগাৰ ভেৰিফিকেশ্যোন টিপিবলৈ দিব পাৰে।
(৭) এখন ফোৰ্ম খোল খাব -
ৰাজ্য বাচনি কৰিব - Assam
জিলা বাচনি কৰিব-
ব্লোক নাম বাচনি কৰিব -
গাওঁ পঞ্চায়তৰ নাম বাচনি কৰিব -
নিজৰ গাঁৱৰ নাম বাচনি কৰিব -
(৮) proceed ত ক্লিক কৰি আগবাঢ়ি যাব -
বাকি তথ্য বিতংকৈ বহুৱাব। অধিক জানিবলৈ ইউটিউবৰ সহায় ল'ব পাৰে।