( অপূৰ্ব দাস )
বেয়া খাদ্যাভ্যাস, ব্যায়ামৰ অভাৱ, ধূমপান আৰু অত্যধিক মদ্যপান আদি কাৰকে শুক্ৰাণুৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। মানসিক চাপ বৃদ্ধিৰ ফলতো পুৰুষৰ বন্ধ্যাত্বৰ সৃষ্টি হৈছে। অহৰহ মানসিক চাপে হৰম’নৰ মাত্ৰাত ব্যাঘাত জন্মাব পাৰে আৰু শুক্ৰাণু উৎপাদনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।
আন এটা কথা যিটো মানুহে প্ৰায়ে আওকাণ কৰে সেয়া হ’ল শৰীৰটোক অত্যধিক গৰম কৰা যেনে- সদায় হস্তমৈথুন কৰা, বহু ৰাতিলৈ মোবাইল বা কম্পিউটাৰট ব্যস্ত থকা, অত্যাধিক মা-মচলা-চৰ্বি জাতীয় খাদ্য খোৱা, গৰম পৰিৱেশত দীৰ্ঘদিন ধৰি থকা। এনে অভ্যাসে শুক্ৰাণুৰ গুণাগুণৰ ক্ষতি কৰিব পাৰে।
বয়স বঢ়াৰ লগে লগে পিতৃ হোৱাৰ সিদ্ধান্ত লোৱাটোও এটা সমস্যা হৈ পৰিছে। বয়সে মহিলাক যিদৰে প্ৰভাৱিত কৰে, পুৰুষৰ ক্ষেত্ৰতো বয়সৰ লগে লগে শুক্ৰাণুৰ গুণাগুণ কমি যায়, যাৰ ফলত প্ৰজনন ক্ষমতাত প্ৰভাৱ পৰিব পাৰে।
অন্তৰ্নিহিত চিকিৎসাজনিত অৱস্থা যেনে ভেৰিকোচেল, হৰম’নৰ ভাৰসাম্যহীনতা আদি প্ৰায়ে উপেক্ষা কৰা হয়। যিহেতু বহু পুৰুষৰ স্বাস্থ্য পৰীক্ষা নিয়মীয়া নহয়, এই সমস্যাবোৰ সময়মতে ধৰা নপৰে। এনে পৰিস্থিতিত প্ৰাৰম্ভিক তদন্ত অতি গুৰুত্বপূৰ্ণ। এটা সাধাৰণ বীৰ্য পৰীক্ষাণৰ দ্বাৰা পৰিস্থিতি স্পষ্ট কৰি দিয়ে আৰু সময়, আৱেগিক মানসিক চাপও ৰাহি কৰিব পাৰে। ইয়াৰ দ্বাৰা প্ৰজনন ক্ষমতাৰ সঠিক অৱস্থাৰ বিষয়ে জানিব পৰা যায়।
( বি:দ্ৰ : লিখনিটো লিখোতে ডাক্তৰৰ সহায় লোৱা হৈছে। )