( অপূৰ্ব দাস )
আপুনিও ৰʼদে পোৰা কলা ছালৰ সমস্যাৰ পৰা মুক্তি পাব বিচাৰেনে? যদি হয়, তেন্তে আপুনি নিশ্চিতভাৱে এই ৰাসায়নিক মুক্ত ফেচ পেকটো আপোনাৰ ছালৰ প্ৰতিদিনে ব্যৱহাৰ কৰক।
টেনিঙৰ বাবে আপোনাৰ সৌন্দৰ্য্যত বেয়াকৈ প্ৰভাৱ পৰিব পাৰে। টেনিং এৰাই চলিবলৈ যিমানেই চেষ্টা নকৰক কিয়, গৰম আৰু ৰʼদৰ বাবে টেনিং হয়। যদি আপুনিও আপোনাৰ ছালৰ হেৰুৱা জিলিকনি ঘূৰাই পাব বিচাৰে, তেন্তে আপুনি নিশ্চিতভাৱে বেচন আৰু দৈৰ পৰা তৈয়াৰী ফেচ পেকটো চেষ্টা কৰিব পাৰে । এই প্ৰাকৃতিক ফেচ পেকটো কেনেকৈ তৈয়াৰ কৰিব জানিবলৈ পঢ়িব -
প্ৰথমে এটা বাটিত দৈ ২-৩ চামুচ লওক। এতিয়া তাতে বেচন দি দুয়োটা প্ৰাকৃতিক বস্তু ভালদৰে মিহলাই মসৃণ পেষ্ট প্ৰস্তুত কৰক। ইয়াত পুদিনাৰ পাতৰ মিহি গুড়িও দিব পাৰে। গ্ৰীষ্মকালত ৰʼদে পোৰা সমস্যাৰ পৰা মুক্তি পাবলৈ এই ফেচ পেকক প্ৰতিদিনে এবাৰকৈ লগাব পাৰে।
ছালত এনেকৈ লগাওক -
এই ফেচ পেকটো গোটেই মুখমণ্ডল আৰু ডিঙিৰ অংশত বা যʼত ৰʼদে পুৰিছে তাত ভালদৰে লগাব । ভাল ফলাফল পাবলৈ এই ফেচ পেকটো প্ৰায় ২০ মিনিট ৰাখিব। ২০ মিনিটৰ পিছত মুখখন পৰিস্কাৰ পানীৰে ধুব পাৰে। মুখখন ভালদৰে ভালদৰে পৰিস্কাৰ কাপোৰেৰে মচিব আৰু Sunscreen Lotion লগাব। এনেদৰে প্ৰতিদিনে দিনত এবাৰকৈ লগাব।
দৈ আৰু বেচন আমাৰ আইতাহঁতেও ছালত লগাইছিল, ই ছালৰ বাবে অতি উপকাৰী । এই ফেচ পেকৰ সহায়ত আপোনাৰ ছালৰ ক'লা দাগ বহু পৰিমাণে আঁতৰ কৰিব পাৰি। এই ফেচ পেক ব্যৱহাৰ কৰি টেনিঙৰ সমস্যা দূৰ কৰিব পাৰি। এই ফেচ পেকটো এক্সফোলিয়েচন আৰু মইশ্ব’ৰাইজেচনৰ বাবেও ব্যৱহাৰ কৰিব পাৰে।