By Good Assam
যেতিয়া শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায় তেতিয়া গাঁঠিৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। এই সমস্যা কম কৰিবলৈ আপুনি কিছু শাক-পাচলি খাব পাৰে। এই শাক-পাচলিবোৰৰ তালিকা জানিবলৈ পঢ়িব -
(১) কেপচিকাম
ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে ইউৰিক এচিড প্ৰাকৃতিকভাৱে হ্ৰাস কৰে। ইয়াৰ উপৰিও ই প্ৰদাহ নিবাৰণকাৰী গুণৰ ভঁৰাল, যিয়ে প্ৰদাহ হ্ৰাস কৰিব পাৰে।
(২) পানী লাউ
পানী লাউ ইউৰিক এচিড আঁতৰোৱাত অতি উপকাৰী । এইবিধ অতি লঘু আৰু সহজে হজম হোৱা পাচলি।
(৩) বিলাহী
বিলাহী অতি উত্তম পাচলি, যাৰ ফলত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি নহয়। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে ইউৰিক এচিড হ্ৰাস কৰাত সহায় কৰে।
(৪) তিয়ঁহ আৰু তৰমুজ
ই শৰীৰ ঠাণ্ডা কৰে আৰু ইউৰিক এচিড বাহিৰ কৰাত সহায় কৰে। ইয়াত পানীৰ পৰিমাণ বেছি, যিয়ে বিষমুক্ত কৰাত সহায় কৰে। ইয়াৰ দ্বাৰা ইউৰিক এচিড বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায়।
(৫) নেমু আৰু ঔটেঙা
এই দুবিধ ইউৰিক এচিড আঁতৰোৱাত অতি উত্তম ফল।
ইয়াক প্ৰতিদিনে খাদ্যত ব্যৱহাৰ কৰা উচিত।
(৬) সেউজীয়া মটৰ :
সেউজীয়া মটৰ প্ৰটিনৰ ভাল উৎস আৰু ইয়ে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি নকৰে।