( অপূৰ্ব দাস )
বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে ৭ এপ্ৰিলত পালন কৰা হয়। ১৯৫০ চনৰ পৰা আৰম্ভ হোৱা এই দিনটো বিশ্ব স্বাস্থ্য সংস্থা (WHO) প্ৰতিষ্ঠাৰ বাবে উৎসৰ্গিত। ইয়াৰ উদ্দেশ্য হৈছে স্বাস্থ্য সজাগতা বৃদ্ধি কৰা আৰু মানুহক উন্নত জীৱনশৈলী গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিয়া।
বিশ্ব স্বাস্থ্য দিৱসৰ ইতিহাস :
প্ৰতি বছৰে ৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। এই দিনটো কেৱল এটা তাৰিখ নহয় বৰঞ্চ সুস্বাস্থ্যৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়াৰ এক বিশেষ অনুষ্ঠান। ১৯৫০ চনত প্ৰথম বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰা হৈছিল।ইয়াৰ আৰম্ভণিৰ উদ্দেশ্য আছিল ৰোগ প্ৰতিৰোধ, সুস্থ জীৱনশৈলী আৰু সকলোৰে বাবে স্বাস্থ্য সুবিধাৰ বিষয়ে মানুহক সজাগ কৰা। এই দিনটোত ১৯৪৮ চনত গঠন হোৱা বিশ্ব স্বাস্থ্য সংস্থা (WHO) প্ৰতিষ্ঠাকো সন্মান জনোৱা হয়।
বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু :
প্ৰতি বছৰে যিকোনো দিনৰ সফল আয়োজনৰ বাবে এটা থিম নিৰ্ধাৰণ কৰা হয়। এইবাৰ ২০২৫ চনৰ বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু হৈছে – সুস্থ আৰম্ভণি, আশাবাদী ভৱিষ্যত।
বিশ্ব স্বাস্থ্য দিৱসৰ গুৰুত্ব :
বিশ্ব স্বাস্থ্য দিৱসে বিশ্ব স্বাস্থ্য সজাগতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। প্ৰতি বছৰে ৭ এপ্ৰিলত উদযাপন কৰা এই দিনটোত ১৯৪৮ চনত বিশ্ব স্বাস্থ্য সংস্থা (WHO) প্ৰতিষ্ঠা হয়।এই দিৱসটোৱে স্বাস্থ্যৰ ডাঙৰ ডাঙৰ বিষয়সমূহৰ ওপৰত আলোচনাক প্ৰসাৰিত কৰে, সুস্থ জীৱন যাপনৰ বাবে উৎসাহিত কৰে আৰু চৰকাৰ আৰু জনসাধাৰণক সকলোৰে বাবে সুলভ স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দিবলৈ সোঁৱৰাই দিয়ে।
স্বাস্থ্যময় জীৱনৰ বাবে এইবোৰ নিয়ম অনিবাৰ্য :
(১) প্ৰথম হৈছে সুষম আহাৰ গ্ৰহণ কৰা । আজিৰ বজাৰৰ শাক-পাচলি, মাছ- মাংস বা অন্যান্য পেকিং কৰা সকলো খাদ্যতেই কৃত্ৰিম ৰং , ৰাসায়নিক পদাৰ্থ বা সাৰ প্ৰয়োগ কৰে। সোৱাদৰ বাবে ৰাসায়নিক মচলা আৰু বহুদিন ভালে থাকিবলৈ ক্ষতিকাৰক পদাৰ্থ মিহলায়। সেয়েহে এনে ধৰণৰ খাদ্য চিনাক্ত কৰি ৰাইজে উচিত ব্যৱস্থা গ্ৰহণ কৰা উচিত।
(২) ব্যায়াম : স্বাস্থ্য ভালে ৰাখিবলৈ আৰু ৰোগ প্ৰতিৰো ক্ষমতা বৃদ্ধি কৰিবলৈ ব্যায়াম অতি গুৰুত্বপূৰ্ণ। এলেহুৱা বা কাম-বন নকৰাকৈ থকা লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। এনে লোকৰ শাৰীৰিক শমতাও হ্ৰাস পায়। হৃদযন্ত্ৰৰ স্বাস্থ্য অতুত ৰাখিবলৈ, বেয়া কলেষ্টেৰল হ্ৰাস কৰিবলৈ আৰু শাৰীৰিক শক্তি বৃদ্ধি কৰিবলৈ ব্যায়াম অতি আৱশ্যক।
(৩) মানসিক চাপ: আজিৰ মানুহ প্ৰতিযোগিতাত নামি পৰিছে। মূল্য বৃদ্ধিৰ লগতে বিলাসীতা জীৱন উপভোগ কৰিবলৈ মানুহক অধিক টকাৰ প্ৰয়োজন হৈছে। চাকৰি বা কৰ্মৰো অভাৱ দেখা গৈছে, যাৰ ফলত দিনকে দিনে মানসিক চাপ বৃদ্ধি হৈছে। এনে কাৰকৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে।
(৪) সৰু সৰু এইবোৰ কথাত গুৰুত্ব দিয়ক :
(ক) বাহিৰলৈ ওলাই গ'লে মুখত সদায় মাক্স পৰিধান কৰা উচিত।
(খ) হাত নুধুৱাকৈ কেতিয়াও মুখ, চকু আৰু নাক চুব নালাগে, লগতে হাত নুধুৱাকৈ কেতিয়াও খাদ্য গ্ৰহণ কৰিব নালাগে।
(গ) যিমান পাৰে তেল, মচলা যুক্ত বাহিৰৰ খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব।
(ঘ) চাহ খোৱাৰ পৰিৱৰ্তে কুঁহিয়াৰৰ ৰস, নাৰিকলৰ পানী, নেমুৰ চৰবত খোৱা উচিত।
(ঙ) খাদ্যত যিমান পাৰে সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰা উচিত।
(চ) দিনটোৰ ভিতৰত পানী ৫-৬ লিটাৰ খাবলৈ চেষ্টা কৰা উচিত।
(ছ) ৰাতিপুৱাৰ ৰ'দ অতি গুৰুত্বপূৰ্ণ, কাৰণ ইয়ে আমাক ভিটামিন ডি প্ৰদান কৰে। ডি ভিটামিনে মানসিক চাপ দূৰ কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু যৌন ক্ষমতাও অতুত ৰখাত সহায় কৰে।
(জ) পৰিৱেশ সদায় সুস্থ ৰখা উচিত। সুস্থ পৰিৱেশ গঢ়ি তুলিলেহে সু-স্বাস্থ্য লাভ কৰা যায়। যিকোনো ৰোগ হোৱাৰ আশঙ্কা থাকিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। প্ৰতি সপ্তাহৰৰ মূৰে মূৰে নাইবা মাহত ২-৩ বাৰকৈ স্বাস্থ্য পৰীক্ষা কৰা উচিত, যাতে যিকোনো ৰোগ হোৱাৰ পৰা বাচি থাকিব পাৰি। কিছুমান ভয়ংকৰ ৰোগৰ সময়মতে টীকা লোৱা উচিত।