এই 6 টা ভুলৰ বাবে আপোনাৰ WhatsApp একাউণ্টটো কোনো সতৰ্কবাণী নোহোৱাকৈ বন্ধ কৰিব পাৰে, কেনেকৈ পুনৰ আৰম্ভ কৰিব জানিবলৈ পঢ়িব।
By Good Assam
আজিকালি হোৱাটছএপ কেৱল যোগাযোগৰ মাধ্যম নহয় বৰঞ্চ ই আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। কিন্তু আপুনি জানেনে যে কিছুমান সৰু সৰু ভুলৰ বাবে আপোনাৰ হোৱাটছএপ একাউণ্ট চিৰদিনৰ বাবে বন্ধ হ’ব পাৰে? আচলতে হোৱাটছএপে নিজৰ সুৰক্ষা নীতি অতি কঠোৰভাৱে বলবৎ কৰে যাতে ব্যৱহাৰকাৰীসকলক কেলেংকাৰী, স্পেম আৰু অপব্যৱহাৰৰ পৰা সুৰক্ষিত কৰিব পাৰে।
কি কি বিষয়ত বিশেষ গুৰুত্ব দিব লাগে?
১/ অনুমতি অবিহনে বাৰে বাৰে গ্ৰুপত কাৰোবাক যোগ কৰা:
যদি কোনো ব্যক্তিয়ে গ্ৰুপত যোগদান কৰিব নিবিচাৰে আৰু তথাপিও আপুনি তেওঁক বাৰে বাৰে যোগ কৰি থাকে তেন্তে এইটো হোৱাটছএপৰ নীতিৰ বিৰুদ্ধে।
২/ অবাঞ্চিত বাৰ্তা প্ৰেৰণ কৰা: কোনোবাই সঁহাৰি নিদিয়া বা আপোনাক ব্লক কৰা ব্যক্তিলৈ বাৰে বাৰে বাৰ্তা প্ৰেৰণ কৰিলে আপোনাৰ একাউণ্টৰ প্ৰতি ভাবুকি আহিব পাৰে।
৩/ তৃতীয় পক্ষৰ এপ ব্যৱহাৰ: জি বি হোৱাটছএপ বা
হোৱাটছএপ প্লাছৰ দৰে বেচৰকাৰী এপ ব্যৱহাৰ কৰাটো
কঠোৰভাৱে নিষিদ্ধ। এই এপসমূহে আপোনাৰ ডাটাকো বিপদত পেলাব পাৰে আৰু হোৱাটছএপে আপোনাৰ একাউণ্ট স্থায়ীভাৱে বন্ধ কৰিব পাৰে।
৪/ ভুৱা বাতৰি আৰু ভুল তথ্য বিয়পোৱা: যদি আপুনি যিকোনো ধৰণৰ উৰাবাতৰি, ভাবুকি বা অবৈধ বিষয়বস্তু প্ৰেৰণ কৰে তেন্তে তৎক্ষণাত হোৱাটছএপে আপোনাৰ একাউণ্ট নিষিদ্ধ কৰিব পাৰে।
৫/ স্বয়ংক্ৰিয় বাৰ্তা প্ৰেৰণ বা chat বটৰ ব্যৱহাৰ: বট ব্যৱহাৰ কৰি মেছেজ বা স্বয়ংক্ৰিয় উত্তৰ প্ৰেৰণ কৰাটোও হোৱাটছএপৰ নীতিৰ বিৰুদ্ধে।
৬/ যৌনতা, ভয় , ভাবুকিৰ মেচেজ বা Status
যৌনতা, ভয়, ভাবুকিৰ মেচেজ বা Stutas প্ৰেৰণ কৰিলেও WhatsApp এ আপোনাৰ একাউণ্ট block কৰিব পাৰে।
আপোনাৰ একাউণ্ট নিষিদ্ধ হ’লে কি কৰিব?
যদি ভুলবশতঃ বা অজানিতে আপোনাৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰা হৈছে, তেন্তে আতংকিত হোৱাৰ প্ৰয়োজন নাই। আপুনি এই পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে:
ইমেইল বা এপৰ জৰিয়তে হোৱাটছএপলৈ আবেদন কৰক।
‘Help’ অংশলৈ গৈ ‘Contact Us’ বিকল্পটো নিৰ্বাচন কৰক আৰু আপোনাৰ সমস্যাটো ইংৰাজীত বিতংভাৱে লিখক।
যদি আপুনি প্ৰকৃততে কোনো নীতি উলংঘা কৰা নাছিল, একাউণ্টটো পুনৰ সক্ৰিয় হ'ব পাৰে।
নিষিদ্ধ হোৱাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?
হোৱাটছএপৰ চৰ্তসমূহ ভালদৰে পঢ়াটো আটাইতকৈ গুৰুত্বপূৰ্ণ। এই তথ্য আপুনি হোৱাটছএপ এপ ছেটিংছত 'Help' শিতানৰ অন্তৰ্গত 'Terms and Privacy Policy'ত পাব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব কোনবোৰ কাম এৰাই চলিব লাগে।
WhatsApp ৰ নিৰাপদ ব্যৱহাৰ আমি ইয়াৰ নিয়ম মানি চলিলেহে সম্ভৱ। আনৰ গোপনীয়তাক সন্মান কৰক, উৰাবাতৰি পৰিহাৰ কৰক আৰু কোনো তৃতীয় পক্ষৰ সঁজুলি ব্যৱহাৰ নকৰিব। তেতিয়াহে আপুনি এই গুৰুত্বপূৰ্ণ মঞ্চখন সঠিকভাৱে আৰু দীৰ্ঘদিনলৈ ব্যৱহাৰ কৰিব পাৰিব।