Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Atomic Image Slider & Breking News

Breaking

Partner.house

Yandex Ads

Slider Menu

Slider Menu

অহা ৫ বছৰত AI এ চাকৰি শেষ কৰিব, কিশোৰ-কিশোৰীসকল হৈ পৰে Gen Alpha



অহা ৫ বছৰত AI এ চাকৰি শেষ কৰিব, কিশোৰ-কিশোৰীসকল হৈ পৰে Gen Alpha 


( অপূৰ্ব দাস )


গুগল ডিপমাইণ্ডৰ চিইঅ’ ডেমিছ হাছাবিছে কিশোৰ-কিশোৰীসকলক এটা স্পষ্ট বাৰ্তা দিছে যে এতিয়াই শিকক, নহ’লে আপুনি পিছ পৰি থাকিব। DeepMind হৈছে সেই একেটা উন্নত গৱেষণাগাৰ যিয়ে Gemini চেটবট আৰু অন্যান্য উচ্চ পৰ্যায়ৰ এআই প্ৰযুক্তি বিকশিত কৰিছিল। এই লেবে গুগলৰ আটাইতকৈ ডাঙৰ প্ৰচেষ্টাক আগুৱাই লৈ গৈছে AGI (Artificial General Intelligence), অৰ্থাৎ মানৱ পৰ্যায়ৰ বুদ্ধিমত্তাৰ সৈতে AI বিকশিত কৰাৰ দিশত।


শেহতীয়াকৈ গুগল আই/অ’ ডেভেলপাৰ কনফাৰেন্সত ডেমিছ হাছাবিছে কয় যে এতিয়া AGI ( Artificial General Intelligence ) বাস্তৱত পৰিণত হ’বলৈ এদশকতকৈও কম সময় লাগিব পাৰে। তেওঁ বিখ্যাত টেক প'ডকাষ্ট "হাৰ্ড ফৰ্ক"ত কয় যে আগন্তুক ৫ৰ পৰা ১০ বছৰত এআইয়ে চাকৰি সম্পূৰ্ণৰূপে সলনি কৰিব পাৰিব। তেওঁ কয়, "যেনেকৈ ইণ্টাৰনেটে মিলেনিয়ামক ( Millennials ) সংজ্ঞায়িত কৰিছিল আৰু স্মাৰ্টফোনে জেন জেডক (Gen Z ) সংজ্ঞায়িত কৰিছিল, তেনেকৈয়ে জেনেৰেটিভ এআইয়ে জেন আলফাক ( Gen Alpha )সংজ্ঞায়িত কৰিবলৈ ওলাইছে।" ইয়াৰ অৰ্থ হৈছে - এতিয়া AI এ সকলো কাৰ্য কৰিব। মানুহৰ প্ৰয়োজন নাইকীয়া হ'ব। এনে ক্ষেত্ৰত চাকৰি লাভ কৰা অসম্ভৱ হ'বলৈ গৈ আছে।







Millennials ( Gen Y ) , Gen Z আৰু Gen Alpha কি?



তলত মিলেনিয়াম, জেন জেড আৰু জেনেৰেচন আলফাৰ বিষয়ে সহজ আৰু স্পষ্ট তথ্য দিয়া হৈছে :


১/ মিলেনিয়াল - জেনেৰেচন ৱাই ( Gen Y ) নামেৰেও জনাজাত । উৎপত্তি : ১৯৮১ চনৰ পৰা ১৯৯৬ চনৰ ভিতৰত
২০২৫ চনত প্ৰায় ২৯ৰ পৰা ৪৪ বছৰ হয়।

ইয়াৰ মূল বৈশিষ্ট্যসমূহ:

(ক) টেলিভিছনৰ পৰা ইণ্টাৰনেটলৈ পৰিৱৰ্তন হোৱা দেখা গৈছে।

(ক) ইণ্টাৰনেট আৰু মোবাইল ফোন উৎপত্তিৰ সময়ত এইসকল লোক সৰু আছিল। অৰ্থাৎ আপুনি বা আপুনাৰ দেউতা।

(গ) এওঁলোক ফেচবুক, অৰকুট আৰু টুইটাৰৰ প্ৰথম ব্যৱহাৰকাৰী।

(ঘ) শিক্ষা, কেৰিয়াৰ, ঘৰ কিনা আৰু পৰিয়াল গঢ়ি তোলাটোৱেই আছিল তেওঁলোকৰ অগ্ৰাধিকাৰ।






২/ Gen Z

উৎপত্তি : ১৯৯৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত
২০২৫ চনত প্ৰায় ১৩ৰ পৰা ২৮ বছৰ


ইয়াৰ মূল বৈশিষ্ট্যসমূহ:

(ক) এইসকল লোকৰ জন্ম সম্পূৰ্ণৰূপে ডিজিটেল জগতত। অৰ্থাৎ আপুনি বা আপোৰ সন্মান।

(খ) স্মাৰ্টফোন, ছ’চিয়েল মিডিয়া আৰু ফাষ্ট ইন্টাৰনেট এওঁলোকৰ দৈনন্দিন জীৱনৰ অংশ।

(খ) ইনষ্টাগ্ৰাম, ইউটিউব, স্নেপচ্যাট, আৰু Chat GTP ৰ দৰে প্লেটফৰ্মৰ অধিক ব্যৱহাৰ।

(গ) এই লোকসকলে স্বাধীনতা ভাল পায়, নতুন চিন্তাধাৰা আছে আৰু দ্ৰুত পৰিৱৰ্তন বিচাৰে। যৌনতা প্ৰিয়।


৩/ Gen Alpha বা Generation Ai

উৎপত্তি: ২০১৩ চনৰ পৰা ২০২৫ চনৰ আগলৈ
২০২৫ চনত ০ ৰ পৰা ১২ বছৰ চলি আছে ।


ইয়াৰ মূল বৈশিষ্ট্যসমূহ:

( ক) এইটোৱেই প্ৰথম প্ৰজন্ম যিটো সম্পূৰ্ণৰূপে প্ৰযুক্তিৰ সৈতে ডাঙৰ হৈছে। অৰ্থাৎ বৰ্তমান সময়ত জন্ম হোৱা আৰু উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা লোক।

(খ) এওঁলোকৰ খেলনাবোৰো ডিজিটেল আৰু অনলাইনত পঢ়া-শুনা চলি আছে।

(গ) মোবাইল, টেবলেট, কৃত্ৰিম বুদ্ধিমত্তা (AI) এওঁলোকৰ জীৱনৰ এটা অংশ।

(ঘ) এওঁলোকৰ পিতৃ-মাতৃ বেছিভাগেই Gen Z ৰ অন্তৰ্গত।




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection