অৰণ্যৰ নীৰৱ ৰক্ষক – হিপ্পোৰ সত্য কাহিনী
( অপূৰ্ব দাস )
আফ্ৰিকাৰ গভীৰ জংঘলৰ ভিতৰত, য’ত দৈনিক জীৱন-মৃত্যুৰ খেল খেলা হয়, তাত এটা জীৱ আছে যিটোক প্ৰায়ে শান্ত, স্থিৰ আৰু এলেহুৱা বুলি ভবা হয়, যাৰ নাম হিপ’পটেমাছ। কিন্তু সত্য ইয়াতকৈ বহুত গভীৰ। জংঘলৰ অলিখিত নিয়মক প্ৰত্যাহ্বান জনাই নিজৰ সাহসেৰে কেৱল এটা প্ৰাণ ৰক্ষা কৰাই নহয় সমগ্ৰ অৰণ্যক এক নতুন চিন্তাও প্ৰদান কৰা হিপ্পোৰ এটি সত্য কাহিনী ।
আগতে আফ্ৰিকাৰ চেৰেংগেটী সমভূমিৰ ওপৰেৰে এখন বহল নদী বৈ গৈছে, যাৰ নাম মাৰা নদী। গৰমৰ দিনত জীৱ-জন্তুৱে এই নদীখনলৈ আহি পিয়াহ নিবাৰণ কৰে। কিন্তু এই নদীখন যিমানেই শান্ত দেখা গৈছিল, সিমানেই বিপদজনক । ঘঁৰিয়াল বোৰে ইয়াত লুকাই থাকে, আৰু ঘণ্টাৰ পিছত ঘণ্টা ধৰি নিজৰ চিকাৰৰ বাবে অপেক্ষা কৰি নিৰৱে পৰি থাকে।
এদিন ম'হৰ জাক এটা নদীৰ পাৰলৈ আহিল। তাৰ ভিতৰত আছিল মাকৰ সৈতে প্ৰথমবাৰৰ বাবে নদী পাৰ হৈ যোৱা ম’হৰ পোৱালি এটা। পানীৰ তলত কি ৰৈ আছে তাৰ কোনো ধাৰণা নাছিল।
পোৱালিটো নদীত ভৰি দিয়াৰ লগে লগে পানীত আলোড়নৰ সৃষ্টি হ’ল। এটা বিশাল ঘঁৰিয়ালে তাৰ ওপৰত বিজুলীৰ দৰে আঘাত কৰিলে। মাক ম’হটোৱে চিঞৰি উঠিল আৰু জাকটোৱে দৌৰ মাৰিলে।
একে সময়তে অলপ দূৰৈত এটা প্ৰকাণ্ড হিপ্পোই নদীৰ শীতল পানীত পৰি শুই আছিল। বছৰ বছৰ ধৰি সি এই নদীত বাস কৰিছিল। সি এই আক্ৰমণৰ সাক্ষী হৈছিল। সাধাৰণতে হিপ্পোৱে এনেবোৰ বিষয়ত হস্তক্ষেপ নকৰে। কিন্তু তাৰ কথা বেলেগ আছিল।
সি দেখিলে যে মʼহৰ পোৱালিটোৱে নিজৰ প্ৰাণ হেৰুৱাব পাৰে। শুই থকাৰ পৰা সাৰ পাই সি খৰধৰকৈ ঘঁৰিয়ালৰ ফালে আগবাঢ়ি গ’ল। ঘঁৰিয়ালটোৱে হয়তো ইয়াৰ মাজত হিপ্পো আহিব বুলি ভবা নাছিল। হিপ্পোটোৱে নিজৰ শক্তিশালী দাঁতেৰে ঘঁড়িয়ালটোক কামুৰি দি বগৰাই দিলে। মʼহৰ সৰু পোৱালিটো লৰচৰ কৰি পাৰৰ ফালে দৌৰি গ’ল। তাৰ প্ৰাণ ৰক্ষা পৰিল।
এই ঘটনা NAT GEO Wild চেনেলত প্ৰচাৰিত হয়। সঁচাকৈয়ে এনেকৈ কিছুমান বিপদত পৰা জীৱক আন এটা জীৱই ৰক্ষা কৰাটো কিমান আচৰিত আৰু মহৎ কাম নহয়নে বাৰু?
মানুহেও এই জীৱ-জন্তুৰ পৰা শিকা উচিত।