By Good Assam
এক্টিভিচনে ঘোষণা কৰিছে যে তেওঁলোকে ইয়াৰ জনপ্ৰিয় বেটল ৰয়েল গেম কল অৱ ডিউটি: ৱাৰজ’ন মোবাইল আপডেট সমৰ্থন বন্ধ কৰি দিছে। গেমটো মুকলি হোৱাৰ মাত্ৰ এবছৰৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। সোমবাৰৰ পৰা এই গেমটো এপ ষ্ট’ৰ আৰু গুগল প্লে ষ্ট’ৰত নতুন ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ নহ’ব। এক্টিভিজনে নিজৰ অফিচিয়েল এক্স (টুইটাৰ) একাউণ্টত জনাইছিল যে Call of duty Warzone ম’বাইলে পিচি আৰু কনছ’ল সংস্কৰণৰ দৰে সফলতা লাভ কৰা নাই।
• ২০২৪ চনৰ এপ্ৰিল মাহত এই গেমটোৰ ৰাজহ আছিল প্ৰায় ৪০ লাখ ডলাৰ।
• ২০২৪ চনৰ নৱেম্বৰৰ পৰা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ই ৫ লাখ ডলাৰলৈ হ্ৰাস পায়।
• কল অৱ ডিউটি warzone ম’বাইলে মাথো প্ৰতিমাহে ২ কোটি ডলাৰহে উপাৰ্জন কৰি আছিল, সেয়েহে বন্ধ কৰাৰ সিদ্ধান্ত ল'য়।
বৰ্তমানৰ ব্যৱহাৰকাৰীসকলৰ কি হ’ব?
ইতিমধ্যে গেমটো ডাউনলোড কৰা ব্যৱহাৰকাৰীসকলে ইয়াক খেলি থাকিব পাৰিব। নতুন আপডেট আৰু কন্টেন্ট উপলব্ধ নহ’ব। ক্ৰয় বন্ধ কৰাও হ’ব। ক্ৰয় কৰা কোনো CoD পইণ্ট বা বিষয়বস্তু ঘূৰাই দিয়া নহ’ব।
এনে ক্ষেত্ৰত কি কৰিব?
Call of Duty Mobile Session 4 উপলব্ধ। গতিকে এইটোকে খেলিব পাৰিব।