Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Ad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

ভুলতেও এই ঔষধবোৰ সেৱন নকৰিব, ১৯৬ বিধৰ নমুনা বিফল হৈছে : Do not take these drugs by mistake, 196 samples have failed


ভুলতেও এই ঔষধবোৰ সেৱন নকৰিব, ১৯৬ বিধৰ নমুনা বিফল হৈছে

By Good Assam 

চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল অৰ্গেনাইজেশ্যনে (চিডিএছচিঅ’) শেহতীয়াকৈ কৰা তদন্তত এক আচৰিত ধৰণৰ প্ৰকাশ কৰিছে। জানিব পৰা মতে সমগ্ৰ দেশৰ বিভিন্ন ঔষধ কোম্পানীৰ ১৯৬ বিধ ঔষধৰ নমুনা গুণগত পৰীক্ষাত ব্যৰ্থ হোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰে ৬০টা নমুনাই কেন্দ্ৰীয় লেবত গুণগত মান পূৰণত ফেইল হয় আৰু ১৩৬টা নমুনাই ৰাজ্যিক লেবত গুণগত মান পূৰণত ফেইল হয় । একে সময়তে বিহাৰৰ এটা নমুনা ভুৱা বুলি ধৰা পৰে।


মন কৰিবলগীয়া যে প্ৰতিমাহে চিডিএছচিঅ’ই সমগ্ৰ দেশৰ পৰা বিভিন্ন ঔষধৰ নমুনা সংগ্ৰহ কৰি ইয়াৰ গুণাগুণ পৰীক্ষা কৰে। ২০২৫ চনৰ এপ্ৰিল মাহৰ ভিতৰত কৰা তদন্তত প্ৰায় ৩০০০ টা নমুনা লোৱা হৈছিল, ইয়াৰে ১৯৬ টা নমুনা মানক মানদণ্ডৰ নহয় (NSQ) অৰ্থাৎ নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰা নাছিল।


এন এছ কিউৰ অৰ্থ হ’ল এই ঔষধবোৰ সম্পূৰ্ণ বেয়া নহয় যদিও ইয়াৰ কিছুমান অত্যাৱশ্যকীয় মানদণ্ডৰ অভাৱ পোৱা গৈছে। একে সময়তে বিহাৰত এটা নমুনা ভুৱা উদ্ধাৰ হৈছে। চিডিএছচিঅ’ই এই বেয়া ঔষধসমূহ বজাৰৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ দি সংশ্লিষ্ট কোম্পানীসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰিছে।

বিফল নমুনাৰ ভিতৰত দৈনন্দিন ৰোগৰ চিকিৎসাত বহুলভাৱে ব্যৱহাৰ কৰা বহুতো ঔষধ আছে। ইয়াৰ ভিতৰত জ্বৰ, বিষ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে দিয়া ঔষধ। এই ঔষধসমূহ হ’ল পেৰাচিটামল ৫০০ মিলিগ্ৰাম, গ্লাইমপিৰাইড, টেলমিছাৰটান, মেট্ৰনিডাজ’ল, শ্বেলকেল ৫০০, পান ডি, চেপ’ডেম এক্সপি ৫০ ড্ৰাই ছাচপেনচন।

এই ঔষধসমূহ হিন্দুস্তান এন্টিবায়টিকছ লিমিটেড, আলকেম হেল্থ চাইন্স, হেটেৰ’ ড্ৰাগছ আৰু কৰ্ণাটক এন্টিবায়টিকৰ দৰে প্ৰখ্যাত কোম্পানীয়ে প্ৰস্তুত কৰিছিল। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই তদন্তত হিমাচল প্ৰদেশৰ ঔষধ কোম্পানীক লৈও প্ৰশ্ন উত্থাপন হৈছে। হিমাচলত নিৰ্মিত ৫৭ টা ঔষধ এই তালিকাত অন্তৰ্ভুক্ত।

 নিম্নমানৰ আৰু ভুৱা ঔষধে ৰোগীৰ বাবে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। এনে ঔষধে ৰোগ নিৰাময় কৰাত ব্যৰ্থ হোৱাই নহয় পাৰ্শ্বক্ৰিয়া বা অন্যান্য স্বাস্থ্যজনিত সমস্যাও সৃষ্টি কৰিব পাৰে। মন কৰিবলগীয়া যে ২০১৪ চনত বিহাৰত অমান্য ঔষধ ব্যৱহাৰ কৰি এজন ৰোগীৰ মৃত্যু হৈছিল, তাৰ পিছত বহু কোম্পানীৰ ঔষধ নিষিদ্ধ কৰা হৈছিল।



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection