( অপূৰ্ব দাস )
শেহতীয়াকৈ কানপুৰ জিলাৰ পাংকি প্লাণ্টত সহকাৰী অভিযন্তা হিচাপে কাম কৰা বিনীত ডুবেৰ চুলি সংৰোপণৰ ফলত মৃত্যু হয়। বিনীত গোৰখপুৰৰ বাসিন্দা আছিল। চুলি সংৰোপণৰ পিছত বিনীতৰ গোটেই মুখখন ফুলি উঠিছিল। যেতিয়া তেওঁৰ অৱস্থা অধিক বেয়া হৈ পৰে তেতিয়া বিনীতক কানপুৰৰ এখন ডাঙৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংক্ৰমণ যথেষ্ট পৰিমাণে বিয়পি পৰিছিল। সমগ্ৰ শৰীৰত সংক্ৰমণ বিয়পি পৰাত তেওঁৰ মৃত্যু হয়।
আজিকালি চুলি সৰি টোকোনা হোৱাৰ সমস্যাটো সকলোৰে হৈ পৰিছে, আৰু ইয়াৰ পৰা মুক্তি পাবলৈ চুলি সংৰোপণ এটা জনপ্ৰিয় বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে।
এই পদ্ধতিত মূৰৰ পিছফালৰ অংশৰ পৰা চুলিৰ গুৰি উলিয়াই আনি চুলি নথকা অংশত চুলি ৰোপণ কৰা হয়। এই প্ৰক্ৰিয়াটো যিমানেই সহজ যেন লাগিব, বাস্তৱত ই যথেষ্ট জটিল আৰু ইয়াত সাৱধান হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। চুলি সংৰোপণৰ লগত জড়িত বিভিন্ন কথা তলত উল্লেখ কৰা হ'ল -
চুলি সংৰোপণ কি?
চুলি সংৰোপণ হৈছে এক অস্ত্ৰোপচাৰ পদ্ধতি যাৰ লক্ষ্য হৈছে চুলি কম হোৱা ঠাইত প্ৰাকৃতিক চুলি পুনৰ গজোৱা । এই পদ্ধতিত অস্ত্ৰোপচাৰ কৰ্মীয়ে মূৰৰ চুলি ঘন হোৱা অংশৰ পৰা চুলিৰ গুৰি উঘালি চুলি নগজা বা পাতল হোৱা অংশত প্ৰতিস্থাপন কৰে। প্ৰতিস্থাপিত চুলি সাধাৰণতে প্ৰাকৃতিক চুলিৰ দৰেই গজে আৰু ইয়াক কাটিব, ধুব আৰু ষ্টাইল কৰিব পাৰি।
চুলি সংৰোপণ দুটা কৌশল ব্যৱহাৰ কৰি কৰা হয়:
(১) ফোলিকুলাৰ ইউনিট ট্ৰান্সপ্লাণ্টেচন (FUT):
এই কৌশলত অস্ত্ৰোপচাৰ কৰ্মীয়ে দাতাৰ অংশৰ পৰা চুলি ঘন হোৱা স্থানৰ ছালৰ পাতল তৰপ এটা আঁতৰাই আনে আৰু মাইক্ৰস্কোপৰ সহায়ত পৃথক পৃথক চুলিৰ গুৰিবোৰ পৃথক কৰি গ্ৰহণকাৰীৰ চুলি নোহোৱা অংশত প্ৰতিস্থাপন কৰা হয়। এই প্ৰক্ৰিয়াত দাতাৰ অংশত বা মূৰত কটাৰ এটা সৰু দাগ ৰৈ যায়।
(২) ফোলিকুলাৰ ইউনিট এক্সট্ৰেকচন (FUE):
এই কৌশলত অস্ত্ৰোপচাৰ কৰ্মীয়ে বিশেষ যন্ত্ৰ ব্যৱহাৰ কৰি দাতাৰ অংশৰ পৰা ব্যক্তিগত চুলিৰ গুৰিবোৰ পোনপটীয়াকৈ উঘালি উলিয়াই আনে। ছালৰ কোনো তৰপ আঁতৰোৱা নহয়, গতিকে দাতাৰ অংশত মাত্ৰ সৰু সৰু বিন্দুৰ দৰে দাগহে দেখা দিয়ে, যিবোৰ সময়ৰ লগে লগে নাইকীয়া হৈ যায়। FUE পদ্ধতি FUT তকৈ কম কষ্টদায়ক বুলি গণ্য কৰা হয়।
পুৰুষ আৰু মহিলাৰ চুলি সৰাৰ নাম :
(১) Male Pattern Baldness : এইটোৱেই পুৰুষৰ আটাইতকৈ হোৱা সমস্যা, য’ত চুলি মূৰৰ ওপৰৰ এটা নিৰ্দিষ্ট আৰ্হিত সৰি পৰে।
(২) Female Pattern Hair Loss : মহিলাৰ ক্ষেত্ৰত সাধাৰণতে গোটেই মূৰৰ চুলি পাতল হৈ পৰে।
কোনে চুলি দাতা হ'ব পাৰে?
(১) আঘাত বা অস্ত্ৰোপচাৰ কৰা মানুহৰ চুলিৰ বৃদ্ধি নহ'ব পাৰে। তেওঁলোকে এই প্ৰক্ৰিয়া নকৰাই ভাল।
(২) কিছুমান বিশেষ ধৰণৰ চুলিৰ গুৰি থাকে য’ত চুলিৰ গুৰিবোৰ জীয়াই থাকে। তেনে চুলিৰ গুৰি লোৱা হয়।
(৩) চুলি সংৰোপণৰ বাবে সকলোৱে উপযুক্ত প্ৰাৰ্থী নহয়। ইয়াৰ বাবে দাতাৰ অংশত যথেষ্ট ডাঠ চুলি থকাটো প্ৰয়োজনীয়।
চুলি সংৰোপণৰ সময়ত কি কি সমস্যাৰ সন্মুখীন হ’ব পাৰে জানো আহক-
যিহেতু চুলি সংৰোপণ এটা অস্ত্ৰোপচাৰ পদ্ধতি, গতিকে ইয়াৰ কিছুমান সম্ভাৱ্য জটিলতা আৰু পাৰ্শ্বক্ৰিয়া আছে।
যেনে -
(১) অস্ত্ৰোপচাৰৰ সময়ত আৰু পিছত বিষ আৰু খজুৱতি।
(২) মূৰৰ ছাল ফুলা আৰু ৰঙা পৰা।
(৩) দাতা আৰু গ্ৰহণকাৰী অংশত ৰক্তক্ষৰণ বা ঘাঁ হোৱা।
(৪) সংক্ৰমণৰ আশংকা।
(৫) প্ৰতিস্থাপিত চুলি সাময়িকভাৱে ক্ষয় হোৱা (শ্বক ক্ষয়)।
(৬) চুলি উঘালা বা ৰোপন কৰা অংশত অজ্ঞানতা বা জিন জিন কৰা ।
(৭) অস্ত্ৰোপচাৰ বিশেষজ্ঞজন অভিজ্ঞ নহ’লে বা পদ্ধতিটো সঠিকভাৱে সম্পন্ন নহ’লে সন্তোষজনক ফলাফল লাভ নকৰে।
(৮) কিছুমান ক্ষেত্ৰত প্ৰতিস্থাপিত চুলিখিনি সঠিকভাৱে বাঢ়িব নোৱাৰিবও পাৰে।
কোনে চুলি সংৰোপণ কৰিব নালাগে?
কিছুমান বিশেষ অৱস্থাত চুলি সংৰোপণ কৰাটো উপযুক্ত নহয়, যেনে-
(১) যিসকল লোকৰ উঘালা অংশত পৰ্যাপ্ত ডাঠ চুলি নাথাকে।
(২) কিছুমান প্ৰকাৰৰ এলোপেচিয়া, যেনে এলোপেচিয়া এৰিয়েটা, য’ত চুলি অনিয়মিতভাৱে সৰি পৰে।
(৩) অনিয়ন্ত্ৰিত ডায়েবেটিছ বা অন্যান্য গুৰুতৰ স্বাস্থ্যজনিত সমস্যা। যেনে - HIV বা অন্যান্য গুৰুতৰ ৰোগ থাকিলে এই পদ্ধতি গ্ৰহণ নকৰিব।
(৪) তেজ জমা হোৱাৰ সমস্যা থকা লোক।
(৫) যিসকল লোকৰ প্ৰক্ৰিয়াটোৰ পৰা অবাস্তৱিক আশা থাকে।
চুলি সংৰোপণৰ পিছত কি হ'ব পাৰে?
চুলি সংৰোপণৰ পিছত কিছুদিন ফুলা, বিষ আৰু খজুৱতি অনুভৱ কৰিব পাৰে, যাৰ বাবে ঔষধ দিয়া হয়। প্ৰতিস্থাপিত চুলি স্পৰ্শ বা ধোৱাৰ বাবে বিশেষ নিৰ্দেশনা দিয়া হয়।
কেইসপ্তাহমানৰ ভিতৰতে প্ৰতিস্থাপিত চুলিবোৰ সৰি যাব পাৰে, যিটো পৰিঘটনাক "শ্বক লছ" বুলি কোৱা হয়। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু এই নতুন চুলি গজিবলৈ আৰম্ভ কৰাৰ পিছত হ'ব পাৰে । সাধাৰণতে চুলি সংৰোপণৰ সম্পূৰ্ণ ফলাফল চাবলৈ ৬ৰ পৰা ১২ মাহ সময় লাগিব পাৰে।
চুলি সংৰোপণ কৰাৰ সময়ত কি কথা মনত ৰাখিব লাগে?
(১) অভিজ্ঞ আৰু যোগ্যতাসম্পন্ন অস্ত্ৰোপচাৰ বিশেষজ্ঞ বাছনি কৰক: অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ বিশেষজ্ঞতা আৰু অভিজ্ঞতাই সফলতাৰ হাৰত বহু পৰিমাণে প্ৰভাৱ পেলায়। তেওঁলোকৰ প্ৰমাণপত্ৰ, অভিজ্ঞতা আৰু পূৰ্বৰ প্ৰতিস্থাপনৰ ফলাফল নিশ্চিতভাৱে পৰীক্ষা কৰক।
(২) ক্লিনিকৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুৰক্ষাৰ মানদণ্ড পৰীক্ষা কৰক।
(৩) পদ্ধতি, সম্ভাৱ্য বিপদ আৰু খৰচৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰক।
(৪) আপোনাৰ চিকিৎসাৰ ইতিহাস আৰু আপোনাৰ যিকোনো স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে অস্ত্ৰোপচাৰ বিশেষজ্ঞক জনাওক।
(৫) প্ৰক্ৰিয়াটোৰ পৰা আপোনাৰ আশাৰ বিষয়ে বাস্তৱিক হওক। positive আশা কৰা উচিত । যদিহে Negetive চিন্তা কৰে তেন্তে মানসিক চাপ হ'ব আৰু ইয়াৰ ফলত সমস্যা বাঢ়িব।
(৬) অস্ত্ৰোপচাৰৰ পিছত অস্ত্ৰোপচাৰ কৰ্মীয়ে দিয়া নিৰ্দেশনা কঠোৰভাৱে পালন কৰক।
(৭) খৰখেদাকৈ বা চিন্তা নকৰাকৈ লোৱা সিদ্ধান্তই হতাশাজনক ফলাফলৰ সৃষ্টি কৰিব পাৰে। গতিকে সদায় এজন যোগ্য পেছাদাৰী ব্যক্তিৰ পৰা পৰামৰ্শ লওক আৰু সকলো দিশ বিবেচনা কৰিহে আগবাঢ়িব লাগে।