By Good Assam
ধৰ্মীয় দৃষ্টিকোণৰ পৰা ২০ মে’ৰ দিনটো অতি বিশেষ। এই দিনটো জেঠ মাহৰ কালাষ্টমী ব্ৰত যিটো কাল ভৈৰৱৰ বাবে উৎসৰ্গিত।
মে মাহৰ ২০ তাৰিখৰ পৰা পঞ্চক আৰম্ভ হৈছে, পাঁচ দিন পঞ্চকৰ বাবে শুভ কাম কৰিব নালাগে, বিশ্বাস কৰা হয় যে ইয়াৰ ফলত সফলতা পোৱাৰ সম্ভাৱনা কমি যায় আৰু হেৰুৱাৰ সম্ভাৱনাও সৃষ্টি হয়।
এই দিনটো কালাষ্টমী, গতিকে আৰ্তজনক মিঠাই আৰু খাদ্য খুৱাওক, ইয়ে বাবা ভৈৰৱক সন্তুষ্ট কৰে। কালাষ্টমীত ক’লা বস্তু দান কৰাটোও শুভ, কিন্তু এইবাৰ এই উৎসৱ মঙলবাৰে হৈছে। মঙলবাৰে ক’লা বস্তু দান কৰি মংগল গ্ৰহৰ অশুভ প্ৰভাৱৰ সন্মুখীন হ’বলগীয়া হয়।
কালাষ্টমীৰ বিশেষ গুৰুত্ব :
ধৰ্মীয় বিশ্বাস অনুসৰি কালাষ্টমী কাল ভৈৰৱৰ উৎসৱ আৰু বাবা ভৈৰৱক পূজা কৰি, দান আদি কৰিলে জীৱনত সুখ আৰু সমৃদ্ধি অটুট থাকে।
কি কৰিব:
কালাষ্টমীৰ দিনা কাল ভৈৰৱৰ মন্দিৰত ১২৫ গ্ৰাম গোটা মাটিমাহ আগবঢ়াব। ইয়াৰ পিছত এই দালিৰ ১১টা এখন ক’লা কাপোৰত বান্ধি নিজৰ কৰ্মস্থলীত নিৰাপদ স্থানত ৰাখিব। ইয়াৰ ফলত ব্যৱসায়ত উন্নতি হয় আৰু শনিৰ কূ প্ৰভাৱ আঁতৰ হয় বুলি বিশ্বাস কৰা হয়।
কি কৰিব নালাগে:
(১) কালাষ্টমীৰ দিনা মাছ মাংস , বা মদ খাব নালাগে।
(২) কালাষ্টমীৰ দিনা কাকো অসন্মান কৰা উচিত নহয়।
(৩) কালাষ্টমীৰ দিনা কাকো মিছা কথা কোৱা উচিত নহ'য়।
কোনবোৰ কাম নকৰিব ?
কলাষ্টমীৰ দিনৰে পৰা পঞ্চক আৰম্ভ হৈছে, সেয়েহে পাঁচ দিনলৈ শুভ কাম নিষিদ্ধ। যেনে - বিবাহ, স্বামী-স্ত্ৰীৰ যৌন মিলন, ঘৰ লোৱা, গাড়ী কিনা ইত্যাদি।