( অপূৰ্ব দাস )
পুৰুষৰ স্বাস্থ্যজনিত সমস্যা মহিলাৰ পৰা বহু দিশত পৃথক। এনে কিছুমান ৰোগৰ বিষয়ে উল্লেখ কৰা হ’ল-
পুৰুষ-মহিলাৰ শৰীৰত হৰম’ন আৰু জৈৱিক পাৰ্থক্য আছে , যাৰ ফলত তেওঁলোকৰ স্বাস্থ্যও বেলেগ বেলেগ ধৰণে প্ৰভাৱিত হয়। বহু গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে মহিলাতকৈ পুৰুষৰ ক্ষেত্ৰত কিছুমান বিশেষ ৰোগৰ সম্ভাৱনা বেছি। ইয়াৰ কাৰণ হৰম’নৰ গঠন, জীৱনশৈলী, খাদ্যাভ্যাস আৰু স্বাস্থ্য পৰীক্ষাক আওকাণ কৰা।
বিশেষকৈ পুৰুষৰ হৃদৰোগ, প্ৰষ্টেট সমস্যা, যকৃতৰ সমস্যা, ডায়েবেটিছ, কলন কেন্সাৰ আদি সমস্যাৰ সম্ভাৱনা বেছি। এই ৰোগবোৰৰ কাৰণ, গৱেষণা আৰু প্ৰতিৰোধৰ ব্যৱস্থা তলত উল্লেখ কৰা হ'ল -
(১) হৃদৰোগ
আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ (আমেৰিকান হাৰ্ট এছ’চিয়েচন, ২০২৩) এক গৱেষণাৰ মতে, ৩০ বছৰ বয়সৰ পিছত মহিলাতকৈ পুৰুষৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা প্ৰায় ২গুণ বেছি। ইয়াৰ মূল কাৰণ হ’ল পুৰুষৰ উচ্চ কলেষ্টেৰল, ধূমপান, মদ্যপান, অত্যধিক মানসিক চাপ আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ। ইয়াৰ বাহিৰেও পুৰুষৰ ক্ষতিকাৰক এল ডি এল কলেষ্টেৰলৰ মাত্ৰা অধিক থাকে, যাৰ ফলত ধমনীবোৰ বন্ধ হৈ পৰে। বৰ্তমান ২৫ বছৰৰ পুৰুষৰো হৃদযন্ত্ৰৰ ৰোগ দেখা গৈছে।
প্ৰতিৰোধৰ উপায় : নিয়মিতভাৱে ব্যায়াম কৰক, ফল-মূল, শাক-পাচলি, গোটা শস্য, আৰু কম চৰ্বিযুক্ত খাদ্য খাব লাগে। ধূমপান আৰু মদ্যপান কমাব। মাহত এবাৰ ৰক্তচাপ আৰু কলেষ্টেৰল পৰীক্ষা কৰক।
(২) প্ৰষ্টেটৰ সমস্যা
বয়স বৃদ্ধিৰ লগে লগে পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ সৈতে জড়িত সমস্যা হ’বলৈ আৰম্ভ কৰে। নেশ্যনেল কেন্সাৰ ইনষ্টিটিউটৰ তথ্য অনুসৰি 40 বছৰৰ ওপৰৰ পুৰুষৰ বেনিন প্ৰষ্টেটিক হাইপাৰপ্লাছিয়া (BPH) আৰু প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। প্ৰষ্টেট বৃদ্ধি হ’লে প্ৰস্ৰাৱ কৰাত অসুবিধা, সঘনাই প্ৰস্ৰাৱ কৰা, প্ৰস্ৰাৱৰ নলী দুৰ্বল হোৱা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।
প্ৰতিৰোধৰ উপায় : ৪০ বছৰ বয়সৰ পিছত নিয়মিতভাৱে প্ৰষ্টেট পৰীক্ষা কৰাব লাগে। আঁহযুক্ত খাদ্য গ্ৰহণ কৰক, প্ৰচুৰ পৰিমাণে তৰল পদাৰ্থ খাওক আৰু প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ লওক।
(৩) যকৃতৰ সমস্যা
পুৰুষৰ মদ্যপান আৰু হেপাটাইটিছ বিৰ ( যৌন সম্পৰ্কৰ দ্বাৰা হোৱা ভাইৰাছ ) সংক্ৰমণৰ হাৰ অধিক হোৱাৰ বাবে যকৃতৰ ৰোগ হোৱাৰ সম্ভাৱনা বেছি। জাৰ্নেল অৱ হেপাট’লজীত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে মদ্যপান কৰা পুৰুষ লিভাৰ চিৰ’ছিছ আৰু ফেটি লিভাৰ ডিজিজত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। লগতে বেছিভাগ পুৰুষে বহুগামীতা অৰ্থাৎ বহুতৰে লগত যৌন সম্পৰ্ক স্থাপন কৰে। ইয়াৰ ফলত হেপাটাইটিছ বি ৰ সংক্ৰমণ ঘটে।
প্ৰতিৰোধৰ উপায় : মদ্যপান সীমিত বা পৰিহাৰ কৰক। হেপাটাইটিছ বি আৰু চিৰ টিকাকৰণ কৰক। উচ্চ চৰ্বিযুক্ত আৰু প্ৰচেছড খাদ্য পৰিহাৰ কৰক।
(৪) ডায়েবিটিছ
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি পুৰুষৰ মেটাবলিক চিনড্ৰম আৰু ইনচুলিন ৰেজিষ্টেন্সৰ সম্ভাৱনা বেছি, যাৰ ফলত টাইপ ২ ডায়েবেটিছ ৰোগ হয়। উচ্চ কেলৰিযুক্ত খাদ্য, মেদবহুলতা আৰু শাৰীৰিক কাৰ্যকলাপৰ অভাৱ ইয়াৰ মূল কাৰণ। পুৰুষে মহিলাতকৈ বেছি মাংস আৰু মদ্যপান কৰি ভাল পায়, যাৰ ফলত এই ৰোগ হোৱা দেখা যায়।
প্ৰতিৰোধৰ উপায় : সুষম খাদ্য গ্ৰহণ কৰক, নিয়মিতভাৱে ব্যায়াম কৰক, ওজন নিয়ন্ত্ৰণ কৰক আৰু তেজৰ চেনিৰ পৰীক্ষা কৰি থাকিব।
৫/ কলন কেন্সাৰ
আমেৰিকান কেন্সাৰ ছ’চাইটিৰ মতে, বিশেষকৈ ৪০ বছৰ বয়সৰ পিছত মহিলাতকৈ পুৰুষৰ ক’লন কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি। কাৰণসমূহৰ ভিতৰত আঁহৰ অভাৱ, ৰঙা মাংস আৰু প্ৰচেছড মাংসৰ অধিক সেৱন, ধূমপান আদি উল্লেখযোগ্য। সমকামী পুৰুষে পায়ুত যৌনংগ লোৱাৰ বাবেও কম বয়সতে এই ৰোগ হ'ব পাৰে। কাৰণ যৌনাংগৰ বেক্টেৰিয়াই কলনত আক্ৰমণ কৰে।
প্ৰতিৰোধৰ উপায় : আঁহযুক্ত খাদ্য যেনে গোটা শস্য, ফল-মূল আৰু শাক-পাচলি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। ৰঙা মাংস আৰু প্ৰচেছড মাংসৰ পৰিমাণ সীমিত কৰক। ৪০ বা ৫০ বছৰ বয়সৰ পিছত নিয়মীয়াকৈ কলনস্কপি কৰাব লাগে। সমকামী পুৰুষে যৌন সম্পৰ্ক স্থাপন কৰোঁতে সাৱধান হ'ব।
(৬) মানসিক চাপ
মহিলাতকৈ পুৰুষৰ মানসিক চাপ অধিক। পুৰুষ হ'লে টকা-পইচাৰ লগতে চাকৰিৰ চিন্তাত অধিক ভুগিব লগা হয় আৰু বেছিকৈ পুৰুষ সকলে প্ৰেমৰ ক্ষেত্ৰত মানসিক চাপত ভোগে। পুৰুষ জন্ম মানেই যেন এটা কাম কৰা মেচিন, যাৰ ফলত মানসিক চাপ বাঢ়ে।
প্ৰতিৰোধৰ উপায় : আনৰ সৈতে নিজকে তুলনা নকৰিব, সৰু সুৰা কামতে বা কম উপাৰ্জনতে সুখী হ'বলৈ চেষ্টা কৰক। প্ৰেম বা বিবাহ কৰোতে সাৱধান হ'ব। যিকোনো ছোৱালীকে জীৱন সংগী নকৰিব। কম খৰচী, কাজিয়া নকৰা আৰু কথা শুনা ছোৱালীক জীৱন সংগী কৰিব।
মানসিক চাপ কমাবলৈ দিনত এবাৰ হ'লেও বন্ধুৰ সৈতে ফুৰিবলৈ যাব বা আড্ডাত বহিব। মদ্যপান নকৰিব।
বিশেষজ্ঞসকলৰ মতে, পুৰুষৰ ধূমপান, মদ, মানসিক চাপ আৰু স্বাস্থ্য পৰীক্ষাক আওকাণ কৰা আদি জীৱনশৈলীৰ অভ্যাসে অসুস্থ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। মহিলাতকৈ পুৰুষে কমকৈ চিকিৎসকৰ ওচৰলৈ যায় আৰু প্ৰাথমিক লক্ষণক আওকাণ কৰে। ইয়াৰ উপৰিও পুৰুষৰ ইষ্ট্ৰজেন হৰম’নৰ সুৰক্ষা নাথাকে, কিন্তু এই হ'ৰমনে মহিলাক বহু ৰোগৰ পৰা ৰক্ষা কৰে।
গুৰুত্বপূৰ্ণ পৰামৰ্শ :
সুস্থ হৈ থাকিবলৈ পুৰুষে নিয়মিত স্বাস্থ্য পৰীক্ষা, সুষম খাদ্য, নিয়মীয়া ব্যায়াম আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ প্ৰতি গুৰুত্ব দিব লাগে। কোনো অস্বাভাৱিক লক্ষণক আওকাণ নকৰিব আৰু সময়মতে চিকিৎসকৰ পৰামৰ্শ লব।