অবৈধ প্ৰেমিক আৰু মাতৃয়ে শিশুটিক হত্যা কৰি ট্ৰলী বেগত ভৰাই পেলাই দিছিল নিৰ্জন ঠাইত । এইখন অসমৰ চাঞ্চল্যকৰ ঘটনা।
By Good Assam
অসমত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । মাতৃয়ে অবৈধ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে সন্তানক।অবৈধ প্ৰেমৰ বাবে এই কাণ্ড সংঘটিত কৰে, লগতে আত্মৰক্ষাৰ বাবে অভিনয়ো কৰে।
এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ বশিষ্ঠত ।
পৰকীয়া প্ৰেমৰ বাবে প্ৰেমিকৰ সৈতে মিলি মাতৃয়ে হত্যা কৰিছিল ১০ বছৰীয়া পুত্ৰক ।
পৰকীয়া প্ৰেমৰ বাবে মাতৃ আৰু প্ৰেমিক জিতুমণি হালৈয়ে হত্যা কৰি বশিষ্ঠৰ নিৰ্জন স্থানত ট্ৰলী বেগত ভৰাই পেলাই দিছিল শিশুটিৰ মৃতদেহ ।
শনিবাৰে সন্ধিয়া ৬:৪০ বজাত টিউচনৰ পৰা লৈ আনিছিল জিতুমণি হালৈয়ে বাইকত বহুৱাই। লগত আছিল মাতৃও ।
আৰক্ষীয়ে তথ্য উলিয়াই কয় - হত্যা কৰাৰ পূৰ্বে মাতৃ আৰু জিতুমণি হালৈয়ে ক’ল্ডড্ৰিংছ আৰু চকলেট খুৱাইছিল শিশুটিক ।
তাৰ পিছত ধুমুহা-বৰষুণৰ মাজতে মুখত সোপা দি হত্যা কৰি পেলাই দিছিল শিশুটিক । শিশুটি পঞ্চম শ্ৰেণীত পঢ়ি আছিল। দিছপুৰ আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে এইসমূহ তথ্য ।
কালিয়েই উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাই সমগ্ৰ ঘটনাটো সন্দৰ্ভত তদন্ত চলি থকা বুলি ঘোষণা কৰিছিল । এই তদন্ততেই এতিয়া প্ৰকাশ পাইছে নতুন তথ্য।