সৰা পাতে পাতে ফাগুন নামে....... কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই !
By Good Assam
“সৰা পাতে পাতে ফাগুন নামে..... ” এটি ইমান সুমধুৰ কণ্ঠৰে গোৱা গীত। শুনাৰ পিছত আকৌ যেন শুনিম তেনেকুৱা লাগে। কিন্তু এই সুমধুৰ গীত গোৱা কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই.....
তেখেতৰ অকাল বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ এক বৃহৎ ক্ষতি। দীৰ্ঘদিন ধৰি এক দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই। তেখেতৰ আজি নেমকেয়াৰ হস্পিটেলত মৃত্যু হয়।
তেখেতে মনোজ বৈশ্যৰ ‘ক্ৰোধ’, যতীন বৰাৰ ‘ৰত্নাকৰ’, জুবিন গাৰ্গৰ কাঞ্চনজংঘা আদিৰ উপৰিও ভালেসংখ্যক অসমীয়া কথাছবি আৰু এককভাৱে গীত গাইছে।
২০২১ চনত ৰত্নাকৰ বোলছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতটোৰ বাবে তেখেতে শ্ৰেষ্ঠ কণ্ঠশিল্পী (মহিলা শাখা)ৰ ‘প্ৰাগ্ চিনে এৱাৰ্ড’ লাভ কৰে।
অসমীয়া চিৰিয়েল বৈদেহী, ৰ’দালী, দামিনী, মমতা, পৰিনীতা, আলপনা আদিৰ শীৰ্ষ গীতত তেখেতে কণ্ঠ নিগৰাইছে। ইয়াৰোপৰি বহুতো অসমীয়া জনপ্ৰিয় গীতত তেখেতে কণ্ঠ দান কৰিছে । তেখেতৰ একক কণ্ঠৰ শ্ৰব্য সংকলন দুটাৰ নাম- ‘মিঠা আৱেশেৰে’(২০১৪) আৰু ‘সুৰৰ আৱেশেৰে’(২০১৭)।
২০১৯ চনত তেওঁ কণ্ঠ দিয়া ‘ক্ৰোধ’ বোলছবিৰ সংগীতৰ বাবে বাবে ‘গপচপ মিউজিকেল এৱাৰ্ড’ লাভ কৰে।
২০১৯ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ‘এ’ গ্ৰেড কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে।
২০২১ চনত ৰত্নাকৰ বোলছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতটোৰ বাবে ‘প্ৰাগ্ চিনে এৱাৰ্ড’। শ্ৰেষ্ঠ কণ্ঠশিল্পী (মহিলা শাখাত)।
তেখেতৰ জনপ্ৰিয় গীত সমূহ :
• আবেলিৰ হেঙুলী আকাশে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কল্পনা বৰুৱা, সুৰঃ জে.পি. দাস)
• ইমান সেমেকা (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কাজল শৰ্মা, সুৰঃ কাজল শৰ্মা)
• জোনাক নাছিল বনত (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ হিৰেণ ভট্টাচাৰ্য, সুৰঃ জয় প্ৰকাশ মেধি)
• তুমি অহাৰ বাতৰি পালে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কেশৱ দত্ত, সুৰঃ মনজ বৰুৱা)
• তোমালৈ মোৰ মৰম (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথা/সুৰঃ কাজল শৰ্মা)
• মন মোৰ উৰি ফুৰে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কাজল শৰ্মা, সুৰঃ কাজল শৰ্মা)
• মাথোঁ এজাক বৰষুণ (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথা/সুৰঃ কাজল শৰ্মা)
• যেতিয়া জোনাক নামিছিল (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ অৰূপ বৰঠাকুৰ, সুৰঃ মনজ্যোৎস্না মহন্ত)
• সৰা পাতে পাতে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কাজল শৰ্মা, সুৰঃ কাজল শৰ্মা)
• সোণৱালী সপোন (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ বীণা কাকতি, সুৰঃ জিৰিমি কাকতি)