আপোনাৰ ফোনৰ পৰা এই ১০ টা এপ এতিয়াই ডিলিট কৰক, চৰকাৰৰ সতৰ্কবাণী!
By Good Assam
ভাৰত চৰকাৰে এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ বাবে নতুন সতৰ্কবাণী জাৰি কৰি গুগল প্লে ষ্ট’ৰত উপলব্ধ ভুৱা বিত্তীয় এপসমূহৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। এই এপবোৰ বাস্তৱ যেন লাগে, কিন্তু ইয়াৰ উদ্দেশ্য আপোনাৰ বিত্তীয় তথ্য চুৰি কৰা। ইয়াৰ ফলত আপোনাৰ গোপনীয়তা, ডাটা আৰু ধন বিপদত পৰিব পাৰে।
চাইবাৰ ডষ্টে সতৰ্কবাণী দিলে :
এই সতৰ্কবাণী জাৰি কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত কাম কৰা ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ (I4C ) অফিচিয়েল টুইটাৰ/এক্স হেণ্ডেল ‘চাইবাৰ ডষ্ট’। শেহতীয়াকৈ চাইবাৰ ডষ্টে এটা পোষ্টত এই বিপজ্জনক এপসমূহৰ তালিকা শ্বেয়াৰ কৰি জনাইছে যে এই এপসমূহৰ বহুতো বিদেশী শত্ৰুৰ উপাদানৰ সৈতে সংযুক্ত হোৱা দেখা গৈছে।
এই এপ সমূহৰ পৰা সাৱধান
• Invoicer Experts
• Loan Raina - Instant Loan Online
• Gupta Credit - Safe and Handy
• GranetSwift
• LoanQ | Financial Calculator
• CreditEdge
• Ultimate Lend
• SmartRich Pro
• CreditLens
• Cash Loan - EMI Calculator
সাৱধানতা:
যিকোনো এপ ডাউনলোড কৰাৰ আগতে ইয়াৰ সত্যতা পৰীক্ষা কৰক। কেৱল আৰ বি আইৰ অনুমোদিত ঋণৰ এপ ব্যৱহাৰ কৰক। আপোনাৰ ব্যক্তিগত তথ্য ভাগ-বতৰা কৰাৰ আগতে পুংখানুপুংখ গৱেষণা কৰক।
সতৰ্কবাণী ! ফোন কলৰ সময়ত ইণ্টাৰনেট অন নাৰাখিব!
শেহতীয়াকৈ চৰকাৰে আন এক সতৰ্কবাণী জাৰি কৰিছে যে ফোন কল কৰাৰ সময়ত ইণ্টাৰনেট অন কৰি ৰাখিলে আপোনাৰ ফোনটোৱে আপোনাৰ কথা-বতৰা শুনিব পাৰে।
মনত ৰাখিব : যিবোৰ এপত মাইক্ৰ’ফোনৰ প্ৰৱেশৰ অনুমতি দিয়া হৈছে তেনে এপ বিলাকে কথা বতৰা শুনিব পাৰে। ইয়াক এনেকৈ বন্ধ কৰক-
ইয়াৰ বাবে গুগল ক্ৰ’মৰ ছেটিংছলৈ গৈ মাইক্ৰ’ফোনৰ অনুমতি পৰীক্ষা কৰক।
নিজকে কেনেকৈ ৰক্ষা কৰিব?
এনে এপৰ পৰা আপোনাক সুৰক্ষা দিব পৰা কিছুমান গুৰুত্বপূৰ্ণ টিপছ:
• ভুৱা অফাৰৰ পৰা সাৱধান হওক – “Instant Loan” আৰু “No Document Required”ৰ দৰে প্ৰতিশ্ৰুতি মিছা হ’ব পাৰে
• মোবাইলত এন্টিভাইৰাছ App ৰাখক আৰু মাজে মাজে স্কেন কৰক
• অ’টিপি বা বেংকৰ তথ্য কাৰো লগত শ্বেয়াৰ নকৰিব
• স্পৰ্শকাতৰ এপসমূহক কেৱল প্ৰয়োজনীয় অনুমতি দিয়ক। ব্যৱহাৰ শেষ হ'লে সকলো অনুমতি লোৱা বন্ধ কৰি ৰাখক। App Activity Stop কৰক।
• যদি কিবা সমস্যা হয় তেন্তে চাইবাৰ হেল্পলাইন নম্বৰ ১৯৩০ ত ফোন কৰক
ডিজিটেল সুবিধাৰ লগে লগে বিপদও আহে। এই ভুৱা ঋণৰ এপবোৰে আপোনাৰ কষ্টোপাৰ্জিত ধন কাঢ়ি নিব পৰাই নহয়, আপোনাৰ মানসিক শান্তি আৰু সামাজিক সুনামৰ ক্ষতিও কৰিব পাৰে।
Cyber Dost ৰ এই সতৰ্কবাণী অতি গুৰুত্বপূৰ্ণ আৰু প্ৰতিজন নাগৰিকে ইয়াক গুৰুত্বসহকাৰে লোৱা উচিত। যিকোনো এপ ইনষ্টল কৰাৰ আগতে সাৱধান হওক, তদন্ত কৰক, আৰু আপোনাৰ ডাটাৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ক।
যদি আপুনি বা আপোনাৰ চিনাকি কোনোবাই ভুৱা ঋণ এপৰ দ্বাৰা হাৰাশাস্তি কৰিছে, তেন্তে তৎক্ষণাত www.cybercrime.gov.in ত অভিযোগ দাখিল কৰক বা ১৯৩০ নম্বৰত ফোন কৰক।
সজাগ হওক, নিৰাপদ হওক।