Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Traffic Star

Mandiad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

এই মাহত এইসকল ৰাশিৰ লোক অধিক উপকৃত হ'ব। জানিবলৈ পঢ়িব জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল।






এই মাহত এইসকল ৰাশিৰ লোক অধিক উপকৃত হ'ব। জানিবলৈ পঢ়িব জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল।

( You can also read in English and Hindi Below  )


মেষ ৰাশিৰ ৰাশিফল :


জুলাই মাহৰ ৰাশিফল 2025 অনুসৰি, মেষ ৰাশিৰ জাতকসকলৰ বাবে জুলাই 2025 মাহটোৱে সাধাৰণভাৱে মধ্যমীয়া বা মধ্যমীয়াতকৈ কিছু উন্নত ফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় যে জন্মস্থানৰপৰা দূৰত থাকি কাম কৰা বা বিদেশৰ সৈতে সম্পৰ্ক ৰখাসকলে কিছু পৰিমাণে ভাল ফল লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি বুধৰ পৰিবহনৰ বাবে যথেষ্ট পৰিমাণে অনুকূল হ’ব। চাকৰিৰ পৰিৱৰ্তনৰ বাবে মাহটো অনুূকল হ’ব। শিক্ষাৰ ক্ষেত্ৰত জুলাই মাহটোৱে যথেষ্ট পৰিমাণে অনুকূল ফল প্ৰদান কৰিব। কোনো সহপাঠীৰ সৈতে বিবাদ হ’ব পাৰে যাৰ প্ৰভাৱ আপোনাৰ মন-মস্তিষ্কৰ ওপৰত দীৰ্ঘ সময় ধৰি পৰিব। দূৰসংযোগ গণমাধ্যমৰ দৰে শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে ভাল ফলৰ সম্ভাৱনা আছে। পাৰিবাৰিক ক্ষেত্ৰত মেষ ৰাশিৰ জাতকসকলে এই মাহত অনুকূল ফল প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। ঘৰ-পৰিয়ালত কোনো মাংগলিক কাৰ্য্য হ’ব পাৰে। আপুনি পৰিয়ালৰ লোকসকলৰ আৰ্থিক দিশত সহায় কৰিব। প্ৰেম জীৱনত এই মাহত স্থিতি ভাল হোৱাৰ সম্ভাৱনা আছে। কোনো ঘৰুৱা সমস্যাই আপোনাৰ মস্তিষ্কৰ ওপৰত এনে প্ৰভাৱ পেলাব পাৰে যাৰ প্ৰভাৱ আপোনাৰ প্ৰেম জীৱনৰ ওপৰত পৰিব পাৰে। বিবাহৰ সৈতে সম্পৰ্কিত বিষয় আগবঢ়াবৰ বাবে এই মাহটো অনুকূল হ’ব। আৰ্থিক স্থিতিত এই মাহটো সাধাৰণভাৱে অনুকূলেই হ’ব। এই মাহত আপুনি উপাৰ্জনৰ এক ডাঙৰ অংশ সঞ্চয় কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা এই মাহটোত দুৰ্বল ফল লাভ কৰাৰ সম্ভাৱনা আছে। পৰিৱৰ্তিত জলবায়ুৰ প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিবহ পাৰে। সেয়েহে আপোনাৰ স্বাস্থ্যত উত্থান-পতন দেখা যাব পাৰে। খোৱা-বোৱা সন্তুলিত কৰি ৰখাৰ প্ৰয়োজনীয়তা আছে। স্বাস্থ্যৰ প্ৰতি সচেতন হৈ থাকিলেহে আপুনি সুস্বাস্থ্য অটুত ৰাখিব পাৰিব।

উপায় : অভাৱী লোকক সামৰ্থ অনুসৰি ভোজন কৰাওক।








বৃষ ৰাশিৰ ৰাশিফল :

বৃষ ৰাশিৰ জাতকসকলৰ বাবে জুলাই মাহটো কিছু পৰিমাণে অনুকূল হ’ব। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় যে কৰ্মক্ষেত্ৰত আপুনি কিছু পৰিমাণে অনুকূল ফল প্ৰাপ্ত কৰিব। ব্যৱসায়ীসকলে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সাৱধানীপূৰ্বক আগবাঢ়িব লাগিব। চকৰিয়াল লোকসকল ডাঙৰ সমস্যাৰ সম্মুখীন হ’বলগীয়া নহয় কিন্তু কিছু সৰু সুৰা বাধা আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত জুলাই মাহত মজলীয়া ফলাফল প্ৰাপ্ত কৰিব। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলে যথেষ্ট ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে আপুনি মিশ্ৰিত ফলাফল লাভ কৰিব। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে আপোনাক বিচলিত দেখা যাব পাৰে। আপুনি আৱেগৰ বশৱৰ্তী হ’ব পাৰে আৰু এনে কোনো কথা ক’ব পাৰে যাৰ বাবে আপোনাৰ প্ৰেমাস্পদ আঘাতপ্ৰাপ্ত হ’ব পাৰে। বৈবাহিক জীৱনতো অনুকূলতা লাভ কৰিব। তৎস্বত্বেও দাম্পত্য জীৱনত সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আছে। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে আপুনি নিজৰ কৰ্মপটুতাৰ সুপ্ৰয়োগ কৰি ভাল আমদানী লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশত দেখা গৈছে যে এই মাহটোৱে আপোনাক মিশ্ৰিত ফল প্ৰদান কৰিব। শাৰীৰিক সমস্যাৰ লগতে কিছু পৰিমাণৰ আৰ্থিক সমস্যাও দেখা যাব পাৰে। এই মাহত বাহন ইত্যাদি চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে।

উপায় : এজমা ৰোগীক ঔষধ ক্ৰয় কৰাত সহায় কৰক।





মিথুন ৰাশিৰ ৰাশিফল :

মিথুন ৰাশিৰ জাতকসকলে এই মাহত মধ্যমীয়া ফলাফল প্ৰাপ্ত কৰিব। জীৱনৰ অধিকাংশ ক্ষেত্ৰত অনুকূলতা থাকিব কিন্তু কিছুমান ক্ষেত্ৰত সমস্যা বা দুৰ্বলতা দেখা যাব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা গৈছে যে কৰ্মক্ষেত্ৰৰ সন্দৰ্ভত আপুনি যাত্ৰা কৰিবলগীয়া হ’ব পাৰে। কৰ্মক্ষেত্ৰৰ সৈতে জড়িত বিষয়ত কোনো অপ্ৰত্যাশিত ফল প্ৰাপ্ত হ’ব পাৰে। ব্যৱসায়ৰ সৈতে সম্পৰ্কিত জাতকসকলৰ বাবে এই সময়খিনি সহায়ক প্ৰমাণিত হ’ব। শিক্ষাৰ ক্ষেত্ৰত দেখা যায় যে আপুনি সাধাৰণভাৱে ভাল ফলাফল লাভ কৰিব। 18 জুলাইৰ পিছত ভাল ফলাফল কিছু হ্ৰাস হোৱা দেখা যাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। যদিও কোনো ডাঙৰ সমস্যাৰ যোগ নাই তথাপি অযথা কথা-বতৰাৰপৰা আতৰি থকাটো ভাল হ’ব। পৰিয়ালৰ লোকসকলৰ মাজত আত্মীয়তা অটুত থাকিব আৰু আপোনালোকে পৰস্পৰক সহযোগ কৰিবৰ বাবে তৎপৰ হৈ থাকিব। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে আপোনালোক দুয়োৱে পৰস্পৰক লগ পোৱাৰ সুযোগ কমকৈ পাব। কৰ্মব্যস্ততা বা আন কোনো কাৰণৰ বাবে পৰস্পৰৰ সৈতে ব্যৱধান বৰ্ত্তি থাকিব। অৱশ্যে লং ডিষ্টেনচত থকা প্ৰেমিক যুগলৰ বাবে এই সময়খিনি যথেষ্ট ভাল হ’ব। বিবাহ ইত্যাদিৰ সৈতে সম্পৰ্ক আগবঢ়াবৰ বাবে এই মাহটোক অনুকূল বুলি ক’ব পৰা যায়। বৈবাহিক জীৱনৰ দৃষ্টিকোণৰপৰা দেখা যায় এই মাহটো মধ্যমীয়া ফল লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক জীৱনৰ দিশত ক’ব পৰা যায় যে আপোনাৰ পৰিশ্ৰম আৰু কৰ্ম অনুসৰি আপোনাৰ লাভৰ স্তৰ যথেষ্ট ভাল হ’ব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ ভাল উপাৰ্জন হ’ব। সঞ্চয়ৰ দিশৰপৰা এই মাহটো সিমান ভাল নহয়। মুঠতে সাধাৰণভাৱে এই মাহটোত আৰ্থিক দিশত আপুনি কিছু পৰিমাণে ভাল ফল আশা কৰিব পাৰে। স্বাস্থ্যৰ দিশৰপৰা মাহটোত আপুনি মধ্যমীয়া ফল লাভ কৰিব। যদিও কোনো ডাঙৰ সমস্যা নাই তথাপি সৰু সুৰা সমস্যা হ’ব পাৰে। আপুনি খাদ্যাভ্যাসৰ কিছু অৱনতি হ’ব পাৰে যাৰ নেতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব পাৰে। মূৰৰ বিষ, জ্বৰ বা পিত্তৰ সৈতে সম্বন্ধিত কোনো সমস্যাই দেখা দিব পাৰে। গতিকে আপোনাৰ শাৰীৰিক প্ৰকৃতি অনুসৰি খোৱা-বোৱা কৰি, যোগ ব্যায়াম কৰি আপুনি স্বাস্থ্য ভালে ৰাখিব পাৰিব।

উপায় : মদ, মাংস, কণী বা অশ্লীলতাৰপৰা দূৰত থাকক।




কৰ্কট ৰাশিৰ ৰাশিফল :

জুলাই মাহেকীয়া ৰাশিফল 2025 অনুসৰি কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে এই মাহটো কিছু পৰিমাণে দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত ক’ব পাৰি যে কৰ্মক্ষেত্ৰত কিছু অসন্তুসন দেখা যাব পাৰে। বিশেষকৈ যিসকল লোকৰ কাম বক্তব্য বা বাণীৰ সৈতে আছে তেওঁলোকৰ কাম কিছু পৰিমাণে পৰ্ভাৱিত হ’ব পাৰে। সেয়া লাগিলে ওকালতিয়েই হওক অথবা সাংবাদিকতাই হওক। চাকৰিয়ালেই হওক বা ব্যৱসায়েই হওক আপুনি ভাবি-চিন্তি যিকোনো পদক্ষেপ গ্ৰহণ কৰা উচিত। শিক্ষাৰ দিশৰপৰা এই মাহটো মধ্যমীয়া হ’ব। এই সময়খিনিত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলে ভাল ফল লাভ কৰিব। পাৰিবাৰিক দিশত এই মাহত আপুনি কিছু দুৰ্বল ফল লাভ কৰাৰ আশংকা কৰা হৈছে। ভাই বন্ধুৰ সৈতে এই মাহত সম্পৰ্ক কিছু দুৰ্বল হ’ব পাৰে। গৃহস্থীৰ সৈতে জড়িত বিষয়ত আপুনি ভাল ফল লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দেখা গৈছে যে এই মাহত কৰ্কট ৰাশিৰ জাতকসলৰ বাবে কিছু সমস্যা আহিব পাৰে। আপোনাৰ কথা-বতৰা কিছু কঠোৰ হ’ব পাৰে। ফলস্বৰূপে আপোনাৰ সঙ্গী ব্যথিত হ’ব পাৰে। বিবাহৰ সৈতে সম্পৰ্কিত বিষয়ত এই মাহটো কিছু দুৰ্বল হ’ব পাৰেকিন্তু দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। আৰ্থিক দিশৰ ক্ষেত্ৰত দেখা গৈছে যে আপুনি অত্যন্ত উত্তম ফল প্ৰাপ্ত নকৰিব পাৰে কিন্তু এয়া নিশ্চিত যে আপুনি যিমান কাম কৰিব সেই অনুপাতে তাতকৈ বহুত ভাল ফল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত কব পৰা যায় যে স্বাস্থঅযৰ দিশৰপৰা এই মাহটোৱে আপোনাক মধ্যমীয়া ফল প্ৰদান কৰিব। আপোনাৰ মূৰৰ বিষ, জ্বৰ আদি হ’ব পাৰে। আপোনাৰ খোৱা-বোৱা অসংযমিত হ’ব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব পাৰে।

উপায় : নিয়মিতভাৱে গণপতি অথৰ্বশীৰ্ষ পাঠ কৰক।



সিংহ ৰাশিৰ ৰাশিফল :

জুলাই মাহটো সিংহ ৰাশিৰ জাতকসকলৰ বাবে মোটামোটি কিছু দুৰ্বল হোৱাৰ আশংকা কৰাহ হৈছে। আপোনাৰ লগ্ন স্বামী বা ৰাশি স্বামী সূৰ্য্য গ্ৰহে মাহটোৰ দ্বিতীয় ভাগত দুৰ্বল পৰিণাম প্ৰদান কৰাৰ সম্ভাৱনা আছে। আপোনাৰ কেৰিয়াৰৰ স্থানৰ স্বামী এই মাহত অধিকাংশ সময়ত কেৰিয়াৰৰ গৃহতেই স্থিত হ’ব। ইয়াক এক অনুকূল স্থিতি বুলি ক’ব পৰা যায়। ফলস্বৰূপে আপুনি কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব। অৱশ্যে ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এই মাহত কোনো নতুন প্ৰয়োগ কাৰৰ পৰা দূৰত থকা উচিত। শিক্ষাৰ ক্ষেত্ৰত এই মাহটোৱে মধ্যমীয়া বা মধ্যমীয়াতকৈ উন্নত ফলাফ প্ৰদনা কৰিব। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলে কাৰক গ্ৰহৰ ভাল সমৰ্থন লাভ কৰিব। পাৰিবাৰিক ৰাশিফল অনুসৰি এই মাহটোত আপুনি কিছু পৰিমাণে দুৰ্বল ফলাফল লাভ কৰাৰ আশংকা কৰা হৈছে। ঘৰ-পৰিয়ালত কোনো সদস্যৰ সৈতে আপোনমাৰ মাতবোল বন্ধ হ’ব পাৰে। গতিকে ঘৰুৱা জীৱনত কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আছে। প্ৰেমৰ সম্বন্ধৰ ক্ষেত্ৰত দেখা যায় যে আপুনি মধ্যমীয়া ফলাফল লাভ কৰিব। মাজে মাজে জটিলতা বা উদাসীনতাই দেখা দিব পাৰে। বিবাহ আদিৰ দৰে সম্পৰ্ক আগবঢ়াবৰ বাবে এই মাহটোক অনুকূল বুলি ক’ব পৰা যাব। অৱশ্যে দাম্পত্য জীৱনৰ বাবে এই মাহটো কিছু দুৰ্বল হ’ব পাৰে। আৰ্থিক দৃষ্টিকোণপৰা ক’ব পৰা যায় যে এই মাহটো কিছু পৰিমাণে অনুকূল হ’ব কিন্তু সঞ্চয়ৰ দিশৰপৰা দুৰ্বল হ’ব। জুলাি মাহেকীয়া ৰাশিফল 2025 অনুসৰি এই মাহটোৱে আপোনাক মধ্যমীয়া ফলাফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। মাহটোৰ প্ৰথম ভাগটো স্বাস্থ্যৰক্ষাৰ দিশৰপৰা যথেষ্ট পৰিমাণে ভালেই যাব। আনহাতে দ্বিতীয় ভাগটো দুৰ্বল হ’ব পাৰে। আপুনি স্বাস্থ্যক লৈ যথেষ্ট সজাগ হৈ থাকিব লাগিব।

উপায় : সূৰ্য্যোদয়ৰ পূৰ্বে উঠি স্নান আদিৰদ্বাৰা নিবৃত হৈ সূৰ্য্য দেৱতাক সেন্দুৰ মিহলি পানী অৰ্পণ কৰক।





কন্যা ৰাশিৰ ৰাশিফল :

জুলাই মাহটোৱে কন্যা ৰাশিৰ জাতকসকলক অনুকূল ফলাফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। অধিকাংশ গ্ৰহ আপোনাৰ পক্ষত থাকিব বা আপোনাৰ বাবে মধ্যমীয়া ফল প্ৰদান কৰিব। অৱশ্যে শনি, মঙ্গল আৰু কেতুৰ দৰে গ্ৰহে কিছু পৰিমাণে নেতিবাচক ফলাফ দিব পাৰে। কেৰিয়াৰৰ দিশত দেখা যায় যে কৰ্মক্ষেত্ৰত আপোনমাৰ স্থিতি ভাল হ’ব। যদিহে ব্যৱসায় কৰে তেনেহ’লে এই মাহত ভাল লাভজনক চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও শিক্ষা, ওকালতি, সাংবাদিকতা বা কলচালটেন্সী আদিৰ দৰে ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে ভাল ফল লাভ কৰিব। শিক্ষাৰ দৃষ্টিকোণৰপৰা জুলাই মাহটোত মধ্যমীয়া বা মধ্যমীয়াতকৈ উন্নত পৰিণাম লাভ কৰিব। প্ৰামথমিক শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ শৰীৰত আলস্থা ভাৱ থাকিব পাৰে বা গুৰুত্বহীন হ’ব পাৰে আৰু তেওঁলোকৰ শিক্ষাত বাধা আহিব পাৰে। আনহাতে ব্যৱসায়িক শিক্ষা গ্ৰহ কৰি থকা শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন যথেষ্ট ভাল হ’ব। পাৰিবাৰিক জীৱনৰ বাবে মাহটো অনুকূল হোৱাৰ সম্ভাৱনা দেখা যায়। ঘৰ পৰিয়ালত কোনো মাংগলিক কাৰ্য্য হ’ব পাৰে বা পৰিয়ালৰ লোকসকল একেলগে কোনো ধৰ্মীয় স্থানলৈ যাব পাৰে। প্ৰেম জীৱনত এই মাহত মিশ্ৰিত ফলাফল লাভ কৰিব। দাম্পত্য জীৱনৰ বাবে এই মাহটো কিছু দুৰ্বল হ’ব পাৰে। পৰস্পৰৰ মাজক যুক্তি-তৰ্ক হ’ব পাৰে। এনে স্থিতিত নিজৰ দাম্পত্য জীৱনৰ প্ৰতি সম্পূৰ্ণ মনোযোগ ৰখাৰ আৱশ্যকতা আছে। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে লাভ প্ৰদান কৰাৰ ক্ষেত্ৰত এই মাহটোৱে ভাল ভূমিকা গ্ৰহণ কৰিব। কিছু পৰিমাণৰ ধন দান-পুণ্য,পৰোপকাৰ বা ভাল কামত ব্যয় হ’ব পাৰে কিন্তু এই মাহত কোনো আৰ্থিক সমস্যা হ’ব নালাগে। বিপদাশংকা থকা বিনিয়োগৰপৰা কিছু আতৰি থকা উচিত কিন্তু সাধাৰণভাৱে সুৰক্ষিত ক্ষেত্ৰত বিনিয়োগ কৰা লোকসকলে কোনো নেতিবাচক ফলল লাভ কৰাৰ আশংকা নাই। জুলাই মাহেকীয়া ৰাশিফল 2025 অনুসৰি, স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা মাহটোৱে মধ্যমীয়াতকৈ উন্নত ফলাফল প্ৰদান কৰিব। মাত্ৰ কিছুমান সৰু-সুৰা বিসংগতি আহিব পাৰে কিন্তু সূৰ্য্য পৰিবহনে সেই বিসংগতিবোৰকো দূৰ কৰাত সহায় কৰিব আৰু এইদৰে আপুনি নিজৰ সুস্বাস্থ্য অটুত ৰাখিব পাৰিব।

উপায় : হমুমানৰ মন্দিৰত ৰঙা ৰঙৰ প্ৰসাদ আগবঢ়াওক আৰু মানুহৰ মাজত প্ৰসাদ বিতৰণ কৰক।





তুলা ৰাশিৰ ৰাশিফল :

জুলাই 2025 ৰাশিফল অনুসৰি তুলা ৰাশিৰ জাতকসকলৰ বাবে জুলাই 2025 মাহটো কিছু পৰিমাণে অনুকূল হ’ব। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় সৰু সুৰা ব্যৱধান আহিব পাৰে কিন্তুকোনো ডাঙৰ সমস্যা নহয়। কৰ্মক্ষেত্ৰত অনুকূলতা দেখা যাব। বিশেষকৈ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এই মাহত ভাল সুযোগ লাভ কৰিব পাৰে। বিশেষকৈ যিসকল লোকৰ বিদেশৰ সৈতে সম্পৰ্ক আছে তেওঁলোকে ভাল পৰিণাম লাভ কৰিব। মাহটোৰ দ্বিতীয় ভাগত পদোন্নতিৰ সম্ভাৱনা শক্তিশালী হ’ব। শিক্ষাৰ দৃষ্টিকোণৰপৰা মাহটো সাধাৰণভাৱে ভাল হ’ব। প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ল’বলগীয়া শিক্ষাৰ্থীসকলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ বাবেও বৃহস্পতিৰ পৰিবহনে অনুকূলতা সংকেত দিয়ে। পাৰিবাৰিক ক্ষেত্ৰতো অনুকূল ফলাফল প্ৰাপ্ত কৰিব বুলি ক’ব পৰা যায়। অৱশ্যে পৰিয়ালৰ লোকসকলৰ সৈতে কেতিয়াবা কেতিয়াবা সৰু সুৰা বিবাদ হ’ব পাৰৰে কিন্তু কোনো ডাঙৰ নেতিবাচক প্ৰভাৱ দেখা নাযায়। ভাই-বন্ধু আৰু ঘনিষ্ঠ লোকসকল পৰস্পৰৰ প্ৰতি বিশ্বাসী আৰু হিতৈষী হ’হব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ক’ব পৰা যায় যে এই মাহত আপোনালোকৰ মাজত কোনো ভুল বুজাবুজি হ’ব পাৰে। মাজে সময়ে যুক্তি-বিবাদো হ’ব পাৰে। কিন্তু বৃহস্পতিৰ কৃপাদৃষ্টিৰ ফলত সকলোবোৰ সমস্যা দূৰ হ’ব। বিবাহ ইত্যাদিৰ কথা আগবঢ়াবৰ বাবে এই মাহটো ভাল হ’ব। বৈবাহিক জীৱনত ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক দৃষ্টিকোণৰপৰা এই মাহটোৰ দ্বিতীয় ভাগত স্থিতি ভাল হ’ব। ব্যৱসায়ৰ সৈতে জড়ি লোকসকলে কেইবাটাও মাধ্যমৰপৰা ধন লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় এই মাহত আপুনি মিশ্ৰিত পৰিণাম লাভ কৰিব। মাজে সময়ে সৰু সুৰা সমস্যা হ’ব পাৰে কিন্তু শীঘ্ৰেই সেইবোৰৰপৰা পৰিত্ৰাণ লাভ কৰিব। এইদৰে আপুনি নিজৰ স্বাস্থঅযৰ আনন্দ ল’ব পাৰিব।

উপায় : নিয়মিতভাৱে মন্দিৰলৈ যাওক আৰু তাত নিজৰ আৰাধ্য দেৱতা বা দেৱীক দণ্ডৱত প্ৰণাম কৰক।




বৃশ্চিক ৰাশিৰ ৰাশিফল :

বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে জুলাই 2025 মাহটোৱে মিশ্ৰিত বা তাতোকৈ কিছু গুৰ্বল ফলাফল কঢ়িয়াই আনিব। সূৰ্য্যৰ পৰিবহন হৈ এই মাহৰ প্ৰথম ভাগত আপোনাৰ অষ্টম গৃহত স্থিত হ’ব যি হৈছে এক দুৰবল স্থিতি। আপোনাৰ কেৰিয়াৰৰ স্থানৰ স্বামী এই মাহৰ প্ৰথম ভাগত অষ্টম গৃহত থকাৰ বাবে কৰ্মক্ষেত্ৰত সংঘৰ্ষ হ’ব পাৰে। অৱশ্যে এনে স্থিতিত অপ্ৰত্যাশিতভাৱে আপোনাৰ কোনো কাম হ’ব পাৰে। ব্যৱসায়ৰ দৃষ্টিকোণৰপৰা এই মাহটো সিমান ভাল নহ’ব। শিক্ষাৰ দিশৰপৰা এই মাহটোৱে মিশ্ৰিত পৰিণাম প্ৰদান কৰিব। কিন্তু অভিজ্ঞতা কম হোৱাৰ বাবে শিক্ষাৰ্থীসকলৰ মন বাৰে বাৰে বিচলিত হ’ব পাৰে। ঘৰৰ পৰিৱেশ কিছু বিনষ্ট হ’ব পাৰে যাৰ প্ৰভাৱ অধ্যয়নৰ ওপৰত পৰিব পাৰে। কঠোৰ পৰিশ্ৰম কৰা শিক্ষাৰ্থীসকলে যিকোনো ধৰণে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিব। জুলাই মাহেকীয় ৰাশিফল 2025 অনুসৰি জুলাই মাজত জাতকসকলে এইক্ষেত্ৰত মধ্যমীয়া বা মিশ্ৰিত ফলাফল লাভ কৰিব। আপুনি জানি-বুজি ভাই-বন্ধুৰ বিৰোধিতা নকৰিব কিন্তু কিবা নহয় কিবা প্ৰকাৰে তেওঁলোকে আপোনাৰ বিৰূদ্ধে যোৱাৰ সুযোগ পাব পাৰে আৰু তেওঁলোকে আপোনাৰ বিৰূদ্ধাচৰণ কৰিব পাৰে। কিন্তু আপুনি পৰিপক্কভাতে পদক্ষেপ ল’লে সকলোবোৰ সমস্যা দূৰ হ’ব। প্ৰেম জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে এই মাহটো প্ৰেম জীৱনৰ বাবে বৰ বিশেষ ভাল নহয়। প্ৰেমৰ কাৰক গ্ৰহ শুক্ৰই এই মাহত অধিক অনুকূল ফলাফল প্ৰদান কৰাত অসমৰ্থ হ’ব। বিবাহৰ সৈতে সম্বন্ধিত বিষ.ৰ বাবেও এই মাহটো সিমান অনুকূল নহ’ব। বৈবাহিক জীৱনত মধ্যমীয়া ফল লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক জীৱনত দেখা গৈছে যে লাভৰ স্তৰ কিছু কম হ’ব পাৰে। অৰ্থাৎ আপুনি নিজৰ পৰিশ্ৰম অনুপাতে প্ৰাপ্ত কৰা লাভ বা উন্নতি কম হ’ব। বিশেষকৈ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত এনে হোৱা দেখা যাব। চাকৰিয়াল লোকসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকৰ পাবলগীয়া ধন লাভ নকৰিব পাৰে। স্বাস্থ্যৰ দিশৰপৰা এই মাহটোৱে আপোনাক মধ্যমীয়া ফলাফল প্ৰদান কৰিব। স্বাস্থ্য দুৰ্বল হ’ব পাৰে কিন্তু আপুনি সোনকালেই সুস্বাস্থ্য ঘূৰাই পাব। গুৰুত্বহীনতাৰ বাবে উৰ্জা অসন্তুলিত হৈ আপুনি আঘাতপ্ৰাপ্ত হ’ব পাৰে। হৃদৰোগৰ সমস্যাত ভোগা লোকসকলে এই মাহত বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত।

উপায় : সূৰ্য্য ভগৱানক পূজাত ব্যৱহাৰ কৰা সেন্দুৰ মিহলোৱা পানী নিয়মিতভাৱে অৰ্পণ কৰক।




ধনু ৰাশিৰ ৰাশিফল :


ধনু ৰাশিৰ জাতকসকলৰ বাবে জুলাই 2025 মাহটোৱে সাধাৰণভাৱে মধ্যমীয়াতকৈ উন্নত ফলাফল প্ৰদান কৰিব। আপোনাৰ কেৰিয়াৰৰ স্থানৰ স্বামীয়ে এই মাহত অষ্টম গৃহত পৰিবহন কৰিব যিটো সিমান ভাল স্থিতি নহয় কিন্তু অষ্টম গৃহত বুধৰ পৰিবহনে ভাল ফল প্ৰদান কৰিব পাৰে। কৰ্মক্ষেত্ৰত কিছু কঠিনতা দেখা পোৱা যাব পাৰে কিন্তু কঠিনতাৰ পিছত ভাল প্ৰদৰ্শন কৰিব পাৰিব। অৱশ্যে, ব্যৱসায়ৰ দৃষ্টিকোণৰপৰা এই মাহটোৱে মধ্য়মীয়া ফল প্ৰদান কৰিব। কিন্তু আকস্মিকভাৱে কোনো ডাহৰ বিনিয়োগ কৰাটো উচিত নহ’ব। শিক্ষাৰ দিশৰপৰা জুলাই মাহটোৱে মধ্যমীয়াতকৈ উন্নত ফল প্ৰদান কৰিব। নিজৰ ঠাইত থাকি অধ্য়য়ন কৰা শিক্ষাৰ্থীসকলে কিছু জটিলতাৰ সম্মুখীন হ’ব পাৰে কিন্তু ঘগৰৰপৰা দূৰত থাকি অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে ভাল ফল লাভ কৰিব। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলে তুলনামূলকভাৱে অধিক কষ্ট কৰাৰ প্ৰয়োজন হ’ব তেতিয়াহে অনুকূল ফল লাভ কৰিব পাৰিব। পাৰিবাৰিক দিশৰ ক্ষেত্ৰত জুলাই মাহত মধ্যমীয়া ফল লাভ কৰাৰ সম্ভাৱনা আছে। পাৰিবাৰিক ক্ষেত্ৰত সাৱধানীপূৰ্বক পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। গুৰুত্বহীনতাৰ বাবে পাৰস্পৰকি যুক্তি-তৰ্ক বা মতভেদ দেখা যাব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মাহত আপোনালোকৰ মাজ ভুল বুজাবুজি হ’ব পাৰে বা কোনো যাত্ৰা অথবা ব্যস্ততাৰ বাবে আপুনি সঙ্গীক সময় দিব নোৱাৰিব পাৰে। লগ নোপোৱাৰ বাবে বিবাদ হোৱাৰ সম্ভাৱনা আছে। বৈবাহিক জীৱনত এই মাহত মধ্যমীয়া সুখ প্ৰাপ্ত কৰাৰ সম্ভাৱনা দেখা যায়। আৰ্থিক জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে যিসকল লোকে বেংক আদিৰপৰা লোন লৱাৰ চেষ্টা কৰি আছে তেওঁলোকে লোন পাব। উপাৰ্জনৰ পথত জটিলতা আহিব পাৰে। আৰ্থিক দিশত কোনো ডাঙৰ সমস্যা অহাৰ সম্ভাৱনা নাই। জুলাই মাহেকীয়া ৰাশিফল 2025 মাহটোৱে আপোনাৰ ভাল ফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। উচিত খোৱা-বোৱা কৰিলে আপুনি সুস্বাস্থ্য অটুত ৰাখিব পাৰিব আৰু কোনো ডাঙৰ সমস্যাই আপোনাক অসুবিধাত নেপেলাব।

উপায় : মা দুৰ্গাৰ পূজা অৰ্চণা কৰক আৰু কন্যাক মিঠাই খুৱাই তেওঁলোকৰ আশীৰ্বাদ লওক।



মকৰ ৰাশিৰ ৰাশিফল :

মকৰ ৰাশিৰ জাতকসকলৰ বাবে এই মাহটোৱে মধ্যমীয়া বা মধ্যমীয়াতকৈ উন্নত ফলাফল কঢ়িয়াই আনিব। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় যে আপোনাৰ কৰ্মক্ষেত্ৰত সূৰ্য্যৰ কৃপাৰ ফলত বৃদ্ধি হ’ব। চাকৰিত ভাল প্ৰদৰ্শন কৰিব। লগতে আপুনি নিজৰ ব্যৱসায়তো ভাল প্ৰদৰ্শন কৰিব পাৰিব। জ্যেষ্ঠ কৰ্মচাৰীসকলৰ সৈতে আপোনাৰ তাল-মিল যথেষ্ট ভাল হ’ব। তুলানমূলকভাৱে মাহটোৰ দ্বিতীয় ভাগটো কিছু দুৰ্বল হ’ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ক’ব পাৰি যে আপুনি কিছু দুৰ্বল পৰিণাম লাভ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কিছু কঠিনতা আহিব পাৰে। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি থকা কলে তুলনামূলকভাৱে ভাল ফল লাভ কৰিব। কলা-সাহিত্য ইত্যাদিৰ সৈতে জড়িত শিক্ষাৰ্থীসকলে ভাল পৰিণাম প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰি শিক্ষাৰ্খীসকলক বৃহস্পতিয়ে অনুকূল ফলাফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনত জাতকসকলে মিশ্ৰতি ফলাফল লাভ কৰিব বুলি ক’ব পৰা যায়। অৱশ্যে ভুল বুজাবুজি, মতভেদ আদি হ’ব পাৰে। কিছুমানঅপ্ৰত্যাশিত সমস্যাও দেখা যাব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত সাধাৰণভাৱে এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা দেখা গৈছে। সৰু সুৰা বিসংগতি দেখা যাব পাৰে। প্ৰেম জীৱনত যথেষ্ট পৰিমাণে এই মাহত উপভোগ কৰিব পাৰিব। বিবাহ আদিৰ সৈতে সম্পৰ্কিত বিষয় আগবঢ়াবৰ বাবে এই মাহটো মধ্যমীয়া হ’ব। লগতে বৈবাহিক জীৱনৰ ক্ষেত্ৰতো এই মাহত মধ্যমীয়া ফল লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে কিছু লাভ প্ৰাপ্ত কৰিব পাৰিব কিন্তু নিৰন্তৰ ৰূপত কিছু জটিলতা দেখা যায়। ধন সঞ্চয় কৰাটো সহজ নহ’ব কিন্তু পুৰণা ধন যি আপুনি আগৰেপৰাই সঞ্চয় কৰি ৰাখিছে সেয়া অযথা ব্যয় নহ’ব কাৰণ বৃহস্পতিয়ে অযথা ব্যয়ত বাধা প্ৰদান কৰিব। স্বাস্থ্যৰ দিশপৰা দেখা গৈছে যে আপুনি এই মাহত মধ্যমীয়াতকৈ উন্নত ফলাফল লাভ কৰিব। অৱশ্যে শাৰীৰিক প্ৰকৃতিৰ বিৰূদ্ধে খোৱা-বোৱা কৰাৰ ফলত স্বাস্থ্য দুৰ্বল হ’ব পাৰে। গুৰুত্বহীনতাৰ বাবে কোনো স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে কিন্তু ইয়াৰপৰা উপশম সোনকালেই লাভ কৰিব।

উপায় : মন্দিৰত চাউল, গুড় আৰু বুট দাইল মঙ্গলবাৰে দান কৰক।





কুম্ভ ৰাশিৰ ৰাশিফল :

জুলাই মাহেকীয়া ৰাশিফল 2025 অনুসৰি জুলাই মাহটোৱে কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে কিছু পৰিমাণে অনুকূল ফল প্ৰদান কৰিব। কেৰিয়াৰৰ দিশত দেখা যায় যে আপুনি কষ্টৰ ফল ততালিকে লাভ নকৰবি পাৰে কিন্তু পৰিকল্পনাৱদ্ধ ভাৱে কাম কৰিলে ফলাফল আপোনাৰ পক্ষত থাকিব। গুৰুত্বহীনতাৰ স্বভাৱে এই সময়ত আপোনাৰ লোকচান কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত এই মাহত অিক বিপদাশংকা লোৱাটো উচিত নহ’ব। সহকৰ্মীসকলৰ সৈতে চলি থকা বিবাদ আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰিব পাৰিব। অৱশ্যে ব্যৱসায়ীসকলৰ তুলনাত চাকৰিয়াল লোকসকলে অধিক ভাল ফল লাভ কৰাৰ আশা কৰিব পাৰি। শিক্ষাৰ দৃষ্টিকোণৰপৰা দেখা যায় যে জুলাই মাহটোৱে ভাল ফল প্ৰদান কৰাৰ সম্ভাৱনা আছে।উচ্চ সিক্ষাৰ কাৰক গ্ৰহ বৃহস্পতি পঞ্চম গৃহত স্থিত হৈ আপোনাক যথেষ্ট ভাল পৰিণাম প্ৰদান কৰিব। প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষা প্ৰাপ্ত কৰি থকা সকলো শিক্ষাৰ্থীৰ বাবে এই মাহটো ভাল হ’ব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহটোৱে মিশ্ৰিত ফল প্ৰদান কৰিব। অৱশ্যে পৰিয়ালৰ লোকসকলৰ মাজত জেদৰ স্থিতি দেখা যাব পাৰে। কিছুমান বিবাদো আহিব পাৰে কিন্তু সৰ্বশেষত সকলোবোৰ পৰিস্থিতি শান্ত হ’ব। প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰত এই মাহত দেখা গৈছে যে এই মাহত প্ৰেমৰ সম্পৰ্কত ডাঙৰ সমস্যা নাহে। প্ৰেমৰ ক্ষেত্ৰত মৰ্যাদাৰ পালন কৰাটো যথেষ্ট প্ৰয়োজনীয় হ’ব। দাম্পত্য জীৱনৰ সুখৰ ক্ষেত্ৰত এই মাহৰ ফলাফল কিছু দুৰ্বল হ’ব পাৰে। পৰস্পৰৰ মাজত কিছু যুক্তি বা কাজিয়া হ’ব পাৰে। আৰ্থিক জীৱনত এই মাহত স্থিতি যথেষ্ট ভাল হ’ব বুলি আশা কৰিব পাৰি। আপুনি যি স্তৰৰ কাম কৰিব সেই স্তৰৰ লাব প্ৰাপ্ত কৰিব। চাকৰিয়াল লোকসকলে ইনক্ৰিমেণ্ট লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশপৰা ক’ব পাৰি যে জুলাই মাহটো কিছু দুৰ্বল হ’ব পাৰে। অসংযমিত খোৱা-বোৱাৰ বাবে পেটৰ সৈতে সম্পৰ্কিচ সমস্যা হ’ব পাৰে। স্বাস্থ্যৰ প্ৰিত যত্ন লোৱাটো যথেষ্ট জৰুৰী হ’ব।

উপায় : নিয়মিতভাৱে হনুমান চালিশা পাঠ কৰক।





মীন ৰাশিৰ ৰাশিফল :


মীন ৰাশিৰ জাতকসকলৰ বাবে জুলাই 2025 মাহটোৱে মধ্যমীয়া ফলাফল কঢ়িয়াই আনিব অথবা কোনো কোনো লোকে দুৰ্বল ফলাফলো অৱশ্যে প্ৰাপ্ত কৰিব পাৰে। আপোনাৰ কেৰিয়াৰৰ স্থানৰ স্বামী এই মাহত চতুৰ্থ গৃহত সম অৱস্থাত স্থিত হ’ব আৰু নিজৰ নক্ষত্ৰত থাকিব। এনে স্থিতিত আপুনি প্ৰেক্টিকেল হৈ চেষ্টা কৰিলে নিজৰ কেৰিয়াৰত অনুকূল ফল লাভ কৰিব পাৰিব। এই সময়ছোৱাত ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ নকৰাটো ভাল হ’ব। চাকৰিয়াল লোকসকলে তুলানমূলকভাৱে অধিক ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত ক’ব পৰা যায় যে আপুনি মধ্যমীয়া স্তৰৰ ফলাফল লাভ কৰিব। মনত ৰখাৰ ক্ষমতা কিছু বাধাপ্ৰাপ্ত হ’ব পাৰে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত এই মাহটোৱে মধ্যমীয়া স্তৰৰ ফলাফল প্ৰদান কৰিব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰতএই মাহটোৱে অনুকূল ফল প্ৰদান কৰিব। ভাই-বন্ধুৰ সৈতে সম্পৰ্ক ভালে থাকিব। মীন ৰাশিৰ জাতকসকলৰ বাবে এই মাহটো প্ৰেম জীৱনৰ ক্ষেত্ৰত সিমান ভাল নহ’ব। আপোনালোকে পৰস্পৰৰ অনুভূতিৰ প্ৰতি গুৰুত্ব নিদি অপশব্দৰ প্ৰয়োগ কৰিব পাৰে, যাৰ প্ৰভাৱ প্ৰেমৰ সম্পৰ্কৰ ওপৰত দেখা যাব। বৈবাহিক জীৱনত মধ্যমীয়া স্তৰৰ ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনৰ ক্ষেত্ৰত আপুনি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰ্থিক দিশত দেখা যায় যে এই মাহত স্থিতি সিমান অনুকূল নহয়। কষ্ট অনুপাতে লাভ প্ৰাপ্ত নকিৰব পাৰে। অৱশ্যে পূৰ্বৰেপৰা সঞ্চয় কৰা ধনৰ বাবে মাহটো অনুকূল হ’ব। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা মাহটো ৱে মিশ্ৰিত ফল প্ৰদান কৰিব। কিন্তু কোনো গুৰুতৰ সমস্যা নহয় বৰঞ্চ ধ্যান, যোগ আদিৰ সহায় লৈ এই মাহত আপুনি সুস্বাস্থ্যৰ আনন্দ ল’ব পাৰিব। অৱশ্যে স্বাস্থ্যৰ প্ৰতি উপেক্ষা কৰিলে কোনো সমস্যাৰ সম্মুখীন হ’ব পাৰে। যদিও কোনো ডাঙৰ সমস্যা নহয় তথাপি সজাগ হৈ থকাটো ভাল।

উপায় : সম্ভৱ হ’লে প্ৰতিদিনে অথবা বুধবাৰে গাই গৰুক সেউজীয়া ঘাঁহ খুৱাওক আৰু গাই গৰুৰ সেৱা কৰক।





July 2025 Horoscope for all zodiac signs in detail:




July 2025 is a month full of transformation, deep emotions, and breakthroughs. With the Sun in Cancer at the start of the month and then moving into Leo on July 22, the first half is about emotional connections, family, and inner healing, while the latter half shifts towards confidence, creativity, and taking bold steps. A Full Moon in Capricorn on July 10 and a New Moon in Leo on July 25 are key cosmic events that bring closure and new beginnings.


♈ Aries 


Theme: Balancing Career and Family

The first part of July makes you focus on home, family, and emotional needs. You may feel torn between professional goals and domestic responsibilities. The Full Moon on July 10 brings a career milestone or the completion of an important project. From July 22 onwards, your energy lightens as the Sun moves into Leo, bringing more joy, creativity, and even romantic sparks.


Lucky Days: 5, 10, 23


Tip: Don’t ignore emotional well-being in the chase for success.


♉ Taurus 


Theme: Communication Breakthroughs

This month, clear and effective communication becomes crucial. Misunderstandings may arise, especially around July 14, but also resolve quickly if you handle them diplomatically. Short trips, courses, or workshops are highly favored. Family discussions or property matters may come to the forefront. After July 22, focus shifts to home, comfort, and improving your living space.


Lucky Days: 7, 14, 26

Tip: Speak clearly and listen actively to avoid conflicts.


♊ Gemini 


Theme: Financial Planning and Growth

July focuses on finances. You may get an opportunity for extra income or a raise but avoid overspending. The Full Moon on July 10 may highlight debts or shared financial matters. Relationship-wise, communication becomes smoother after July 15. The last week of the month brings social events, travel plans, and creative inspiration.


Lucky Days: 8, 16, 25

Tip: Review budgets, clear debts, and avoid impulsive buys.


♋ Cancer 


Theme: Personal Growth and New Beginnings

Happy Birthday, Cancer! The Sun in your sign until July 22 makes you shine. You’ll feel empowered to make changes in your personal life, appearance, or goals. The Full Moon on July 10 puts the spotlight on relationships — expect decisions regarding partnerships. After July 22, money and personal values take center stage.


Lucky Days: 9, 17, 27

Tip: This is your month to prioritize yourself — set boundaries.


♌ Leo 


Theme: Healing and Fresh Starts

The early part of July urges you to rest, reflect, and recharge. Issues from the past may surface — take this time to heal and forgive. After July 22, the Sun moves into Leo, kicking off your personal New Year with fresh energy, motivation, and charisma. The New Moon on July 25 is the perfect time to set new intentions for the year ahead.


Lucky Days: 10, 18, 25

Tip: Let go of the past before stepping into your power.


♍ Virgo 


Theme: Networking and Career Progress

This month highlights social connections, teamwork, and future goals. Professional growth comes from collaborations and networking. The Full Moon on July 10 might bring closure to a romantic issue or a creative project. Health needs attention in the last week — don't overwork. The New Moon on July 25 supports inner healing.


Lucky Days: 6, 12, 24

Tip: Keep a balance between social life and self-care.


♎ Libra


Theme: Career Recognition

July is a high-achievement month. Career growth, promotions, or public recognition is possible, especially around the Full Moon on July 10. However, family or domestic issues might demand your attention mid-month. After July 22, social life becomes lively — expect parties, gatherings, and networking opportunities.


Lucky Days: 5, 15, 23

Tip: Manage work-life balance to avoid burnout.


♏ Scorpio


Theme: Expansion and Learning

Adventure calls! Whether through travel, study, or spiritual growth, July is about expanding your horizons. The Full Moon on July 10 may bring completion to a communication or learning project. Career opportunities or a shift in direction could come after July 22. Love feels adventurous and free-spirited this month.


Lucky Days: 7, 16, 28

Tip: Be open to new experiences — they’ll enrich your life.


♐ Sagittarius


Theme: Deep Transformations

July is about letting go of emotional baggage and transforming yourself. Financial matters related to loans, taxes, or shared resources may arise. The Full Moon on July 10 pushes you to stabilize your finances. After July 22, things lighten up — focus shifts to travel, learning, and fun experiences.


Lucky Days: 9, 17, 26

Tip: Embrace change; don’t resist emotional growth.


♑ Capricorn 


Theme: Relationship Focus

This month, relationships — personal and professional — are in focus. The Full Moon in your sign on July 10 is powerful for endings, realizations, or breakthroughs. You may redefine a relationship or complete a personal goal. After July 22, intimacy deepens, and financial matters involving others require attention.


Lucky Days: 8, 14, 24

Tip: Stay open to compromise in close partnerships.


♒ Aquarius 


Theme: Health and Habits

July asks you to focus on wellness, routines, and daily responsibilities. The Full Moon on July 10 brings a revelation about your mental or physical health. You may end a bad habit or complete a work-related task. After July 22, the focus shifts to love, partnerships, and social bonding.


Lucky Days: 7, 13, 23

Tip: Prioritize rest and develop healthy habits.



♓ Pisces 


Theme: Joy, Creativity, and Love

July starts on a joyful note. You’ll feel more creative, playful, and connected to romantic or artistic pursuits. The Full Moon on July 10 may bring closure related to a friendship or group activity. After July 22, focus turns to health, work routines, and practical matters.


Lucky Days: 5, 12, 25

Tip: Follow your heart — creativity and love are your superpowers this month.







जुलाई 2025 का मासिक राशिफल (सभी राशियों के लिए)

जुलाई 2025 परिवर्तन, गहरी भावनाओं और नए अवसरों से भरा हुआ महीना है। महीने की शुरुआत कर्क राशि में सूर्य के साथ होती है, जो 22 जुलाई के बाद सिंह राशि में प्रवेश करेगा। महीने का पहला भाग भावनात्मक जुड़ाव, परिवार और आंतरिक उपचार पर केंद्रित रहेगा, जबकि दूसरा भाग आत्मविश्वास, रचनात्मकता और साहसिक कदमों की ओर बढ़ेगा। 10 जुलाई को मकर राशि में पूर्णिमा और 25 जुलाई को सिंह राशि में अमावस्या दो महत्वपूर्ण खगोलीय घटनाएं रहेंगी जो समापन और नए आरंभ का संकेत देती हैं।

♈ मेष (Aries)
थीम: करियर और परिवार में संतुलन
जुलाई की शुरुआत में घर, परिवार और अपनी भावनात्मक ज़रूरतों पर ध्यान देना पड़ेगा। आप करियर और पारिवारिक जिम्मेदारियों के बीच उलझन महसूस कर सकते हैं। 10 जुलाई की पूर्णिमा आपके करियर में कोई उपलब्धि या महत्वपूर्ण प्रोजेक्ट का समापन लेकर आ सकती है। 22 जुलाई के बाद सूर्य सिंह में प्रवेश करेगा, जिससे ऊर्जा हल्की हो जाएगी और रचनात्मकता, खुशी और रोमांस बढ़ेगा।

शुभ दिन: 5, 10, 23
सुझाव: सफलता की दौड़ में भावनात्मक सेहत को नजरअंदाज न करें।

♉ वृषभ (Taurus)
थीम: संवाद में सफलता
इस महीने संचार बेहद महत्वपूर्ण रहेगा। 14 जुलाई के आसपास गलतफहमियाँ हो सकती हैं लेकिन सूझबूझ से हल भी हो जाएंगी। छोटे-छोटे यात्रा, कोर्स या वर्कशॉप आपके लिए लाभदायक रहेंगे। घर या संपत्ति से जुड़े मुद्दे सामने आ सकते हैं। 22 जुलाई के बाद ध्यान घर और आरामदायक जीवन पर केंद्रित हो जाएगा।

शुभ दिन: 7, 14, 26
सुझाव: स्पष्ट बोलें और ध्यान से सुनें ताकि टकराव से बच सकें।

♊ मिथुन (Gemini)
थीम: आर्थिक योजना और विकास
यह महीना धन संबंधी मामलों पर केंद्रित है। अतिरिक्त आय या वेतन वृद्धि का मौका मिल सकता है लेकिन फिजूलखर्ची से बचें। 10 जुलाई की पूर्णिमा कर्ज या साझे के आर्थिक मामलों को उजागर कर सकती है। रिश्तों में 15 जुलाई के बाद संवाद बेहतर होगा। महीने का अंतिम सप्ताह सामाजिक आयोजनों और यात्रा में व्यस्त रहेगा।

शुभ दिन: 8, 16, 25
सुझाव: बजट पर नजर रखें, कर्ज चुकाएं और अनावश्यक खर्च से बचें।

♋ कर्क (Cancer)
थीम: व्यक्तिगत विकास और नए आरंभ
जन्मदिन मुबारक हो कर्क राशि वालों! 22 जुलाई तक सूर्य आपके ही राशि में है, जिससे आप पूरे महीने चमकते रहेंगे। निजी जीवन, रूप या लक्ष्यों में बदलाव लाने का समय है। 10 जुलाई की पूर्णिमा आपके रिश्तों पर रोशनी डालेगी — पार्टनरशिप से जुड़े बड़े निर्णय संभव हैं। 22 जुलाई के बाद धन और व्यक्तिगत मूल्यों पर फोकस होगा।

शुभ दिन: 9, 17, 27
सुझाव: खुद को प्राथमिकता दें और सीमाएँ तय करें।

♌ सिंह (Leo)
थीम: उपचार और नई शुरुआत
महीने की शुरुआत में विश्राम, आत्म-चिंतन और पुरानी बातों को सुलझाने की जरूरत है। पुराने घाव उभर सकते हैं — उन्हें भरने का समय है। 22 जुलाई के बाद सूर्य आपके राशि में आ जाएगा, जिससे नई ऊर्जा, आत्मविश्वास और आकर्षण बढ़ेगा। 25 जुलाई की अमावस्या पर नए संकल्प लेने का उत्तम समय होगा।

शुभ दिन: 10, 18, 25
सुझाव: आगे बढ़ने से पहले बीते हुए बोझ को छोड़ दें।

♍ कन्या (Virgo)
थीम: नेटवर्किंग और करियर में प्रगति
यह महीना सामाजिक संपर्क, टीम वर्क और भविष्य की योजनाओं पर केंद्रित है। करियर में तरक्की मित्रों और सहयोगियों के साथ मिलकर होगी। 10 जुलाई की पूर्णिमा किसी रोमांटिक मुद्दे या रचनात्मक प्रोजेक्ट का समापन ला सकती है। अंतिम सप्ताह में स्वास्थ्य का ध्यान रखें। 25 जुलाई की अमावस्या आंतरिक उपचार में मदद करेगी।

शुभ दिन: 6, 12, 24
सुझाव: सामाजिक जीवन और खुद की देखभाल में संतुलन रखें।

♎ तुला (Libra)
थीम: करियर में पहचान
जुलाई आपके करियर के लिए महत्वपूर्ण है। पदोन्नति, सराहना या सार्वजनिक मान्यता मिल सकती है, विशेष रूप से 10 जुलाई के आसपास। हालांकि, महीने के मध्य में पारिवारिक मुद्दे ध्यान खींच सकते हैं। 22 जुलाई के बाद सामाजिक जीवन जीवंत हो जाएगा — पार्टियाँ, समारोह और नेटवर्किंग के मौके मिलेंगे।

शुभ दिन: 5, 15, 23
सुझाव: काम और निजी जीवन में संतुलन बनाए रखें।

♏ वृश्चिक (Scorpio)
थीम: विस्तार और सीख
जुलाई रोमांच और सीखने का महीना है। यात्रा, पढ़ाई या आध्यात्मिक खोज में व्यस्त रह सकते हैं। 10 जुलाई की पूर्णिमा किसी कम्युनिकेशन या सीखने के प्रोजेक्ट का समापन ला सकती है। 22 जुलाई के बाद करियर में नए अवसर मिल सकते हैं। इस महीने प्रेम भी रोमांचक और मुक्त महसूस होगा।

शुभ दिन: 7, 16, 28
सुझाव: नए अनुभवों के लिए खुले रहें — ये आपके जीवन को समृद्ध करेंगे।

♐ धनु (Sagittarius)
थीम: गहरी रूपांतरण प्रक्रिया
जुलाई में आपको भावनात्मक बोझ से मुक्ति और अपने आप को बदलने का अवसर मिलेगा। लोन, टैक्स या साझा वित्त से जुड़े मुद्दे सामने आ सकते हैं। 10 जुलाई की पूर्णिमा आर्थिक स्थिरता पर ध्यान दिलाएगी। 22 जुलाई के बाद माहौल हल्का होगा और यात्रा, ज्ञान और मनोरंजन पर फोकस रहेगा।

शुभ दिन: 9, 17, 26
सुझाव: परिवर्तन को अपनाएं, भावनात्मक विकास से न भागें।

♑ मकर (Capricorn)
थीम: रिश्तों पर ध्यान
यह महीना आपके व्यक्तिगत और व्यावसायिक रिश्तों पर केंद्रित रहेगा। 10 जुलाई को मकर राशि में पूर्णिमा आपके लिए अत्यंत शक्तिशाली है — कोई संबंध समाप्त हो सकता है या नया मोड़ ले सकता है। आप किसी निजी लक्ष्य को भी पूरा कर सकते हैं। 22 जुलाई के बाद रिश्तों में गहराई आएगी और साझा वित्तीय मामलों पर ध्यान देना होगा।

शुभ दिन: 8, 14, 24
सुझाव: नजदीकी रिश्तों में समझौते के लिए तैयार रहें।

♒ कुंभ (Aquarius)
थीम: स्वास्थ्य और आदतें
जुलाई में स्वास्थ्य, दिनचर्या और जिम्मेदारियों पर ध्यान देना होगा। 10 जुलाई की पूर्णिमा आपके शारीरिक या मानसिक स्वास्थ्य से जुड़ा कोई बड़ा खुलासा ला सकती है। कोई बुरी आदत छोड़ सकते हैं या कोई काम पूरा कर सकते हैं। 22 जुलाई के बाद ध्यान प्रेम, रिश्ते और सामाजिक जुड़ाव पर रहेगा।

शुभ दिन: 7, 13, 23
सुझाव: विश्राम को प्राथमिकता दें और स्वस्थ आदतें विकसित करें।

♓ मीन (Pisces)
थीम: आनंद, रचनात्मकता और प्रेम
महीना आनंद और खुशी से शुरू होता है। आप अधिक रचनात्मक, रोमांटिक और आत्म-अभिव्यक्ति में व्यस्त रहेंगे। 10 जुलाई की पूर्णिमा किसी मित्रता या समूह से जुड़ी बातों का समापन ला सकती है। 22 जुलाई के बाद स्वास्थ्य, काम और दिनचर्या पर ध्यान केंद्रित होगा।

शुभ दिन: 5, 12, 25
सुझाव: दिल की सुनें — रचनात्मकता और प्रेम इस महीने आपकी ताकत है।










Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection