যদি আপোনাৰ হাইপাৰচিডিটি থাকে তেন্তে এইবোৰ বিপদজনক ৰোগ হ’ব পাৰে
( অপূৰ্ব দাস )
আজিৰ ব্যস্ততাপূৰ্ণ জীৱন, অনিয়মিত খাদ্যাভ্যাস আৰু মানসিক চাপৰ জীৱনশৈলীয়ে বহু ৰোগৰ জন্ম দিছে। ইয়াৰে এটা হ’ল হাইপাৰএচিডিটি। এইটো এটা সাধাৰণ কিন্তু অৱহেলিত সমস্যা, যিটো সময়ৰ লগে লগে গুৰুতৰ ৰোগলৈ পৰিণত হ’ব পাৰে। যদি হাইপাৰএচিডিটিক আওকাণ কৰা হয় তেন্তে ই কেৱল পেটতে সীমাবদ্ধ নাথাকে, বৰঞ্চ স্নায়ুতন্ত্ৰ, অগ্নাশয়, উচ্চ ৰক্তচাপ, যকৃত আৰু বৃক্ক আদি অংগবোৰকো প্ৰভাৱিত কৰিব পাৰে। আহকচোন, হাইপাৰএচিডিটিয়ে শৰীৰৰ বিভিন্ন অংশত কেনেদৰে মাৰাত্মক প্ৰভাৱ পেলাব পাৰে, সেই বিষয়ে জনাও -
১/ স্নায়ুৰ সমস্যা
এচিডিটিয়ে কেনে প্ৰভাৱ পেলায়?
হাইপাৰএচিডিটিৰ ফলত শৰীৰত ভিটামিন বি ১২ আৰু মেগনেছিয়ামৰ অভাৱ হ’ব পাৰে, যিবোৰ স্নায়ুৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। দীৰ্ঘদিনীয়া এচিডিটিয়ে শৰীৰত থকা পুষ্টিকৰ পদাৰ্থ শোষণত বাধাৰ সৃষ্টি কৰে।
ফলাফল-
• হাত-ভৰিৰ দুৰ্বলতা বা জিনজিননি
• স্বাভাৱিকতকৈ অধিক ভাগৰুৱা
• মগজুত চাপ আৰু খিংখিঙীয়াতা
• হতাশা আৰু উদ্বেগ
• স্মৃতিশক্তি দুৰ্বল হোৱা
• গতিকে যদি আপোনাৰ সঘনাই এচিডিটি হয় আৰু এই লক্ষণসমূহো অনুভৱ কৰি আছে তেন্তে ইয়াক সহজভাৱে ল’ব নালাগে।
২/ অগ্নাশয়ৰ সমস্যা
অগ্নাশয়ৰ লগত এচিডিটিৰ সম্পৰ্ক কেনেকুৱা?
অগ্নাশয় পাচনতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ই এনজাইম আৰু ইনচুলিন উৎপন্ন কৰে, যিয়ে তেজৰ চেনিৰ হজম আৰু নিয়ন্ত্ৰণত সহায় কৰে। দীৰ্ঘদিন ধৰি পেটত এচিড গঠন হোৱাৰ বাবে অগ্নাশয় চাপ পৰে আৰু ই নিজৰ স্বাভাৱিক কামবোৰ সঠিকভাৱে কৰিব নোৱাৰে।
পৰিণামবোৰ-
• পাচনতন্ত্ৰত বিঘিনি ঘটে
• সঘনাই গেছ, বদহজম আৰু বমি হোৱা
• ইনচুলিন উৎপাদন আৰু পিছত ডায়েবেটিছ হোৱাৰ আশংকা
• পেনক্ৰিয়াটাইটিছৰ দৰে গুৰুতৰ অৱস্থা
• গতিকে যদি আপুনি পেটত তীব্ৰ জ্বলা-পোৰা আৰু সঘনাই পেটত টেঙা অনুভৱ কৰি আছে , তেন্তে ই পেনক্ৰিয়াচৰ লক্ষণ হ’ব পাৰে।
৩/ উচ্চ ৰক্তচাপ
এচিডিটি আৰু ৰক্তচাপৰ সম্পৰ্ক কেনেকুৱা?
অহৰহ এচিডিটিয়ে শৰীৰত মানসিক চাপ বৃদ্ধি কৰে। টোপনিৰ অভাৱ, উদ্বেগ, অস্থিৰতা আদি অৱস্থাৰ সৃষ্টি হয়, যিবোৰ উচ্চ ৰক্তচাপৰ মূল কাৰণ হৈ পৰে। লগতে হাইপাৰএচিডিটিয়ে হৃদযন্ত্ৰতো প্ৰভাৱ পেলায়, যাৰ ফলত হৃদস্পন্দন দ্ৰুত হ’ব পাৰে।
পৰিণামবোৰ-
• মূৰৰ বিষ আৰু মূৰ ঘূৰোৱা
• খং আৰু অস্থিৰতা
• হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ আশংকা
• স্নায়ুৰ ওপৰত অতিৰিক্ত চাপ
• গতিকে যদি এচিডিটিৰ লগতে ৰক্তচাপৰ উঠা-নমা অনুভৱ কৰি আছে, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।
৪/ যকৃতৰ সমস্যা
যকৃতত কেনে প্ৰভাৱ পৰে?
যকৃতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে। যেতিয়া বাৰে বাৰে পেটত এচিড উৎপন্ন হয় তেতিয়া যকৃতে অধিক কষ্ট কৰিব লগা হয়। ইয়াৰ লগতে এচিডিটিৰ বাবে যকৃতৰ পিত্তৰ ৰস উৎপাদন প্ৰক্ৰিয়াত বিঘিনি ঘটিব পাৰে, যাৰ ফলত হজম আৰু বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পৰে।
ফলাফল-
• যকৃতৰ সমস্যা
• ভোক কমি যোৱা
• জণ্ডিচ
• যকৃতৰ এনজাইম বৃদ্ধি
• শৰীৰত ভাগৰুৱা আৰু দুৰ্বলতা
• যদি এচিডিটি দীৰ্ঘদিন ধৰি থাকে আৰু পেটৰ সোঁফালে বিষ বা ফুলা অনুভৱ হয়, তেন্তে ই লিভাৰ সম্পৰ্কীয় সমস্যা হ’ব পাৰে।
৫/ বৃক্কৰ সমস্যা
এচিডিটিয়ে বৃক্কত কেনে প্ৰভাৱ পেলায়?
এচিডিটিৰ বাবে শৰীৰত এচিড-বেইজৰ ভাৰসাম্য অৱনতি ঘটিব পাৰে। ইয়াৰ বাহিৰেও কিছুমান লোকে এচিডিটিৰ পৰা সকাহ পাবলৈ বাৰে বাৰে এন্টাচিড বা গেষ্ট্ৰীকৰ অন্যান্য allopathic ঔষধ ব্যৱহাৰ কৰে, যাৰ ফলত বৃক্কত বেয়া প্ৰভাৱ পৰিব পাৰে।
পৰিণামবোৰ -
• প্ৰস্ৰাৱৰ জ্বলা-পোৰা বা ৰং সলনি হোৱা
• প্ৰস্ৰাৱৰ পৰিমাণ কমি যায়
• শৰীৰত ফুলা (বিশেষকৈ ভৰি) ৷
• ক্ৰিয়েটিনিনৰ মাত্ৰা বৃদ্ধি
• বৃক্ক বিকল হোৱাৰ আশংকা
• যদি আপুনি সঘনাই প্ৰস্ৰাৱৰ সমস্যাত ভুগিছে বা এচিডিটিৰ লগতে ভৰি দুখন ফুলি উঠে, তেন্তে ই বৃক্কৰ ৰোগৰ লক্ষণ হ’ব পাৰে।
👉 হাইপাৰচিডিটিৰ লক্ষণ
(১) বুকুত জ্বলা-পোৰা হোৱা
(২) এচিড ৰিফ্লেক্স
(৩) ডিঙিৰ বিষ
(৪) খাদ্য গিলিবলৈ অসুবিধা
(৫) বমিৰ দৰে অনুভৱ কৰা
(৬) মুখত টেঙা সোৱাদ
👉 খাদ্যৰ পৰিৱৰ্তন
(১) টেঙা, ভজা, জ্বলা, তেলাল খাদ্য পৰিহাৰ কৰক। মাছ-মাংস কমকৈ খাব।
(২) কেফেইন, মদ আৰু চিগাৰেটৰ পৰা আঁতৰি থাকিব লাগে
(৩) গধুৰ আহাৰ এবাৰতে খোৱাৰ পৰিৱৰ্তে কম কমকৈ আহাৰ গ্ৰহণ কৰক
(৪) শুই উঠাৰ কমেও ২ ঘণ্টা আগতে ৰাতিৰ আহাৰ গ্ৰহণ কৰক
(৫) সতেজ ফলমূল, শাক-পাচলি আৰু গোটা শস্য খাব লাগে
(৬) ৰাতিপুৱা খালি পেটত কুহুমীয়া গৰম পানী ১-২ গিলাছ খাব। ইয়াৰ পিছত আধা ঘণ্টা একো নোকোৱাকৈ থাকিব।
(৭) আয়ুৰ্বেদিক ঔষধ Kamdudha Ras Moti Yukta আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লৈ গ্ৰহণ কৰিব।
👉 ঘৰুৱা উপায়
(১) ৰাতিপুৱা কুহুমীয়া গৰম পানী খাব লাগে।
(২) সদায় আধা বা এক ঘণ্টা ব্যায়াম কৰিব লাগে।
(৩) আদাৰ চাহ খাব পাৰে।
(৪) নাৰিকল পানী খোৱা উচিত
(৫) আয়ুৰ্বেদিক ঔষধ যেনে অবিপত্তিকৰ চুৰ্ণ, অম্লপিত্তান্তক যোগ, শংখৱতী আদিও ব্যৱহাৰ কৰিব পাৰে।
(৭) যোগ আৰু প্ৰাণায়াম কৰিব।
(৮) কপালভাতী কৰক।
(৯) অনুলোম বিলোম কৰক।
(১০) বজ্ৰাসন (খাদ্য খোৱাৰ পিছত) কৰিব।
(১১) পৱনমুক্তাসন কৰক।
(১২) যোগ নিদ্ৰা (চাপ কমোৱাৰ বাবে) কৰক।
সময়মতে হাইপাৰচিডিটি ৰোধ নকৰিলে ই কেৱল পাচনতন্ত্ৰই নহয়, শৰীৰৰ অন্যান্য গুৰুত্বপূৰ্ণ অংগসমূহকো প্ৰভাৱিত কৰিব পাৰে। এই সমস্যাই স্নায়ুতন্ত্ৰ, অগ্নাশয়, ৰক্তচাপ, যকৃত আৰু বৃক্ক আদি অংগত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। সেয়ে আমি ইয়াক সহজভাৱে নোলোৱাকৈয়ে উপযুক্ত চিকিৎসা আৰু জীৱনশৈলীৰ পৰিৱৰ্তন সময়ৰ লগে লগে লোৱা উচিত।
স্বাস্থ্যসন্মত জীৱনশৈলী আৰু সঠিক খাদ্যাভ্যাসে এই সমস্যা প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসূ উপায়।