মোবাইল চাৰ্জাৰ চুইচবোৰ্ডত প্লাগ কৰি ৰাখিলে বিদ্যুৎ খৰচ হয় আৰু চাৰ্জাৰৰ ক্ষতি হয় নেকি?
( অপূৰ্ব দাস )
আজিৰ সময়ত প্ৰায় প্ৰতিজন ব্যক্তিৰ লগত এটা স্মাৰ্টফোন আৰু চাৰ্জাৰ আছে। প্ৰায়ে দেখা যায় যে মানুহে মোবাইল চাৰ্জ কৰাৰ পিছত চাৰ্জাৰটো চকেটত প্লাগ কৰি থৈ যায়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে তেনে কৰিলে বিদ্যুৎ খৰচ হয় নে বা চাৰ্জাৰৰ ক্ষতি হয়নে ? এই বিষয়টো বিতংভাৱে বুজিবলৈ পঢ়িব।
বিদ্যুৎ খৰচ হয় নেকি?
হয়, যদি মোবাইল চাৰ্জাৰটো চকেটত প্লাগ কৰি থৈ দিয়া হয়, তাত কোনো ফোন প্লাগ নাথাকিলেও সামান্য পৰিমাণৰ বিদ্যুৎ খৰচ হয়। ইয়াক "ষ্টেণ্ডবাই শক্তি" বা "ফেণ্টম লোড" বুলি কোৱা হয়।
চাৰ্জাৰৰ ভিতৰত এটা সৰু ট্ৰেন্সফৰ্মাৰ আৰু চাৰ্কিট থাকে যিটো সদায় সক্ৰিয় হৈ থাকে। যেতিয়া চাৰ্জাৰটো প্লাগ ইন কৰা হয়, তেতিয়া ই এচি কাৰেণ্টক ডিচি কাৰেণ্টলৈ ৰূপান্তৰিত কৰিবলৈ সাজু হয়। ফোনটো প্লাগ ইন নকৰিলেও চাৰ্জাৰত কাৰেণ্ট বৈ থাকে।
কিমান বিদ্যুৎ খৰচ হয়?
(১) এটা মোবাইল চাৰ্জাৰে সাধাৰণতে ষ্টেণ্ডবাইত প্ৰতি ঘণ্টাত ০.১ৰ পৰা ০.৫ ৱাট বিদ্যুৎ খৰচ কৰে।
(২) এই পৰিমাণ বহুত কম, কিন্তু যদি আপোনাৰ ঘৰৰ সকলো যন্ত্ৰ যেনে টিভি, লেপটপ চাৰ্জাৰ, মাইক্ৰৱেভ, ৱাশ্বিং মেচিন আদি এনেদৰে প্লাগ ইন হৈ থাকে, তেন্তে এই খৰচ বাঢ়ি যায়।
(৩) এটা চাৰ্জাৰে ষ্টেণ্ডবাইত এবছৰত প্ৰায় ১ৰ পৰা ২ ইউনিট বিদ্যুৎ খৰচ কৰিব পাৰে।
বাৰ্ষিক লোকচান কিমান?
যদি বিদ্যুতৰ হাৰ প্ৰতি ইউনিটত ৭ টকা হয়, তেন্তে এটা চাৰ্জাৰৰ মূল্য বছৰি ৭ টকাৰ পৰা ১৪ টকা হ’ব পাৰে।
যদিও পৰিমাণ বৰ বেছি যেন নালাগে, কিন্তু যদি প্ৰতিটো ঘৰৰ সকলো যন্ত্ৰ এনেদৰে প্লাগ ইন হৈ থাকে, তেন্তে সামূহিকভাৱে বিপুল পৰিমাণৰ বিদ্যুৎ অপচয় হয়।
চাৰ্জাৰৰ ক্ষতি হয় নেকি?
চাৰ্জাৰটো অনবৰতে বৰ্ডত প্লাগ কৰি ৰখাটোৱেও ইয়াৰ জীৱনকালত প্ৰভাৱ পেলায়। যেতিয়া চাৰ্জাৰটো অনবৰতে কাৰেণ্টৰ সৈতে সংযুক্ত হৈ থাকে তেতিয়া ইয়াৰ বৰ্তনীত লোড ক্ৰমান্বয়ে বৃদ্ধি পায়। ইয়াৰ ফলত চাৰ্জাৰত তলত দিয়া সমস্যা হব পাৰে:
(১) উত্তাপনৰ সমস্যা: অবিৰত শক্তিৰ বাবে চাৰ্জাৰটো গৰম হ’ব পাৰে, যাৰ ফলত ইয়াৰ ভিতৰৰ অংশবোৰৰ ক্ষতি হ’ব পাৰে।
(২) চাৰ্জৰ ক্ষতি: হঠাতে ভল্টেজ বৃদ্ধি হোৱাৰ বাবে (পাৱাৰ চাৰ্জ) চাৰ্জাৰ জ্বলিব পাৰে। বিশেষকৈ বৰষুণ বা ধুমুহাৰ সময়ত।
(৩) শ্বৰ্ট চাৰ্কিটৰ বিপদ: দীৰ্ঘদিন ধৰি এনেদৰে লগাই থোৱাৰ অভ্যাসৰ বাবে ভিতৰৰ কেপাচিটৰ বা ৰেজিষ্টেন্সৰ ক্ষতি হ’ব পাৰে।
(৪) জুইৰ আশংকা: যদি চাৰ্জাৰৰ ক্ষতি হয় তেন্তে শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ আশংকাও বৃদ্ধি পায়।
কি কৰা উচিত?
(১) যেতিয়া মোবাইল চাৰ্জ কৰিব নালাগে তেতিয়া চাৰ্জাৰটো প্লাগৰ পৰা আঁতৰাই দিব লাগে।
(২) মাল্টিপ্লাগ বা এক্সটেনচন বৰ্ডত চুইচৰ বিকল্প লওক, যাতে সকলো ডিভাইচ এটা চুইচৰ সৈতে বন্ধ কৰিব পাৰি।
(৩) বজাৰত স্মাৰ্ট প্লাগ উপলব্ধ, যিয়ে টাইমাৰ ছেট কৰিলে স্বয়ংক্ৰিয়ভাৱে পাৱাৰ বন্ধ কৰিব পাৰে।
(৪) অতিমাত্ৰা গৰম নহ’বলৈ চাৰ্জাৰটো সদায় ভালদৰে বায়ু চলাচল কৰা ঠাইত ৰাখিব লাগে।
চাৰ্জাৰটো প্লাগ ইন কৰি থৈ দিলে সামান্য পৰিমাণৰ শক্তি অপচয় হয়, যিটো এনেদৰে থলে এক বৃহৎ সমস্যাত পৰিণত হ’ব পাৰে। ইয়াৰ উপৰিও চাৰ্জাৰৰ আয়ুসও হ্ৰাস পাব পাৰে আৰু শ্বৰ্ট চাৰ্কিট বা জুইৰ আশংকাও থাকে। সেয়েহে ব্যৱহাৰ নকৰাৰ সময়ত বৰ্ডৰ পৰা চাৰ্জাৰটো আঁতৰাই পেলোৱাটো সদায় ভাল। ই কেৱল শক্তি সঞ্চয় কৰাত সহায় কৰাই নহয় আপোনাৰ ডিভাইচসমূহৰ সুৰক্ষাও সুনিশ্চিত কৰিব।