এই সাতটা বস্তু কেতিয়াও পাৰ্চত নাৰাখিব, ঘৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে
By Good Assam
বাস্তু শাস্ত্ৰ কেৱল ঘৰ বা কাৰ্যালয়ৰ ডিজাইনত সীমাবদ্ধ নহয়, বৰঞ্চ আমাৰ দৈনন্দিন জীৱনৰ সৰু সৰু অভ্যাসবোৰত ভাৰসাম্য আৰু ইতিবাচকতা বজাই ৰাখিবলৈও পৰামৰ্শ দিয়ে। ইয়াৰে এটা হ’ল পাৰ্চৰ ৰক্ষণাবেক্ষণ। পাৰ্চ কেৱল ধন ৰখাৰ মাধ্যম নহয়, ইয়াক আপোনাৰ অৰ্থনৈতিক শক্তিৰ চিন বুলিও গণ্য কৰা হয়। বাস্তুৰ মতে যদি পাৰ্চত কিছুমান বিশেষ বস্তু ৰখা হয়, তেন্তে ই ধনাত্মকতা বৃদ্ধি কৰে, আনহাতে কিছুমান বস্তু আছে যিয়ে ঋণাত্মক শক্তিক আকৰ্ষণ কৰে আৰু আৰ্থিক লোকচানৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি কি কি বস্তু পাৰ্চত ৰাখিব নালাগে জানিবলৈ পঢ়িব -
পাৰ্চত কি নাৰাখিব?
• ফাটি যোৱা আৰু লেতেৰা টোকা-পইচা
যদি আপোনাৰ পাৰ্চত ফাটি যোৱা বা লেতেৰা নোট আছে, তেন্তে আপুনি সেইবোৰ তৎক্ষণাত সলনি কৰিব লাগে। এনে নোটক আৰ্থিক সংকট আৰু অশান্তিৰ লক্ষণ বুলি গণ্য কৰা হয়। পাৰ্চত সদায় পৰিষ্কাৰ আৰু শুদ্ধ ৰূপৰ মুদ্ৰা এটা ৰাখক।
• পুৰণি বিল আৰু ৰচিদ
বিল, ৰচিদ বা খৰচৰ লগত জড়িত পুৰণি কাগজ-পত্ৰ পাৰ্চত নাৰাখিব। এইবোৰ বস্তুৱে ঋণাত্মক শক্তিক আকৰ্ষণ কৰে আৰু ধন সঞ্চয়ত বাধাৰ সৃষ্টি কৰে। পাৰ্চত অসাৰ কাগজ, কাৰ্ড বা অন্যান্য অসাৰ সামগ্ৰী ৰাখিলে ইয়াৰ ঋণাত্মকতা বৃদ্ধি পায় আৰু ধনৰ প্ৰবাহত প্ৰভাৱ পৰে।
• অসাৰ ধাতুৰ বস্তু
পুৰণি চাবি, কলা পৰা মুদ্ৰা, পিন বা যিকোনো ধৰণৰ অসাৰ ধাতু পাৰ্চত নাৰাখিব । ইয়াৰ ফলত ধনৰ সোঁতত বাধাৰ সৃষ্টি হয়।
• মৃত ব্যক্তিৰ ফটো
মৃত আত্মীয়ৰ ফটো পাৰ্চত ৰখাটো অশুভ বুলি গণ্য কৰা হয়। বৰঞ্চ দেৱ-দেৱীৰ ফটো ৰখাটো শুভ।
• চামৰাৰ মানিবেগতত ধৰ্মীয় ছবি
চামৰাৰ মানিবেগত ধৰ্মীয় প্ৰতীক বা ঈশ্বৰৰ ছবি ৰখাটো অনুচিত বুলি গণ্য কৰা হয়। ই অসন্মান কৰা হয় আৰু ইয়াৰ ফলত আৰ্থিক লোকচান হ’ব পাৰে।
• অচল মুদ্ৰা বা বিদেশী মুদ্ৰা
ব্যৱহাৰ নোহোৱা নোট বা মুদ্ৰা মানিবেগৰ পৰা আঁতৰাই পেলাব লাগে। ই স্থায়ী আৰ্থিক অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে।
• মানি বেগত বেছি সময় চিম কাৰ্ড, ATM কাৰ্ড বেছি সময় ৰখা উচিত নহয়। ইয়াৰ ফলত ঋণাত্মক শক্তিৰ উৎপন্ন হয় আৰু আৰ্থিক লোকচান হ'ব পাৰে।