Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Ad

Atomic Image Slider & Breking News

Breaking

Slider Menu

Slider Menu

ৰাজা ৰঘুবংশীক কোনে হত্যা কৰিছিল? জানিবলৈ পঢ়িব মেঘালয়ত হত্যাকাণ্ডৰ বাতৰি



ৰাজা ৰঘুবংশীক কোনে হত্যা কৰিছিল? জানিবলৈ পঢ়িব মেঘালয়ত হত্যাকাণ্ডৰ বাতৰি।

Jun 10, 2025

সোণম ৰঘুবংশীয়ে হত্যা কৰিবলৈ দিয়ে নিজৰ স্বামী ৰাজা ৰঘুবংশীক। ৰাজ কুশৱাহা হৈছে সোণমৰ পৰকীয়া প্ৰেমিক।

ইন্দোৰৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশী (২৯)ৰ হত্যাকাণ্ডত মঙলবাৰে এক নতুন তথ্য পোহৰলৈ আহে । স্বামী ৰাজাৰ হত্যাকাণ্ডৰ পিছত ২৫ মে’ত শিলচৰৰ পৰা শিলিগুৰি হৈ ৰে’লযোগে ইন্দোৰত উপস্থিত হয় সোণম ৰঘুবংশী।



             পৰকীয়া প্ৰেমিক আৰু সোণম




ইফালে ইন্দোৰত ক্ৰাইম ব্ৰাঞ্চ আৰু মেঘালয় আৰক্ষীৰ এটা দলে আজি অভিযুক্ত বিশালৰ ঘৰত উপস্থিত হয়। অপৰাধৰ সময়ত পিন্ধা কাপোৰ জব্দ কৰে। ক্ৰাইম ব্ৰাঞ্চৰ এচিপি পুনম চন্দ্ৰ যাদৱে কয় যে বিশালেই প্ৰথমে ৰাজা ৰঘুবংশীক আক্ৰমণ কৰিছিল।

পাটনা বিমানবন্দৰৰ পৰা সোণমক লৈ ৰাওনা হৈছে মেঘালয় আৰক্ষী। দলটোৱে প্ৰথমে কলকাতা আৰু তাৰ পিছত গুৱাহাটী হৈ শিলচৰত উপস্থিত হ’ব। প্ৰায় ৬ ঘণ্টা পাটনা থানাত থাকিল সোণম, টেবুলত মূৰ থৈ কান্দি থাকিল। তাই চাহও খোৱা নাছিল।

ইফালে ইন্দোৰৰ পৰা অহা চাৰিজন অভিযুক্তক লৈ মেঘালয় আৰক্ষীৰ এটা দল ইন্দোৰ বিমানবন্দৰত উপস্থিত হৈছে। ইয়াৰ পৰা তেওঁলোকক প্ৰথমে কলকাতালৈ আৰু তাৰ পৰা শিলচৰলৈ লৈ যোৱা হ’ব।


              সোণমৰ স্বামী ৰাজা ৰঘুবংশী



১১ মে’ত ৰাজা-সোনমৰ বিয়া হৈছিল। ২১ মে’ত ৰাজা আৰু সোণম শ্বিলং পাইছিল। শেষবাৰৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সৈতে ২৩ মে’ত কথা পাতিছিল। ২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল। ১৭ দিন ধৰি নিৰুদ্দেশ হৈ থকা সোণমক এদিন পূৰ্বে ৯ জুনত গাজীপুৰত উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পিছতহে পোহৰলৈ আহিল হত্যাকাণ্ডৰ গোচৰ।


মেঘালয় আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তই ৰাজাক হত্যা কৰা অস্ত্ৰ সৰু দা গুৱাহাটীত অনলাইনযোগে অৰ্ডাৰ দিছিল । শ্বিলঙৰ সোণম-ৰাজাৰ হোমষ্টেৰ পৰা এক কিলোমিটাৰ দূৰত্বত থকা এখন হোটেলত আছিল অভিযুক্ত। সোণমৰ হাতত তেওঁলোকৰ নম্বৰ আছিল। সোণম য’তেই গৈছিল তাতেই লকেচনটো পঠিয়াই দিছিল।

২৩ মে’ত সোণমে ফটো শ্বুটৰ অজুহাতত ৰাজাক লৈ গৈছিল পাহাৰীয়া অঞ্চললৈ। তিনিও অভিযুক্তই বাটতে ৰাজাক লগ পায়। হিন্দীত কথা পাতি দুয়ো একেলগে গৈছিল। কিছুসময়ৰ পাছত নিৰুদ্দেশ ঠাই এখন দেখি সোণমে চিঞৰি ক'লে - মাৰিবা।

হত্যাকাণ্ডৰ পিছত সোণমে ফোনবোৰ ভাঙি পেলালে। লগতে ৰে’লযোগে নিজ নিজ ঘৰলৈ ৰাওনা হয় অভিযুক্তসকল। সোণম অকলে বাৰাণসীলৈ গ’ল। ইয়াত দুজন মানুহ তাইক বাছ ষ্টেণ্ডত নমাই আনিবলৈ গৈছিল।






পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ ৰহস্যজনক মৃত্যুত জড়িত থকাৰ সন্দেহত আটক হোৱা ৰাজ কুশৱাহা আৰু তেওঁৰ অন্যান্য বন্ধুসকল ক্ৰমে বিশাল, আকাশ আৰু আনন্দৰ ঘৰ ইন্দোৰস্থিত সোনমৰ ঘৰৰ সমীপত । ৰাজ কুশৱাহা শুভম পেলেচ কলনীত থকাৰ বিপৰীতে তেওঁৰ বন্ধু বিশাল, আনন্দ আৰু আকাশ থাকে নন্দবাগত ।

ৰাজা ৰঘুবংশীৰ ৰহস্যজনক মৃত্যুত নাম সাঙোৰ খোৱাৰ পিছত সোনম ৰঘুবংশীৰ পৰকীয়া প্ৰেমিক ৰাজ কুশৱাহাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ৰাজৰ ভনীয়েকে এই সন্দৰ্ভত কয়- ‘‘আমাৰ হাতত এই ঘটনাৰ কোনো তথ্য নাই । সোনমৰ প্ৰেমৰ খবৰ সন্দৰ্ভত কি চলি আছে, সেই বিষয়ে আমি অৱগত নহয় । আমি বাৰে বাৰে একেটা কথাকে অনুৰোধ কৰি আছো যে আমি ন্যায় বিচাৰো । আমাৰ ভাইটিয়ে কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে ।’’


 সোণমৰ পৰকীয়া প্ৰেমিক আৰু হত্যাৰ লগত জড়িত সকল।


ভগ্নীয়ে সোনমক ৰাজৰ মালিকনী বুলি দাবী কৰিছে । ইয়াৰোপৰি বিশাল সিং, আনন্দ কুৰ্মী আৰু আকাশ ৰাজপুত নামৰ আন তিনিজন যুৱকক ৰাজা ৰঘুবংশীক হত্যা কৰিবলৈ চুপাৰী দিয়া হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷





Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection