বাস্তু টিপচ্: ঘৰত লং আৰু নিমখ এনেদৰে ৰাখিলে সকলো সমস্যা দূৰ হয়, জানিবলৈ পঢ়িব।
(অপূৰ্ব দাস)
ভাৰতৰ প্ৰাচীন বাস্তু শাস্ত্ৰ পৰম্পৰাত ঘৰৰ শক্তি ইতিবাচক কৰি ৰাখিবলৈ বহুতো ব্যৱস্থাৰ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ ভিতৰত লং আৰু নিমখ এনে দুটা সাধাৰণ আৰু ঘৰুৱা বস্তু যিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, ইয়াৰ জৰিয়তে ঋণাত্মক শক্তিও আঁতৰাই পেলাব পাৰি। যদি সঠিকভাৱে ব্যৱহাৰ কৰা হয়, তেন্তে ঘৰত সুখ, শান্তি আৰু সমৃদ্ধি বাস কৰে। বাস্তু শাস্ত্ৰ অনুসৰি লং আৰু নিমখৰ লগত জড়িত কিছুমান বিশেষ প্ৰতিকাৰ আৰু নিয়ম জানি লওক -
১/ নিমখ আৰু ইয়াৰ বাস্তু শক্তি
বাস্তু শাস্ত্ৰত নিমখক বিশুদ্ধতা আৰু ঋণাত্মক শক্তিক আঁতৰ কৰা বস্তু বুলি গণ্য কৰা হয়। ঘৰৰ শক্তিৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।
• কাঁচৰ বাটি এটাত নিমখ ৰাখিব
ঘৰৰ বাথৰুম বা শৌচাগাৰত কাঁচৰ বাটি এটাত অলপ সৈন্ধৱ নিমখ ৰাখক। তাত থকা ঋণাত্মক শক্তি শোষণ কৰি ইতিবাচকতা বজাই ৰাখে। ১৫ দিনৰ মূৰে মূৰে এই নিমখ সলনি কৰি থাকিব।
• কোঠাত সৈন্ধৱ নিমখ ৰাখিব লাগে
যদি কোনো ঘৰত সঘনাই কাজিয়া হয় বা তাত উত্তেজনাৰ পৰিৱেশ থাকে, তেন্তে সেই কোঠাটোত সৈন্ধৱ নিমখৰ কাঁচৰ বাটি এটা ৰাখক। ইয়াৰ ফলত পৰিৱেশ শান্ত হয় আৰু পাৰিবাৰিক সম্পৰ্ক উন্নত হয়।
• নিমখ দি মজিয়া মোচা
সপ্তাহত এবাৰ নিমখ দি ঘৰটো মোচিব , ই অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ বাবে বাল্টি এটাৰ পানীত এচিকুট সৈন্ধৱ নিমখ মিহলাই তাৰে গোটেই ঘৰটো মচি দিব। ইয়াৰ ফলত ঋণাত্মক শক্তি আঁতৰাই ধনাত্মক শক্তিৰ সঞ্চাৰণ কৰে।
২/ লং আৰু ইয়াৰ শক্তি
তন্ত্ৰ শাস্ত্ৰ আৰু আয়ুৰ্বেদ উভয়তে লংঙক অত্যন্ত গুৰুত্ব দিয়া হৈছে। বাস্তুৰ মতেও লং এ নেতিবাচক শক্তিক আঁতৰাই পঠিয়াই ধন-সম্পত্তি আকৰ্ষণ কৰে বুলি প্ৰমাণিত।
• হোম যজ্ঞ বা পূজাত লং ব্যৱহাৰ
যেতিয়াই হোম যজ্ঞ কৰে তেতিয়াই বন্তি জ্বলায় বা ধূপৰ লাঠি জ্বলায়। তেন্তে তাত দুটা লং দিব। এনে কৰিলে পৰিৱেশৰ নেতিবাচকতা শেষ হৈ যায় আৰু দেৱ-দেৱীৰ আশীৰ্বাদ পোৱা যায়।
• লং পাকঘৰত ৰাখিব
পাকঘৰ হৈছে ঘৰৰ সমৃদ্ধিৰ প্ৰতীক। তাত সৰু কলপাত এখনত ৯ টা লং ৰাখক। ইয়াৰ ফলত ঘৰৰ আৰ্থিক সমস্যা দূৰ হয় আৰু খাদ্যত ধনাত্মক শক্তি থাকে। এসপ্তাহৰ পিছত নতুনকৈ ৰাখিব।
• পাৰ্চত লং ৰখা
পাৰ্চত লং ৰখাটোও শুভ বুলি গণ্য কৰা হয়। যদি আপুনি প্ৰায়ে আৰ্থিক সংকটৰ সৈতে যুঁজি থাকে, তেন্তে পাৰ্চত সৰু পেকেট এটাত দুটা লং ৰাখক। ইয়াৰ ফলত আৰ্থিক অৱস্থাৰ উন্নতি হ’বলৈ আৰম্ভ কৰে।
৩/ লং আৰু নিমখৰ সংযুক্ত ব্যৱহাৰ
যদি কোনো ব্যক্তিয়ে অনুভৱ কৰে যে ঘৰত সঘনাই অসুস্থতা থাকে, মানসিক অশান্তি স্থায়ী হৈ থাকে বা ভূত আৰু অপশক্তিৰ প্ৰভাৱ থাকে, তেন্তে লং আৰু নিমখ একেলগে ব্যৱহাৰ কৰাটো অতি ফলপ্ৰসূ বুলি বিবেচিত হয়।
এনেদৰে ৰাখিব -
• কূ দৃষ্টিৰ পৰা সুৰক্ষা
এমুঠি সৈন্ধৱ নিমখত দুটা লৱণ দি ৰঙা কাপোৰ এখনত বান্ধি দুৱাৰৰ মাজৰ ওপৰত ওলোমাই থওক। এই প্ৰতিকাৰে ঘৰত বাহিৰৰ পৰা অহা অশুভ শক্তি বন্ধ কৰি দিয়ে।
• ৰোগীৰ মূৰৰ ওপৰত ছটিয়াই দিয়া
যদি কোনো ব্যক্তি দীৰ্ঘদিন ধৰি অসুস্থ হৈ থাকে আৰু কোনো কাৰণ বুজি পোৱা নাযায়, তেন্তে তেওঁৰ মূৰৰ ওপৰেৰে লং ৫ টা আৰু সৈন্ধৱ নিমখ এমুঠি একেলগে মিহলি কৰি সাতবাৰ ঘূৰাই বৈ যোৱা পানীত পেলাই দিব লাগে বা কোনো চৌহদত এৰি দিব লাগে। এই প্ৰতিকাৰে ঋণাত্মক শক্তি আঁতৰোৱাত সহায় কৰে।
৪/ অধিক উপযোগী টিপছ -
(ক) লং দিয়া বন্তিঃ
প্ৰতি শনিবাৰে সৰিয়হৰ তেলৰ বন্তিত দুটা লং দি ১০৮ বাৰ হনুমানৰ মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। এই প্ৰতিকাৰে শনি দোষ, বাধা আৰু আৰ্থিক সমস্যা দূৰ কৰে।
(খ) নিমখ আৰু নেমুৰ কৌশল: এটা নেমুৰ ওপৰত সৈন্ধৱ নিমখ ছটিয়াই ঘৰৰ মূল দুৱাৰৰ ওচৰত ৰাখক। ই কূ দৃষ্টি আৰু তান্ত্ৰিক বাধাৰ পৰা ৰক্ষা কৰে।
বাস্তু শাস্ত্ৰত লং আৰু নিমখ কেৱল পাকঘৰতে সীমাবদ্ধ নহয়, জীৱনৰ সমস্যাৰ দূৰ কৰাৰ বাবেও ইয়াক সহজ আৰু ফলপ্ৰসূ সমাধান হিচাপে গণ্য কৰা হয়। যদি সঠিক দিশত আৰু নিয়ম অনুসৰি ব্যৱহাৰ কৰা হয়, তেন্তে মানসিক চাপ, পাৰিবাৰিক বিবাদ, আৰ্থিক সংকট আৰু কুচক্ষুৰ দৰে বহু সমস্যাৰ পৰা সকাহ দিব পাৰে।
মনত ৰাখিব, এই বাস্তু প্ৰতিকাৰ তেতিয়াহে ফলপ্ৰসূ হয় যেতিয়া আপোনাৰ মনত বিশ্বাস থাকে আৰু আপুনি নিয়মিত আৰু বিশ্বাসেৰে সেইবোৰ অনুসৰণ কৰে। লং আৰু নিমখৰ দৰে সৰু প্ৰতিকাৰেও আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।
(বিঃদ্ৰঃ এই লেখাটো ধৰ্মীয় আৰু পৰম্পৰাগত বিশ্বাসৰ ওপৰত আধাৰিত )
যদি আপুনি এই তথ্য উপযোগী বুলি ভাবে তেন্তে আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক।