সাৱধান! এইসকল লোকে কেতিয়াও বাঁহৰ গাজ খাব নালাগে।
(লেখক: অপূৰ্ব দাস)
বাঁহৰ গাজ কি?
বাঁহৰ গাজ, ইংৰাজীত Bamboo Shoots বুলিও জনা যায়, বাঁহ গছৰ নতুনকৈ গজা গজালি । এই গজালি পুষ্টিৰ গুণেৰে সমৃদ্ধ আৰু ভাৰত, চীন, থাইলেণ্ড, জাপান, নেপাল আদি এছিয়াৰ অন্যান্য দেশত দীৰ্ঘদিন ধৰি খাই আহিছে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, পটাছিয়াম, ভিটামিন বি ৬, আৰু এন্টিঅক্সিডেন্ট থাকে। সোৱাদত সামান্য তিতা বা টেঙা থকা এই গজালি বোৰ বহু খাদ্যত ব্যৱহাৰ কৰা হয়।
কিন্তু এফালে ইয়াক স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় যদিও কিছুমান পৰিস্থিতিত ইয়াৰ সেৱনেও ক্ষতিকাৰক হ’ব পাৰে। বহু লোকৰ এলাৰ্জী, পাচনতন্ত্ৰৰ সমস্যা বা ইয়াৰ পৰা বিষক্ৰিয়া হ’ব পাৰে।
বাঁহৰ গাজত লুকাই থকা বিপদ:
বাঁহৰ গাজত স্বাভাৱিকতে চাইন’জেনিক গ্লাইকোচাইড নামৰ বিষাক্ত মৌল পোৱা যায়। কেঁচাকৈ খালে শৰীৰত হাইড্ৰজেন চাইনাইড (HCN)লৈ পৰিণত হয়, যিটো শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক।
সেয়ে বাঁহৰ গাজ ৰন্ধাৰ আগতে খুব উতলাই আৰু বিশেষ পদ্ধতিৰে বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ পিছতহে খাব লাগে। বহু লোকৰ শৰীৰৰ সংবেদনশীলতাৰ বাবে ইয়াক সেৱন কৰাটো নিৰাপদ নহয়।
বাঁহৰ গাজ কোনে খাব নালাগে?
(১) গৰ্ভৱতী মহিলা:
গৰ্ভাৱস্থাত মহিলাৰ শৰীৰ অত্যন্ত সংবেদনশীল হয়। বাঁহৰ গাজত থকা চাইনাইডে বিষৰ দৰে কাম কৰি ভ্ৰুণৰ বিকাশত বাধাৰ সৃষ্টি কৰিব পাৰে বা অকাল গৰ্ভপাত আৰু বিষৰ সৃষ্টি কৰিব পাৰে।
(২) স্তনপান কৰা মাতৃ:
বাঁহৰ গাজত থকা বিষাক্ত মৌলবোৰ গাখীৰৰ যোগেদি শিশুৰ দেহলৈ যাব পাৰে। ইয়াৰ ফলত শিশুৰ বমি, ডায়েৰিয়া বা অন্যান্য বিষাক্ত লক্ষণ দেখা দিব পাৰে।
(৩) কেঁচুৱা আৰু শিশু:
শিশুৰ পাচন শক্তি দুৰ্বল। যদি বাঁহৰ গাজবোৰ ভালদৰে সিজোৱা নহয় তেন্তে তাত থকা চাইনাইড শিশুৰ বাবে মাৰাত্মক হ’ব পাৰে।
(৪) থাইৰয়ডৰ সমস্যা থকা ৰোগী:
বাঁহৰ ডালত কিছুমান যৌগ থাকে যিয়ে আয়’ডিন শোষণত বাধা দিয়ে। ইয়াৰ ফলত হাইপোথাইৰয়ডিজম ৰোগীৰ সমস্যা হ’ব পাৰে। থাইৰয়ড থকা ৰোগীয়ে কেতিয়াও বাঁহ গাজ বা বাহ পাতৰ চাহ নাখাব।
(৫) গেষ্ট্ৰিক বা পাচনতন্ত্ৰৰ সমস্যা থকা লোক:
বাঁহৰ ডালত অধিক পৰিমাণৰ আঁহ থাকে, যাৰ ফলত কেতিয়াবা পাচনতন্ত্ৰৰ ভাৰসাম্যহীনতা হ’ব পাৰে।
লক্ষণঃ গেছ, পেট ফুলা, ডায়েৰিয়া, বদহজম, পেটৰ পেটৰ বিষ ইত্যাদি।
পৰামৰ্শঃ পাচনতন্ত্ৰৰ সমস্যাত ভুগি থকা লোকসকলে সীমিত পৰিমাণে সেৱন কৰিব লাগে আৰু ভালকৈ সিজোৱা বাঁহ গাজহে খাব লাগে।
(৬) খাদ্য এলাৰ্জী থকা লোক:
কিছুমান মানুহৰ বাঁহৰ গাজৰ পৰা এলাৰ্জী হ’ব পাৰে। এয়া এক বিৰল কিন্তু গুৰুতৰ প্ৰতিক্ৰিয়া হ’ব পাৰে।
লক্ষণঃ ছালত ৰঙা ফোহা ওলোৱা, খজুৱতি, উশাহ-নিশাহ লোৱাত কষ্ট, ফুলা ইত্যাদি।
পৰামৰ্শঃ বাঁহৰ গাজ খোৱাৰ পিছত যদি শৰীৰত কোনো অস্বাভাৱিক লক্ষণ দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।
(৭) বৃক্কৰ বিকাৰ, প্ৰস্ৰাৱৰ সংক্ৰমণ, বৃক্কৰ পাথৰ আদি থকা ৰোগীয়ে ইয়াৰ পৰা আঁতৰি থাকিব লাগে
কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে বাঁহৰ গাজত কিছুমান যৌগ থাকে যিয়ে বৃক্কৰ সমস্যা বৃদ্ধি কৰে, বিশেষকৈ যদি ইতিমধ্যে বৃক্কত কোনো সমস্যা আছে। বাঁহৰ গাজত Creatinin, Oxalate, Potassium, Purine আদি থাকে। ই বৃক্কৰ বাবে অতি ক্ষতিকাৰক। গতিকে ইয়াক সেৱন নকৰাই ভাল। UTI Infection (প্ৰস্ৰাৱৰ সংক্ৰমণ) আৰু বৃক্কৰ পাথৰৰ বাবেও ই বিপদজনক।
(৮) ইউৰিক এচিড বঢ়া লোক
বাঁহৰ গাজত Purin পোৱা যায়। গতিকে যিসকল লোকৰ ইউৰিক এচিড বৃদ্ধি পাইছে তেওঁলোকে কেতিয়াও ইয়াক সেৱন কৰা উচিত নহয়।
(৯) উচ্চ ৰক্তচাপ থকা লোক:
কিছুমান প্ৰকাৰৰ পেকেট বা আচাৰ কৰা বাঁহৰ গাজত অতিৰিক্ত নিমখ দি প্ৰস্তুত কৰা হয়, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পাব পাৰে।
বাঁহৰ গাজ কেনেকৈ নিৰাপদে সেৱন কৰিব পাৰি?
• কেতিয়াও কেঁচা গাজ খাব নালাগে।
• পানীত ৩০ মিনিট উতলাই তাৰ পিছত পানীখিনি পেলাই দিব।
• বাৰে বাৰে উতলালে চাইনাইড সম্পূৰ্ণৰূপে নাইকিয়া হয়।
• নিশ্চিত হওক যে গাজবোৰ ভালদৰে সিজোৱা হৈছে।
বাঁহৰ গাজবোৰ পুষ্টিকৰ উপাদানৰে সমৃদ্ধ আৰু সঠিকভাৱে সিজলে স্বাস্থ্যৰ বাবে বহু উপকাৰ পোৱা যায়। কিন্তু ই সকলোৰে বাবে নিৰাপদ নহয়। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোক, পূৰ্বতে স্বাস্থ্যজনিত সমস্যা থকা লোক (যেনে গৰ্ভৱতী মহিলা, শিশু, থাইৰয়ড, এলাৰ্জী বা বৃক্ক ৰোগী) ইয়াক সেৱন কৰাৰ সময়ত সাৱধান হ’ব লাগে।
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি খাদ্যৰ স্বৰূপ আৰু শৰীৰৰ সংবেদনশীলতা বুজি পোৱাটো। বাঁহৰ গাজ বিষ আৰু অমৃত দুয়োটা হ’ব পাৰে । সেয়েহে সাৱধান হ'ব।