নিসংগতা – বিশ্ব স্বাস্থ্যৰ বাবে এক গুৰুতৰ ভাবুকি
( অপূৰ্ব দাস )
শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই নিসংগতাক বিশ্ব স্বাস্থ্যৰ বাবে এক ভয়াৱহ ভাবুকি হিচাপে ঘোষণা কৰিছে। ই কোনো সাধাৰণ মানসিক অৱস্থা নহয়, সামাজিক আৰু মানসিক সংকট, যাৰ ফলত ক্ৰমান্বয়ে শাৰীৰিক আৰু মানসিক দুয়োটা ৰোগৰ সৃষ্টি হয়। আমেৰিকাৰ স্বাস্থ্য বিশেষজ্ঞসকলে সকীয়াই দিছে যে নিসংগতাৰ প্ৰভাৱ দিনটোত 15-20 টা চিগাৰেট খোৱাৰ দৰেই মাৰাত্মক । এই তুলনাই দেখুৱাইছে যে নিসংগতা এতিয়া কেৱল মানসিক ক্লান্তি বা আৱেগিক দুখ-কষ্টতে সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ ই মৃত্যুৰ হাৰও বৃদ্ধি কৰিছে।
নিসংগতা কি?
নিসংগতা হ’ল এনে এক মানসিক আৰু আৱেগিক অৱস্থা য’ত ব্যক্তিয়ে সমাজৰ পৰা বিচ্ছিন্ন, অৱহেলিত বা কোনো সামাজিক সংযোগ নোহোৱা অনুভৱ কৰে। এই অৱস্থাটো বাহ্যিক পৰিস্থিতিতকৈ ব্যক্তিজনৰ আভ্যন্তৰীণ অনুভূতিৰ ওপৰত অধিক ভিত্তি কৰি গঢ় লৈ উঠে। ভিৰৰ মাজত থাকিও এজন ব্যক্তিয়ে অকলশৰীয়া অনুভৱ কৰে, আনহাতে কোনোবাই অকলে থাকিও সন্তুষ্ট আৰু সুখী হ’ব পাৰে।
নিসংগতা তেতিয়াই গুৰুতৰ হৈ পৰে যেতিয়া ই দীৰ্ঘদিন ধৰি থাকে আৰু ব্যক্তিজনৰ চিন্তা-চৰ্চা, আচৰণ আৰু স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে।
WHO ৰ সতৰ্কবাণী:
২০২৩ চনত ডব্লিউ এইচ অ’ই নিসংগতাক বিশ্ব স্বাস্থ্য সংকট বুলি ঘোষণা কৰি স্পষ্ট কৰি দিছিল যে ই কেৱল বৃদ্ধসকলকেই নহয়, যুৱক-যুৱতী, শিশু আৰু প্ৰাপ্তবয়স্কসকলকো প্ৰভাৱিত কৰিছে। WHO ৰ তথ্য অনুসৰিঃ
(১) নিসংগতাই হৃদৰোগ, ডায়েবেটিছ, হতাশা, মানসিক চাপ, মৃত্যুৰ সম্ভাৱনা বৃদ্ধি কৰে।
(২) ই সামাজিক তন্ত্ৰ দুৰ্বল কৰি তোলে আৰু মানুহৰ বিশ্বাস আৰু সহানুভূতিৰ ভাৱ কম কৰে।
(৩) ইয়াৰ ফলত মানসিক ৰোগ, আত্মহত্যা আৰু নিচা জাতীয় পদাৰ্থৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে।
👉 আমেৰিকাৰ বিশেষজ্ঞৰ প্ৰতিবেদনঃ আমেৰিকাৰ জনস্বাস্থ্য বিভাগে এক বিস্তৃত প্ৰতিবেদনত উল্লেখ কৰিছে যে:
(১) শৰীৰত নিসংগতাৰ প্ৰভাৱ ধূমপান, মেদবহুলতা আৰু উচ্চ ৰক্তচাপৰ সৈতে একে।
(২) মগজুৰ যিবোৰ অংশ আৱেগ আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ লগত জড়িত সেইবোৰত প্ৰভাৱ পেলায়।
(৩) নিসংগতাই মৃত্যুৰ হাৰ ২৬% পৰ্যন্ত বৃদ্ধি কৰিব পাৰে।
(৪) যুৱক-যুৱতীসকলৰ মাজত ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰ আৰু প্ৰকৃত সম্পৰ্কৰ অভাৱ ইয়াৰ মূল কাৰণ।
👉 নিসংগতাৰ কাৰণসমূহঃ
(১) পৰিয়ালৰ বিভাজন – আজিৰ সমাজত যৌথ পৰিয়াল বিচ্ছেদ হৈ মানুহবোৰ সৰু পৰিয়ালত বা অকলশৰীয়াকৈ থাকিবলৈ বাধ্য হৈছে।
(২) ডিজিটেল জগতৰ ভাৰ্চুৱেল বন্ধুত্ব – ছ’চিয়েল মিডিয়াত হাজাৰ হাজাৰ বন্ধু থকাৰ পিছতো বাস্তৱ জীৱনত কথা পাতিবলৈ কোনো নাই।
(৩) দ্ৰুত গতিৰ জীৱনশৈলী – সকলো ব্যস্ত; আনৰ বাবে কাৰো সময় নাই।
(৪) বয়োজ্যেষ্ঠ লোকৰ প্ৰতি অৱহেলা – বয়োজ্যেষ্ঠসকল আটাইতকৈ অকলশৰীয়া। ল’ৰা-ছোৱালীৰ নিজৰ কামৰ বাবে বয়োজ্যেষ্ঠসকল অৱহেলিত।
(৫) মহামাৰী আৰু লকডাউন – Covid-19 মহামাৰীৰ সময়ত সামাজিক দূৰত্বই মানুহক অধিক মানসিকভাৱে অকলশৰীয়া কৰি তুলিছিল।
👉 নিসংগতাৰ বিৰূপ প্ৰভাৱঃ
(১) মানসিক ৰোগ – হতাশা, উদ্বেগ, আতংক, আত্মহত্যাৰ প্ৰৱণতা।
(২) শাৰীৰিক ৰোগ – উচ্চ ৰক্তচাপ, মেদবহুলতা, হৃদৰোগ, টোপনিৰ সমস্যা, ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা।
(৩) সামাজিক সমস্যা – সমাজৰ পৰা দূৰত্ব, মানুহৰ ওপৰত বিশ্বাসৰ অভাৱ, পাৰস্পৰিক সহযোগিতাৰ অৰ্থত অৱনতি ঘটে।
(৪) কৰ্মক্ষেত্ৰত কৰ্মক্ষমতা হ্ৰাস – নিসংগতাই কৰ্মচাৰীৰ উৎপাদনশীলতা আৰু সৃষ্টিশীলতাত নেতিবাচক প্ৰভাৱ পেলায়।
সমাধান আৰু প্ৰতিৰোধ:
১/ সামাজিক সংযোগক প্ৰসাৰিত কৰা:
পৰিয়াল, বন্ধু-বান্ধৱী আৰু ওচৰ-চুবুৰীয়াৰ সৈতে সময় কটোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰতিজন ব্যক্তিয়ে নিজকে কাৰোবাৰ আৰু কোনোবা নিজৰ বুলি অনুভৱ কৰা উচিত।
২/ ডিজিটেল ডিটক্স:
ছ’চিয়েল মিডিয়াৰ সৈতে যোগাযোগ কম কৰি বাস্তৱ জীৱনৰ জগতখনক অগ্ৰাধিকাৰ দিয়াটো গুৰুত্বপূৰ্ণ।
৩/ বৃদ্ধসকলৰ যত্ন:
পৰিয়ালৰ বৃদ্ধ সদস্যসকলৰ সৈতে সময় কটাব পৰা, তেওঁলোকক কথা-বতৰাত জড়িত কৰা, তেওঁলোকৰ অভিজ্ঞতা শুনাটোও এক ফলপ্ৰসূ সমাধান।
৪/ সম্প্ৰদায়ৰ কাৰ্যসূচীত অংশগ্ৰহণ:
সাংস্কৃতিক, ধৰ্মীয় বা সামাজিক কাম-কাজত অংশ লোৱাটোৱে নতুন সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে।
৫/ মানসিক স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক :
যদি নিসংগতা অসহ্যকৰ হৈ পৰিছে তেন্তে মানসিক স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।
৬/ নিয়মীয়া যোগাসন আৰু ধ্যান:
যোগ, ধ্যান আৰু প্ৰাণায়ামৰ দৰে ভাৰতীয় পদ্ধতি নিসংগতা আৰু মানসিক চাপ হ্ৰাস কৰাত অত্যন্ত ফলপ্ৰসূ।
৭/ ভাল বন্ধু বা বান্ধবীক অগ্ৰাধিকাৰ দিয়া উচিত। মন খুলি কথা পতা উচিত আৰু হাঁহি-ধেমালিৰে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰা উচিত।
👉 চৰকাৰ আৰু সমাজৰ ভূমিকা
(১) নীতি নিৰ্ধাৰণ: চৰকাৰে এনে কাৰ্যসূচী চলাব লাগে যিয়ে বৃদ্ধ, অকলশৰীয়া লোক আৰু যুৱক-যুৱতীসকলক সংযোগ কৰে।
(২) বিদ্যালয়-মহাবিদ্যালয়ত সজাগতাঃ শিশুসকলক আৱেগিক বুজাবুজি আৰু সামাজিক সংযোগৰ গুৰুত্বৰ বিষয়ে সৰুৰে পৰাই শিকোৱা উচিত।
(৩) কৰ্মক্ষেত্ৰত সহায়ক পৰিৱেশ: কাৰ্যালয়সমূহত সহকৰ্মীসকলৰ সৈতে একেলগে কাম কৰাৰ নীতি থাকিব লাগে আৰু মানসিক স্বাস্থ্যক সমৰ্থন কৰিব লাগে।
(৪) নিসংগতা এতিয়া কেৱল আৱেগিক অভিজ্ঞতা নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে বিয়পি পৰা এক “অদৃশ্য মহামাৰী”ত পৰিণত হৈছে। সময়মতে যত্ন লোৱা নহ’লে ইয়াৰ সামাজিক আৰু শাৰীৰিক পৰিণতি ভয়াৱহ হ’ব পাৰে।
WHO আৰু অন্যান্য বিশেষজ্ঞ সংস্থাসমূহৰ সতৰ্কবাণীয়ে আমাক এক নতুন দৃষ্টিভংগী আগবঢ়াইছে যে সম্পৰ্ক, সংযোগ আৰু আলোচনা কেৱল সাংস্কৃতিক মূল্যবোধ নহয়, স্বাস্থ্যৰ বাবে অপৰিহাৰ্য ঔষধ।
গতিকে এতিয়া সময় হৈছে নিজৰ লগতে আনৰ লগত সংযোগ স্থাপনৰ প্ৰয়াস কৰাৰ, যোগাযোগৰ বাবে সময় উলিয়াব লাগে, ইজনে সিজনৰ যত্ন লোৱাৰ, যাতে এই পৃথিৱীখন আকৌ এবাৰ দয়ালু সংযোগৰ পৃথিৱীলৈ পৰিণত হ’ব পাৰে - য’ত যাতে কোনোৱেই অকলশৰীয়া নহয়।