Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Traffic Star

Mandiad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

আনাৰস এইসকল ব্যক্তিৰ বাবে অতি ক্ষতিকাৰক? জানিবলৈ এতিয়াই পঢ়ক


আনাৰস এইসকল ব্যক্তিৰ বাবে অতি ক্ষতিকাৰক? জানিবলৈ এতিয়াই পঢ়ক।

( অপূৰ্ব দাস )

আনাৰস গ্ৰীষ্মকালৰ সুস্বাদু আৰু পুষ্টিকৰ ফল। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট থাকে। কিন্তু কিছুমান বিশেষ অৱস্থা বা ৰোগত আনাৰস সেৱন কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । আনাৰস কোন সকল লোকে পৰিহাৰ কৰিব লাগে জানিবলৈ পঢ়িব।





(১) এলাৰ্জী থকা লোক

কিছুমান মানুহৰ আনাৰস খালে এলাৰ্জী হ’ব পাৰে। আনাৰসত ব্ৰ’মেলিন নামৰ এবিধ এনজাইম পোৱা যায় যাৰ ফলত কিছুমান মানুহৰ এলাৰ্জি হ’ব পাৰে। ইয়াৰ লক্ষণসমূহ তলত দিয়া ধৰণৰ হ’ব পাৰে।

(ক) ছালত ফোহা ওলায় বা ৰঙা হৈ খজুৱতি হয়।

(খ) খজুৱতি, ফুলা, ডিঙিৰ বিষ, উশাহ লোৱাত কষ্ট

আনাৰস খোৱাৰ পিছত যদি এনে লক্ষণ দেখা দিয়ে তেন্তে লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।

(২) এচিডিটি আৰু পেটৰ সমস্যা থকা লোক (IBS, Constipation, Liver Problem)

আনাৰসৰ সোৱাদ টেঙা কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে চাইট্ৰিক এচিড আৰু এস্কৰবিক এচিড থাকে। যিসকলে ইতিমধ্যে এচিডিটি, গেছ, এচিড ৰিফ্লাক্স, আই বি এছ, সৌচ টান বা ঢিলা , লিভাৰৰ সমস্যা বা পেটত জ্বলা-পোৰাৰ সমস্যাত ভুগি আছে তেওঁলোকৰ বাবে আনাৰস ক্ষতিকাৰক । ই পেটৰ এচিডিটি বৃদ্ধি কৰাৰ লগতে পাচন সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে।





(৩) গৰ্ভৱতী মহিলা

গৰ্ভাৱস্থাৰ প্ৰথম মাহত আনাৰস খোৱাটো বিপদজনক বুলি গণ্য কৰা হয়। ইয়াত থকা ব্ৰ’মেলেনে জৰায়ু সংকুচিত কৰাৰ কাম কৰিব পাৰে। ইয়াৰ ফলত গৰ্ভপাত বা প্ৰি-মেচাৰ প্ৰসৱৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। অৱশ্যে কম পৰিমাণে খালে কোনো ক্ষতি নহয়, যদিও ইৰাক সেৱন নকৰাই ভাল। গৰ্ভপাত হোৱাৰ ৩ মাহ পৰ্যন্ত আনাৰস খোৱা উচিত নহয়।

(৪) ডায়েবেটিছ ৰোগী

আনাৰসত অধিক পৰিমাণৰ প্ৰাকৃতিক চেনি (Fructose) থাকে। ডায়েবেটিছ ৰোগীৰ বাবে ই হঠাতে চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। যদি ডায়েবেটিছ নিয়ন্ত্ৰণত নাথাকে, তেন্তে অত্যধিক আনাৰস সেৱনে তেজৰ চেনিৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰে।

(৫) তেজ পাতল কৰা ঔষধ সেৱন কৰা লোক

যিসকল লোকে তেজ পাতল কৰা ঔষধ যেনে Aspirin, Warfarin আদি গ্ৰহণ কৰি আছে তেওঁলোকৰ বাবে আনাৰস ক্ষতিকাৰক হব পাৰে।Bromelain এ তেজ পাতল কৰাৰ কাম কৰে। এই ঔষধ আৰু আনাৰস দুয়োটা একেলগে খালে ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। নাকৰ পৰা তেজ ওলোৱা, মূত্ৰ বা সৌচৰ পৰা তেজ ওলোৱা বা ছালত ঘাঁ হোৱাৰ ৰূপত দেখা দিব পাৰে।

(৬) অস্ত্ৰোপচাৰৰ আগত আৰু পিছত

যদি আপুনি কোনো অস্ত্ৰোপচাৰৰ বাবে প্ৰস্তুতি চলাইছে বা শেহতীয়াকৈ অস্ত্ৰোপচাৰ কৰিছে, তেন্তে আনাৰসৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ। কাৰণ ব্ৰ’মেলেইনে তেজ পাতল কৰি তোলে, যাৰ ফলত অস্ত্ৰোপচাৰৰ সময়ত বা পিছত অত্যধিক ৰক্তক্ষৰণ হ’ব পাৰে। চিকিৎসকে প্ৰায়ে অস্ত্ৰোপচাৰৰ ২ সপ্তাহ আগতে আৰু পিছত আনাৰস বা ব্ৰ’মেলিন পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে।

(৭) হাঁপানী আৰু চাইনাছ ৰোগী

কিছুমান ক্ষেত্ৰত আনাৰসত থকা এনজাইম আৰু এচিডে হাঁপানী, চাইনাচাইটিছ বা এলাৰ্জিক নাকৰ ৰোগৰ ৰোগীৰ বাবে ক্ষতিকাৰক হিচাপে কাম কৰিব পাৰে। ইয়াৰ ফলত হাঁচি, নাকৰ পৰা পানী ওলোৱা, ডিঙিৰ বিষ আৰু উশাহ-নিশাহ লোৱাত কষ্ট পোৱা আদি সমস্যা হ’ব পাৰে।

সাৱধানতা:

• আনাৰস খোৱাৰ পিছত যদি জিভা, ওঁঠ বা ডিঙিত জ্বলা-পোৰা অনুভৱ হয়, তেন্তে লগে লগে সেৱন বন্ধ কৰক।

• আনাৰস ৰাতি খাব নালাগে, কিয়নো ইয়াৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।

• খালী পেটত আনাৰস নাখাব, ই এচিডিটি বৃদ্ধি কৰিব পাৰে। ই মাৰাত্মক হ'ব পাৰে।

• অতি পকা বা কটা আনাৰস বেছি সময় ৰাখিব নালাগে, ইয়াৰ ফলত ইয়াত বেক্টেৰিয়া উৎপন্ন হ'ব পাৰে।

যদিও আনাৰস স্বাস্থ্যৰ বাবে অতি উপকাৰী, তথাপিও ই একাংশ লোকৰ বাবে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি ওপৰৰ যিকোনো এটা শ্ৰেণীত পৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে আনাৰস খাব লাগে। মনত ৰাখিব, সুস্থ জীৱনৰ বাবে সুষম আৰু সচেতন খাদ্যাভ্যাস আটাইতকৈ গুৰুত্বপূৰ্ণ।




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection