শৰীৰৰ বাবে প্ৰটিন অপৰিহাৰ্য যদিও সীমিত পৰিমাণত খোৱা উচিত। উচ্চ প্ৰটিনযুক্ত খাদ্যই গুৰুতৰ ক্ষতি কৰে।
( অপূৰ্ব দাস )
যেতিয়াই শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ কথা আহে তেতিয়াই প্ৰটিনৰ বিষয়ে আটাইতকৈ বেছি আলোচনা হয়। শৰীৰ গঠন হওক বা ওজন হ্ৰাস হওক, সকলোৱে উচ্চ প্ৰটিনযুক্ত খাদ্যৰ প্ৰতি ক্ৰমান্বয়ে আকৰ্ষিত হৈছে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে অধিক প্ৰটিন সকলোৰে বাবে উপকাৰী নহ’বও পাৰে?
আচলতে উচ্চ প্ৰটিনযুক্ত খাদ্যৰ ধাৰা যিমানেই বৃদ্ধি পাইছে, ইয়াৰ লগত জড়িত পাৰ্শ্বক্ৰিয়া আৰু বিপদৰ বিষয়ে বিশেষ আলোচনা হোৱা নাই। বহু গৱেষণাৰ পৰা দেখা গৈছে যে অধিক প্ৰ’টিন সেৱন কৰিলে কিছুমান লোকৰ বাবে উপকাৰী হোৱাৰ পৰিৱৰ্তে ক্ষতিকাৰক হ’ব পাৰে।
উচ্চ প্ৰটিনযুক্ত খাদ্যৰ অৰ্থ হ’ল গোটেই দিনটোত আপুনি খোৱা কেলৰিৰ ২৫%ৰ পৰা ৩৫% প্ৰটিনৰ পৰা আহে। ইয়াত কণী, কুকুৰা, মাছ, পনিৰ, দালি, প্ৰটিন পাউদাৰ আদি বস্তুৰ ব্যৱহাৰ বৃদ্ধি পায় আৰু কাৰ্বছৰ পৰিমাণ কমি যায়। কিন্তু সকলোৰে বাবে উপকাৰী নহ'য়।
প্ৰটিনৰ অত্যধিক সেৱন কৰাটো ক্ষতিকাৰক হ’ব পাৰে
পুষ্টিবিদসকলে কয়, শৰীৰৰ বাবে প্ৰটিন অতি প্ৰয়োজনীয়, কিন্তু প্ৰটিনৰ অত্যধিক সেৱনে বহু স্বাস্থ্যজনিত সমস্যাত ক্ষতিকাৰক হ’ব পাৰে। পেশী গঠন আৰু হাড় আৰু দাঁত শক্তিশালী কৰাৰ বাবে প্ৰটিন অতি প্ৰয়োজনীয় যদিও কিছুমান ৰোগত উচ্চ প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰা উচিত নহয়।
ইউৰিক এচিডৰ সমস্যাত ভুগি থকা লোকসকলৰ বাবে উচ্চ প্ৰটিনযুক্ত খাদ্যই ইউৰিক এচিডৰ মাত্ৰা আৰু অধিক বৃদ্ধি কৰে, যিয়ে সমস্যাটো বৃদ্ধি কৰিব পাৰে। গতিকে ব্ৰাণ আটা, মাকৈ, বেকাৰী খাদ্য খোৱাৰ পৰা বিৰত থাকিব। ইয়াৰ বাহিৰেও মাটিমাহৰ দাইল, ৰাজ মাহ, মাংস, মাছ, বীন, চজিনা, ৰঙালাউ, কচু, চয়াবিন, মাচৰুম, বুট , উৰহী , পালেং শাক খাব নালাগে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি কম প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰিব পাৰে।
"ব্ৰাণ আটা" কি ?
ব্ৰাণ যিটো ঘেঁহুৰ আটাৰ পৰা উলিওৱা খোলা । ইয়াক পশুৰ খাদ্য হিচাপে বেছিকৈ ব্যৱহাৰ কৰা হয় যদিও কিছুমান খাদ্যত ইয়াক ব্যৱহাৰ কৰা হয়, যেনে কিছুমান বিশেষ ধৰণৰ ৰুটি বা বিস্কুট। ইয়াত উচ্চ প্ৰ'টিন থাকে।
বৃক্কৰ সমস্যা বাঢ়িব পাৰে :
উচ্চ প্ৰটিনযুক্ত খাদ্যই বৃক্কক অধিক কষ্ট দিয়ে। বিশেষকৈ যিসকল লোকৰ ইতিমধ্যে বৃক্কৰ সমস্যা আছে তেওঁলোকৰ বৃক্কৰ সমস্যা হ’ব পাৰে। যিসকল লোকৰ দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ আছে তেওঁলোকৰ খাদ্যাভ্যাসৰ যিকোনো পৰিৱৰ্তন কেৱল চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিতহে কৰিব লাগে। চিকিৎসকক সোধাৰ পিছত উদ্ভিদ ভিত্তিক প্ৰটিন, যেনে মগু দাইল , বাদাম আৰু গুটি, গোটা শস্য আৰু সৰিয়হ গ্ৰহণ কৰিব পাৰে।
বিশেষজ্ঞসকলে কি কয়?
অধিক প্ৰটিন খালে ওজন বৃদ্ধি, পাচনতন্ত্ৰৰ সমস্যা, বৃক্কৰ চাপ আৰু শৰীৰত পানীৰ অভাৱ হয়। গতিকে খাদ্যাভ্যাস সলনি কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। উচ্চ প্ৰটিনযুক্ত খাদ্য ভাল যেন লাগিব পাৰে, কিন্তু প্ৰতিটো শৰীৰ আৰু প্ৰতিটো পৰিস্থিতিৰ বাবে ই উপযুক্ত নহয়।
যদি আপুনি ওজন কমাবলৈ বা পেশী গঠন কৰিবলৈ উচ্চ প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰিব বিচাৰে, তেন্তে নিশ্চিতভাৱে খাদ্য বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক। বৃক্ক, লিভাৰ আদিৰ পৰীক্ষা কৰাৰ পিছতহে প্ৰ'টিন ব্যৱহাৰ কৰিব পাৰে।
অতিৰিক্ত প্ৰটিন খালে এই সমস্যাবোৰ বাঢ়িব পাৰে -
উচ্চ প্ৰটিনযুক্ত খাদ্যৰ দ্বাৰা বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে, যাৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে জনাটো আৰু গ্ৰহণ কৰি থকাটো প্ৰয়োজনীয় হৈ পৰে।
হাৰ্ভাৰ্ড স্কুল অৱ পাব্লিক হেল্থৰ প্ৰতিবেদন অনুসৰি উচ্চ প্ৰটিন, বিশেষকৈ পশু ভিত্তিক উৎসৰ পৰা পোৱা প্ৰটিনে শৰীৰত ইউৰিয়া আৰু নাইট্ৰজেনৰ অপচয় বৃদ্ধি কৰে, যাৰ বাবে বৃক্কই অধিক কাম কৰিবলগীয়া হয়। যিসকলৰ ইতিমধ্যে বৃক্কৰ ৰোগ আছে তেওঁলোকৰ বাবে ই অতি ক্ষতিকাৰক।
উচ্চ প্ৰটিন হজমতো অসুবিধা হয়, গতিকে কিছুমান মানুহৰ হজম শক্তিৰো সমস্যা হ’ব পাৰে। কম আঁহ আৰু অধিক প্ৰটিনযুক্ত খাদ্যই হজম শক্তিত প্ৰভাৱ পেলাব পাৰে।
কিছুমান গৱেষণাৰ মতে অত্যধিক প্ৰ’টিন (বিশেষকৈ পশু ভিত্তিক) সেৱন কৰিলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।