ওঁঠৰ ঘা হৈছে নেকি? সাৱধান! এই ভাইৰাছ চুম্বনৰ জৰিয়তেও হ'ব পাৰে।
( অপূৰ্ব দাস )
কেতিয়াবা ভিতৰি ভিতৰি জ্বৰ হৈ থাকিলে ওঁঠত পানী ঘাঁ হোৱা দেখিছেনে ? বহুতেই ভাবে ওঁঠ শুকান হোৱাৰ বাবে এনে ঘাঁ হৈছে। ইয়াক ভিতৰি ভিতৰি জ্বৰ হৈ থাকিলে হোৱা ঘাঁ বুলি কোৱা হয়।
এই হৈছে ভাইৰাছৰ দ্বাৰা সংক্ৰমিত জ্বৰৰ বাবে দেখা দিয়া ঘাঁ । ইয়াৰ কাৰণ, লক্ষণ, চিকিৎসাৰ বিকল্প, আৰু প্ৰতিৰোধৰ পদ্ধতিৰ বিষয়ে এই লিখনিৰ জৰিয়তে জনাম।
ভিতৰি ভিতৰি জ্বৰ হৈ থাকিলে ওঁঠত দেখা দিয়া ঘাঁ কি?
ঠাণ্ডাৰ ঘা বা জ্বৰৰ ঘাঁ হৈছে সাধাৰণতে মুখ বা ওঁঠত বা ওঁঠৰ চাৰিওফালে দেখা দিয়া সৰু, তৰল পদাৰ্থৰে ভৰা ফোহা। ফোহাবোৰে থুপ গঠন কৰে আৰু ইয়াৰ কাৰণ হয় টাইপ-১ হাৰপিছ ছিমপ্লেক্স ভাইৰাছ (HSV-1), যাক মৌখিক হাৰপিছ বুলিও কোৱা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমান অনুসৰি ৫০ বছৰৰ তলৰ বিশ্বৰ জনসংখ্যাৰ প্ৰায় ৬৭% লোক এই ভাইৰাছত আক্ৰান্ত।
বেছিভাগ মানুহেই প্ৰাথমিক শিশুকালতে এই ৰোগত আক্ৰান্ত হয় আৰু বয়সৰ লগে লগে ইয়াৰ সম্ভাৱনা বাঢ়ি যায়। বহুতে লক্ষণমুক্ত হৈ থাকে। ইয়াৰ বিপৰীতে আক্ৰান্তসকলৰ ২০%ৰ পৰা ৪০% লোকে ঠাণ্ডা ঘাঁৰ সন্মুখীন হয়। এই ঘাঁবোৰ অতি সংক্ৰামক আৰু প্ৰত্যক্ষ বা পৰোক্ষ সংস্পৰ্শৰ দ্বাৰা বিয়পে। সাধাৰণতে ই ১৫ , ২০ দিনৰ ভিতৰত ভাল হয় কিন্তু এবাৰ সংক্ৰমিত হ’লে পুনৰ হোৱাৰ প্ৰৱণতা থাকে।
ঠাণ্ডাৰ বা জ্বৰৰ ঘাঁ হোৱাৰ কাৰণ কি?
ঠাণ্ডাৰ ঘাঁ মূলতঃ HSV-1 ৰ দ্বাৰা হয়, যিটো এজন ব্যক্তিৰ পৰা আন এজনলৈ বিয়পি পৰে আৰু সময়ৰ লগে লগে পুনৰ সংক্ৰমিত হ’ব পাৰে। এবাৰ সংক্ৰমিত হ’লে এই ভাইৰাছ চিৰদিনৰ বাবে শৰীৰত থাকে।
হাৰপিছ ছিমপ্লেক্স ভাইৰাছ ১ আৰু ২ মানৱ হাৰ্পিছভাইৰাছ পৰিয়ালৰ দুটা সদস্য, যিটো ভাইৰাছৰ এটা গোট যিয়ে মানুহৰ সংক্ৰমণ উৎপন্ন কৰে। এইচ এছ ভি-১ আৰু এইচ এছ ভি-২ দুয়োটা অতি সংক্ৰামক। সংক্ৰমিত ব্যক্তিয়ে এই ভাইৰাছ বিয়পায়। এই ভাইৰাছ মানুহৰ দেহত পূৰ্বৰ পৰাই পোৱা যায়।
হাৰপিছ সংক্ৰমণ :
বেছিভাগ মানুহেই শৈশৱত এইচ এছ ভি-১ ৰোগত আক্ৰান্ত হয় যেতিয়া তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পূৰ্ণৰূপে বিকশিত নহয়। লক্ষণসমূহ হ’ল জ্বৰ আৰু ঘাঁ যিবোৰ ওঁঠত সৰু সৰু ফোহা হিচাপে দেখা দিয়ে। তাৰ পিছত ভাইৰাছটো মুখৰ ট্ৰাইজেমিনেল গেংলিয়ন নামৰ স্নায়ুকোষত গোটেই জীৱন থুপ খাই নিদ্ৰাহীন হৈ থাকে। যেতিয়া ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'ব তেতিয়াই ইয়াৰ বংশ বৃদ্ধি কৰি আকৌ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।
পুনৰ সংক্ৰমণ : ইয়াৰ লক্ষণ হৈছে চৰ্দি বা জ্বৰ। এই ভাইৰাছ মুখৰ ফালে গতি কৰি ঘাঁৰ সৃষ্টি কৰে।
এই ভাইৰাছ কেনেকৈ বিয়পে ?
• হাৰপিছ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ ঘাঁ বা মুখৰ লালতিৰ পৰা ওলোৱা তৰল পদাৰ্থৰ প্ৰত্যক্ষ বা পৰোক্ষ সংস্পৰ্শৰ দ্বাৰা বিয়পে। ৰোগীয়ে খোৱা পানী, সৌচ, দূষিত গিলাচ বা বাচন-বৰ্তনৰ মাজেৰে বিয়পে।
• এজনে আনজনক ওঁঠত চুমা খোৱাৰ ফলতো এই ভাইৰাছ সহজে বিয়পে। যেতিয়া ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'ব চুম্বন কৰাৰ ৪-৫ দিনৰ ভিতৰতে সাধাৰণ জ্বৰ হ'বলৈ আৰম্ভ কৰে। ইয়াৰ পিছত ওঁঠত পানী ঘাঁ দেখা দিয়ে।
• আক্ৰান্ত ব্যক্তিৰ লগত খাদ্যৰ বাচন বা বস্তু ভাগ-বতৰা কৰা
• আক্ৰান্ত ব্যক্তিৰ লগত মৌখিক যৌন সম্পৰ্ক গ্ৰহণ কৰা।
• সংক্ৰমিত কোনোবা এজনৰ ঘাঁৰ তেজ বা পানী আন এজন ব্যক্তিৰ মুখত বা ঘাঁত লগা ইত্যাদি।
কোনবোৰ লোকৰ বাবে ভয়ংকৰ?
• যিসকল লোকৰ এইচ এছ ভি-১ বা এইচ এছ ভি-২ৰ কোনো বিদ্যমান এন্টিব’ডি নাথাকে।
• যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম, যেনে এইচ আই ভি সংক্ৰমণ, লিউকেমিয়া বা লিম্ফোমা, ডায়েবেটিচ , কৰ্কট ৰোগ, লিভাৰৰ ৰোগ বা অন্যান্য ৰোগ থকা লোক।
যৌনাংগলৈ সংক্ৰমণ হ'ব পাৰে:
মুখেৰে যৌন অংগৰ আনন্দ লʼলে সংক্ৰমিত ব্যক্তিৰ পৰা এইচ এছ ভি-১ বা ২ যৌনাংগলৈ সংক্ৰমিত হ’ব পাৰে। কিন্তু এইচ এছ ভি-১ৰ দ্বাৰা হোৱা যৌনাংগৰ হাৰপিছৰ পুনৰাবৃত্তিমূলক প্ৰাদুৰ্ভাৱ এইচ এছ ভি-২ৰ দ্বাৰা হোৱা প্ৰাদুৰ্ভাৱতকৈ কম হোৱা দেখা যায়।
HSV -1 বা HSV-2 ৰ লক্ষণ কেনেধৰণৰ?
• মুখৰ ভিতৰত বা চাৰিওফালে ঠাণ্ডাৰ ঘা বা জ্বৰৰ ফোহা ।
• ঘা বা ফোহা গঠন হোৱাৰ আগতে খজুৱতি বা জ্বলা-পোৰা।
• ঘাঁ ভাঙিলে তৰল পদাৰ্থ বাহিৰ হয়, যি বিষ অনুভৱ কৰিব পাৰে। ভাঙি দিলে বাঢ়ি যায়, সেয়েহে ভাঙি নিদিব।
• পাতল, তীব্ৰ বা মধ্যমীয়া জ্বৰ হৈ থাকিব।
• চৰ্দী আৰু কাহ থাকিব পাৰে। নাক বন্ধ হৈ থাকিব পাৰে। মিউকাচ ( শেঙুন, খেকাৰ ) ওলাব পাৰে।
• শৰীৰ দুৰ্বল হ'ব।
• শৰীৰত হঠাতে ঠাণ্ডা বা গৰম অনুভৱ হ'ব পাৰে। ঠাণ্ডা লগালে এই ৰোগ বাঢ়ি যায়।
• কিছুমানৰ ক্ষেত্ৰত হজমৰ সমস্যাও বাঢ়িব পাৰে।
সাৱধানতা:
এইচ এছ ভিয়ে আপোনাৰ মগজু (হাৰ্পিছ ছিমপ্লেক্স এনকেফেলাইটিছ) বা আপোনাৰ মগজু আৰু মেৰুদণ্ডৰ চাৰিওফালে থকা সুৰক্ষামূলক স্তৰ (হাৰ্পিছ মেনিনজাইটিছ) সংক্ৰমিত কৰিব পাৰে। যদি এইচ এছ ভিয়ে আপোনাৰ মগজু আৰু ইয়াৰ সুৰক্ষামূলক স্তৰ দুয়োটাকে সংক্ৰমিত কৰে তেন্তে আপুনি হাৰপিছ মেনিনজোএনচেফেলাইটিছ নামৰ জীৱন সংকটজনক অৱস্থালৈ গতি কৰিব পাৰে। সেয়েহে সাৱধান!
• কাহি থকা, জ্বৰ হৈ থকা, হাচিয়াই থকা আৰু ওঁঠত ঘাঁ হৈ থকা ব্যক্তিৰ পৰা দূৰত থাকিব।
• সদায় মুখত মাক্স পিন্ধা উচিত আৰু সময়ে সময়ে হাত চেনিটাইজাৰেৰে পৰিস্কাৰ কৰা উচিত।
• গা-ধুৱাৰ সময়ত আৰু খোৱাৰ সময়ত গৰম পানী ব্যৱহাৰ কৰিব।
• ঠাণ্ডা খাদ্য, বাহিৰৰ খাদ্য আৰু বতাহ চলাচল কৰা স্থানত খাদ্য খোৱা উচিত নহয়।
• জনসমাগম হোৱা স্থানত এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বেছি। যেনে - বজাৰ, হাস্পতাল, স্কুল- কলেজ, যান-বাহন ইত্যাদি।
• ঠাণ্ডা পানী বা বতাহত ওলাই যাওঁতে সাৱধান হ'ব।
• ৰেল -যান-বাহন আদিত যাত্ৰা কৰোঁতে সাৱধান হ'ব। মুখত মাক্স পিন্ধা উচিত।
• বাহিৰৰ খাদ্য আৰু পানী খোৱাৰ পৰা সাৱধান হ'ব। কাৰণ এই ভাইৰাছ খাদ্য আৰু পানীৰ দ্বাৰাও বিয়পে।
• ৰোগীৰ কাপোৰ -খাদ্য - সৌচাগাৰ ব্যৱহাৰ কৰোঁতেও সাৱধান হ'ব।
• যৌন সম্পৰ্কৰ বাবে মুখত কেতিয়াও যৌনাংগ নলʼব।
• বিশেষকৈ এই ভাইৰাছ চুম্বনৰ দ্বাৰা বেছিকৈ বিয়পে। সেয়েহে সাৱধান হ'ব।
• এই ভাইৰাছৰ কোনো ঔষধ নাই। এই ৰোগৰ সৈতে যুঁজিবলৈ আগতীয়াকৈ প্ৰতিষেধক ল'ব পাৰে।
• এবাৰ এই ভাইৰাছত আক্ৰান্ত হ'লে দেহৰ পৰা এই ভাইৰাছ আঁতৰ নহয়। যেতিয়াই ঠাণ্ডাত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যাব তেতিয়াই এই ভাইৰাছৰ সংক্ৰমণৰ বাঢ়ি যায়।
• এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ'লে কোনো এন্টিবায়টিক বা অন্যান্য বেক্টেৰিয়া নাশক ঔষধে কাম নকৰে। মাথো গাৰ বিষ আৰু জ্বৰ কম কৰিবলৈ চিকিৎসকে কিছুমান ঔষধ দিব পাৰে।
• জ্বৰ আৰু ওঠত ঘাঁ হ'লে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত।
• ৰোগীয়ে জিৰণি লোৱা প্ৰয়োজন। দেহৰ শক্তি কমি নাযাবলৈ ঘৰুৱা সৰু কুকুৰাৰ মাংস, খিচিৰী দাইল, নেমু আদি খাব পাৰে।
• ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। বতাহ চলাচল কৰা স্থানত নাথাকিব।