নেমু কোন সকল লোকে খাব নালাগে? জানিবলৈ পঢ়িব।
( অপূৰ্ব দাস )
নেমু হৈছে অসমৰ জাতীয় ফল। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু ঔষধি গুণৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ছাল উজ্জ্বল কৰে আৰু হজম শক্তিত সহায় কৰে। কিন্তু কিছুমান মানুহৰ বাবে নেমু সেৱন কৰাটোও ক্ষতিকাৰক হ’ব পাৰে। আন সকলো বস্তুৰ দৰেই সীমিত আৰু শুদ্ধভাৱে নেমু ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়, কাৰণ কিছুমান স্বাস্থ্যজনিত অৱস্থাত ইয়াৰ সেৱনে শৰীৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।
এই লেখাটোত আপুনি বিতংভাৱে জানিব পাৰিব কোন কোন মানুহে নেমু খাব নালাগে।
১. এচিডিটি আৰু গেছ (এচিডিটি/গেষ্ট্ৰিক ৰোগী)
যিসকল লোকৰ গেছ, এচিড ৰিফ্লাক্স বা এচিডিটিৰ সমস্যা আছে তেওঁলোকে নেমুৰ পৰা আঁতৰি থাকিব লাগে। নেমুত চাইট্ৰিক এচিড থাকে, যাৰ ফলত পেটত এচিডৰ মাত্ৰা আৰু অধিক বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত পেট জ্বলা, জ্বলন, বমি, বদ হজম আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।
বিশেষ সাৱধানতা: খালী পেটত নেমুৰ পানী খোৱাৰ পৰা বিৰত থাকিব। ইয়াৰ ফলত এচিড ৰিফ্লাক্স আৰু গেছৰ সমস্যা আৰু অধিক ভয়াৱহ হ’ব পাৰে।
২. দন্ত চিকিৎসাৰ সমস্যা
নেমুত থকা চাইট্ৰিক এচিডে দাঁতৰ ইনামেলৰ ক্ষতি কৰিব পাৰে। সঘনাই নেমুৰ পানী বা নেমু সেৱন কৰা লোকৰ দাঁত সংবেদনশীলতা, দাঁতৰ জিনজিননি বা ক্ষয় হ’ব পাৰে।
উপদেশ: নেমু খোৱাৰ প্ৰয়োজন হ’লে সমান্য ভাৱে ভাতৰ লগত ব্যৱহাৰ কৰি খাব লাগে।
৩. আলচাৰ ৰোগী
পেটত ঘা, মুখৰ ঘা বা ক্ষুদ্ৰান্ত্ৰত ঘা হোৱা লোকে নেমু সেৱন সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে। নেমুত পোৱা শক্তিশালী এচিডে এই ঘাঁবোৰ আৰু বেছি বেয়া কৰি তেজ সৌচৰ লগত যোৱা আৰু বিষ বৃদ্ধি কৰিব পাৰে।
৪. চাইট্ৰাছ এলাৰ্জী
কিছুমান মানুহৰ ছাইট্ৰাছ ফলৰ এলাৰ্জী হয়। এনে লোকে নেমু সেৱন কৰিলে ছালৰ ফোহা, খজুৱতি, ফুলা, উশাহ লোৱাত অসুবিধা বা পেট বেয়া হোৱা আদি সমস্যাৰ সন্মুখীন হ’ব পাৰে।
ইংগিত: নেমু খোৱাৰ পিছত যদি কোনো ধৰণৰ এলাৰ্জি হয় তেন্তে লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।
৫. মাইগ্ৰেইন ৰোগী
নেমুত টাইৰামাইন নামৰ প্ৰাকৃতিক ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে কিছুমান মানুহৰ মাইগ্ৰেইনৰ ( মূৰৰ বিষ ) সূচনা কৰিব পাৰে। যদি কোনো ব্যক্তিৰ সঘনাই মূৰৰ বিষ বা মাইগ্ৰেইন হয়, তেন্তে নেমু খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
৬. বৃক্কত পাথৰ হোৱা ৰোগী
যদিও কিছুমান প্ৰকাৰৰ পাথৰ (যেনে কেলচিয়াম অক্সালেট পাথৰ)ত নেমুৰ ৰস উপকাৰী, কিন্তু সঘনাই পাথৰ হোৱা লোকে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ অত্যধিক পৰিমাণে নেমু সেৱন কৰিব নালাগে। কিছুমান প্ৰকাৰৰ পাথৰত Lemon citrate ক্ষতিকাৰক হ'য়।
৭. পোহৰ সংবেদনশীলতা
নেমুত কিছুমান উপাদান থাকে যিয়ে ছালখন সূৰ্যৰ পোহৰৰ প্ৰতি সংবেদনশীল কৰি তুলিব পাৰে। যদি আপুনি নেমুৰ ৰস পোনে পোনে ছালত লগাই তাৰ পিছত ৰ’দত ওলাই যায় তেন্তে ছালখন জ্বলিব পাৰে বা ক'লা দাগ হ’ব পাৰে। ইয়াক "ফাইট'ফ'টো ডাৰ্মাটাইটিছ" বুলি কোৱা হয়।
৮. গৰ্ভৱতী মহিলা আৰু মাহেকীয়াৰ সমস্যা
গৰ্ভাৱস্থাত বেছি পৰিমাণে নেমু সেৱন কৰিলে কিছুমান মহিলাৰ এচিডিটি বা বমি হ’ব পাৰে। যদিও স্বাভাৱিক পৰিমাণত নেমু সেৱন কৰাটো ক্ষতিকাৰক নহয়, কিন্তু যদি গৰ্ভৱতী মহিলাগৰাকীৰ ইতিমধ্যে গেষ্ট্ৰিক বা হাৰ্টবাৰ্ণৰ সমস্যা আছে তেন্তে নেমুৰ পৰা আঁতৰি থকাটো ভাল।
মাহেকীয়া সমস্যা যেনে - বেছিকৈ ৰক্ত ক্ষৰণ হ'লেও যি কোনো টেঙা বস্তু খাব নালাগে।
৯. চৰ্দি আৰু কাহৰ ৰোগী
যদি কাৰোবাৰ দীৰ্ঘদিনীয়া চৰ্দি বা ডিঙিৰ বিষ হয়, তেন্তে নেমু আৰু টেঙা খাদ্য খোৱাৰ ফলত অৱস্থা আৰু বেয়া হ’ব পাৰে। নেমু আৰু টেঙা ঠাণ্ডা প্ৰকৃতিৰ, যাৰ ফলত কফ বৃদ্ধি হ’ব পাৰে।
১০. ৰক্তচাপৰ ঔষধ সেৱন কৰা লোক
কিছুমান ৰক্তচাপৰ ঔষধ (যেনে ACE inhibitors ) শৰীৰত পটাছিয়াম বৃদ্ধি কৰে। নেমুত পটাছিয়াম বেছি নাথাকে যদিও বাৰে বাৰে নিমখৰ লগত মিহলি নেমুৰ পানী খালে শৰীৰৰ ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। এনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।
নেমু নিশ্চিতভাৱে এটা স্বাস্থ্যকৰ ফল, কিন্তু ই সকলোৰে বাবে উপকাৰী নহয়। বিশেষকৈ যিসকল লোকৰ ওপৰত উল্লেখ কৰা স্বাস্থ্যজনিত সমস্যা আছে তেওঁলোকে সাৱধানতাৰে বা চিকিৎসকৰ পৰামৰ্শৰ পিছতহে নেমু সেৱন কৰিব লাগে।
সাধাৰণ টিপচ্:
• সীমিত পৰিমাণত নেমু সেৱন কৰিব লাগে।
• খালী পেটত বেছি টেঙা নেমুৰ পানী খাব নালাগে।
• ছালত লগোৱাৰ আগতে ছালত সামান্য লগাই টেষ্ট কৰক।
• কোনো ধৰণৰ এলাৰ্জী বা অস্বস্তি হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
সুস্থ হৈ থাকিবলৈ আমাৰ শৰীৰৰ প্ৰয়োজনবোৰ আৰু সীমাবদ্ধতাবোৰ বুজি পোৱাটো জৰুৰী। নেমু ঔষধি গুণেৰে ভৰপূৰ হ’ব পাৰে, কিন্তু সঠিক ব্যক্তিয়ে, সঠিক সময়ত আৰু সঠিক পৰিমাণত ইয়াৰ ব্যৱহাৰে ইয়াক উপকাৰী কৰি তোলে।