হৃদয়ত নিৰৱে বৈ আছা তুমি
( কবিতা : অপূৰ্ব দাস )
দুচকুত এতিয়া কেৱল অশ্ৰুৰ নৈ
ভাবিছিলো সেয়া সঁচা মৰম বুলি,
সপোন দেখিছিলো বহুত
এতিয়া খাইছে মোক প্ৰতিটো পলেই খুলি।
নিজকে কিদৰে বুজাও মই
সাগৰৰ ঢৌৰ দৰে মন হ'য় অশান্ত ,
কোনো নাই আজি কাষত
হেৰালে মোৰ সুখৰ বসন্ত।
প্ৰতিটোপাল তেজত তোমাৰ ছবি
কলিজাতো তোমাৰেই নাম,
এতিয়া ভাবো কোনেও নেদেখা ঠাইত
বহুদূৰলৈ গুছি যাম।
প্ৰতিটো বসন্তই কয় তোমাৰ কথা
আজিও আছো মই নিৰৱে সুৱৰি,
চকুৰ পানীৰে তিতি উঠিছে
মোৰ বেদনাত পদূলিৰ দূৱৰি ।
চিনাকি হোৱা সেই দিনটোৰ কথা
তুমি পাহৰি গ'লা,
আনৰ মৰম পাই
তুমি চাগৈ বহুত সুখী হʼলা।
আধৰুৱা জীৱনত ধুমুহাই নুমুৱালে
মোৰ আশাৰ চাকি,
কান্দোনৰ শব্দত মেঘেও গাজিলে
ক'লা ডাৱৰে আকাখন ধৰিছে ঢাকি।
পোৱা হ'লে তোমাৰ সঁচা মৰম
তোমালৈ বাট চাই আছো ৰৈ,
আজিও তোমাৰ প্ৰতি সঁচা প্ৰেম
নদী হৈ বুকুত আছে নিৰৱে বৈ......