Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।

Type Here to Get Search Results !

Ads Mondi Floting

Breking Tiger

Slider Post

Shareus Ads

Mandi Ads

Slider Menu

Slider Menu

Traffic Star Ads

বেটুপাতৰ মডেলঃ

বিজ্ঞাপন

লক্ষ্মী পূজাৰ দিনা ধন-সম্পত্তি লাভৰ বাবে কি কি উপায় গ্ৰহণ কৰিব লাগে? জানিবলৈ পঢ়িব



লক্ষ্মী পূজাৰ দিনা ধন-সম্পত্তি লাভৰ বাবে কি কি উপায় গ্ৰহণ কৰিব লাগে? জানিবলৈ পঢ়িব।

(অপূৰ্ব দাস)

আহিন মাহৰ পূৰ্ণিমাৰ দিনা আৰু দীপাৱলী দিনা লক্ষ্মী দেৱীক পূজা নকৰাকৈ থাকিলে অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। এই দুটা দিনত মানুহে বিশেষ লক্ষ্মী পূজা কৰি তেওঁৰ আশীৰ্বাদ বিচাৰি ঘৰলৈ সুখ, শান্তি, সমৃদ্ধি কঢ়িয়াই আনে। কোৱা হয় যে লক্ষ্মী পূজাৰ দিনা যদি কিছুমান ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে দেৱী লক্ষ্মী অত্যন্ত সন্তুষ্ট হৈ ঘৰত স্থায়ীভাৱে বাস কৰে। লক্ষ্মী পূজা কেনেকৈ কৰিব লাগে আৰু সেইদিনা ধন-সম্পত্তি লাভৰ বাবে কি কি ব্যৱস্থা লʼব পাৰি সেই বিষয়ে জানো আহক-







(১) পূজাৰ বাবে এটা শুভ সময় বাছি লওক

আহিন মাহৰ পূৰ্ণিমাৰ ৰাতি আৰু দীপাৱলীৰ প্ৰদোষ কালত লক্ষ্মী দেৱীক পূজা কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। প্ৰদোষ সময় সূৰ্যাস্তৰৰ প্ৰায় এঘণ্টা পিছলৈ থাকে। এই সময়ত দেৱী লক্ষ্মী আৰু গণেশ ভগৱানক পূজা কৰিলে ঘৰখনলৈ ধন-সম্পত্তি, সুখ, সমৃদ্ধি পোৱা যায়।

(২) ঘৰ চাফা কৰি সজাই তুলিব

লক্ষ্মী কেৱল সদায় পৰিষ্কাৰকৈ ৰখা আৰু কাজিয়া নকৰা ঘৰতহে প্ৰৱেশ কৰে। সেয়ে পূজাৰ আগে আগে গোটেই ঘৰখন ভালদৰে চাফা কৰিব লাগে। মূল প্ৰৱেশদ্বাৰত স্বস্তিকা চিহ্ন আঁকি লেম্প জ্বলাই দুৱাৰত তোৰণ মালা (আমৰ পাত বা ফুলৰ মালা) ৰাখক। দুৱাৰৰ দুয়োফালে বন্তি জ্বলাবলৈ নাপাহৰিব, কিয়নো ইয়াৰ দ্বাৰা দেৱী লক্ষ্মীক আদৰণি জনোৱাৰ প্ৰতীক।

(৩) পূজাৰ প্ৰস্তুতি

• পূজাস্থলী গংগা পানীৰে শুদ্ধ কৰক।

• ৰঙা বা হালধীয়া কাপোৰ এখনত লক্ষ্মী আৰু ভগৱান গণেশৰ মূৰ্তি বা ছবি ৰাখক।

• তেওঁলোকৰ সন্মুখত পূজাত ব্যৱহাৰ কৰা সেন্দুৰ লৈ "ওঁম" বা "স্বস্তিকা" চিহ্ন বনাওক।

• এটা পাত্ৰত পানী ভৰাই তাৰ ওপৰত এটা নাৰিকল আৰু আমৰ পাত ৰাখক—এইটো লক্ষ্মী দেৱীৰ প্ৰতীক বুলি গণ্য কৰা হয়।

• পূজাৰ সময়ত এটা বন্তিত ঘী বা মিঠা তিল ভৰাই জ্বলাব।


(৪) উপাসনাৰ পদ্ধতি

• প্ৰথমে ভগৱান গণেশক পূজা কৰক, কিয়নো তেওঁ বাধা আঁতৰায়।

• তাৰ পিছত লক্ষ্মী দেৱীক পূজা কৰা উচিত।

• মা লক্ষ্মীক হালধি, সেন্দুৰ, অক্ষত চাউল ( ভাঙি নোযোৱা ২১ টা চাউল, তাত কেঁচা হালধি সানিব ) , ৰঙা ফুল, খোৱা কৰ্পূৰ, প্ৰসাদ আগবঢ়াওক।

• ১০৮ বাৰ "ওঁম শ্ৰীম মহালক্ষ্ম্যই নমঃ" মন্ত্ৰ জপ কৰক।

• পূজাৰ পিছত আৰতি কৰক আৰু ঘৰৰ সকলো সদস্যক প্ৰসাদ বিতৰণ কৰক।

(৫) খাদ্য আৰু দান-বৰঙণি

পূজাৰ পিছত দুখীয়া আৰু আৰ্তজনক খাদ্য বা মিঠাই দান কৰাটো অতিশয় শুভ। ইয়াৰ দ্বাৰা কেৱল পুণ্যই নহয়, দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ পোৱা যায়।

◽লক্ষ্মী পূজাত ধন অৰ্জনৰ বিশেষ প্ৰতিকাৰ

লক্ষ্মী পূজা কেৱল পূজাৰ দিন নহয়, কিছুমান আধ্যাত্মিক সাধনাৰ দিন। এই উপায়বোৰ অতি সহজ যদিও অত্যন্ত ফলপ্ৰসূ বুলি গণ্য কৰা হয়।

(১) শংখৰ প্ৰতিকাৰ

লক্ষ্মী পূজাৰ দিনা শংখ বা গোমতী চক্ৰত হালধি লগাই পূজা কৰি নিৰাপদ স্থানত বা আলমাৰীত ৰাখিব লাগে। এনে কৰিলে স্থিতিশীলতা নিশ্চিত হয় আৰু ধন-সম্পত্তি কেতিয়াও কমি নাযায়।

(২) ভগৱান কুবেৰক পূজা কৰক

কুবেৰ হৈছে ধন ৰখীয়া । লক্ষ্মী দেৱী পূজাৰ সমান্তৰালকৈ "কুবেৰযন্ত্ৰ" স্থাপন কৰি তেওঁক পূজা কৰক।

মন্ত্ৰ: "ওঁম য়াম কুবেৰায় নমঃ"।

এই মন্ত্ৰটো ১০৮ বাৰ জপ কৰিলে হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনাৰ সৃষ্টি হয়।

(৩) তুলসী গছত এটা বন্তি জ্বলাব

দীপাৱলী আৰু লক্ষ্মী পূজাৰ নিশা তুলসী গছৰ তলত ঘিউৰ বন্তি জ্বলাব। এই কাৰ্য লক্ষ্মী দেৱীৰ অতি প্ৰিয়। ই ঘৰলৈ ইতিবাচক শক্তি আনে আৰু আৰ্থিক বাধা দূৰ কৰে।

(৪) মূল দুৱাৰত লক্ষ্মীৰ ভৰিৰ চিন আঁকিব

লক্ষ্মী পূজা আৰু দীপাৱলীৰ সন্ধিয়া ৰঙা ৰং বা ফাকু গুড়িৰে দুৱাৰৰ সন্মুখত লক্ষ্মীৰ ভৰিৰ চিন আঁকিব। বিশ্বাস কৰা হয় যে লক্ষ্মী দেৱীয়ে এই ভৰিৰ চিনবোৰৰ মাজেৰে আপোনাৰ ঘৰত প্ৰৱেশ কৰি আপোনাৰ ধন-সম্পত্তি বৃদ্ধি কৰে।

(৫) দুৱাৰত ঘণ্টা এটা ওলোমাই থওক

ঘৰৰ মূল দুৱাৰত বা প্ৰাৰ্থনা স্থানত ঘণ্টা ওলোমাই দিলে ঋণাত্মক শক্তি নাইকিয়া হয়। ঘণ্টা বাজিলেই দেৱী লক্ষ্মী সন্তুষ্ট হৈ ঘৰত স্থায়ীভাৱে বাস কৰে।

(৬) ধন-সম্পত্তি লাভৰ বাবে বন্তি দান কৰক

লক্ষ্মী পূজা বা দীপাৱলীৰ নিশা ১১, ২১, বা ৫১ টা বন্তি জ্বলাই ঘৰৰ চুক-কোণত ৰাখক। পাকঘৰত, তুলসী গছৰ তলত, বাথৰুমৰ ওচৰত, বহা কোঠাত বন্তি ৰখাটো বিশেষভাৱে শুভ। ইয়াৰ ফলত দৰিদ্ৰতা দূৰ কৰাত সহায় হয়।

(৭) "শ্ৰী সূক্ত" আবৃত্তি কৰা।

"শ্ৰী সূক্ত" অথৰ্ববেদৰ পবিত্ৰ গ্ৰন্থ যিয়ে দেৱী লক্ষ্মীক সন্তুষ্ট কৰে। দীপাৱলীৰ নিশা এই সূক্ত পাঠ কৰিলে ধন-সম্পত্তি আৰু সমৃদ্ধিৰ আশীৰ্বাদ পোৱা যায়।

(৮) গৰুক গুৰ আৰু ৰুটি খুৱাব

লক্ষ্মী পূজাৰ দিনা গৰুক গুড় আৰু ঘেঁহুৰ ৰুটি খুৱালে অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত পূৰ্বপুৰুষৰ পৰা আশীৰ্বাদ পোৱা যায় আৰু আৰ্থিক অৱস্থা সুদৃঢ় হয়।





(৯) চেফ বা পাৰ্চত ৰঙা কাপোৰ এখন ৰাখক

পূজাৰ দিনা চাউল, হলধি সানি এটা মুদ্ৰা ৰঙা বা হালধীয়া কাপোৰেৰে মেৰিয়াই চেফ বা পাৰ্চত ৰাখিব। ধন-সম্পত্তিৰ আকৰ্ষণৰ বাবে ইয়াক প্ৰতিকাৰ হিচাপে গণ্য কৰা হয়।

(১০) ক’লা তিলৰ প্ৰতিকাৰ

দীপাৱলীৰ নিশা ঘৰৰ চাৰিওটা চুকতে ক’লা তিল দি থব। পিছদিনা ৰাতিপুৱা বৈ যোৱা নদীত বোৱাই দিব। ইয়াৰ ফলত ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হয় আৰু ধনৰ প্ৰবাহ বৃদ্ধি পায়।

◽লক্ষ্মী পূজাৰ দিনা কি কৰিব নালাগে

• ঘৰত কাজিয়া বা বেয়া কথা কোৱাৰ পৰা বিৰত থাকক।

• পূজাৰ দিনা মাংস, মদ, নেতিবাচক কামত লিপ্ত হোৱা পৰিহাৰ কৰক।

• সন্ধিয়া ঝাড়ু নিদিব বা ঝাড়ুৰে জাবৰ উলিয়াই নিদিব—এয়া লক্ষ্মী দেৱীক অপমান কৰাৰ সমান।

• প্ৰতি বৃহস্পতিবাৰেও দুৱাৰৰ দুয়োফালে বন্তি জ্বলাই ৰাখিব লাগে।

লক্ষ্মী পূজা কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, আমাৰ বিশ্বাস, কঠোৰ পৰিশ্ৰম, ইতিবাচকতাৰ প্ৰতীক। আমি যেতিয়া ভক্তি আৰু নিৰ্মল হৃদয়েৰে দেৱী লক্ষ্মীক পূজা কৰি এইবোৰ নিয়ম পালন কৰো তেতিয়া জীৱনত কেতিয়াও সুখ, সমৃদ্ধি আৰু ধন-সম্পত্তিৰ অভাৱ নহয়।





Bottom Post Ad