অপূৰ্ব দাস
বাঁহ এনে এবিধ উদ্ভিদ যাক বায়ু, পানী বা সূৰ্যৰ পোহৰৰ বেছি প্ৰয়োজন নহয়। আগতে খেতি পথাৰ, বন্যাৰ্ত মাটিৰ শিখৰত ৰোপণ কৰা হৈছিল যদিও এতিয়া ইয়াৰ খেতি আৰম্ভ হৈছে। এইবিধ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা উদ্ভিদ।
এই বাঁহ গছৰ পৰা এটিয়া অতিকৈ টান আৰু জীৱনত ঘূণে নধৰা কাঠো তৈয়াৰ কৰা হয়।
বাঁহ গাজ বা খৰিচা আমি খাদ্যত ব্যৱহাৰ কৰি খাও।
ইয়াৰ বহুতো ঔষধি গুণ আছে। আজি আপোনালোকক আমি জনাম এই লিখনিৰ জৰিয়তে।
বাঁহ মানে সেউজীয়া সোণ। ইয়াৰ বিস্তৃত অৰ্থনৈতিক আৰু সাংস্কৃতিক গুৰুত্ব আছে। ই প্ৰকৃতিৰ ঘনিষ্ঠ বন্ধু আৰু আন উদ্ভিদতকৈ তিনিগুণ বেছি অক্সিজেন যোগান ধৰে। কেৱল ঠাৰি নহয়, পাতবোৰো ঔষধি গুণেৰে ভৰপূৰ।
বাঁহ গছৰ সংস্কৃত নাম : বংশ, কৰ্মৰ, ত্ৰিধ্বজ, শাতপৰ্ব, যৱফল, ভেনু, মস্কৰ, তেজন, টুংগা, শুভা, টুগা, কিলাতি, পুষ্পাঘটক, বৃহত্ৰিণ, তৃণকেতুক, কান্তলু, মহাবাল, দুৰ্গগ্ৰন্থি, দুৰ্গপাত্ৰ, ধনুদ্ৰুম, দুৰ্গকাণ্ড, কীচক, কুক্ষীৰান্দ্ৰ, মৃত্যুবীজ, বাদনিয়া, ফালাণ্টক, তৃণকেতু, তৃণৰাজক, বহুপৰ্বণ, দুৰাৰুহ, সুশীৰাখ্যা।
বহু ৰোগত উপকাৰী
বাঁহে কাৰ্বন মনোক্সাইড, বেনজিন আৰু ক্ল’ৰফৰ্মৰ দৰে মৌল ধ্বংস কৰি অক্সিজেন নিৰ্গত কৰে।
আচাৰৰ উপৰিও কাঠ, ভিনেগাৰ, শক্তি বৃদ্ধি কৰা ঔষধ বাঁহৰ পৰা তৈয়াৰ কৰা হয়। হৃদৰোগ, হাঁপানী, মগজু আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত ই উপকাৰী।
বাঁহত মেগনেছিয়াম, ছডিয়াম, জিংক, তাম, পটাছিয়াম আৰু ফছফৰাছৰ উপস্থিতিৰ বাবে ইয়াক আয়ুৰ্বেদত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
বাঁহৰ ঔষধি গুণ :
• বাঁহ গছৰ পাত উতলাই তাৰ পানী একাপ খালে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে ।
• বাঁহৰ পাতৰ উতলোৱা পানী একাপ খালে শ্বাস-প্ৰশ্বাসজনিত ৰোগ নিৰাময় হয়।
• বাঁহৰ পাতৰ বা কুমলীয়া ডালৰ পৰা উলিওৱা তৰল পদাৰ্থ পানীত উতলাই সেৱন কৰিলে ৰক্তচাপ আৰু কলেষ্টেৰল হ্ৰাস কৰে।
• বাঁহ গছৰ পাতত ফ্লেভন’ইড, ফেনল এচিড, ইনাৰ এষ্টাৰ, পলিচেকাৰাইড, এমিনো এচিড, পেপটাইড, মেংগানিজ, জিংক থাকে যি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে।
• যদি আপুনি মানসিক চাপ আৰু ব্যস্ত জীৱনৰ বাবে মূৰৰ বিষত ভুগিছে তেন্তে বাঁহৰ ঘৰুৱা উপায় অতি উপকাৰী বুলি প্ৰমাণিত হ’ব। ইয়াৰ বাবে ৫০০ মিলিগ্ৰাম খোৱা কৰ্ফূৰ ১০ মিলিলিটাৰ বাঁহৰ শিপাৰ ৰসত মিহলাই ১-২ টোপাল নাকত দিলে মাইগ্ৰেইনৰ বিষ কম হয়।
• যদি চৰ্দি, কাহ বা যিকোনো ৰোগৰ পাৰ্শ্বক্ৰিয়া হিচাপে কাণৰ বিষ হয়, তেন্তে এনেদৰে বাঁহেৰে চিকিৎসা কৰিলে সকাহ পোৱা যায়। জাবৰং, আহত গছৰ কুমলীয়া পাত, নহৰু, আদা আৰু কুমলীয়া বাঁহৰ পাত আদি পিহি পেষ্ট বনাওক। তাৰ পিছত লং তেলৰ লগত কিছু সিজাই ঠাণ্ডা হলে কাণত ১-২ টোপাল দিলে কাণৰ বিষ কমি যায়। এই তেল আলু পিটিকাত দি খালেও চৰ্দি , জ্বৰ , কাঁহ দূৰ হয়।
• ইয়াৰ বাহিৰেও ছাগলী বা ভেড়াৰ প্ৰস্ৰাৱ বা ঘিউ বা তেলত বাঁহৰ কলম সিজাই ঠাণ্ডা হলে ১-২ টোপাল কাণত দিলে কাণৰ বিষ কম হয়।
• যদি আপুনি পুষ্টিৰ অভাৱত বা যিকোনো ৰোগৰ বাবে মুখৰ ঘা ৰোগত ভুগিছে তেন্তে কুমলীয়া বাঁহ পাত লঙৰ লগত পিহি পেষ্ট বনাই লগালে উপকাৰ পোৱা যায়।
• যদি হাওঁফাওঁৰ ৰোগ বা কফ হয় তেন্তে বাঁহৰ পাত ইয়াৰ চিকিৎসাত উপযোগী । বাঁহৰ পাত আৰু কুণ্ডলীৰ ( টেঙা পটল ) পাত পিহি পানীত উতলাই সেই পানী একাপ গৰমে গৰমে খালে হাওঁফাওঁৰ ফুলা, কাহ বা ডিঙিৰ বিষ কমোৱাত সহায় কৰে।
• যদি আপুনি বতৰৰ পৰিৱৰ্তনৰ বাবে শুকান কাহত ভুগি আছে আৰু ই কমাব পৰা নাই, তেন্তে বাঁহেৰে ইয়াৰ চিকিৎসা কৰিব পাৰি। মৌৰ লগত মিহলি কৰি বাঁহ পাতৰ ৰস সেৱন কৰিলে কফ আঁতৰ হয় আৰু শুকান কাহ ভাল হয়।
• যদি আপোনাৰ ডায়েৰিয়া হয় তেন্তে বাঁহৰ ঘৰুৱা উপায় অতি উপযোগী । বাঁহৰ পাত, শিপা বা ঠাৰি পিহি পানীত উতলাই ১০-২০ মিলিলিটাৰ খালে ডায়েৰিয়া, অন্ত্ৰৰ কৃমি বা বমি হ’লে সকাহ পোৱা যায়।
• যদি আপুনি পাইলছ ৰোগত ভুগিছে তেন্তে ই অতি উপকাৰী বুলি প্ৰমাণিত হয়। বাঁহ গছৰ পাত আৰু পানৰ পাত মিহিকৈ পিহি পাইলছ হোৱা ঠাইত লগালে পাইলৰ বিষ কমি যায়।
• আজিকালি দ্ৰুতগতিৰ আৰু মানসিক চাপৰ জীৱনটো এনেকুৱা হৈ পৰিছে যে খাদ্য খাবলৈ বা শুবলৈও সময় নহয়। ফলত মধুমেহ ৰোগৰ বলি হৈ পৰিছে মানুহ। ১/২ মুঠি বাঁহ পাত পিহি ৫ টা নয়নতৰা ফুলৰ লগত মিহিকৈ গুড়ি কৰি পগাই ইয়াৰ ৰস চেকি খালে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।
• ইয়াৰ বাহিৰেও ১ মুঠি বাঁহৰ কুমলীয়া পাত আৰু পাতেগজাৰ ২/৩ খন পাত মিহিকৈ গুড়ি কৰি ১ গিলাছ পানীত উতলাই সেই পানী ১০ মিলিলিটাৰকৈ দিনত ২ বাৰ খালে ছালৰ ৰোগ, জণ্ডিছ, মুত্ৰ জ্বলন , কমকৈ প্ৰচাব হোৱা ৰোগ দূৰ হয়।