অপূৰ্ব দাস
ৰোগৰ বিষয়ে আমি সম্পূৰ্ণৰূপে নাজানো, কিন্তু যদি আমাৰ লগত কোনো ৰোগ হয় তেন্তে আমি বহুত নাৰ্ভাছ হৈ পৰো। বসন্ত ঋতুত হোৱা তেনে এক ৰোগ হ’ল বসন্ত ৰোগ।
গতিকে, কোনো পলম নকৰাকৈ কওঁ এই ছমপক্স বা বসন্ত ৰোগ কি, ইয়াৰ সংক্ৰমণৰ কাৰণ কি আৰু ইয়াৰ পৰা সকাহ পাবলৈ ঘৰুৱা উপায় কি, যিয়ে আপোনাক সহায় কৰিব পাৰে।
প্ৰথমে জানক এই বসন্ত, আই বা চিকেন পক্স নাইবা ছমপক্স কি?
বসন্ত, আই বা ছমপক্স, যাক ইংৰাজীত চিকেনপক্স বুলিও জনা যায়, ই দুবিধ - প্ৰথমটো হল সৰু বসন্ত বা সৰু আই আৰু দ্বিতীয়টো হল ডাঙৰ আই।ভেৰিচেলা-জ’ষ্টাৰ ভাইৰাছৰ ( Varicella-zoster virus ) দ্বাৰা চিকেনপক্স হয়। ই হাৰপিছ ( Herpes Virus ) ভাইৰাছ পৰিয়ালৰ সদস্য। একেটা ভাইৰাছে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰতো শ্বিংগলছ ( Shingles ) সৃষ্টি কৰে। এই ৰোগত শৰীৰত ৰঙা ফোহা ওলায়, যাৰ ফলত খজুৱতি আৰু বিষ দুয়োটাৰ সৃষ্টি হয়। ইয়াৰ বাহিৰেও এই ৰোগত ব্যক্তিজনৰ জ্বৰও হয়। ইয়াৰ লগতে আন বহু কথাও আছে যেনে দুৰ্বলতা, শৰীৰৰ বিষ, কোনো কামতে ভাল অনুভৱ নকৰা। এই ৰোগ এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে। গতিকে এই ৰোগত আক্ৰান্ত এনে ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে।
সৰু আৰু ডাঙৰ দুই প্ৰকাৰৰ, কিন্তু ইয়াৰ মাজত পাৰ্থক্য কি। আচলতে এই দুয়োটা ক্ষেত্ৰতে শৰীৰত ফোহা ওলায়। কিন্তু দুয়োটাৰ মাজত পাৰ্থক্যটো হ’ল যে ডাঙৰ আইত ডাঙৰ ঘা আৰু ফোহা দেখা দিয়ে, আনহাতে সৰু আইত সৰু ঘা আৰু ফোহা দেখা দিয়ে। এইদৰেই ইয়াক চিনাক্ত কৰিব পাৰি। ইয়াৰ বাহিৰেও সৰু আইৰ সময়ত সৃষ্টি হোৱা ফোহাবোৰ সৰু আৰু মাজৰ পৰা ফাটি নাযায়, কিন্তু পোনপটীয়াকৈ শুকাই যায়। সাধাৰণতে শিশুৰ সৰুতে সৰু আই হয়। ডাঙৰ আইৰ ক্ষেত্ৰত শৰীৰত ডাঙৰ ডাঙৰ ফোহা ওলায়। মাজৰ পৰা ফাটি যায় আৰু তাৰ পিছত শুকাই যায় ।
ইয়াৰ লক্ষণ সমূহ:
ইয়াৰ লক্ষণৰ কথা ক’বলৈ গ’লে বসন্ত ৰোগৰ বহুতো লক্ষণ আছে যাৰ দ্বাৰা এই ৰোগ ধৰা পেলাব পাৰি আৰু সময়মতে চিকিৎসা কৰিব পাৰি। ইয়াত ৰোগীৰ অতি উচ্চ জ্বৰ হয়, তাৰ পিছত ক্ৰমান্বয়ে শৰীৰত ৰঙা ফোহা ওলাবলৈ আৰম্ভ কৰে। মূৰৰ বিষ হয়, ডিঙিত সুৰসুৰণি হব পাৰে, নাকৰ পৰা পানী ওলাব পাৰে বা চৰ্দী হ'ব পাৰে, শৰীৰত বিষ হয়, বমি অনুভৱ হয়, শৰীৰত ফোহা খজুৱতি হয়, ফোহাৰ চাৰিওফালে আৰু তাৰ ওপৰত ৰঙা বৃত্ত গঠন হয়। ফুলা আৰম্ভ হয়। দেহটো গৰম হয়। খাবলৈ মন নোযোৱা হয়। খঙাল হৈ উঠে। ৰোগ বেছি হʼলে ভ্ৰম বকিব পাৰে । এই লক্ষণসমূহৰ দ্বাৰা বসন্ত ৰোগ চিনাক্ত কৰিব পাৰি।
ৰোগীক অতি সোনকালে চিকিৎসা কৰা দৰকাৰ:
ৰোগ বেছি হʼলে ৰোগী মৃত্যু মুখত পৰিব পাৰে। সেয়েহে এই ৰোগ আৰম্ভণিতেই চিকিৎসা কৰা দৰকাৰ। প্ৰথমে গাওঁলীয়া পৰম্পৰা অনুসৰি বসন্ত ৰোগ বিভাগৰ বেজালিৰ হাতেৰে আলনীয়া ( সূতাৰে তৈয়াৰ কৰা এবিধ হাতত পিন্ধা ধাগা ) দিব লাগে, মা ভগৱতীক প্ৰাৰ্থনা কৰিব লাগে। দেহ শীতল পৰিবলৈ বেজালিৰ হাতেৰে জাৰি লৈহে ডাক্তৰৰ চিকিৎসা লʼব লাগে।
চিকেন পক্স বা বসন্ত ৰোগৰ ঘৰুৱা উপায় :
ঘৰুৱা উপায় কৰিলে এই ৰোগৰ পৰা উপশম পোৱা যায়। ইয়াত নিম পাত অতি ফলপ্ৰসূ । প্ৰথমে নিমৰ পাত পিহি তাৰ পিছত ইয়াৰ পেষ্ট শৰীৰৰ ঘাঁবোৰত লগালে বিষৰ পৰা উপশম পোৱা যায়। ইয়াৰ বাহিৰেও নিমপাত পানীত দি উতলাই, এই পানীৰে ৰোগীক গা ধুৱাব। সেউজীয়া কেঁচা মটৰ উতলাই ৰোগীক খাব দিব লাগে আৰু তাৰ পানী শৰীৰত লগালেও আৰাম পোৱা যায়। গাজৰ আৰু ধনীয়া পাত একেলগে উতলাই এই পানী খালে এই ৰোগ কিছু কমি যায়। কেৱল এয়াই নহয়, ওলপ ক’লা নিমখৰ লগত পিঁয়াজ অলপ পিহি পেষ্ট বনাওক, আৰু ইয়াক শৰীৰৰ ঘাঁবোৰত লগাওক। এনে কৰিলে খজুৱতি নাইকীয়া হৈ ঘাঁবোৰ সোনকালে নিৰাময় হয়।
গাজৰ আৰু ধনীয়া: চিকেন পক্স চিকিৎসাৰ ঘৰুৱা উপায় -
গাজৰ আৰু ধনীয়া দুয়োবিধ পাত ঠাণ্ড। ইহঁতৰ মিশ্ৰণ এটা ভাল এন্টি অক্সিডেন্ট। একাপ গাজৰ বা তাৰ পাত আৰু ডেৰ-দুই (২.৫) কাপ পানীত কটা ধনীয়াৰ পাত ডেৰ (১.৫) কাপ উতলাই লওক। আধা হৈ থাকিলে খাব লাগে। ইয়াক দিনটোত এবাৰ এমাহৰ বাবে খাব লাগে।
নিম পাতেৰে বসন্ত ৰোগ বা চিকেন পক্সৰ ঘৰুৱা চিকিৎসা:
নিম পাত পানীৰে পিহি আক্ৰান্ত ঠাইত লগাব লাগে। নিম পাত পানীত সিজাই লওক, আৰু এই পানী গা ধোৱাৰ সময়ত ব্যৱহাৰ কৰক। ইয়াৰ ফলত চিকেন পক্স বিয়পি পৰাৰ সম্ভাৱনা কমি যায়, আৰু বিষ কম হয়। চিকেন পক্সৰ বাবে নিম বহু উপকাৰী।
জাতি জালুক সেৱন কৰিলে উপকাৰ পোৱা যায় :
১ চামুচ পিঁয়াজৰ ৰসত ২/৩ টা জাতি জালুক পিহি কিছুদিন খাব লাগে।
ভিনেগাৰৰ দ্বাৰা চিকেন পক্স চিকিৎসা :
গা ধোৱা পানীত আধাকাপ ভিনেগাৰ দি গা ধুব। ই ছমপক্সৰ ফলত হোৱা খজুৱতিৰ পৰা উপশম দিয়ে।
সেউজীয়া মটৰৰ দ্বাৰা বসন্ত ৰোগৰ চিকিৎসা:
সেউজীয়া মটৰ আৰু শিপা পানীত সিজাওক, আৰু এই পানী শৰীৰত লগাওক। ইয়াৰ ফলত বসন্তৰ ৰঙা ফোহাৰ সংক্ৰমণ দূৰ হয়।
ভিটামিন ই তেলৰ দ্বাৰা চিকেন পক্সৰ চিকিৎসা :
চিকিৎসাই ভিটামিন ই তেল ছমপক্সত উপকাৰী।
ভিটামিন ই তেল ব্যৱহাৰ কৰিও আপুনি ছমপক্সত সুফল লাভ কৰিব পাৰে। শৰীৰত ভিটামিন ই তেল প্ৰয়োগ কৰিলে ছমপক্সৰ ফলত হোৱা খজুৱতিৰ পৰা উপশম পোৱা যায়।
বেকিং চোডাৰ দ্বাৰা চিকেন পক্সৰ চিকিৎসা :
বেকিং ছ’ডাৰ এন্টিবেক্টেৰিয়েল গুণ আছে, যিয়ে ঘাঁ ভাল হোৱাত আৰু সংক্ৰমণ আঁতৰোৱাত সহায় কৰে। আধা চামুচ বেকিং চোডা পানীত মিহলাই লওক। তাত পৰিষ্কাৰ কাপোৰ এখন তিয়াই আক্ৰান্ত ঠাইত লগাওক, আৰু শুকুৱাই লওক।
মৌৰে চিকিৎসা :
মৌত এন্টিবায়টিক গুণ পোৱা যায়, যিয়ে শৰীৰত উপস্থিত থকা যিকোনো সংক্ৰমণ নিৰ্মূল কৰাত সহায়ক। আক্ৰান্ত অংশত বিশুদ্ধ মৌ প্ৰয়োগ কৰিব লাগে। এই প্ৰক্ৰিয়াটো ২-৩ বাৰ পুনৰাবৃত্তি কৰক।
চিকেন পক্সৰ ঘৰুৱা চিকিৎসাৰ ক্ষেত্ৰত সাৱধানতা :
চিকেন পক্স হ’লে এইবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে:-
ৰোগীক ঘিউ আৰু তেলযুক্ত খাদ্য, মাছ, মাংস, কণী, জলা বস্তু , কচু, খাৰ , বেঙেনা, মাটিমাহ, উৰহী, ভেণ্ডী, কোমোৰা, ৰঙালাউ খাবলৈ নিদিব।
ৰোগীক কুঁহিয়াৰৰ ৰস,নেমুৰ চৰবত খাবলৈ দিব লাগে।
সৰু ল’ৰা-ছোৱালীৰ ছমপক্স হ’লে হাতৰ চাৰিওফালে কাপোৰ বান্ধিব লাগে যাতে সিহঁতে শৰীৰত খোঁচ মাৰিব নোৱাৰে।
ৰোগীৰ বিচনা, কাপোৰ-কানি, টাৱেল আদি সকলো পৰিষ্কাৰ আৰু পৃথক হ’ব লাগে।
নিম পানীৰে বা ডিটল মিহলি পানীৰে নিতৌ ৰোগীৰ কাপোৰ আৰু টাৱেল ধুব লাগে।
বসন্ত ৰোগ বা চিকেনপক্সৰ টিকাকৰণ :
বৰ্তমান এই ৰোগৰ চিকিৎসা আছে। বসন্ত ৰোগৰ ভেকচিন আগতীয়াকৈ লʼব লাগে। শিশুৰ বাবে চৰকাৰে ৩-৬ মাহ বয়সত কেঁচুৱাক এই ভেকচিন দিয়ে। স্বাস্থ্য বিভাগে দিয়া ঔষধৰ বাবেই বহু পৰিমাণে বসন্ত ৰোগ নিয়ন্ত্ৰণ কৰা সম্ভৱ হৈছে। ইয়াৰ বিষয়ে অধিক জানিবলৈ চৰকাৰী বা বেচৰকাৰী চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰিব।