কুকুৰাৰ দীৰ্ঘদিনীয়া শ্বাস-প্ৰশ্বাসজনিত ৰোগ
( CRD ) আৰু ইয়াৰ প্ৰতিকাৰ।
অপূৰ্ব দাস
Chronic Respiratory Disease : কুকুৰাৰ এনে ৰোগ হʼলে মুখেৰে উশাহ-নিশাহ লৈ থাকে, ঘোৰ ঘোৰ শব্দ কৰে, চকু আৰু নাকেৰে পানী ওলাই থাকে আৰু জ্বৰ হয়, চকু ফুলি ঘা হোৱাৰ দৰে হ'ব পাৰে,্
এনে ৰোগ হʼলে কুকুৰাটো উশাহ-নিশাহ লোৱাত কষ্ট পায়। খাবলৈ মন নকৰে আৰু চিকিৎসা নকৰিলে ৩/৫ দিনৰ ভিতৰত মৃত্যু হʼব পাৰে।
এই ৰোগ হোৱাৰ কাৰণ:
কুকুৰাবোৰৰ এই ৰোগ হোৱাৰ কাৰণ হৈছে ঠাণ্ডাৰ বাবে আৰু ঠাণ্ডাত উৎপন্ন হোৱা বেক্টেৰিয়া আৰু ভাইৰাছৰ আক্ৰমণ। এনে ৰোগ হʼলে কুকুৰাক ঠাণ্ডা পানী খাব দিব নালাগে আৰু কুকুৰবোৰক গৰম ঠাইত থব লাগে।
অকল ঠাণ্ডাৰ দিনতেই নহ'য়, গৰমৰ দিনটো এই ৰোগ হʼব পাৰে।
ইয়াৰ বাবে সাৱধানতা অৱলম্বন কৰা দৰকাৰ। বাহিৰৰ অন্য কুকুৰাৰ লগত লগ হʼবলৈ দিব নালাগে। অন্য মানুহক কুকুৰাৰ ওচৰলৈ যাব দিব নালাগে। কুকুৰাৰ গোড়ালত গলেও ভৰি-হাত ভালদৰে ধূই হাতত গ্লোবচ পিন্ধিহে যাব লাগে।
কিছু ৰʼদ পৰা ঠাইত নেট ( জাল ) লগাই ৰাখিব লাগে যাতে বাহিৰলৈ ওলাই যাব নোৱাৰে। আৰু খাবলৈ দিয়া বাচন-বৰ্তন পৰিস্কাৰ কৰি থাকিব লাগে।
সদায় কুকুৰাৰ গোড়াল চাফা কৰিব লাগে আৰু ধূলি-বালি পৰিব দিব নালাগে। গোড়াৰটো ৰʼদ পৰা ঠাইত হʼলে ভাল ।
কুকুৰাবোৰে যাতে ঠাণ্ডা নাপায় সেয়েহে ৰাতি ৰঙা লাইত জ্বলাই ৰাখিব । এটা গোড়ালত ১০০ টা কুকুৰা ৰাখিব পৰা ব্যৱস্থা থাকিলে ২ টা ১০০ পাৱাৰৰ লাইট লগাব আৰু এটা গোড়ালত ৪০/৫০ টা থাকিলে এটা লাইট লগাব। ঠাণ্ডাৰ দিনত বাহিৰৰ ঠাণ্ডা বতাহ নালাগিবলৈ গোড়ালটো ট্ৰিপালেৰে ঢাকি ৰাখিব লাগে আৰু পুৱা হলেই আঁতৰাই দিয়া উচিত কাৰণ এমোনিয়া গেছ জমা হৈ থাকে।
গৰমৰ দিনত আপুনি এই লাইট বন্ধ কৰি থব পাৰে। দিনৰ ভাগত অতি গৰম হʼলে সৰু পাংখাৰ ব্যৱস্থা কৰা প্ৰয়োজন।
প্ৰতিকাৰ:
এই CRD ৰোগ হলে নাক আৰু চকুৰে পানী বৈ থাকে আৰু জ্বৰ উঠে, ৰোগ বেছিকৈ বিয়পিলে কুকুৰাৰ চকু ফুলিব পাৰে আৰু মৃত্যু মুখত পৰিব পাৰে।
সেয়েহে এই ৰোগ দেখাৰ আগতেই যতন লওক।
ঘৰুৱা ঔষধ এনেদৰে খুৱাব পাৰে-
১০০ গ্ৰাম আডা, ১০০ গ্ৰাম নহৰু, ৫০ গ্ৰাম যোনি গুটি, ২০ টা জাতি জালুক, ১০ টা লং আৰু এমুঠি নিম পাত মিহিকৈ গুড়ি কৰি ১ লিটাৰ পানীত উতলাই আধা লিটাৰমান হলে নমাই থৈ ঠাণ্ডা হʼবলৈ দিব।
এতিয়া ১.৫ কাপ ঔষধ পানী ১ লিটাৰ একেবাৰে কুহুমীয়া গৰম পানীৰ লগত মিহলি কৰি গোটেই কুকুৰাক খাবলৈ দিব।
এনে ৰোগ হোৱা কুকুৰাটোক বাকি কুকুৰাৰ পৰা আঁতৰাই ৰাখিব আৰু চিকিৎসা কৰিব।
বাকি কুকুৰা কেইটাকো এই ঔষধ ঔষধ খুৱাব।
ইয়াৰ বাবে এণ্টিবায়টিক Lixen Powder আৰু ভিটামিন B Complex মিহলাই খুৱাব লাগিব।
Lixen Powder অকলে কেতিয়াও নুখুৱাব।
ইয়াক Ambiplex ( আপুনি বেলেগ কোম্পানীৰো ল'ব পাৰে) ভিটামিন B Complex ৰ সৈতে সমানে মিহলি কৰি খুৱাব লাগে।
বেমাৰে নধৰা এটা কুকুৰাক কমেও ৩/৪ চামুচ ঔষধ খুৱাব লাগে । পুহ, মাঘ, ফাগুন, চতৰ মাহৰ সময়ত ১০ দিনৰ মূৰে মূৰে ৩ দিন খুৱাব লাগে।
বেমাৰে ধৰা কুকুৰাটোৰ বেমাৰ ভাল নহলে ৪ দিনলৈকে দিব পাৰে।
এই ঔষধ কেৱল কুকুৰাৰ বাবে নহয়। ইয়াক অন্যান্য পোহনীয়া জীৱ-জন্তু, পক্ষী বা চৰাই আদিকো দিব পাৰি।