যদি আপুনি এচিডিটি আৰু গেষ্ট্ৰীকত বুকু চমচমনিৰ অসুবিধা পাইছে তেন্তে এই ৫টা ঘৰুৱা উপায় চেষ্টা কৰক, আপুনি তৎক্ষণাত সকাহ পাব।
অপূৰ্ব দাস
এচিডিটি ঘৰুৱা উপায়ঃ কিছুমান ঘৰুৱা উপায়ে এচিডিটিৰ সমস্যাৰ পৰা মুক্তি লাভ কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হ’য়। আহকচোন, এনে কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে জানো -
এচিডিটিৰ পৰা তৎক্ষণাত সকাহ পাবলৈ ঘৰুৱা উপায় :
আজিৰ সময়ত এচিডিটি এটা সকলোৰে সমস্যা হৈ পৰিছে। বেছিকৈ ভজা, জলকীয়া, তেলাল আৰু টেঙা খাদ্য খোৱা। খাদ্য খোৱাৰ পিছতে শুই পৰা, বেছিকৈ চাহ-কফি খোৱা বা গভীৰ নিশালৈকে সাৰ পাই থকাৰ বাবে এচিডিটিৰ সমস্যা হ’ব পাৰে। এচিডিটিৰ বাবে হাৰ্টবাৰ্ণ ( বুকু জ্বলা-পোৰা কৰা ), গেছ, পেট ফুলা, টেঙা উগাৰি বা বমি আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে বিভিন্ন ধৰণৰ ঔষধ খায়। কিন্তু ইচ্ছা কৰিলে এচিডিটি আঁতৰাবলৈ কিছুমান ঘৰুৱা উপায়ৰ সহায় ল’ব পাৰে। আজি এই লেখাটোত আপোনালোকক এনে কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে জনাইছো, যিয়ে আপোনাক এচিডিটিৰ পৰা তৎক্ষণাত সকাহ দিব পাৰে।
এচিডিটিৰ বাবে মীঠামুৰী ( চোফ)
এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ চোফ খাব পাৰে। ই কেৱল পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰাই নহয়, গেছ, পেট ফুলা আৰু এচিডিটিৰ দৰে পাচনতন্ত্ৰৰ সমস্যাৰ পৰাও সকাহ দিব পাৰে। ইয়াৰ বাবে ভাতখোৱাল পাচত চোফ চোবাই পোনে পোনে খাব পাৰে বা ইয়াৰ পৰা চাহ বনাই পান কৰিব পাৰে।
মিন্ট বা পুদিনা - এচিডিটিৰ বাবে :
পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰাৰ বাবে পদিনাক ঔষধ হিচাপে গণ্য কৰা হয়। ইয়াৰ শীতল প্ৰভাৱ আছে, যিয়ে হাৰ্টবাৰ্ণ কমোৱাত সহায় কৰে। যদি আপুনি এচিডিটিৰ বাবে অসুবিধা পায় তেন্তে পদিনা পাত চোবাই বা তাৰ পৰা চাহ বনাই খাব।
জিৰা - এচিডিটিৰ বাবে :
হজম শক্তি উন্নত কৰাৰ লগতে এচিডিটিৰ পৰা সকাহ দিয়াত জিৰা অতি ফলপ্ৰসূ। ই শৰীৰত থকা এচিডৰ পৰিমাণ কমোৱাত সহায় কৰে। সেৱন কৰিবলৈ এগিলাচ পানীত এচামুচ জিৰা দি উতলাই লওক। তাৰ পিছত চেকি ঠাণ্ডা হোৱাৰ পিছত ভাতখোৱাৰ ১ ঘণ্টা আগতে খাব লাগে।
আদা এচিডিটিৰ বাবে :
এচিডিটিৰ সমস্যাত আদা খোৱাটো অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াত এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-বেক্টেৰিয়েল গুণ থাকে, যিয়ে গেছ, পেট ফুলা আৰু এচিডিটিৰ দৰে পাচনতন্ত্ৰৰ সমস্যাৰ পৰা সকাহ দিব পাৰে। ইয়াৰ বাবে খাদ্য খোৱাৰ পিছত আদাৰ চাহ খাব পাৰে।
এচিডিটিৰ বাবে মাখন :
এচিডিটিৰ সমস্যাৰ পৰা মুক্তি পাবলৈ মাখন খাব পাৰে। আচলতে ইয়াত লেক্টিক এচিড থাকে, যিয়ে হজম হোৱাত সহায় কৰে। ইয়াক সেৱন কৰিলে পেটত শীতলতা পোৱা যায়। ইয়াৰ বাবে এচিকুট ক’লা নিমখ দিহে মাখন খাব ।
১ মিনিটতে সকাহ পাবলৈ Eno খাব পাৰে। কিন্তু সদায় নহয়। কেতিয়াবাহে খাব পাৰে।