By Good Assam
ডালিমৰ পাৰ্শ্বক্ৰিয়াঃ ডালিম স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু কিছুমান মানুহৰ বাবে ইয়াৰ সেৱন ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। আহক, কোন কোন মানুহে ডালিম খাব নালাগে জানো-
ৰঙা ৰসাল গুটিৰ সৈতে ডালিম খাই সকলোৱে ভাল পায়। সোৱাদযুক্ত হোৱাৰ উপৰিও স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। ইয়াক সেৱন কৰিলে শৰীৰৰ তেজৰ অভাৱ দূৰ কৰিব পৰা যায়। ডালিমত ভিটামিন-বি, ভিটামিন-চি, ভিটামিন-কে, আঁহ, আইৰণ, পটাছিয়াম, জিংক আৰু ওমেগা-৬ ফেটি এচিড আদি বহুতো পুষ্টিকৰ উপাদান থাকে, যিয়ে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যা দূৰত ৰখাত সহায় কৰে। কিন্তু ইমানবোৰ উপকাৰিতাৰ পিছতো একাংশ লোকে ডালিম খোৱাৰ পৰা বিৰত থকা উচিত। হয়, ডালিম খোৱাটো কিছুমান মানুহৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে । অতিমাত্ৰা ডালিম সেৱন কৰিলে শৰীৰত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে আহক, কোন কোন মানুহে ডালিম সেৱন কৰিব নালাগে জানো -
নিম্ন ৰক্তচাপ ৰোগী :
যিসকল লোকৰ নিম্ন ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে ডালিম খোৱাৰ পৰা বিৰত থাকিব লাগে। আচলতে ডালিমৰ শীতল স্বভাৱ থাকে, সেয়েহে ই শৰীৰত তেজৰ সঞ্চালন লেহেমীয়া কৰে। ইয়াৰ ফলত ৰক্তচাপ বহু কম হ’য়।
কাহত আক্ৰান্ত লোক :
কাহৰ সমস্যাত ভুগি থকা লোকসকলে ডালিম সেৱন কৰিব নালাগে। আচলতে ইয়াৰ প্ৰভাৱ ঠাণ্ডা, যাৰ বাবে চৰ্দি আৰু কাহৰ সমস্যা বাঢ়িব পাৰে। প্ৰচুৰ পৰিমাণে ডালিম সেৱন কৰিলেও সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।
কোষ্ঠকাঠিন্য বা গেছৰ সমস্যা :
কোষ্ঠকাঠিন্য বা গেছৰ সমস্যাত ভুগি থকা লোকসকলেও ডালিম খোৱাৰ পৰা বিৰত থাকিব লাগে। আচলতে ডালিমৰ ঠাণ্ডা স্বভাৱৰ বাবে ইয়াক হজম কৰাটো কঠিন হৈ পৰে। এনে পৰিস্থিতিত ইয়াক সেৱন কৰিলে পাচনতন্ত্ৰ আকৌ বেয়া হ’ব পাৰে। ইয়াৰ ফলত কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যা বৃদ্ধি পায়।
মানসিক সমস্যাত ভুগি থকা লোকসকল :
যিসকল লোকে কোনো ধৰণৰ মানসিক সমস্যাত ভুগি আছে আৰু ইয়াৰ বাবে ঔষধো গ্ৰহণ কৰি আছে, তেওঁলোকে ডালিম সেৱন কৰিব নালাগে। আচলতে ইয়াৰ ফলত ৰাসায়নিক বিক্ৰিয়া হ’ব পাৰে, যাৰ ফলত মগজুত বেয়া প্ৰভাৱ পৰিব পাৰে।
এলাৰ্জীৰ সমস্যা :
এলাৰ্জীৰ সমস্যাত ভুগি থকা লোকসকলে ডালিম সেৱন কৰিব নালাগে। বিশেষকৈ যিসকল লোকৰ ছালৰ এলাৰ্জী থাকে। আচলতে ডালিম খালে শৰীৰত তেজ বৃদ্ধি পায়। কিন্তু কিছুমান লোকৰ শৰীৰত এলাৰ্জীৰ বাবে ৰঙা ফোহা ওলাব পাৰে।