হোলীৰ ৰঙে কৰিব পাৰে হৃদৰোগ, ছালৰ ৰোগ, শ্ৰৱণ ক্ষমতাও হ্ৰাস আৰু হাওঁফাওঁৰ ৰোগ ! খেলি থাকোঁতে সাৱধান হওক
Apurba Das
আপোনাৰ কাণত হোলী ৰঙৰ ক্ষতিকাৰক প্ৰভাৱ:
হোলীৰ ৰঙে আপোনাৰ কাণৰ ক্ষতি কৰিব পাৰে। হোলীৰ ৰঙেৰে কেনেধৰণৰ কাণৰ সমস্যা হব পাৰে জানিবলৈ পঢ়িব -
হোলীৰ উৎসৱে নিজৰ লগত সুখ কঢ়িয়াই আনে, কিন্তু যদি আপুনি সঠিকভাৱে হোলী খেলিব নাজানে তেন্তে এই সুখো টেঙা হৈ পৰে। সেয়ে যেতিয়াই হোলী খেলিবলৈ যায় তেতিয়াই কিছু সাৱধানতাৰে হোলী খেলিব।
আমাৰ বহুতেই অনুভৱ কৰে যে হোলীৰ ৰঙে ছালৰ ক্ষতি কৰে, এনে পৰিস্থিতিত আমি ছালৰ যত্নৰ লʼব লাগে । ছালত অলিভ অইল লগাই হোলি খেলিলে ছালৰ কোনো ক্ষতি নহয় ।
👂 কিন্তু কাণ ,চকু আৰু মুখৰ প্ৰতি সাৱধান নহয়। আপোনালোকক কওঁ যে হোলীৰ ৰঙে আপোনাৰ কাণ, চকু, হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰো ক্ষতি কৰিব পাৰে। ইয়াৰ বাবে বিভিন্ন স্বাস্থ্যৰ সমস্যা আৰু ৰোগ হ'ব পাব পাৰে। এই বিষয়ে ডাক্তৰৰ পৰা জানক হোলীৰ ৰঙে কাণত কেনেধৰণৰ প্ৰভাৱ পেলায়?
ই এন টি বিশেষজ্ঞসকলে কি কয়?
ডাক্তৰে কয় যে হোলী খেলি থাকোঁতে কাণ, চকু আৰু মুখত ৰং সোমালে বহু ধৰণৰ ক্ষতি হ’ব পাৰে। আচলতে হোলীৰ সময়ত আমি যিবোৰ ৰং খেলো সেইবোৰত বহু ৰাসায়নিক পদাৰ্থ থাকে যিয়ে আমাৰ ক্ষতি কৰিব পাৰে। ৰংবোৰত বহুতো ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে যি আমিৰ বাবে ক্ষতিকাৰক।
হোলীৰ ৰঙৰ লগতে এইবোৰ বস্তু যদি চকু, কাণ আৰু মুখত প্ৰৱেশ কৰে তেন্তে যথেষ্ট ক্ষতি কৰিব পাৰে।
কোনবোৰ ৰং কিকি ৰাসায়নিক পদাৰ্থৰ পৰা তৈয়াৰ কৰা হয় আৰু ইয়াৰ দ্বাৰা শৰীৰত কি প্ৰভাৱ পৰে আৰু লগতে একেবোৰ ৰং কেনেকৈ প্ৰাকৃতিক ৰূপত পোৱা যায় সেই বিষয়ে জনক -
সেউজীয়া: সেউজীয়া ৰং কপাৰ ছালফেটৰ পৰা তৈয়াৰ কৰা হয় আৰু চকু সোমালে চকুত এলাৰ্জী হৈ কণা হʼব পাৰে। মুখত সোমালে হাওঁফাওঁৰ ৰোগ হʼব পাৰে ।
জেতুকা, সেউজীয়া গছৰ পাত, কৃষ্ণচূড়াৰ পাত, পালং শাকৰ পাতৰ পৰা সেউজীয়া ৰং প্ৰাকৃতিকভাৱে লাভ কৰিব পাৰি, যিটো স্বাস্থ্য আৰু পৰিৱেশ ৰক্ষা কৰাটো অতি সহজ।
বেঙুনীয়া: হোলীত বেছিকৈ ব্যৱহাৰ কৰা বেঙুনীয়া ৰং ক্ৰ’মিয়াম আয়’ডাইডৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ ফলত হাঁপানী বা এলাৰ্জীৰ আশংকা হ’ব পাৰে।
এই ৰং প্ৰকৃতিক ভাবে পাবলৈ পূৰৈ শাকৰ গুটি নাইবা নীলা অপৰাজীতাৰ ফূল ল'ব পাৰে।
ৰূপালী ৰং : ৰূপালী ৰং এলুমিনিয়াম ব্ৰমাইড যাক কাৰ্চিনোজেন বুলিও কয়। কাৰ্চিনোজেনিক কেন্সাৰ সৃষ্টি কৰা পদাৰ্থ হিচাপে জনা যায়।
ৰঙা ৰঙৰ গুৰি বনাবলৈ :
খেলিব বিচাৰিলে গাজৰ কুটি লওক বা জুচাৰত ৰস উলিয়াই ল'ব। প্ৰস্তুত কৰা ৰসখিনি মিহি কাপোৰ বা ষ্ট্ৰেনাৰত চেকি লওক। এতিয়া তৰল পদাৰ্থ উপভোগ কৰক আৰু বাকী থকা সাহখিনি ছাঁত শুকুৱাই লওক। শুকাই গ’লে মিহিকৈ গুড়ি কৰি লʼব। হোলী উপভোগ কৰিবলৈ সাজু প্ৰাকৃতিক ৰঙেৰে।
এনেদৰে বীটৰ পৰাও ৰঙা ৰং পাব পাৰি। ৰঙা ৰং পাবলৈ শিমলা গছৰ ফুলো লʼব পাৰে।
বগা ৰং : কিছুমান মানুহে হোলীত বগা ৰং নিশ্চয় বিচাৰে। গতিকে হতাশ নহ’ব কাৰণ প্ৰাকৃতিক ৰঙত আপোনাৰ বাবে বগা ৰঙৰ বিকল্পও আছে। আপুনি বজাৰৰ পৰা বগা চন্দন লৈ আহিব । বজাৰত পূজা সামগ্ৰী বিক্ৰী কৰা দোকানত বগা চন্দন সহজে পাব। মিহিকৈ পিহি তাত টেলকম পাউদাৰ দিব। আপনার প্রিয় বগা গুলাল বা ৰং প্রস্তুত ।
ক’লা: ক’লা ৰং সীহৰ অক্সাইডৰ পৰা তৈয়াৰ কৰা হয়। এই উপাদানৰ বাবে বৃক্কৰ কাম বন্ধ হৈ পৰে আৰু মগজুৰ ক্ষমতাত প্ৰভাৱ পৰে।
ক’লা ৰং প্ৰাকৃতিকভাৱে আমলখি আৰু শিলিখাৰ পৰা বনাব পাৰি।
ৰঙা: ৰঙা ৰং পাৰা ছালফেটৰ পৰা তৈয়াৰ কৰা হয় আৰু ইয়াৰ ফলত ছালৰ কৰ্কট ৰোগৰ উপৰিও পক্ষাঘাত আৰু দৃষ্টিশক্তিহীনতা হ’ব পাৰে।
পলাশ ফুলৰ সহায়ত ৰঙা আৰু কমলা ৰং পোৱা যায়। এই ফুলবোৰ শুকুৱাই হলধিৰ লগত মিহলাই কমলা ৰং লাভ কৰিব পাৰি। ৰঙা ৰং পাবলৈ বীট বহুত ভাল। ই ছালৰ বাবে উপকাৰী।
হালধীয়া ৰং : প্ৰাকৃতিক ভাবেও এই ৰং টৈয়াৰ কৰিব পাৰি। ইয়াৰ বাবে হালধি নাইবা নাৰ্জী ( গেন্ধে ) ফুল লʼব আৰু ইয়াৰ পৰা প্ৰস্তুত কৰিব।
চিকমিক ৰং : এনে চিকমিকনি থকা ৰঙত লুষ্টাৰ ইফেক্ট থাকে। ইয়াত কাঁচ গুড়ি কৰি যোগ কৰা হয়। এনে ৰং ছালৰ বাবে অত্যন্ত বিপদজনক হ’ব পাৰে।
সীহ অক্সাইড – (ক’লা ৰঙৰ)। কপাৰ ছালফেট – (সেউজীয়া ৰঙৰ)। বুধ ছালফাইট – (ৰঙা ৰং কৰে)। মালাচাইট গ্ৰীণ – (সেউজীয়া)। জংচন ভায়োলেট – (বেঙুনীয়া ৰঙৰ)। এলুমিনিয়াম ব্ৰমাইড – (ৰূপালী ৰঙৰ বাবে )। কাঁচৰ কণা (চিকমিকনি হোৱাৰ বাবে)
এই ৰাসায়নিক পদাৰ্থবোৰে কি ক্ষতি কৰে?
– সীহ অক্সাইড, কপাৰ ছালফেট, পাৰা ছালফাইড ইত্যাদি এনে ৰাসায়নিক পদাৰ্থ যিবোৰে চকু , কাৰ, নাক, হৃদয়, লিভাৰ, বৃক্ক, হাওঁফাওঁ আদিৰ ক্ষতি পাৰে।
এইবোৰে গৰ্ভৱতী মহিলা আৰু নৱজাত শিশুৰ ক্ষতি কৰে।– ছালত ৰঙা ফোহা আৰু ছালৰ ৰোগ হ’ব পাৰে।– চকুত বিষ আৰু ঘাঁৰ সৃষ্টি কৰে। চকু ৰঙা হৈ পৰে।– এই ৰাসায়নিক পদাৰ্থবোৰ কাৰ্চিনোজেনিক। ছালৰ বাবে অতি ক্ষতিকাৰক।
এলাৰ্জী আদিও হʼব পাৰে। যদি আপোনাৰ এলাৰ্জী হয় তেন্তে ই বাঢ়িব পাৰে।– ছাল অতিৰিক্ত শুকান হ’ব পাৰে।– যদি আপোনাৰ ইতিমধ্যে চকু, হাওঁফাওঁ বা ছালৰ সমস্যা আছে তেন্তে এই সমস্যা বাঢ়িব পাৰে।