জিৰা পানী ওজন কমাবলৈ উত্তম, ইয়াক কেনেকৈ সেৱন কৰিব লাগে জানক
Apurba Das
ওজন কমাবলৈ সৰ্বোত্তম উপায় হ’ল জিৰাৰ পানী। জিৰা পানী খালে কেনেদৰে ওজন কমি যায় জানিবলৈ পঢ়িব।
জিৰা পানী কেনেকৈ সেৱন কৰিব পাৰি?
ওজন কমাবলৈ মানুহে কি নকৰে? ভুল খাদ্যাভ্যাসৰ বাবে ওজন বাঢ়িছে। যাৰ প্ৰভাৱ স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষভাৱে দেখা যায়। আজি এই লেখাটোত আপোনালোকক ক'ম যে জিৰা পানীৰে কেনেকৈ ওজন কমাব পাৰি।
আচলতে জিৰাৰ পানীত আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়। যিয়ে তেজত হিম’গ্লবিন বৃদ্ধিৰ কাম কৰে। নিয়মিত জিৰা পানী খালে বহু ধৰণৰ ৰোগৰ পৰা হাত সাৰিব পাৰি।
জিৰাৰ পানী খালে কেনেকৈ ওজন কমি যায়?
প্ৰতিঘৰৰ পাকঘৰত জিৰা পোৱা যায়। খাদ্য সোৱাদযুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জানেনে যে জিৰা পানী খালেও ওজন কমাব পাৰি। কাৰণ জিৰাত আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু ওজন কমাবলৈও উপকাৰী। জিৰাৰ পানী সেৱন কৰিলে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ হয় আৰু ওজন দ্ৰুতগতিত কমি যায়।
জিৰা পানী কেনেকৈ সেৱন কৰিব ?
ওজন কমাবলৈ জিৰা পানী সেৱন কৰিব পাৰে। ইয়াৰ বাবে এচামুচ জিৰা গুড়ি এগিলাচ পানীত ৰাতি তিয়াই ৰাতিপুৱা চেকি খালী পেটত খাব লাগে। দৈনিক জিৰাৰ পানী খোৱাটোৱে ওজন কমাবলৈ সহায় কৰে।
জিৰা আৰু ধনীয়া পানীৰে ওজন কমাওক
ওজন কমাবলৈ জিৰা আৰু ধনীয়াৰ গড়িৰ মিশ্ৰণেৰে পানী বনাব লাগে। ইয়াৰ বাবে ১ চামুচ জিৰা আৰু ১ চামুচ ধনীয়া গুটিৰ গুড়ি পানীত ৰাতি তিয়াই থব । ৰাতিপুৱা সাৰ পোৱাৰ পিছত এই পানী খাব। এইটো পান কৰিলে বেয়া চৰ্বি হ্ৰাস পাব । ইয়াৰ দ্বাৰা আপুনি আপোনাৰ বৃদ্ধি পোৱা ওজন নিয়ন্ত্ৰণ কৰিব পাৰিব।
জিৰা আৰু নৰসিংহ পাত
ওজন কমাবলৈ জিৰা আৰু নৰসিংহৰ পাত উত্তম। ইয়াৰ বাবে ১০ খিলা সৰু নৰসিংহৰ পাত আৰু ১ চামুচ জিৰাৰ গুড়ি পানীত ৰাতিটো তিয়াই থব লাগে। ইয়াক চেকি লৈ প্ৰতিদিনে পুৱা খালী পেটত খাব লাগে। এনে কৰিলে আপোনাৰ ওজন ক্ৰমান্বয়ে কমি যাব।
জিৰা আৰু নেমু
ওজন কমাবলৈ ১ চামুচ জিৰাৰ গুড়ি এগিলাছ পানীত ৰাথি তিয়াই থব । পুৱা চেকি লৈ এই পানীত আধা ফাল নেমুৰ ৰস মিহলাই লওক। প্ৰতিদিনে পুৱা এচিকুট ক’লা নিমখৰ সৈতে খালি পেটত জিৰা আৰু নেমুৰ পানী খাব লাগে। এনে কৰিলে আপোনাৰ ওজন দ্ৰুতগতিত কমি যাব আৰু ছালৰ সৌন্দৰ্য্যও বৃদ্ধি পাব। এই পানীয় খালে পেটৰ হজমৰ সমস্যাও নাইকীয়া হʼয়।