By Good Assam
ভিটামিন বি ১২ৰ অভাৱৰ বাবে পুৰুষৰ দেহত দেখা দিয়া লক্ষণ :
শৰীৰত ভিটামিন বি ১২ৰ অভাৱৰ বাবে পুৰুষৰ শৰীৰত বহু ধৰণৰ পৰিৱৰ্তন দেখা যায়। এই পৰিৱৰ্তনসমূহৰ বিষয়ে বিতংভাৱে জানক -
ভিটামিন বি ১২ বা কবালামিনৰ অভাৱত মহিলাৰ সমস্যাই নহয়, পুৰুষৰ স্বাস্থ্যৰ ওপৰতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে। মূলতঃ ভিটামিন বি ১২ৰ অভাৱৰ বাবে ৰক্তহীনতাৰ লগতে বহু ধৰণৰ লক্ষণে দেখা দিয়ে। সাধাৰণতে এনে লক্ষণ ক্ৰমান্বয়ে দেখা দিয়ে যদিও সময়মতে চিকিৎসা নকৰিলে অৱস্থা বেয়া হ’ব পাৰে। আহকচোন জানো পুৰুষৰ ভিটামিন বি ১২ৰ অভাৱৰ লক্ষণবোৰ কি কি?
পুৰুষৰ ভিটামিন বি ১২ৰ অভাৱৰ লক্ষণ :
শৰীৰত ভিটামিন বি ১২ৰ অভাৱ হ’লে ৰক্তহীনতা হ’ব পাৰে। ইয়াৰ বাহিৰেও পুৰুষৰ শৰীৰত বহু ধৰণৰ পৰিৱৰ্তন দেখা যায়।
• দ্ৰুতভাৱে উশাহ লোৱা বা উশাহ লোৱাত অসুবিধা হোৱা
• মূৰৰ বিষ হোৱা
• বদহজমৰ সমস্যা
• ভোক কমি যোৱা
• হৃদস্পন্দন
• চকুৰ সমস্যা থকা
• দুৰ্বল বা ভাগৰুৱা অনুভৱ কৰা
• ডায়েৰিয়া হোৱা
• জিভাৰ ঘাঁ বা ৰঙা পৰা, মুখৰ ঘাঁৰ সমস্যা ইত্যাদি।
• নাৰ্ভৰ সমস্যা
• হাত-ভৰিৰ কঁপনি
• যৌন সম্পৰ্ক কৰাৰ পিছত বহুত দুৰ্বল হোৱা
• মানসিক চিন্তা বাঢ়ে , সৰু সৰু কথাতে খং উঠা ইত্যাদি।
শৰীৰত ভিটামিন বি ১২ৰ অভাৱ কেনেকৈ পূৰণ কৰিব?
শৰীৰত ভিটামিন বি ১২ৰ অভাৱ দূৰ কৰিবলৈ স্বাস্থ্য বিশেষজ্ঞসকলে কিছু পৰিপূৰক গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰিও কবালামিন সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে ।
ভিটামিন বি ১২ৰ অভাৱ কেনেকৈ দূৰ কৰিব পাৰি জানো আহক?
(১) কাঠ বাদাম অতিৰিক্তভাৱে সেৱন কৰক।
(২) আপেলে ভিটামিন বি ১২ৰ অভাৱ দূৰ কৰে
কল আৰু আপেলত প্ৰচুৰ পৰিমাণে ভিটামিন বি ১২ থাকে।
(৩) পনীৰ আৰু অংকুৰিত মগু খাব।
(৪) মাচৰুম আদিয়ে ভিটামিন বি ১২ৰ অভাৱ দূৰ কৰে।
(৫) Vitamin B12 চিকিৎসকৰ পৰামৰ্শ লৈ খাব পাৰে।